পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বতাহ

 

বতাহ বতাহ
 বতাহ থাকে ক'ত,
বতাহ থাকে
 উদং ঠাই য'ত।
বতাহে খেলে
 লুকাই লুকাই,
ঘূৰি ফুৰে মাথো
 ঢপলিয়াই।
বতাহ হয় ধুমুহা
 যদি উঠে খঙ,
বৰ ভয় লগে
 দেখি খঙৰ ঢঙ।

⸺⸺o⸺⸺

(১১)