পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঘোণৰ কুঁৱলি

আঘোণৰ কুঁৱলি
 একোকে নেদেখি
সিৰ্ সিৰয়া বতাহে
 কৰেহি আমনি।
আই যায় পথাৰলৈ
 হাতত কাচি লই
ধান ডাই আনিব
 ভৰালত থবলই।

⸻⸻০⸻⸻

(২৪)