পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিহু

বহাগত ব’হাগ বিহু
 বাজে ঢোল পেপা
অকণিৰহঁতৰ হয়
 তত্‌ নইকিয়া।
মাঘত মাঘ বিহু
 পিঠা-দৈ চিৰা।

 

মুখৰ সোৱাদ
 যিমান পাৰা খাবা৷
কাতি বিহুত হৰিনাম
 মাহ-প্ৰসাদ পাবা
তুলসীৰ তলত বহি
 হৰি নাম গাবা।

⸺⸺o⸺⸺

(১০)