পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাঁহজনীৰ হাঁহি

হাঁহি হাঁহি হাঁহজনীৰ
হিঁকটি আহিল
ছাগলী জনীৰ দেখোন
ডাঢ়ি গজিল?
তাকে দেখি ছাগলীৰ
উঠি গ'ল খঙ
বোলে, তোৰো পাখি মাথো
দেখুৱাবলৈ ঢঙ।
⸻০⸻

(২৫)