পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাতি ওলায় কোন

ৰাতি ওলায় জোন
 আৰু ওলায় কোন
ওলায় জোনাকী
 কৰি সাজোন কাচোন।
ফেঁচাই উৰুলি দিয়ে

 নিশা পৰে পৰে
ঝিলিয়ে গীত গায়
 আপোন মনে।
শিয়ালে গীত জোৰে
 কে কে হোৱা
শুনি কেনে লাগিছে
 কোৱাচোন কোৱা

⸺⸺o⸺⸺

(২২)