দিহা নামৰ সম্ভাৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

দিহা নামৰ সম্ভাৰ

 

এ ৰাধিকা মাই
কানাই এ মাতিছে যাবা
ৰাধিকা মাই
বলাই এ মাতিছে যাবা।।

 

সংকলকঃ শ্ৰীমতী মনােমতী বড়া

[  ]
 

©

:-

শ্ৰীমতী মনােমতী বড়া

 

প্রকাশক

:-

শ্ৰীমতী মনােমতী বড়া
গাঁও – বান্দমাৰী (ডিমৌ)

 

প্রথম প্রকাশ

:-

জানুৱাৰী, ২০১০

 

বেটুপাত

:-

শ্ৰী অসীম ৰঞ্জন বড়া

 

অহিৰণা

:-

৪০/- টকা মাত্র।

 

মুদ্ৰক

:-

কম্পিউটাৰ পইণ্ট্ এণ্ড প্রিণ্টাৰ্ছ্
কেন্দ্রীয় বজাৰ, ডিমৌ
শিৱসাগৰ (অসম)
ফোন - ৯৪৩৫২ ০৫৪৪৮
 ০৩৭৭২-২২৬৪৫৩

[  ]

উচৰ্গা

মোৰ পৰম আৰাধ্য স্বামী দেৱতা,
যাক অকালতে হেৰুৱাই
বৈধব্য জীৱন যাপন কৰিও
যাৰ সাংস্কৃতিক অনুপ্ৰেৰণাৰ ছাঁত
আজিওপৰমানন্দ লাভ কৰিবলৈ সমৰ্থ হৈ আছো,
যাৰ অমূৰ্ত্ত আশীষ শিৰত লৈ
এই বাৰ্দ্ধক্য জীৱনতো
শ্ৰেয় সাধনাৰে বাট বুলিব পাৰিছো-
সেইজন মোৰ সেৱাৰ পাত্ৰ জীবনানন্দ
নবীন চন্দ্ৰ বড়া (হেলদাৰ)ৰ
পবিত্ৰ নামত
এই ক্ষুদ্ৰমান পুস্তকভাগি
অপৰ্ণ কৰা হ'ল।

[  ]
 

 কিতাপভাগিত নামষাৰ ঘোষা বুলি উল্লেক কৰাৰ লগতে ভাঙনিতো একোষাৰকৈ ঘোষা সন্নিবিষ্ঠ কৰা হৈছে। পাঠকে প্ৰয়োজনবোধে ভাঙনিৰ ঘোষাভাগো মূলঘোষাৰূপে ব্যৱহাৰ কৰিব পাৰিব। স্বৰূলিপি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা নহ’ল। কমা, চেমি কলন, ডাৰি আদিৰে কিছু আভাস ৰখা হৈছে যাতে সুৰ প্ৰয়োগ কৰাত পাঠক সমাজ সফল হয়। পাঠকসমাজে নিজেও সুৰ সংযোজন ঘটাই গাব পাৰিব। অনিচ্ছাকৃত ভূল ত্ৰুটিৰ বাবে ক্ষমা

প্ৰাৰ্থী হলো। [  ]

-ⵓপাতনিⵓ--

জয় গুৰু শঙ্কৰ।

 মন, এক অপাৰ জলধি। স্বভাৱতে, মনে বিচৰা মতে সকলাে হৈ উঠাটোও সম্ভৱৰ আওতাৰ বাহিৰত। তথাপি, জগতৰে গুৰুৰূপে পৰিচিত অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰীস্বৰূপ শ্রীমন্ত শঙ্কৰদেৱৰ দৰ্শন সংস্কৃতিৰ পথাৰখনত পৰম্পৰা ৰূপত চলি অহা দিহানামৰ মাধ্যমেদি নুন্যতম কিবা অৰিহণা যােগাব পৰা যায়নেকি, তাকেই তেৰাৰ দাসৰো দাস ৰূপে আমি অভাগীনিয়ে প্রয়াস কৰিছাে মাথােন। মহাজলধিত যদি সামান্য এটোপাল পানীৰ সংযােগ হয় নিশ্চয়কৈ প্ৰকাণ্ড জাহাজখন ভাৰবােৱাৰ কৃতিত্বও সেই টোপালটোৱে অনুভৱ কৰিব পাৰে। কিন্তু আমাৰ দৰে নিঃকিনে কিয়েইবা কৰিব পাৰাে।

 তথাপি মনক প্রশান্তি দিবলৈকে, পুহি ৰখা হেপাহক মুকলিকৈ প্ৰকাশ কৰিবলৈকে, গুৰুজনাৰ আশীর্বাদ শিৰত লৈ প্রভূ ভগৱন্তৰ পদযুগলত কায়-বাক্য-মন অৰ্পণ কৰি, সুহৃদ ভকত বৈষ্ণৱক সেৱা জনাই, ভগৱন্ত প্রভৃৰ কেৱল নিৰ্গুন বস্তু “নাম"ৰ পথাৰখনত এই দিহা নামৰ সংকলনটি অর্পন কৰাৰ প্ৰয়াস কৰা হ’ল। ভক্তিমার্গত গুৰু, দেৱ, নাম, ভকত এই চাৰি বস্তুৰ প্রাধান্যৰ কথা মনত ৰাখি কিতাপখনি শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে।

 গুৰু দুজনাৰ পিছৰে পৰা বৰ্তমানলৈ শ্ৰুতিৰ মাধ্যমেৰে [  ] অহা ধাৰা অনুযায়ী দিহানামৰ ঐতিহ্য আৰু বৈশিষ্টৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিম্ন লিখিত সিদ্ধান্তসমূহক প্ৰাধান্য দিয়া হৈছে।
১। সৰ্ব্ব প্ৰথম ভকত-বৈষ্ণৱক সেৱা জনাই অ' হৰি অ’ ৰাম হৰ্ষ ধ্বনি দি “কৃষ্ণ-শঙ্কৰ গুৰু হৰি ৰাম” বুলি গুৰু স্মৰণ কৰিব লাগে।
২। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এক শৰণ নাম ধৰ্ম্মক প্ৰচাৰৰ বাবে যি সমূহ মাধ্যমৰ সহায় লৈছে, দিহানাম তাৰেই অন্যতম। গতিকে দিহা নাম এক ঈশ্বৰ কেন্দ্ৰিক হ'বই লাগিব।
৩। দিহানাম এক ঈশ্বৰৰ বাহিৰে অন্য দেৱ-দেৱী কেন্দ্ৰিক হলে গুৰু দুজনাক অপমান কৰাৰ লগতে দিহানামৰ চৰিত্ৰত কুঠাৰাঘাট কৰা হব।
৪। ভক্তি মাৰ্গত উদাহৰণক আবেগিকভাৱে গ্ৰহণ কৰা হয় বাবে কেৱল ভাগৱত কেন্দ্ৰিক চৰিত্ৰসমূহকহে উদাহৰণৰ সমলৰূপে গ্ৰহণ কৰিব লাগে। যথাসম্ভৱ, মূল ঘোষাভাগিত প্ৰথমে উদাহৰণসহ সাধাৰণ ব্যাখ্যা দিয়া হ'ব লাগে।
৫। উদাহৰণৰ পিছতে দিহানামৰ মূল বৈশিষ্ট্য দিহা বা পৰামৰ্শ অথবা আত্ম সমালাচনাৰে এক শুদ্ধ দিক্‌ নিৰ্ণায়ক সিদ্ধান্ত ঘোষাভাগিত নিশ্চিত ভাৱে থাকিব লাগিব।
৬। শব্দসমূহ যথা সম্ভৱ গুৰুসৱে প্ৰণয়ন কৰা শাস্ত্ৰীয় শব্দ হ'ব লাগে যাতে দ্ব্যৰ্থবোধকৰ আশংকা নাথাকে।
৭। যিমান দূৰ পৰা যায় যুক্তাক্ষৰ পৰিহাৰ কৰি কোমল আৰু সৰল শব্দ প্ৰয়োগ কৰা উচিত।
৮। বাক্যৰ গাঠনিত গুৰুত্ব দিব লাগে যাতে ঘোষাভাগি সুৰৰ ভিন্নতাতো সহজে পৰিবেশন কৰিব পৰা হয়। [  ] ৯। মূল ঘোষা সামৰি ভাঙনি ঘোষালৈ যোৱাৰ আগতে ‘দিহা যোজনা” এফাকিৰে দিহানামৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পাৰিলে সোণত সুৱগা চৰাৰ দৰে হয়।
১০। মূল ঘোষাৰ পদ যথাসম্ভৱ চমু কৰি ভাঙনি ঘোষালৈ অহাৰ লগে লগে হাত চাপৰি বা বাদ্য-যন্ত্ৰৰ গতি খৰ কৰা উচিত, তাকে এক যথাবিহিত শৃঙ্খলাৰ মাজতহে।
১১।বহা আসনৰ পৰা কেৱল নামতিগৰাকীয়েহে উঠি সংযতভাৱে নাচি-বাগি গাব পাৰে। অন্যথা পালিসকল উঠিলে শৃঙ্খলতাত ব্যাঘাট জন্মিব পাৰে।

 'ভক্তি মাৰ্গত উপদেশতকৈ উদাহৰণ ফলদায়ক হেতুকে ঘোষাসমূহত উদাহৰণত প্ৰাধান্য দিয়া হৈছে। সকলো দিশ লক্ষ্য ৰাখি দিহা নামৰ চৰিত্ৰ অটুত থকাকৈ ঘোষাসমূহত প্ৰত্যক্ষ বা প্ৰৰোক্ষভাৱে দিহা বা উপদেশ সন্নিবিষ্ট কৰাৰ যথাসাধ্য চেষ্টা কৰা হৈছে। কিতাপ ভাগিত নামষাৰ “মূল ঘোষা” বুলি উল্লেখ কৰাৰ লগতে ভাঙনিতো একোষাৰকৈ “ভাঙনি ঘোষা” ৰূপে সংযোগ কৰা হৈছে। পাঠকে প্ৰয়োজনবোধে ভাঙনিৰ ঘোষাভাগো মূল ঘোষাৰূপে গাব পৰিব। স্বৰলিপি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা নহ'ল। কমা, চেমিকলন, ডাৰি বা যুগ্ম ডাৰি আদিৰে কিছু আভাস ৰখা হৈছে যাতে সুৰ প্ৰয়োগ কৰাত পাঠকসমাজ সফল হয়। বিজ্ঞ সমাজে নিজেও সুৰ সংযোজন কৰিব পাৰিব।

 কিতাপভাগি সাধুজন সমন্বিতে আমাৰ ল'ৰা-ছোৱালী, বোৱাৰী সহ নাতি-নতিনীৰ হেচাতে লিখিবলৈ লোৱা হ'ল। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ “একশৰণ হৰি নাম ধৰ্ম্ম"ৰ আদৰ্শলৈ নিজৰ লগতে পৰিয়াল স্বজনকো ঈশ্বৰমুখী কৰিবলৈ প্ৰয়াস কৰা, [  ] অকালতে ইহলোক ত্যাগ কৰা মোৰ স্বামী প্ৰয়াত নবীন চন্দ্ৰ বড়া (হেলদাৰ)দেৱৰ প্ৰেৰণাই কিতাপ ভাগিৰ মূল ছাবি কাঠি।

 “কম্পিউটাৰ পইণ্ট এণ্ড প্ৰিন্টাৰ্ছ" প্ৰেছৰ কৰ্ম্মচাৰী সমন্বিতে স্বত্বাধিকাৰিৰ একান্ত সহযোগত অতি কম সময়ৰ ভিতৰতে প্ৰকাশ হৈ ওলোৱাত তেখেত সকললৈ কৃতজ্ঞতাৰ শৰাই যাচিলোঁ। সকলো অনিচ্ছাকৃত ভুল-ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থী হৈ ৰলে। গতিকে সুধীজনে যোগাত্মক ভাৱে ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিলে কৃতাৰ্থ হম। লগতে পৰবৰ্তী সংস্কৰণত শুদ্ধৰূপে প্ৰকাশৰ দিহা কৰা হ'ব। সদৌ শেষত সুধি সমাজে কিতাপভাগি মৰমেৰে আদৰি ললে নিশ্চয় আমাৰ শ্ৰম সাৰ্থক হ'ব বুলি ধৰি লম আৰু পৰবৰ্তী সময়ৰ বাবে অনুপ্ৰেৰণা হৈ ৰব।

 সামৰণিত মহা পুৰুষৰ এভাগি শুদ্ধ বাণীৰে সামৰিলো।

মূৰুখৰ মোৰ বঢ়া টুটা আদি
 দোষ আছে যত যত।
আনিজ কৃপাগুণে পোন সন্তোষে।
 ক্ষমিয়ো তাক সমস্ত॥

ইতি
আপোনাসৱৰ দাসানুদাস

শ্ৰীমতী মনোমতী বড়া
গাওঁⵓ-বান্দৰ মাৰী
পোⵓ-নহাট (ডিমৌ
জিলাⵓ- শিৱসাগৰ (অসম)

[ ১০ ]

ⵓঅভিমতⵓ

 সংস্কৃতি মানুহ নামৰ প্ৰজাতিটোৰ এটা আপুৰুগীয়া সম্পদ। ই এটা সামুহিক শব্দ। ই জীৱন শৈলী। ই ব্যক্তিৰ জীৱন পুষ্ট কৰে, জাতীয় জীৱন গঢ় দিয়ে, মানৱ জাতিৰ মহত্ব প্ৰকাশ কৰে। সংস্কৃতি আমাৰ চিনাকি, কেৱল পিন্ধন-উৰণ, জীৱন-যাপন, খাৱন-গাৱনৰ ওপৰতে ই সীমাবদ্ধ নহয়। এই সংস্কৃতিয়ে আমাৰ আবেগ-অনুভূতি, ভাব-ভাষা, কথন-মথন আদিকো সামৰি লয়। এই সংস্কৃতি এক লোক ক’লা। যাৰ যোগেদি জাতীয় জীৱনৰ ধনাত্মক দিশসমূহ স্ব-প্ৰতিভাৰে মহিমামণ্ডিত হৈ পৰে।

 আইনাম, ধাইনাম, নিচুকনি গীত, টোকাৰী গীত, দেহ বিচাৰৰ গীত, আখ্যানমূলক গীত যেনে তেজিমলাৰ গীত, বেউলা- লক্ষীন্দৰ গীত, ফুলকোৱৰ, মণি কেঁৱৰৰ গীত আদি গীত মাতববাৰে কোহে কোহে আমাৰ জাতীয় জীৱনৰ প্ৰাণৱন্ত চন্দময় ৰূপত প্ৰতিভাত হৈ আছে। গীতবোৰ প্ৰকৃততে আমাৰ সুকোমল মনৰ স্বপ্ৰকাশিত ৰূপ। জাতীয় জীৱনৰ পোৱা-নোপোৱা, ভাল- বেয়া, হা-হতাশ, আবেগ-অনুভূতিসমূহ এনে গীতবোৰৰ যোগেদি উঠলি উঠে। এনে গীতৰ প্ৰতিটো স্তৱকত উজলি উঠে আমাৰ জাতীয় জীৱনৰ ছন্দময় প্ৰকাশ, প্ৰতিটো ছন্দত প্ৰকাশিত হয় জাতীয় জীৱনৰ হৃদপিণ্ড।

 "দিহানাম"বোৰো-দিহা লগাই গাব পৰা, সুৰ, তাল, লয়, [ ১১ ] ছন্দ গতিৰে ভৰা একো একোটা মনৰ ভাবাবেগ প্ৰকাশক গীত। ইয়াক নাম আখ্যা দিয়া আছে। এই নামে প্ৰকৃততে ভগৱানৰ নামক সূচায়। ঈশ্বৰৰ নাম অতি সুখকৰ, ইয়াত জীৱন দায়িনী, সঞ্জীৱনী সুধা আছে, ইয়াত প্ৰাণৰ ভাষা আছে, মনৰ আশা আছে। এই দিহানামবোৰ সচাই হৃদয় ৰঞ্জক। এই দিহাৰ চন্দে চন্দে গায়ক সকলৰ মনোজগত হেন্দুলি উঠে। ইন্দ্ৰিয়সমূহ আনন্দৰ ভৰত যৌকি বাথৌ কৰে। ঐশী সাধনাই নবীনত্ব প্ৰাপ্তিৰ চেতন দিগন্তলৈ গতি কৰে।...... গাওঁতা, শুনোতাক লৈ যায় আনাবিল আনন্দৰ ক্ষেত্ৰখনলৈ। হৰি নাম, দিহানামৰ ধ্বনিত মাটি পৃথিৱী নাচে বাগে, গছ-বিৰিখ প্ৰাণ পাই উঠে, বৈকুণ্ঠ এৰি ঈশ্বৰৰা নামি আহে ভকতৰ মাজলৈ। মহানন্দ প্ৰেম ছানি দিয়ে সমক্ততে।

 শ্ৰীযুতা মনোমতী বড়া আই দিহানামৰ এগৰাকী নিপুণ গায়িকা। গীত উপস্থাপনৰ নিত্য নতুন শৈী সুমধুৰ-সুমিষ্ট কণ্ঠ। অপৰূপ দৈহিক সঞ্চালন, ক্ষণিকতে পালিসকলৰ মনৰ মাজত সোমাই নামৰিক প্ৰাণৱন্ত কৰি তুলিব পৰা ক্ষমতাৰ বাবে তেখেত আজি এগৰাকী সুদক্ষা দিহানামৰ ওজা। বয়সে বাগৰ সলোৱা এই পৰতত তেখেতৰ কণ্ঠত একেই দৃঢ়তা, মনৰ মাজত দুবাৰ সাহস। এবাৰ ঘূৰি চাইছে এৰি অহা দিনবোৰলৈ। যিবোৰ দিনৰ অলিখিত ইতিহাসে তেখেতৰ জীৱনৰ প্ৰতিখিলা পাত সোঁৱৰণীৰ সোণসেৰীয়া স্বৰ লিপিৰে ভৰাই ৰাখিছে। কিমানবোৰ নামঘৰ, কিমানবোৰ বিয়াঘৰ, কিমানবোৰ বৰসবাহ, কিমানবোৰ অনুষ্ঠান, ৰভাতল, বৰঘৰ, মাৰলঘৰ, উকা চোতাল আজিও তেখেতৰ বাবে [ ১২ ] সাক্ষী হৈ আছে। এৰি অহা দিনবােৰত কিমানবােৰ যে নাম দিহাৰ ওপৰত আকাশে-বতাহে উপঙি আছে।

 তেখেতৰ এই পুথিভাগ দৰাচলতে লােক সাহিত্যৰ এটি আপুৰুগীয়া সম্পদ। দিহানাম গােৱা গায়ক আমাৰ মাজত বহুতাে আছে.......কিন্তু আমাৰ সমাজত সিঁচৰিত হৈ থকা এই গীতবােৰ সংৰক্ষণ কৰা, বুটলি আনি সংঘবদ্ধ ৰূপ দিয়া, সংগ্রহ কৰি একেঠাই কৰা নতুবা নতুন ৰূপ দি গ্রন্থাকাৰে ছপা কৰি গাওঁতাসকলৰ হাতত তুলি দিয়া লােকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা।

 তেখেতৰ এই প্রচেষ্টা সফল হ’ব তেতিয়াহে যেতিয়া পঢ়ুৱৈসকল, গায়কসকল আৰু বিশেষ ভাবে দিহানামৰ পৰিবেশক সকলে যেতিয়া এনে পুস্তক আদৰি-সাদৰি নিজৰ কৰি ল’ব। আমি আশাবাদী তেখেতৰ চেষ্টা পঢ়ুৱৈ সমাজে আদৰ কৰি ফলৱতী কৰি তুলিৱ।


 ইতি


 শ্ৰী ৰজনীকান্ত দত্ত
 সভাপতি
 আর্থসামজিক উন্নয়ন ন্যাস (শিক্ষা)
 শ্ৰীমন্ত শংকৰদেৱ সংঘ

 অসম [ ১৩ ]

১। মূল ঘোষাঃ-

 বৰদোৱাত গুৰু শঙ্কৰ।
 ৰঙাজানত গুৰু মাধৱ।
অ'... ধুৱাহাট বেলগুৰি, মণিকাঞ্চন জুৰি,
 অসম ভূমি কৰিলে উৰ্বৰ।
 ভক্তি ৰস ৰোৱাই নিৰন্তৰ॥

পদঃ-

 মাধৱ বদতি তুমি শুনা সৃষ্টিকৰ
 ইটো অৱতাৰ কথা শুনা বিধিবৰ।
অ’ পদ্মৰূপ ধৰি শূদ্ৰ কুলে হৈবো জাত
 হেবোহো শঙ্কৰ নামে জগত প্ৰখ্যাত॥

 দ্ৰোণসে কুসুম্বৰ হীৰা সত্যসন্ধ্যা হয়
 তাহৰ ঘৰত মই জন্মিবো নিশ্চয়।
অ’ নিজ কথা ধৰ্ম্ম ৰীতি প্ৰচাৰ কৰিবো
 জ্ঞানদানে সমস্তৰে মনক পূৰাইবো॥

 মোৰ অংশে অৱতাৰ হলিৰাম-নাম ধৰ
 মাধৱ স্বৰূপে তৈতে হৈব অৱতাৰ।
অ’ তুমি আদি বিধি যত বৈষ্ণৱ বাঢ়য়
 সনকাদি পাৰিষদ নিজ ভক্তচয়॥

[ ১৪ ]

 শুনিয়া বিধিৰ ঘোৰ নৰকে সংশয়
 কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগায়।
অ’ কিবা হেতু শঙ্কৰৰ নামক ধৰিয়ো।
 ইটো কথা মোৰ আগে নিষ্ঠ কৰি কৈয়ো॥

 নাৰায়ণে কহিলন্ত পূৰ্ব্বৰ কথাক
 হৰে প্ৰাৰ্থিলন্ত তান নাম ধৰিবাক।
অ’ আগম কৰিয়া মোক ঢাকিলন্ত হৰে
 অমোচন পাপ সিজিলন্ত নিৰন্তৰে॥

 কৰিলন্ত স্তুতি হৰে বহু বাৰম্বাৰ
 ভৈলোহো সন্তুষ্ট মই তুতিত তাসম্বাৰ।
 তযুনাম ধৰিলোহোঁ যুগৰ কলিত॥

ভাঙনি ঘোষাঃ-

শঙ্কৰ ৰূপে অৱতাৰ বৰদোৱা গ্ৰামে।
জগতকে উদ্ধাৰিলে ভক্তি পন্থ দানে॥

পদঃ-

জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়॥
সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট
ৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত॥
পূব দিশে নিৰ্মিলা এক নামঘৰ

[ ১৫ ]

মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়
তাতে আঁউজিয়া গুৰু পুস্তক লিখয়॥
দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্ম্মিল
সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল॥
উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ
মধ্য ৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ॥
সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস
কহয় পুৰুষোত্তম দাসৰো দাস॥
লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তিধৰ
তাহাৰ চৰণে কৰো শত নমস্কাৰ॥

.....................

২। মূল ঘোষাঃ-

হেৰা অসমীয়া চিৰ যুগমীয়া
 আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।
কুসুম্বৰ গৃহে ঈশ্বৰৰ অংশে
 তেৱেঁই নহয় জানো সৰ্ব্বগুণাকৰ॥

পদঃ-

প্ৰথমে গুৰুক  কৰো নমস্কাৰ
 শিৰ দিয়া চৰণত।
যাৰ উপদেশে জ্ঞানক প্ৰকাশে
 গুচিল অবিদ্যা যত॥

[ ১৬ ]

কৃষ্ণ পাদপদ্ম  মকৰন্দ পানে
 ভক্তি ভাৱে হৈয়ো মত্ত।
বাসুদেৱ বুদ্ধি  সবাতে দেখয়
 জ্ঞানৰ বুজিয়া তত্ব॥
বদতি শঙ্কৰ  শুনা নিৰন্তৰ
 কিনো কৃপাময় হৰি।
পদ্মৰ যুগত  দুখনি চৰণ
 কিয়নো থাকো পাহৰি॥
অনৰ্থ শৰীৰ  পোৱাৰে পৰাই
 নামত কৰিও ৰতি।
নিন্দাবাদ তৰ্ক  অসূয়া তেজিয়া
 লৈয়োক সাধু সংগতি॥
ঘোৰ কলিযুগে  ভৈলা একাকাৰ
 থিৰ বুদ্ধি কৰি দেখা।
চিত্তবিত্ত পাত্ৰ  সবে আপবিত্ৰ
 মাথো মনুষ্যৰ বেশা॥
হেন জানি আন দুৰতে তেজিয়া
 ভকতিক কৰা সাৰ।
শ্ৰৱণে কীৰ্তনে  সংসাৰক তৰে
 মহা সুখে পাই পাৰ॥
জানিয়া কৃষ্ণৰ  চিন্তিয়ো চৰণ
 মুখে লোৱা কৃষ্ণ নাম।

[ ১৭ ]

কৈত কেতিক্ষণে মিলয় মৰণ
 ডাকি বোলা ৰাম ৰাম॥

..........

৩। মূল ঘোষাঃ-

শঙ্কৰ জিলিকিছে কীৰ্ত্তনৰ পাতত
 মাধৱ জিলিকিছে ঘোষাৰো মাজত।
চোৱা সযতনে আছে পুথিৰ মাজত
 দুয়োজনা গুৰু সদা আমাৰ কাষত॥

পদঃ-

ইসৱ ধৰ্ম্মত তুষ্ট নহওঁ সিমত
যেনমতে হওঁ মই গুৰু ভজনত,
যদি হওঁ সমস্ততে আত্মা অন্তৰ্যামী
তথাপিতো গুৰু সেৱাতেসে তুষ্ট আমি॥
সিটো জনে ভকতি জ্ঞান দান কৰে
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে,
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম
জগতত আন আৰু নাহি তাৰ সম॥
জন্ম দাতা পিতৃত কৰিয়া শ্ৰেষ্ঠ আতি
উত্তম গুৰুৰ কথা শুনা কৰ্ণ পাতি,
ভকতি জ্ঞান-দাতা গুৰু বিনে সেব্য নাই,
কহিলোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥

[ ১৮ ]

এহি হেতু জানিবাহা ধৰ্ম্ম নাহি আন
গুৰুৰেসে সেৱা যত ধৰ্ম্মতে প্ৰধান,
উত্তম গুৰুৰ পাৱে কৰোক ভকতি
তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

ভাঙনি ঘোষাঃ-

অ' হৰি' নাৰায়ণ....
(খৰ চাপৰি) ৰাম হৰি অ'...অ'...ৰাম নাৰায়ণ,

পদঃ-

বেদৰ ৰহস্য তত্ব সকলে জানন্ত
কৃষ্ণক ভকতি বলে সাক্ষাত কৰন্ত,
এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতি
ইহাৰেসে উপদেশে শুদ্ধ হোৱে মতি॥
শাস্ত্ৰক জানয় যদি নুহিকে ভকত
তাৰ উপদেশে বোধ নুপজে লোকত,
যদি বা ভকত হোৱে শাস্ত্ৰ নজানয়
নপাৰে খণ্ডিতে সিটো শিষ্যৰ সংশয়॥
জ্ঞান দাতা গুৰু বিনে সেব্য নাহি আন
গুৰু সেৱা বিনে ধৰ্ম্ম নাহিকে প্ৰধান,
সংসাৰক তাৰে গুৰু চৰণ সেৱাই
হেন জানি গুৰু সেৱা কৰিও সদায়॥
শুনিলাহা সবে গুৰু-সেৱাৰ মহত্ব
জানিয়া গুৰুৰ সেৱা কৰিয়ো সতত,

[ ১৯ ]

কলিত প্ৰধান ধৰ্ম্ম কৃষ্ণ গুণ নাম
জানিয়া সধদা সবে বোলা ৰাম ৰাম।

৪।মূল ঘোষাঃ-

অ’ গুৰু শ্ৰীমন্ত শঙ্কৰ।
মাধৱক লগতে লৈ মেলিলা পানচৈ
অ'গুৰু ভক্তি সৰোবৰ॥

পদঃ

জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকাৰ
 যাক এৰি নাহিকে উপাম,
তোহাৰি চৰণেকু ৰেণু শতকোটি
 বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ  গৌৰ কলেবৰ
 যৈচন সুৰ পৰকাশ,
সকলে সভাসদ  ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ॥
বিনে অংগভূষণ  পেশী সুশোভন
 গহীন গম্ভীৰ ধীৰমতি,
আয়ত কমল  নয়ন বৰ সুন্দৰ
 বয়নে চান্দকহো জ্যোতি॥
লীলা গজগতি  গমন বিলোকন
 বাণী মেঘ গম্ভীৰ

[ ২০ ]

পাষণ্ড মৰ্দ্দন কলিকো কালে
 যাকু সম নাহি ধীৰ॥
সোহি নাৰায়ণ  মায়া বিস্তাৰি
 ত্ৰিজগত কৰো নিৰ্মাণ,
সনক সনাতন  যোগী যাকেৰি
 মহিমা কৰোহোঁ নজান॥
সকল চৰাচৰ পালন কাৰি
 যো হৰি দেবকো দেবা,
চতুৰ বয়ন শিৱ সুৰপতি যাকেৰি
 কৰো নিতে চৰণহি সেৱা॥

ভাঙনি ঘোষাঃ-

(খৰ চাপৰিসহ একেফাকি ঘোষা)

পদঃ-

চাৰি বেদ শিৰোমণি মাজে
 যাকেৰি চৰণ বিকাশ,
সোহি দেৱকো কয়লি কলিকো
 শঙ্কৰদেৱ পৰকাশ॥
ত্ৰিভুবন বন্দন  দৈৱকী নন্দন
 যোহৰি মাৰল কংস,
জগজন তাৰণ দেৱ নাৰায়ণ
 শঙ্কৰ তাক এৰি অংশ॥

[ ২১ ]

মায়া নৰতনু ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ,
সব নৰ পাপ পয়োধি মজ্জল
 তাহে কয়লি উদ্ধাৰ॥
পণ্ডিত মানী বেদ বখানি
 গৰৱ কয়লি সব চুৰ,
গীত কবিত্ব গুণ শঙ্কৰ দেৱৰ
 কীৰিতি গৈয়ো বহু দূৰ॥
শ্ৰীযশ দান মান ভূত দায়া
 সবগুণ সম্পন্ন ঠিক,
ভকতক ভকতি দান কৰো গুৰু
 দায়া তনয় আধিক॥
কি কবহু শঙ্কৰ দেৱৰ মহিমা
 জানি জ্ঞানী অন্ত নপাই,
যাকেৰি চৰণকু ৰেণু সীৰে পৰশি
 মুকুতি সুখ সুখে পাই॥
মাধৱ দীন মুৰুখমতি কহয়
 বাণী শুন সৱ লোই,
বিনে গুৰু চৰণে  ভকতি ৰকতি
 মুকুতি কবহুনা হুই৷৷
উহি পৰমতত্ব বেদক বাণী
 জানি নৰ নকৰ বিৰাম

[ ২২ ]

ধৰমক কৰবক গৰৰক চোৰি
 ঢাকি লোগ নাম ৰাম॥

.......

৫। মুল ঘোষাঃ-

এ শঙ্কৰ গুৰু কি নামে বান্ধিলা ভেটি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিল ভেটি।
মাধৱক লগত লৈ,
ধৰ্ম প্ৰচাৰিলা,
জগতকে নামৰ মেলা পাতি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি॥

পদঃ-

হৰি নাম ৰসে এ শঙ্কৰ গুৰু
বৈকুণ্ঠ প্ৰকাশে  এ শঙ্কৰ গুৰু
প্ৰেম অমৃতৰ নদী শঙ্কৰ গুৰু কি নামে...
শ্ৰীমন্ত শঙ্কৰে এ শঙ্কৰ গুৰু
পাৰ ভাঙি দিলে এ শঙ্কৰ গুৰু
বহে ব্ৰহ্মাণ্ডক ভেদি শঙ্কৰ গুৰু কি নামে...
গুবিন্দৰ প্ৰেম এ শঙ্কৰ গুৰু
অমৃতৰ নদী এ শঙ্কৰ গুৰু
বহে বৈকুণ্ঠৰ পৰা শঙ্কৰ গুৰু কি নামে...
চাৰি পুৰুষাৰ্থ এ শঙ্কৰ গুৰু
তাহাৰ নিজৰ এ শঙ্কৰ গুৰু

[ ২৩ ]

হৰি নাম মূল ধৰা শঙ্কৰ গুৰু কি নামে...
হৰি ভক্তি দান, এ শঙ্কৰ গুৰু
দিয়া জগতক এ শঙ্কৰ গুৰু
তাৰিলা সংসাৰ সিন্ধু শঙ্কৰ গুৰু কি নামে...
হেনয় কৃপালু এ শঙ্কৰ গুৰু
শঙ্কৰ বিনাই এ শঙ্কৰ গুৰু
নাহি নাহি আন বন্ধু শঙ্কৰ গুৰু কি নামে...
হৰি ভকতিৰ এ শঙ্কৰ গুৰু
পাতিলন্ত হাট এ শঙ্কৰ গুৰু
শঙ্কৰে জগত জুৰি শঙ্কৰ গুৰু কি নামে...
ৰাম নাম ৰত্ন এ শঙ্কৰ গুৰু
বেহায়া জগতে এ শঙ্কৰ গুৰু
চলয় বৈকুণ্ঠ পুৰী শঙ্কৰ গুৰু কি নামে...
শ্ৰীমন্ত শঙ্কৰ এ শঙ্কৰ গুৰু
হৰি ভকতৰ এ শঙ্কৰ গুৰু
জানা যেন কল্পতৰু শঙ্কৰ গুৰু কি নামে...
তাহান্ত বিনাই এ শঙ্কৰ গুৰু
নাই নাই নাই এ শঙ্কৰ গুৰু
আমাৰ পৰম গুৰু শঙ্কৰ গুৰু কি নামে...

ভাঙনি ঘোষাঃ-

দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শঙ্কৰ।
গুৰু দেৱ নামেই শ্ৰেষ্ঠ পন্থ ভকতৰ॥

[ ২৪ ]

পদঃ-

মাধৱ বদতি তুমি সৃষ্টিকৰ
ইটো অৱতাৰ কথা শুনা বিধিবৰ।
পদ্মৰূপ ধৰি শুদ্ৰ কুলে হৈবো যাত
হৈববাহো শঙ্কৰ নামে জগতে প্ৰখ্যাত।
দ্ৰোপসে কুসুম্ব হীৰা সত্য সন্ধ্যা হয়
তাহাৰ ঘৰত মই জন্মিবো নিশ্চয়।
নিজ যশ ধৰ্ম্ম ৰীতি প্ৰচাৰ কৰিবো
জ্ঞান দানে সমস্তৰে মনক পূৰাইবো।
মোৰ অংশে অৱতাৰ হলিৰাম নাম ধৰ
মাধৱ স্বৰূপে তৈতে হৈব অৱতাৰ।
শুনিয়া বিধিয়ে ঘোৰ নৰকে সংশয়
কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগয়।
কি কাৰণে শঙ্কৰ নামক ধৰিয়ো
মোৰ আগে প্ৰভু ইটো নিষ্টা কৰি কৈয়ো।
নাৰায়ণ কহিলন্ত পূৰ্ব্বৰ কথাক,
হৰে পাৰ্থিলন্ত তান নাম ধৰিবাক।
সিকাৰণে শঙ্কৰৰ নামক ধৰিলো।
তযু আগে বিধি মই নিষ্ট কৰি কৈলো।

[ ২৫ ]

৬। মূল ঘোষাঃ-

শঙ্কৰে আনি দিলে ভক্তিৰ পানচৈ।
মাধৱে বুজাই দিলে পাৰ হবলৈ।
বুজা মন ভাই, লোৱা মন ভাই,
মুক্তি মন্ত্ৰ দিলে আমাক গুৰু দুজনাই॥

পদঃ-

গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।
বান্ধব মাধৱ পদে কৰো নমস্কাৰ।
লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ,
ৰাম নাম মহা ৰত্নকৰিলা প্ৰচাৰ॥
শুদ্ধৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ ভজন মালা ভকতক দিলা।
তিনি সন্ধ্যা গুৰু সেৱা কৰে সিটোজন,
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ
সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ,
গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাতহস্তে লভয় জনম।
আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম।
আনো সৱ যত যত পূজনী আছয়,
সবাতো অধিক পিতৃ পূজনী হোৱয়॥

[ ২৬ ]

ভাঙনি ঘোষাঃ-

অ' হৰি অ ৰা নাৰায়ণ...
ৰাম হৰি অ' অ' ... ৰাম নাৰায়ণ। (খৰ চাপৰি)

পদঃ-

গুণবন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম।
সদ্‌-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম।
যজ্ঞ-সূত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়,
ইহাক দ্বিতীয় গুৰু বোলয় নিশ্চয়॥
জন্মদাতা পিতৃতো কৰিয়া শ্ৰেষ্ঠ আতি।
তৃতীয় গুৰুৰ কথা শুনা কৰ্ণ পাতি।
সৱ আশ্ৰমীতে কহে ঈশ্বৰ জ্ঞানক,
দেয় উপদেশ যিটো ভকতি পন্থক।
সিয়োজন জানা মই সাক্ষাতে ঈশ্বৰ।
জগততে পূজ্য আৰু নাহি তাত পৰ।
সিটোজনে ভকতি জ্ঞানক দান কৰে,
তাক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমত্ত নৰোত্তম
জগতত আন আৰু নাহি তাৰ সম।
ভক্তি জ্ঞান দাতা গুৰু বিনে সেৱা নাই,
কহি লোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥
একাদশ স্কন্ধে আছে তৃতীয় অধ্যায়ত৷
প্ৰবুদ্ধে কহত নিমি ৰাজাৰ আগত।

[ ২৭ ]

 উত্তম গুৰু পাৱে কৰোক ভকতি,
 তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

৭। মুল ঘোষাঃ-


 ভক্তিৰসৰ সুধা বাৰু কোনে নমালে।
 হৰি নামৰ নিজৰা কোনো বোৱালে।
 কোনে বাৰু দিলে মেলি ভক্তি সৰুবৰ,
 সেইজনাই নহয়জানো শ্ৰীমন্ত শঙ্কৰ॥

পদঃ-


 পূৰ্ব্বকালে ইদেশত নাছিল ভকতি।
 নানা ধৰ্ম্ম কৰ্ম্ম সবে কৰয় সম্প্ৰতি।
 অ’ নানা দেৱ পূজয় কৰয় বলিদান,
 হংস, ছাগ, পাৰ কাটে অসংখ্য প্ৰমাণ॥
 তল গৈল লোক কলি পাপৰ সাগৰত।
 কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত।
 অ’ সিটো জীৱ সমস্তক কৰিবে উদ্ধাৰ,
 শঙ্কৰ মাধৱ ৰূপে ভৈলা অৱতাৰ॥
 সকলো লোকক মুখ্য দিবৰ কাৰণে।
 কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।
 অ' কলিৰ পৰম পাপ সাগৰ সংকাশ,
 প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ॥
 সমস্ত পূণ্যৰ ফল কীৰ্তনতে পাৱে।

[ ২৮ ]

মিলিবে মুকুতি আহি হৰি নাম গাবে।
অ' সদা নাম লৱন্তে বাসুনা হোৱে ক্ষয়,
নোপজয় পাপ আৰু চিন্ত শুদ্ধি হয়॥
এতেকে ভকতে কাৰে সদায়ে স্মৰণ।
কহিলো সমস্ত কথা নামৰ লক্ষণ।
অ’ নিচিনিয়া বিহ খায়ো যেন মৰে নৰ,
নজানি অমৃত খায়ো হোবয় অমৰ॥
অজ্ঞানতো হাত দিলে দহয় আগনি।
কলিযুগে হৰি নাম ধৰ্ম্ম শিৰুমণি।
অ হেন নাম উচ্চাৰিয়া দ্বিজ অজামিল,
কৰ্মৰ বন্ধন ছিঙি মুকুতি লভিল॥

ভাঙনি ঘোষাঃ-


শঙ্কৰ গুৰু কিনো তোমাৰ লীলা।
দিনে ৰাতি ভকতক নামেৰে মুহিলা॥

পদঃ-


জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়,
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।
সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট,
ৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত।
পূব দিশে নিৰ্মিলা এক নাম ঘৰ,
মণিকুট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়,

[ ২৯ ]

তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।
দক্ষিণে মাত্ৰাক দৌল পুৰুষে নিৰ্মিল,
সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল।
উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ,
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।
সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,
হয় পুৰুষোত্তম দাসৰো দাস।
লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,
তাহাৰ চৰণে কৰো কোটি নমস্কাৰ।

...........

৮।মূল ঘোষাঃ-

শঙ্কৰদেৱে লিখি গৈছে কীৰ্ত্তনৰ পাতত।
মাধৱদেৱে দোহাৰিছে ঘোষাৰ মধ্যত॥
ভকতিত পৰে আন পথে গতি নাই।
চাৰি বেদ চৈধ্য শাস্ত্ৰ এহি অভিপ্ৰায়॥

পদঃ-

শঙ্কৰেসে শুদ্ধমত  ঈশ্বৰ ভকতি তত্ব
 প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি।
ইহাক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
 আপোনাৰ মহত্ব বখনি॥
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
 প্ৰচাৰিলে কৃষ্ণৰ ভকতি।

[ ৩০ ]

তাঙ্ক এৰি কি কাৰণে  আনক বোলয় গুৰু
  কিনো লোক মহামূঢ়মতি॥
নজানে শাস্ত্ৰৰ নয়  মোহি আহে তাকে কয়
  ছেদিবাক নপাৰে সংশয়।
তথাপিতো গুৰু বোলাই  লোকৰ মাজত ফুৰে,
  মান্য সতকাৰ খুজি লয়॥
আগম নিগম তৰ্ক  পুৰাণ বাৰত যত
  ইতিহাস তন্ত্ৰ-মন্ত্ৰ-চয়।
হে হৰি তোমাতেসে,  খেলাৱে কেৱল বদ
  তোমাৰ মহিমা নজানয়।
ঐশ্চৰ্য ভোগৰ মদে  মত্ত হুয়া ঈশ্বৰত
  পৰামুখ ভৈল যিটোজনে।
যেন জীৰ্ণ গাই সিটো,  দুৰ্ঘোৰ সংসাৰ মহা
  পঙ্কে পৰি হোৱয় মগন॥
হৰি নাম ধ্বজ কৰি   বেদ পথ পৰি হৰি
  ফুৰে আতি পাষাণ্ডসকল।
ইহ পৰলোকে ভ্ৰষ্ট   হুয়া পেট পুৰি মাত্ৰ
  ফুৰে আতি পৰম নিস্ফল॥

ভাঙনি ঘোষাঃ-

শঙ্কৰে মাধৱে  মহামন্ত্ৰ দিলে
  নাম-বৃক্ষ-কল্পতৰু
হেন নাম বিনে  আন পন্থ কহে
  নুবুলিবা তাঙ্ক গুৰু॥

[ ৩১ ]

পদঃ-

শৱদ ব্ৰহ্মৰ পাৰ ভৈল যিটো
 কৃষ্ণত ভকতি নাই।
তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল
 যেন ৰাখে বাজী গাই॥
ৰজা প্ৰজা জানি  লেক ভক্তিপন্থ
 শঙ্কৰৰ মত শুদ্ধ।
যিটো মত লাড়ি  আন আচৰয়
 পৰম সিটো মুগুধ॥
আপুনি পণ্ডিত নুহি মহন্তক
 নুপীসিলে কদাচিত।
তথাপিতো গুৰু  বোলাৱে কৃষ্ণৰ
 মায়ায়ে হুয়া মুহিত॥
নজানে শাস্ত্ৰক শিষ্যৰ সংশয়
 নপাৰে দুৰ কৰিত।
তাৰ উপদেশে আন নতৰয়
 আপুনো ভৈল বঞ্চিত॥
শাস্ত্ৰমত এৰি যি কথা কহয়
 কেৱলে পাষণ্ড নয়।
আছোক কৃষ্ণক পাইবে কদাচিত
 নুগুচে সংসাৰ ভয়॥
অন্ন যোনি কিছু নকৰে বিচাৰ
 জাতি কুল গৈল ভ্ৰষ্ট।

[ ৩২ ]

বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
 বেদ পন্থ কৰি নষ্ট॥
পৰম ইশ্বৰ কৃষ্ণ দেৱতাৰ
 গুণৰ নাহিকে অন্ত।
ইহাৰ তত্বক জানিবা কেৱলে
 শঙ্কৰে মাত্ৰ জানন্ত॥

••••••••••••

৯। মূল ঘোষাঃ—

শঙ্কৰদেৱে সাচী পাতত বোলাই আছে মহী।
মাধৱে সুধিলে গুৰু আছে কিবা লিখি।
অ’ হে কলিযুগ পাপৰ প্ৰলয়;
সেই কাৰণে দশম-কীৰ্ত্তন লিখি আছো মই অ’
 লিখি আছো মই॥

পদঃ—

শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,
আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।
নানা যুগে ধৰা তুমি নানা অৱতাৰ,
কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।
সমস্ত লোককে মোক্ষ দিবৰ কাৰণে,
কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।
কলিৰ পৰম পাপ সাগৰ শংকাশ,
প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ।

[ ৩৩ ]

সমস্তে পুণ্যৰ ফল কীৰ্ত্তনতে পাৰে,
মিলিবে মুকুতি আহি হৰি নাম গাৱে।
সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়,
পুণ্যৱন্ত হোৱে যেৱে বৈৰাগ্য মিলয়।
এতেকে ভকতে কৰে সদায়ে স্মৰণ,
কাইলো সমস্ত কথা নামৰ লক্ষণ।

ভাঙনি ঘোষাঃ-

কীৰ্ত্তন মানে গুৰুৰ মূৰ্ত্তি
দশমতে দেৱ হে,
নাম ঘোষাই নামৰ মূৰ্ত্তি
ৰত্নাৱলী ভকত হে॥

পদঃ-

গুৰু শঙ্কৰৰ পদে কৰো নমস্কাৰ।
বান্ধৱ মাধৱৰ পদে কৰো নমস্কাৰ॥
লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।
ৰাম নাম মহা মন্ত্ৰ কৰিলা প্ৰচাৰ॥
শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ-ভজন দুই মালা ভকতক দিলা॥
তিনিসন্ধ্যা গুৰু সেৱা কৰে যিটোজনে।
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥

[ ৩৪ ]

সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।
গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাত হান্ত লভয় জনম।
আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম।
গুণৱন্ত সন্ত আতি শুদ্ধ দ্বিজোত্তম।
সদ্‌-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥
যজ্ঞ-সূত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়।
ইহাক দ্বিতীয় গুৰু বোলায় নিশ্চয়॥
যিটোজনে ভকতি জ্ঞান দান কৰে।
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।
জগতত আন আৰু নাহি তাৰ সম॥
ভক্তিজ্ঞান দাতা গুৰু বিনে সেব্য নাই।
কহিলোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥
উত্তম গুৰুৰ পাৱে কৰোক ভকতি।
তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥

.............

১০। মূল ঘোষাঃ-

গুৰুজনৰ নামঘৰ ভক্তি ভেটি ভকতৰ
 দ্বিতীয় বৈকুণ্ঠ ধাম।
মণিকূটৰ সিংহাসন গুণমালা পুথিখন॥

[ ৩৫ ]

পদঃ-

শুনিয়োক সৰ্ব্বজন কৃষ্ণত অৰ্পিয়ো মন
 মহাভাগৱত কথাসাৰ।
ইসে পূৰাণৰ সূৰ্য  ভকতি প্ৰকাশক
 সমস্তে শাস্ত্ৰৰো সাৰোদ্বাৰ॥
শুনা আৰু তত্বভ্যে  কল্পতৰু ভৈলা বেদ
 তাৰ ফল মহাভাগৱত।
নাহি সাৰ সিঠাছাল  নাছিলেক অতকাল
 স্বৰ্গ-মৰ্ত্ত পাতাল মধ্যত॥
স্বাদত আনন্দময় কেৱলে আনন্দ ৰস
 পূৰ্ব্বত আছিল বৈকুণ্ঠত।
কৃষ্ণৰ কৃপাত পাছে  অৰ্দ্ধেক বয়স গৈলে
 পাইলে ব্ৰহ্মা পদ্ম কলপত॥
ব্ৰহ্মাই দিলা নাৰদক  ইটোফল ৰহস্যক
 নাৰদে বাসক আনি দিলা।
তিলেক নগৈল ভাগি  ইডালে সিডালে লাগি
 শুক মুখে ভূমিত পৰিলা॥
কৰা পান ফল ইটো  যাৰ ভাগ্য আছে যিটো
 ৰস বিভাৱনত চতুৰ।
সাধু সঙ্গ যত্ন কৰি  কৰ্ণে কৃষ্ণ কথা ভৰি
 সমস্ত আপদ কৰা দূৰ॥
মাধৱেসে পিতা মাতা  ভকত অভয় দাতা
 মাধৱতে বিনে আন নাই।

[ ৩৬ ]

হেন জানি যত্ন কৰি ডাকি বোলা হৰি হৰি
 হৰি বিনে বৰ্থে আয়ু যায়॥

ভাঙনি ঘোষাঃ-

নামঘৰত নামৰ নদী বোৱালে শঙ্কৰে।
তাতে বহি নাম লয় ভকত বান্ধৱে॥

পদঃ-

শঙ্কৰে কীৰ্ত্তনঘৰ সাজিবাক লৈলা।
ভেটি বান্ধিবাক লাগি সবেও আসিলা॥
আপুনি শঙ্কৰে কোৰ নালক ধৰিলা।
পৃথিৱীক চতুৰ্ভূজ মূৰ্ত্তিক দেখিলা॥
শিলৰ প্ৰতিমাখান কলা অতিশয়।
চিকমিক কৰে গাৱ অতীকে শোভয়॥
যত্ন কৰিলেও যিটো মূৰ্ত্তিক নাপাই।
দেখিয়োক হৰি আনি দিলেক ঠেকাই॥
সিজিবে ঈশ্বৰ ঐত সিদ্ধি হৈবে কাম।
দেৱী পূজা এৰি সবে লৈব কৃষ্ণ নাম॥
এ যিটো জগতৰ গুৰু ঈশ্বৰ মূৰাৰী॥
শঙ্কৰ স্বৰূপে ভক্তি ধৰ্ম্মক প্ৰচাৰী॥
সিটো জীৱ জগতক উদ্ধাৰিবে মনে।
দৈৱকী নন্দন কৃষ্ণ আইলা এহি গুণে॥

..............

[ ৩৭ ]

১১। মূল ঘোষাঃ-

নামৰ ঘৰ নামঘৰ সেৱাৰ ঠাই সেৱকৰ
 সাধু সঙ্গ বিচাৰি যোবা।
ভকতৰ সেৱা ধৰি গুৰুক স্মৰণ কৰি
 আনন্দে হৰি নাম গোৱা- মোৰ মন ভাই
 আনন্দে হৰি নাম গোৱা॥

পদঃ-

প্ৰথমে গুৰুক কৰো নমস্কাৰ
 শিৰ দিয়া চৰণত।
যাৰ উপদেশে জ্ঞানক প্ৰকাশে
 গুচিল অবিদ্যা যত॥
কৃষ্ণ পাদ পদ্ম  মকৰন্দ পানে
 ভক্তিভাৱে হৈয়া মত্ত।
বাসুদেৱ বুদ্ধি  সবাতে দেখয়
 জ্ঞানৰ বুজিয়া তত্ব॥
বদতি শঙ্কৰ  শুনা নিৰন্তৰ
 কিনো কৃপাময় হৰি।
পদ্মৰ যুগত  দুখানি চৰণ
 কিয়নো থাকা পাহৰি॥
অনৰ্থ শৰীৰ  পোৱাৰে পৰাই
 নামত কৰিও ৰতি।

[ ৩৮ ]

নিন্দাবাদ তৰ্ক অসূয়া তেজিয়া
 লৈয়োক সাধু সংগতি॥
ঘোৰ কলিযুগে  ভৈলা একাকাৰ
 থিৰ বুদ্ধি কৰি দেখা।
চিত্ত বিত্ত পাত্ৰ  সবে অপবিত্ৰ
 মাথো মনুষ্যৰ বেশা॥
হেন জানি আন  দুৰতে তেজিয়া
 ভকতিক কৰা সাৰ।
শ্ৰৱণ কীৰ্ত্তনে  সংসাৰ তৰে
 মহা সুখে পাই পাৰ॥
জানিয়া কৃষ্ণৰ  চিন্তিয়ো চৰণ
 মুখে লোৱা কৃষ্ণ নাম।
কৈত কেতিক্ষণে  মিলয় মৰণ
 ডাকি বোলা ৰাম ৰাম॥

ভাঙণি ঘোষাঃ-

সপ্তবৈকুণ্ঠক আনি থৈলা মণিকুটে।
তত্বভেদি নাম লয় একান্ত ভকতে॥

পদঃ-

নমো নমো নাৰায়ণ আনাদি অনন্ত।
নিত্য নিৰঞ্জন পূৰ্ণব্ৰহ্ম ভগৱন্ত॥
প্ৰকৃতিতো পৰ পৰমাৰ্থ ৰূপদেৱ।
তোমাৰ চৰণে কৰো লক্ষ কোটি সেৱ॥

[ ৩৯ ]

ব্ৰহ্মা ৰূপ ধৰি প্ৰজা যত চৰাচৰ৷
বিষ্ণু ৰূপে জগতকে পালা নিৰন্তৰ॥
ৰূদ্ৰ ৰূপে কৰা প্ৰভু প্ৰলয় আপুনে৷
তথাপি তোমাক নোচৱয় দোষ গুণে৷
কৰিলা অধীন মায়া নিজ যোগ বলে৷
তুমি মাত্ৰ সঞ্চা আন প্ৰপ্ৰঞ্চ সকলে॥
জানিয়া তোমাক মাত্ৰ যিটো মহাজন৷
তযু গুণে নাম কৰে শ্ৰৱণ কীৰ্ত্তন॥
কায় বাক্য মনে লৱে শৰণ তোমাত৷
সিসে এৰাই জানিবাহা সংসাৰৰ হাত॥

১২। মুল ঘোষাঃ-

বৰদোৱা বৰপেটা গুৰুজনাৰ হাট,
হৰিনামৰ ৰসৰ নদী বৈ আছে তাত।
অ’ নেলাগে নেলাগে যাব কাশী বৃন্দাবন,
ভকতৰ-সঙ্গতে আছে দেৱ নাৰায়ণ॥

পদঃ-

ভকতক ভজিলেহে বুলিব ভকতি,
আগে বন্দে পিছে নিন্দে পৰম দুৰ্ম্মতি॥
অ’ ভকতক জানিলেহে বুলিব ভজন,
আগে বন্দে পিছে নিন্দে পৰম দুৰ্জ্জন॥
হেন ভকতক এৰি মহা মুঢ় নৰে,

[ ৪০ ]

শৰ-তুল্য শৰীৰক আত্ম বুদ্ধি কৰে।
অ’ জলত কৰয় তাৰ্থ বুদ্ধি নিৰন্তৰে,
এহি চাৰি বুদ্ধি মহাজনত নকৰে।
জানিলো জগত হেতু তুমি নাৰায়ণ,
যাব নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন।
অ’ ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণতে,
নিৰ্গুণ গুণক প্ৰভু জানিবো কিমতে॥
ভকতত পবে শ্ৰেষ্ঠ কতো নাই নাই,
হৰি যাৰ পাছে আছে ফুৰন্ত সদায়।
অ’ভক্তি কৰিবাক লাগে ভকত জনত,
ভক্তিসে ভৰাইবে ইটো ঘোৰ সংসাৰত॥

ভাঙনি ঘোষাঃ-

অ' হৰি অ’ নাৰায়ণ...
ৰাম হৰি অ' অ'... ৰাম নাৰায়ণ... (খৰ চাপৰি)

পদঃ-

গাহৰি আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি,
ভকত পালক প্ৰভু নৰসিংহ তুমি।
ত্ৰৈলোক্যক অক্ৰমিলা তুমিসে বামন,
প্ৰণামো পৰশুৰামে ক্ষত্ৰিয় উচ্চন।
ধ্যানত নাপাৱে যাক সিদ্ধ মুণিগণ,
কিনো মোৰ ভাগ্য হেন দেখিলো চৰণ।
বিবিধ কল্পনা মায়াই নোচোৱে যাহাক,

[ ৪১ ]

পৰম ঈশ্বৰ কৰো প্ৰণাম তোক।
সংসাৰ সাগৰ পাৰ কৰেযাৰ নামে,
হেন ঈশ্বৰক হেলাকৰা কোন কামে।
আল জাল এৰি তৰিবাৰ কৰা কাম,
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।

............

১৩। মূল ঘোষাঃ-

বেদে কলে ধৰ্ম্ম শ্ৰেষ্ঠ।
গীতাই দিলে শৰণ মন্ত্ৰ।
উপনিষদে দিলে জ্ঞান তত্ব,
ভাগৱতে সৎ সঙ্গ ভক্তি ৰত্ন।
অ’ গুৰু কীৰ্ত্তনে সামৰি থৈলা নাম তত্ব॥

পদঃ-

শুনা সভাসদ  ভাগৱত পদ
 আত নকৰিবা শংকা,
নামত ভকতি কৰি একমতি
 বানৰে মাৰিলে লংকা।
অনেক ভালুক ৰাক্ষক বানৰ
 লগতে পাইলা মুকুতি,
ভকতি কৰিলে নপাইবে মনুষ্যে
 মুকুতি কোন যুগুতি।

[ ৪২ ]

পিশাচ পশুৰ অনেক অসুৰ
 ভকতি সাধিতে গতি,
কিনো অন্ধলোক যাতনাত মৰে
 মাধৱত নেদে মতি।
গকুলৰ গৰু যত তৃণ তৰু
 সবে পৰমপদ পাইল,
মিছাতেসে মজে কৃষ্ণক নভজে
 দিনতে দুচক্ষু খাইল।

ভাঙনি ঘোষাঃ-

অ' হৰি অ’ ৰাম নাৰায়ণ,
ৰাম হৰি অ’অ’ . ৰাম নাৰায়ণ ... ( খৰ চাপৰি)

পদঃ-

বাল্মীকি দুৰ্ঘোৰ আছিলন্ত চোৰ
 ৰাম বুলি ভৈলা ঋষি,
পাপী অজামিল বৈকুণ্ঠ চলিল
 নাৰায়ণ নাম ঘুষি।
দাসীৰ কুমাৰ ভৈলা অৱতাৰ
 নাৰদ নামৰ বলে,
হেনয় নামক সততে নলৱে
 কোননো বিধাতা চলে।
নাহি তপ জপ কলিৰ যুগত
 নামেসে পৰম ধৰ্ম্ম,

[ ৪৩ ]

ইটো নাম এৰি আনসত ধৰে
 শাস্ত্ৰৰো নুবুজে মৰ্ম্ম।
আন দেৱ তেজি মোকে মাত্ৰ ভজি
 ভৈলেক এক শৰণ,
সাধু সেহিজন অৰ্জ্জুনৰ আগে
 বুলিলে কৃষ্ণে বচন।
যাৰ আছে বুদ্ধি ধৰিয়ো ঔষধি
 সংসাৰ ব্যাধিৰ নাম,
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
 ডাকি বোলা ৰাম ৰাম।

...............

১৪। মূল ঘোষাঃ-

শঙ্খ চক্ৰ গদা পদ্ম মাথে মৈৰা পাখি।
কুৰুক্ষেত্ৰ মহাৰণে অৰ্জ্জুনৰ সখি॥
বান্ধৱ বুলিয়া মই, তোমাক দিলো শাক।
মোত বিনে নভজিবা আন দেৱতাক॥

পদঃ-

এক চিত্তে তুমি মাত্ৰ মোকে কৰা সেৱ,
পৰিসৰা দুৰতে যাতক আন দেৱ।
নলঙ্খিয়া মোহোৰ বাক্যক মহা ভাগ,
দেৱক তীৰ্থক মানে কৰা পৰিত্যাগ॥
নাম নুশুনিবা তুমি অন্য দেৱতাৰ,

[ ৪৪ ]

যে ভকতিক যেবে নহয় ব্যভিচাৰ।
পাষানৰ ৰেখা যোব বচন নিশ্চয়,
হেন জানি ভকতিক ধৰা ধনঞ্জয়॥
সমস্ত ধৰ্ম্মকে বিদুৰৰে পৰিহৰি,
ভাৱিয়ো মোহোৰ নাম মহাযত্ন কৰি।
মোৰ বাক্য সুদৃঢ় বিশ্বাসে সখি স্মৰি,
আন দেৱ ধৰ্ম্ম মানে কাহাৰো নাদৰি॥
পৰম সুদৃঢ় নাওঁ নামেসে আমাৰ,
সংসাৰ সাগৰে মই সুজান কাণ্ডাৰ।
একে একে নামে মোৰ জগত উদ্ধাৰ,
স্মৰণতে কৰে পাপ সমস্ত সংসাৰ॥
যিটো কথা কওঁ সখি আত কোন চিত্ৰ,
কোটি কোটি তীৰ্থে যাক নকৰে পবিত্ৰ।
কোটি প্ৰায়চিত্ত আচৰিলে নাহি শুদ্ধি,
মোহোৰ নামেসে মাত্ৰ হোৱে মহা সিদ্ধি॥

ভাঙনি ঘোষাঃ-

এক দেৱ এক সেৱ কৃষ্ণসে বান্ধৱ।
প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ॥

পদঃ-

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ,
আত পৰে আন পুণ্য নাহিকে কলিত।
অন্য ধৰ্ম্ম কৃষ্ণৰ লগত গুচি গৈলা,

[ ৪৫ ]

এক স্থানে হুয়া হৰি নামৰ মাজে ৰৈলা।
এতেকেসে নামত সমস্ত পুণ্য পাই,
জানিয়া যতনে ফুৰা হৰি নাম গাই।
নামেসে কৰিবে সব মনোৰথ সিদ্ধি,
জানিবাহা হৰিৰ নামেসে নৱ নিধি।
নামে তপ নামে জপ নামে যোগধ্যান,
নামে দান নামে পূণ্য কোটি তীৰ্থস্থান।
নামে ধন জন বন্ধু নামে পিতা মাতা,
নামে নিজ সুহৃদ নামেসে গতি দাতা।
ইহ পৰলোকে নাম বিনে গতি নাই,
চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়।
হেনজানি নামৰ চৰণে চাপি ধৰা,
গৃহতে থাকিয়াসুখে সংসাৰক তৰা।
কৃষ্ণৰ নামেসে ৰাজা সমস্ত ধৰ্ম্মৰ,
সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,
বোলা হৰি হৰি জুই লাগোক পাপত।

................

১৫। মূল ঘোষাঃ-

কৃষ্ণে অন্ত নপাইলে কৃষ্ণ নামৰ মহিমা অ’
 অৰ্জ্জুনৰ প্ৰশ্ন বাণে।
প্ৰিয় সখাক কলে তেওঁৰ নামৰ মহিমা
 ভকতেহে মাত্ৰ জানে॥

[ ৪৬ ]

পদঃ-

নামৰ মহিমা কহন্তে কেশৱে অ’
 আপুনো বিস্ময় ভৈলা।
শৰীৰৰ ৰোমাঞ্চ বচন নোলাই
 নিচুকী তম্ভিয়া ৰৈলা॥
দেৱ স্মষি নৰ সিদ্ধ বিদ্যাধৰ অ’
 গন্ধৰ্ব চাৰণ গণে।
হৰি নামৰ গোপ্য মহিমাক
 তেসম্বো কেহো নজানে॥
কৃষ্ণৰ চৰণ চিন্তিয়া থাকয় অ’
 বৰিয়ো কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লোকত এহিমানে মাত্ৰ
 পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম॥
যাহাৰ জিহ্বায়ে নোবোলৈ কৃষ্ণৰ অ'
 গুণ নাম সৰ্ব্বক্ষণ।
সিজনৰ মনে হৃদয় পদ্মত
 নিচিন্তে কৃষ্ণৰ চৰণ॥
শুক নিগদতি শুনা কুৰুপতি অ’
 কহিলো পৰম সাৰ।
কৃষ্ণ নাম বিনা ইটো সংসাৰত
 কাহাৰো নাহি নিস্তাৰ॥

[ ৪৭ ]

মহাযোগী জনো যদি ব্ৰহ্ম চিন্তে অ’
 হৰিৰ নাম নলৱৈ।
সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰৈ
 চাৰি বেদে হেন কৱৈ॥
হৰি হেন ইটো দুগুটি অক্ষৰ
 জিভা অগ্ৰে থাকৈ যাৰ।
গংগা গয়া কাশী প্ৰয়াগ সেতুক
 যাইবাক নলাগৈ তাৰ॥

ভাঙনি ঘোষাঃ-

কৃষ্ণে বোলে কৃষ্ণ নাম
 সম তুল্য নাই।
এক শৰণ হুয়া সিটো
 কৃষ্ণ নাম গায়॥

পদঃ-

গোবিন্দে বোলন্ত সখা শুনা স্বৰূপত।
নজানোহো ইটো কৃষ্ণ নামৰ মহত॥
হওঁ যদি এনে কোটি কোটি অৱতাৰ।
তথাপি নাপাওঁ কৃষ্ণ নাম মহিমাৰ॥
ইটো কৃষ্ণ নামৰ মহিমা আছে যত।
সবে কহিবাক সখি নুহিকে শকত॥
কৃষ্ণ নাম কলিষ্ঠ বীস্যৰ নাহি সীমা।
তাতেসে নকৈলো কৃষ্ণ নামৰ মহিমা॥

[ ৪৮ ]

কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে জেব আন।
শুনিয়োক সখি তাক কৰো যেন মান॥
মনে মনে কৃষ্ণ বোলে যদি বা বেকত।
তথাপি সদায় ভ্ৰমো তাহাৰ লগত॥
কৃষ্ণ কৃষ্ণ বোলস্তে শৰীৰ ৰোমাঞ্চিত।
নেত্ৰ লোতক বহে দ্ৰৱ হোৱৈ চিত্ত॥
ভকতিৰ আনন্দত আকুল হৃদয়।
সিজনত গৈলো জানা আপুনি বিক্ৰয়॥
মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন।
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান॥
মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি।
আকেসে বুলিয় সখি উত্তম ভকতি॥

..............

১৬। মূল ঘোষাঃ-

ৰাম নাম, নোলাই মুখত॥
হৰি নাম, নপশে কৰ্ণত॥
অ’ মানবী জনম লৈ সিটো মন্দমতি,
নকৰিলে যিটোজনে কৃষ্ণত ভকতি॥

পদঃ-

একাদশ ইন্দ্ৰি মায়া মদ অহঙ্কাৰ,
পঞ্চভূত সুক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ।
অ’ এহিসে চৌবিশ তত্ব দেহে হুয়া যুত,

[ ৪৯ ]

দেহকেহে জানিবা বোলয় অধিভূত॥
জিভা মুখ দিলে সদা কৰোক কীৰ্ত্তন,
নামক স্মৰণে মন দিলে সৰ্ব্বক্ষণ।
অ’ বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপক চিন্তোক,
চিত্তক দিলন্ত কৃষ্ণ অচলে ৰহোক॥
অহঙ্কাৰৰ সহিতে দিলন্ত অভিমান,
ঈশ্বৰ কৃষ্ণৰ মই ভূত্য হৈবো জ্ঞান।
অ’ সবাৰো আশ্ৰয় ইটো আছে দেহাগুটি,
কৃষ্ণ ভকতৰ পদধূলি লৈব লুটি॥
উপালম্ভা নাকৰিবা নামেসে ঈশ্বৰ,
নামে পিতা মাতা বুলি মন কৰা দৃঢ়।
অ’ কাশ্যপেও গুৰু মানি নাম লৈতে আতি,
নাৰদে মানিলে গুৰু চাণলি নীচ জাতি॥
ইন্দ্ৰে নমানিয়া গুৰু আছিলে স্বৰ্গত,
চণ্ডালীনি ৰূপে লক্ষ্মী দেখাইলা পথত।
অ’ আকে গুৰু মানি ইন্দ্ৰে ভৈলা কৃত-কৃত্য,
হেন গুৰু নমানিবে কোন ইটো চিত্ৰ।।

ভাঙনি ঘোষাঃ-

নাম লোৱা নাম লোৱা কলিযুগৰ প্ৰজা।
নাম শুনি মুক্তি পাইলে পৰীক্ষীত ৰাজা॥

[ ৫০ ]

পদঃ-

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ,
আত পৰে আন পূণ্য নাহিকে কলিত।
অন্য ধৰ্ম্ম কৃষ্ণৰ লগত গুচি গৈল,
একস্থান হুয়া হৰি নাম মাজে ৰৈলা।
এতেকেসে নামত সমস্ত পূণ্য পাই,
জানিয়া যতনে ফুৰা হৰি নাম গাই।
নামেসে কৰিবে সৱ মনোৰথ সিদ্ধি,
জানিবাহা হৰিৰ নামেসে নৱ নিধি।
নামে তপ নামে জপ নামে যোগ ধ্যান,
নামে দান নামে পূণ্য কোটি তীৰ্থস্থান।
নামে ধন জন বন্ধু নামে পিতা মাতা,
নামে নিজ সুহৃদ নামেসে গতি দাতা।
ইহ পৰলোকে নাম বিনেগতি নাই,
চাৰিও বেদৰ ইসে মুখ্য অভিপ্ৰায়।
হেনজানি নামৰ চৰণে চাপি ধৰা,
গৃহত থাকিয়া সুখে সংসাৰক তৰা।
কৃষ্ণৰ নামেসে ৰাজা সমস্ত ধৰ্ম্মৰ,
সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,
বোলা হৰি হৰি জুই লাগোক পাপত।

[ ৫১ ]

১৭। মূল ঘোষাঃ-

নামৰ মহিমা শুনি তপস্যা এৰিলে মুনি
 যোগীয়ে এৰিলে যোগ ধ্যান।
গকুলৰ গোপীয়ে সবাকো তেজিলে
 লয় মাথো কৃষ্ণ নাম॥

পদঃ-

নুহিকা যশোদা নন্দন গুবিন্দ
 নিশ্চয়ে বুলিলো বাক।
তুমি সমস্তৰে  বুদ্ধি সাক্ষী সখি
 প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক॥
জনত ৰাখিবে লাগি যুদ্ধ ফলে
 আপুনি ভৈলা উদিত৷
শুনা মহাভাগ জগতক ত্যাগ
 কৰিবে নুহি উচিত॥
বিনাশৈ সংসাৰ ভয় ভকতৰ
 পুৰৈ মনোৰথ যত৷
হেন হস্তপদ আনি প্ৰাণনাথ
 দিয়োক আসি শিৰত॥
হে ব্ৰজ ধন দুখহাৰী হৰি
 আমি কিঙ্কৰিক ভজ।
যেছেহন হাসিত কটাক্ষে সহিত
 দেখায়ে মুখ পঙ্কজ॥

[ ৫২ ]

সমস্ত প্ৰাণীৰ পাপ হৰে যিটো
 আছিলা কালীৰ ফনে।
কামক মৰ্দ্দিয়া হেন পাদ পদ্ম
 অৰ্পিলে আমাৰ তনে॥
পঙ্কজ লোচন নেদেখি তোমাৰ
 মৰো হেৰা সৱে দাসী।
মধূৰ বচনে অধৰ অমৃতে
 আমাক জীয়ায়ো আসি॥

ভাঙনি ঘোষাঃ-

নামে তপ, নামে জপ, নামে যোগধ্যান।
নামৰ অধীন যত আছে কৰ্ম্ম জ্ঞান॥

পদঃ-

সংসাৰত নাহি মোৰ নামক উপাম,
সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।
মহাযাগ যোগ আদি নুহিকে সমান,
তাহাৰ অধিক এক নামেসে প্ৰধান।
সিটো জপ যজ্ঞ সৰ্ব্ব-ধৰ্মত উত্তম,
লক্ষ ভাগো নুহি জানা নাম মোৰ সম।
সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,
নামৰ সমান সিটো কোটিভাগো নূয়।
মোৰ নাম লৱে যেবে বাঢ়য় অগনি,
শুখান পাতক বন লাগৈ তাতে ছানি।

[ ৫৩ ]

হওঁ অনুকুল মই প্ৰচণ্ড বতাস,
তিলেকো লাগে দহি কৰো সৰ্ব্বনাশ।
হেনজানি আন ধৰ্ম্ম এৰি লোৱা নাম,
পাতক দহিবে যত পূৰ্ণ হৈব কাম।
কৃষ্ণৰ কিঙ্কৰে কহে ৰচিলা শঙ্কৰে,
নামক কৰিয়া সাৰ ডাকি বোলা নৰে।

১৮। মূল ঘোষাঃ-

গোপাল গোবিন্দ হেৰা প্ৰাণৰ যদুৰাই,
নজানো কোনদিনা প্ৰাণ বায়ু যায়।
তোমাৰ মায়ায়ে মন বান্ধিছে জনাই,
হে প্ৰভূ বেগন দিনা নিবা মোকলাই॥

পদঃ-

মায়াতেসে দেখয় বিবিধ পৰিচ্ছেদ,
স্বৰূপতে তোমাৰ নাহিকে কিছুভেদ।
চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন,
তোমাকে বুলিবে দৈত্য কোন অজ্ঞজন॥
নিশ্চল নিৰ্ম্মল সুক্ষৰূপ যিটো স্বামী,
দেবে সাক জানন্ত কেনে জানো আমি।
মায়াৰ শৰ্য্যাত শূতি আছে সৰ্বজন,
কেনে নকৰাহা হৰি চৰিত্ৰ কীৰ্ত্তন॥

[ ৫৪ ]

বোলে মোৰ পুত্ৰ ভাৰ্য্যা মুকুতিৰ দ্বাৰ,
শ’ গোটা শ’ লৈয়া হোৱে সিন্ধুপাৰ।
সেহিমতে পুত্ৰ ভাৰ্য্যা জানিবা নিস্ফল,
নাহি তাত সুখ মাত্ৰা দুখেহে কেৱল॥
দুখ দুৰ হৈবে বুলি সুখ হৈব মনে,
পোষে পুত্ৰ বাৰ্য্যা ধন অনেক যতনে।
মহাদুখে ৰোজা লৈয়া পাৱে গৈয়া ঘৰ,
তথাপিতো বুঢ়া বুলি কৰে অনাদৰ॥
ভাৰ্য্যায়ে নধৰে বোজা পুত্ৰই থাকে চাই,
দুখৰ বোজাত ৰাজহাড় ভাগি যায়।
ভাৰ্য্যাৰ আগত কথা কহে যশ কৰি,
তথাপিতো পাপী নুসুমৰে ৰাম হৰি॥

ভাঙনি ঘোষাঃ-

সাধু সঙ্গ লোৱা ভাই, সাধু সঙ্গ লোৱা।
ঈশ্বৰক পাইবা তেবে নিস্তাৰিয়া মায়া॥

পদঃ-

দেন্ত উপদেশ হৰে দশ প্ৰচেতাক,
শুনিয়োক ৰাজপূত্ৰ সবে মোৰ বাক।
কহোঁ তোমাসাত সবে শাস্ত্ৰৰ সন্মত,
কৰিবা প্ৰাৰ্থনা সবে চৰণ কৃষ্ণত।
তযু পদ স্মৰণে মনৰ মল হৰে,
পাদোদক্‌ গঙ্গাৱে বাহিৰ শুদ্ধি কৰে।

[ ৫৫ ]

এহি দুই তীৰ্থ সেৱী মহন্ত সকল,
বাহিৰে ভিতৰে হোৱে পৰম নিৰ্ম্মল।
এতেকে ভূতক দয়া কৰে নিৰন্তৰ,
লোভ মোহ কাম ক্ৰোধ গুচিল মনৰ।
হে বকতৰ সঙ্গ কৰিয়োক দান,
আমাক তোমাৰ অনুগ্ৰহ এহিমান।
জন্মে জন্মে হৌক তুস্থ সঙ্গ ভকতৰ,
মিলোক প্ৰসঙ্গ প্ৰভু দিয়ে এহি বৰ।
বুলিলা তোমাৰ সঙ্গ নুখুজিলো কিক,
ভকত সবৰ সঙ্গ তোমাতো অধিক।
যথাত থাকন্ত তযু একান্ত ভকত,
তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।
ইটো কথা মৃত পান কৰে যিটো জন,
গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱে মন।
দুৰ হোৱে বৈৰীভাৱ সমস্তে ভূতত,
একো উপসৰ্গ তাৰ নুপজে মনত।
হেনয় মহন্ত সৱ থাকন্ত যথাত,
থাকা তুমি নাৰায়ণ সাক্ষাতে তথাত।

[ ৫৬ ]

১৯। মূল ঘোষাঃ-

তোমাক ভজিম বুলি ভক্তি পাত্ৰ লৈ।
আহিছিলো মায়াময় সংসাৰলৈ॥
বজাৰ দেখি ভোল গলো হৰি হৰি ঐ।
উভতিবৰ হ’ল খালি মোনা লৈ॥

পদঃ-

ভক্তিসে প্ৰধান বস্তু জানা সৰ্ব্বজন।
কেনে নকৰয় হৰি চৰিত্ৰ কীৰ্ত্তন॥
অনেক সংযোগে নৰতনু আছে পায়।
নাহিকে শ্বাশ্বত আৰু ক্ষণিকে পৰায়॥
ধনজন পুত্ৰ ভাৰ্য্যা যত অভি লাস।
কালে পাইলে হুইব যে বিনাশ॥
যি কলিত স্ৰৰ্জিলন্ত আদি নিৰঞ্জন।
সি কালত পুত্ৰ কৈত পালা কোন জন॥
মায়ায়েসে মায়াৰ পাশত কৰি বন্তী।
যেন নাক বিন্ধি বলধিক আছে ছান্দি॥
ধন জন পুত্ৰ ভাৰ্য্যা স্নেহ দৰশাই।
তাতে পাচে ওপজয় এৰন নাযাই॥
জানি পুত্ৰ ভাৰ্য্যা তাত এৰা আসকতি।
কৃষ্ণৰ চৰণে কৰা একান্ত ভকতি॥
বিলম্ব নকৰা ভকতৰ সঙ্গ লোৱা।
নাম গলে বান্ধি সংসাৰত পাৰ হোৱা॥

[ ৫৭ ]

ভাঙনি ঘোষাঃ-

হৰি ভজি হৰি নাম নলৱে সাক্ষাত।
আপোনাক আপুনি কৰিলে আত্মঘাত॥

পদঃ-

শুনা সভাসদ পদ মহাভাগৱত,
কৃষ্ণৰ মুখৰ বাণী বাক্য সাৰোগত।
আনক নভজি লয় মোহোত শৰণ,
কায় বাক্য মনে নমে মোহোৰ চৰণ।
মোত অৰ্পি কৰ্ম্ম কৰে নজানয় আন,
ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰান।
অৱতাৰ ধৰি ভাৰ হৰো পৃথিৱীৰ,
নিৰাকাৰ বুলি মোক নজানে বিস্তাৰ।
মোক জানয় মহাদেৱ ঋষি যত,
অনাদি অব্যক্ত অজ নাহি আদি অন্ত।
মইসে নিয়ন্ত্ৰা স্বামী তোক মহেশ্বৰ,
মোক সদা এহি বুদ্ধি কৰে যিটো নৰ।
মোহোৰ কথাত মাত্ৰ ৰতি সদা যাৰ,
অন্যত্ৰ বস্তুত ৰতি নাথাকন্ত আৰ।
সেহি ভকতক ৰাখিবাক যথাভাৱে,
সৰ্ব্বক্ষণে ফুৰ চক্ৰ ধৰি ভূমি পাৱে।

.........

[ ৫৮ ]

২০। মূল ঘোষাঃ-

হৰি নাম লবলৈ অ’ পাপী মন।
নালাগে যাব কাশী-বৃন্দাবন॥
বৃন্দাৱনৰ গোঁসায়ে মোহন বাঁহী লৈ।
ভকতৰ সঙ্গতে আছেহি ৰৈ॥

পদঃ-

যদ্যপি অজিত তুমি তিনিও জগতে,
তথাপি তোমাক জিনৈ সেহিসে ভকতে।
মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি,
তাঙ্ক এৰি জ্ঞান পথে যিটো কৰে ৰতি॥
ক্লেশ মাত্ৰ পাৱৈ সিটো নিস্ফল প্ৰয়াসে,
বাহানে পতান যেন তণ্ডুলক আশে।
যিটো জনে ভূঞ্জৈ নিজ কৰ্ম্মৰ বিপাক,
আপেক্ষিয়া থাকে প্ৰবৃ তোমাৰ কৃপাক॥
কায় বাক্যে মনে নমৈ চৰণ তোমাৰ,
সি সি জন মুকুতি পদৰ অধিকাৰ।
ভকতত পৰে শ্ৰেষ্ঠ কতো নাই নাই,
হৰি যাৰ পাছে পাছে ফুৰন্ত সদায়॥
নগয় গঙ্গা গয়া তীৰ্থক কৰিতে,
বিচাৰি দেখোক সবে আছে শৰীৰতে।
হৃদয়তে আছে কৃষ্ণ পাবাহা বিচাৰি,
মহাপাপীজননা তৰে কৃষ্ণক সুমৰি॥

[ ৫৯ ]

হৰি পদ হন্তে গঙ্গা হুয়া উতপতি,
ভৈলা এৰা এৰি সিটো চৰণে সহিতি।
সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত॥

ভাঙনি ঘোষাঃ-

নালাগে তীৰ্থক হৰি হৃদয়তে আছে।
ভকতেহে পৰমতীৰ্থ সৰ্ব্ব শাস্ত্ৰে কহে॥

পদঃ-

ভকতিৰ প্ৰতিবন্ধ যত পাপচয়,
ভকত জনৰ সেৱাতে সে নষ্ট হয়।
কৃষ্ণৰ সেৱক সৱ পৰম নিৰ্ম্মল,
জগত পৱিত্ৰ কৰে তাহাৰা সকল।
তাসম্বাক সেৱা আতি কৰন্তে সদায়,
ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।
হৰি পদ হন্তে গঙ্গা হুয়া উতপতি,
ভৈল এৰা এৰি সিটো চৰণে সহিতি।
সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।
মুকুতি সুখক প্ৰতি ইচ্ছা আছে যাৰ,
কহিলো সন্তৰ সঙ্গ প্ৰাৰ্থনি তাহাৰ।
লভিবে মুকুতি পায়া সাক্ষাতে কৃষ্ণক,
তাৰাসবো বাঞ্চা কৰে সাধুৰ সঙ্গক।

[ ৬০ ]

লৈয়োক প্ৰমাণ আৰ ধ্ৰুৱৰ বচনে,
কৰন্ত প্ৰাৰ্থনা আতি কৃষ্ণৰ চৰণে।
সদায়ে তোমাত যিটো কৰয় ভকতি,
পৰম নিৰ্ম্মল তাৰা সমস্তৰ মতি।
তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হৌক,
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক।

.........

২১। মূল ঘোষাঃ-

কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে;
বসুদেৱে থৈলে আনি যমুনাৰ ইপাৰে।
নন্দৰ ঘৰে গৰু চাৰি কৰা লীলা যত;
শঙ্কৰদেৱে নিবন্ধিলে পুথি দশমত॥

পদঃ-

ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস,
লৈলা দৈৱকীৰ উদৰত হৰি বাস।
গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি,
দৈৱকী দেবীক বাক্য বুলিলা আশ্বাসী।
পাছে নিজ ৰূপে উপজিলা দামোদৰ,
দেখি পিতৃ মাতৃ তুতি কৰিলো বিস্তৰ।
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা,
কংসৰ ভয়ে বসুদেৱে গোকুলত থৈলা।
দেখি পুত্ৰ মুখ নন্দে আনন্দে বিহ্বল,

[ ৬১ ]

তনয়ৰ জাত কৰ্ম্ম কৰাইলা সকল৷
দৈত্যক বধিবে আৰম্ভিলা গোকুলত,
পুতনাৰ চেতনা শুষিলা প্ৰথমত।
শকটৰ তলে থৈলা যশোদা শুৱাই,
পেলাইলাহা পাৱে শকটক ওভতাই।
তুলিলাহা হামি যশোদাৰ পিয়া স্তন,
গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভূৱন।
বিস্ময় হুয়া আসি মুদিলা সুন্দৰী,
তাত পাছে চক্ৰবাতে নিলা চুৰি কৰি।
গলত চিপিয়া ধৰি পেহলাইলা শিলাত,
মৰি গৈল দুষ্ট দৈত্য তোমাৰ লীলাত।
জাত কৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম,
ক্ৰীৰন্তে ফুৰন্তে গোকুলত কৃষ্ণ ৰাম।

ভাঙনি ঘোষাঃ-

কৃষ্ণ অৱতাৰ শান্তৰূপী দৈৱকীত।
দৃঢ়-ভক্তিত বান্ধ লৈলা মাতৃ যশোদাত॥

পদঃ-

নিৰ্ঘাত শঙ্কিয়া খেদি আহিলা গোপজাক,
বন্দী হুয়া আছা নন্দে দেখিলে তোমাক।
হাসিলেক কোনে হেন কৰিলেক বুলি,
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুমি।
কিনো আতি নন্দ যশোদাৰ মহাভাগ,

[ ৬২ ]

পূৰ্ণ ব্ৰহ্মা তোমাক গৃহতে পাইলা
ভকতৰ আনন্দ বঢ়াইয়া সৰ্ব্বক্ষণে,
শিশুলীলা অনেক কৰিলা নাৰায়ণে।
কেহো বেলা গোপীগণে গাৱা গীত,
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য।
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত,
ভকতৰ বশ্য হেন দেখাইয়া লোকত।
শয়ন সময়ে সব গোপ গোপীগণ,
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ।
বৈকুণ্ঠবাসীৰ সবে মহিমা দেখাই,
গোকুলক লাগি প্ৰভূ আনিলা দুনাই।
পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ,
শুনি মহাভক্তি ইটো শ্ৰৱণ কীৰ্ত্তন।
কৃষ্ণৰ কিঙ্কৰে কহে ৰচিলা শঙ্কৰে,
ডাকি বোলা হৰি হৰি সমস্ত নৰে॥

................

২২। মূল ঘোষাঃ-

কৃষ্ণ গোসাঁই বাঁহী বজাই কদম্বৰ তলে;
ব্ৰজৰ গোপীয়ে বেঢ়ি নাচে তালে তালে।
বজোৱা বজোৱা কানাই বাঁহীটি তোমাৰ;
দুৰ কৰা যত তৃষ্ণা মাধৱ আমাৰ॥

[ ৬৩ ]

পদঃ-

নিস্তাৰ কাৰক নাহি হৰি নাম বিনা,
কতো গোপী বোলে সখি কৃষ্ণ কথা শুনা।
ব্যস্ম বাহুত
মধুৰ বেণুক আনি অধৰে অৰ্পিয়া॥
ৰন্ধ্ৰ মধ্যে কোমল আঙুলিচয় চালি,
যেতিক্ষণে বাংশী ডাক দেন্ত বনমালী।
তাক শুনি দেৱনাৰী সমস্তে মুচ্ছিৰ্ত,
কাম বাণে চিত্ত আতি হুয়া জৰ্জৰিত॥
বস্ত্ৰ মহা মোহ হুয়া পৰে,
স্বামীৰ কাষত পাছে লজ্জা হোৱৈ বৰে।
হেন হৰি যেখনে বাংশীক নাদ কৰৈ,
গৰু মৃগ গণৰো তেখনে চিত্ত হৰৈ॥
নাম ধৰি ধেনুক ডাকন্ত বাংশীৰায়ে,
নদীসবো শুনি স্তম্ভি থাকৈ মৌনভাৱে।
কতো গোপী বোলৈ সখিসব শুন শুন,
গোপজনে সেখনে বনাৱে কৃষঅণ গুণ॥
বাংশীৰ নিধানে হৰি ডাকি আনা ধেনু,
শুনি তৰু লতা প্ৰেমে পুলকিত তনু।
কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি,
সুন্দৰ অধৰে সেবে কৰে বাংশী ধ্বনি॥

[ ৬৪ ]

ভাঙনি ঘোষাঃ-

গোপীয়ে কৰিলে ত্যাগ বিষয় জঞ্জাল।
তাকে দেখি খেলা কৰে মদন গোপাল॥

পদঃ-

গোপীকাৰ দেখি প্ৰেম ভাৱ বিপৰীত,
ভৈলন্ত গোপাল আতি আকুলিত চিত্ত।
আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত,
পৰম মধুৰ মুক্তি ভৈলন্ত বেকত।
দেখি ৰূপ মদনৰো মোহন সাক্ষাত,
উঠিল আনন্দে সবে গোপী অসংখ্যাত।
এক দৃষ্টি কৰি কতো কতো গোপ গণে,
মুখ পঙ্কজক পিয়ে তবধ নয়নে।
নাহিকে তৃপিতি যদি পিয়ন্ত সততে,
কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে।
বহৱৈ আনন্দে নয়নৰ নীব ধৰি,
মহাযোগীজনে যেন যাকৈ ধ্যান কৰি।
এহিমানে কৃষ্ণক চাহন্তে গোপীগণ,
মিলি গৈল উৎসৱ শীতল তনু মন।
এৰাইল বিৰহ তাপ আনন্দে ভৰিল,
ভকতক পায়া যেন সংসাৰী তৰিল।
প্ৰাণ বন্ধু মাধৱক কৰিয়া সন্মান,
আঞ্চল পাৰিয়া দিলা বসিবাৰ স্থান।

[ ৬৫ ]

২৩। মূল ঘোষাঃ—

পুৱাইল ৰজনী উঠাবনমালী অ’
 ধেনু চাৰিবাক লাগে।
ত্ৰিজ গত পতি ৰাখোৱাল আজি
 কেনেকৈ যশোদাই পালে॥

পদঃ—

জগত ৰাখিবে লাগি যদু কুলে অ’
 আপুনি ভৈলা বিদিত,
শুনা মহাভাগ ভকতক ত্যাগ
 কৰিবে নুহি উচিত।
বিনাশে সংসাৰ ভয় ভকতৰ অ’
 পুৰে মনোৰথ যত,
হেন হস্ত পদ্ম আনি প্ৰাণ নাথ
 দিয়োক আসি শিৰত।
হে ব্ৰজ ধন দুঃখ হাৰী হৰি
 আমি কিঙ্কৰিক ভঞ্জ,
মোহন হসিত কটাক্ষে সহিত
 দেখায়ো সুখ পঙ্কজ।
ব্ৰজহন্তে ধেনু চাৰিবাক সহো
 আমাৰ মনে আসুখ,
যেনে পাদ পদ্মে তৃণ শীলা লাৰি
 প্ৰাণ নাথে পান্ত দুখ।

[ ৬৬ ]

তোমাৰ চিন্তায়ে দিন বহি যায়
 গধুলি গোপাল আসি,
অলকা আকৃত গোৰঞ্জে ৰঞ্জিত
 দেখুৱা মুখ প্ৰকাশি।
পুনু পুনু দেখাই বদন পঙ্কজ
 মনত অৰ্পা মদন,
তোমাৰ সঙ্গতি নপাই দুখে ৰাতি
 জানিয়া চিন্তো চৰণ।
আমাৰ হৃদয় জানি কৃপাময়
 এৰিয়ো কপট মতি,
দিয়া দৰিশন আমাৰ জীৱন
 ৰাসিয়োক প্ৰাণ পতি।

ভাঙনি ঘোষাঃ—

কৃষ্ণসে পৰম তত্ব জানি ব্ৰজবাসী।
কৃষ্ণতে শৰণ লৈলা আন যত ত্যেজি॥

পদঃ—

শ্ৰদ্ধাভাৱে কৰে যিটো কীৰ্ত্তন সতত,
পৰম ভকতি তাৰ মিলয় কৃষ্ণত।
জানিবা কীৰ্ত্তন পৰ ভৈল যিটো নৰ,
সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ।
হৰি গুণ কীৰ্ত্তনত কৰিয়োক ৰতি,
কীৰ্ত্তনেসে মাধৱৰ উত্তম ভকতি।

[ ৬৭ ]

নমো নমো কৃষ্ণ অনাথৰ নাথ দেৱ,
মোত পৰে অনাথ নাহিকে আন কেৱ।
হেন মই দুখিতক তুমি বিনে আন,
নেদেখো কৃপালু যিটো কৰিবেক ত্ৰাণ।
জানো কৃষ্ণ তযু গুণ পৰম অমৃত,
তোমাৰ ভক্ত সঙ্গে পিয়ায়োক নিত।
তেবেসে দুৰ্ঘোৰ ভৱ ৰোগ হৈবে দুৰ,
কৰিয়োক কৃষ্ণ মোক কৰুণা প্ৰচুৰ।
তোমাৰ অভয় দুই চৰণ পঙ্গজে,
তাতে মোৰ মন মজি ৰহোক সহজে।
মই অভাগীক সিদ্ধি কৰা মনস্কাক,
সমাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

……………………

২৪। মূল ঘোষাঃ-

অশ্বস্থৰ তলে উদ্ধৱে কান্দিছে
 ঢাকুৰি ঢকুৰি হিয়া।
প্ৰাণ কৃষ্ণনাথ নকৰা অনাথ
 লগতে মোকো লৈ যোৱা॥

পদঃ-

স্বামীৰ আদেশ শুনিয়া উদ্ধৱ
 উঠিলন্ত চালি গাৱ,
কৃষ্ণৰ বিয়োগে অগনি উধাইল
 অধিকে আকুল ভাৱ।

[ ৬৮ ]

কৃতাঞ্জলি ধৰি প্ৰদক্ষিণ কৰি
 ঘুৰিলন্ত বাৰ সাত,
কৃষ্ণ কৃষ্ণ ৰতি দণ্ডৱতে পৰি
 কৰিলন্ত প্ৰণিপাত।
ইটো পাদ পদ্ম দুনাই নেদেখিবো
 কৰিবো কাহাক সেৱ,
ইজন্মক লাগি আজি এৰি যাওঁ
 মোৰ প্ৰাণ ইষ্টদেৱ।
দেৱৰো দুৰ্ল্লভ দুখানি চৰণ
 কত পুণ্যে পাইলো লাগ,
চিৰকাল আক সেৱিতে নাপাইলো
 মিলিল মোৰ অভাগ।
আউৰ কাক দেখি ৰাখিবো জীৱন
 ভৈলো অন্ধ সমুদায়,
ঐ প্ৰাণ হৰি পৰিচ্ছেদ কৰি
 ক্ষণিতেক থাকো চাই॥
এহি বুলি পদ পঙ্কজক তুলি
 থৱন্ত কতো মাথাত।
কতো আখি মুখে ঘসন্ত সাবতি
 থাপন্ত কতো মাথাত॥

[ ৬৯ ]

ভাঙনি ঘোষাঃ-
 বৈকুণ্ঠলৈ যোৱাৰ আগে অশ্বস্থুৰ তলে।
 ৰহস্য ভকতি কৃষ্ণে উদ্ধৱক কলে॥

পদঃ-
 শুনিয়ো উদ্ধৱ আৰ ৰহস্য ভকতি,
 কৰিবা অভ্যাস তুমি থিৰ কৰি মতি।
 সমস্ত ভূততে ব্যাপি আছো মই হৰি,
 সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।
 ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল,
 দাতাত চোৰত যেন দৃষ্টি একতুল।
 নীচত সাধুত যাৰ ভৈল এক জ্ঞান,
 তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন।
 বিশেষত মনুষ্যগণাত যিটো নৰে,
 বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায় মান্য কৰে।
 ঈৰিষা অসূয়া অহংকাৰ তিৰস্কাৰ,
 সবে নষ্ট হোৱৈ তেবে তাৱক্ষণে তাৰ।
 কুকুৰ শৃগাল গৰ্দৰ্ভৰো আত্মাৰাম,
 জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।
 সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে,
 কায় বাক্যমনে অভ্যাসিবা এহি ভাৱে।
 বিষ্ণুময় দেখৈ যিটো সমস্ত জগতে,
 জীৱন্তে মুকুত সিটো অচিৰ কালতে।

[ ৭০ ]

 সকল প্ৰাণীক দেখিবাক আত্মসম,
 উপায় মধ্যত ইটো আতি মুখ্যতম।
 এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ,
 যিবা জানা-শুনামানে এৰা আন গ্ৰন্থ।
 এক মাত্ৰ মোতে তুমি লৈয়োক শৰণ,
 নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।

.............


২৫। মূল ঘোষাঃ-
 নাকান্দা নাকান্দা তুমি, ঐ উদ্ধৱ গকুলক যোৱা।
 ব্ৰজৰ গোপীয়ে কান্দে ঐ উদ্ধৱ ভক্তিজ্ঞান দিয়া॥
 বিদুৰক দিবে জ্ঞান ঐ উদ্ধৱ মৈত্ৰেয় মহা মুনি।
 লুপ্ত হৈব ভক্তি পন্থ ঐ উদ্ধৱ গলে তুমি আমি॥
পদঃ-
 নিগদতি শুক মুনি ঐ শুনা নৃপবৰ,
 ভকতৰ সন্তাপ ঐ দেখি পিতাম্বৰ।
 ভৈলন্ত আকুল কৃষ্ণ ঐ জগত জনক,
 কমল লোচন ভৰি ঐ বহৱৈ পলাতক।
 পীত বস্ত্ৰে মুচি মুখ ঐ পেহলাইলা নিশ্বাস,
 স্নেহে উদ্ধৱক ধৰি ঐ বুলিলা আশ্বাস।
 এৰি চিন্তা চিত্ত থিৰ ঐ কৰা মহাশয়,
 তযুদুখ দেখি মোৰ ঐ নসহে হৃদয়।
 এবেসে জানিলা তুমি ঐ আমাৰ আশয়,

[ ৭১ ]

বংশক সংহৰি আমি ঐ চলিবো নিশ্চয়।
দ্বাৰকা নগৰ যাব ঐ সাগৰত তল,
মই গৈলে লোকত ঐমিলিবে-বিমঙ্গল।
পীড়ীবে দুৰ্ঘোৰ কলি ঐ গুচিবে আচাৰ,
অধৰ্মত ৰতি হৈব ঐ যতেক প্ৰজাৰ।
তুমি আমি দুয়ো গৈলে ঐ মিলিবে অনৰ্থ,
লুপ্ত হৈব জ্ঞান ইটো ঐ ভকতিৰ পথ।
অধৰ্মে পীডীবে যাইব ঐ লোক অধোগতি,
ভকতিক ৰাখি তুমি ঐ থাকিয়ো সম্প্ৰতি।
মোৰ উপদেশে সখি ঐ নছাৰিবা ভূমি,
শ্ৰৱন-কীৰ্ত্তন কৰি ঐ থাকিবাহা তুমি।

ভাঙনি ঘোষাঃ-

উদ্ধৱে কান্দিছে বাগৰি বাগৰি
 কৃষ্ণৰ দুই পাৱে ধৰি।
ভকত ভগৱন্ত দুয়োকে দহিছে
 আজি হব এৰা এৰি॥

পদঃ-

শোকে মক মকি কান্দন্ত বিকলে
 কতো চৰণত ধৰি,
সন্তাপতে আতি লোতকে তিয়াইল
 মাধৱৰ দুই ভৰি।
কৃষ্ণ উপদেশ জানিবা নিঃশেষ
 অদ্যপি পৰম জ্ঞান,

[ ৭২ ]

তথাপি কৃষ্ণক এৰিবে খোজন্ত
 যেন ফুটি যাই প্ৰাণ।
ভৃত্যৰ সন্তাপ দেখি কৃপাময়
 নয়ন ভৈল সজল,
উদ্ধৱক ধৰি প্ৰবোধ বোলন্ত
 তেজিয়ো আবে বিকল।
আমাৰ দুইখানি খৰম লৈ যাহা
 কৰা শোক পৰিহাৰ,
আকে সেৱা কৰি থাকা প্ৰাণসখি
 পালিয়া আজ্ঞা আমাৰ।
উঠা উঠা ঝাণ্টে ইটো দ্বাৰকাত
 তুমি নাথাকিবা ৰৈ,
কৃষ্ণৰ সুদৃঢ় আদেশ শুনিয়া
 উঠিল আকুল হুই।
দুখানি খৰম মাথাত বান্ধিয়া
 পুনু প্ৰণামিলা পৰি,
কৃতাঞ্জলি ধৰি পাছে পাছে ডৰি
 ধীৰে ধীৰে যান্ত লৰি॥

........

২৬। মূল ঘোষাঃ-

মাতৃৰ গৰ্ভতে নাৰদৰ কৃপাতে
 প্ৰহ্লাদে ঈশ্বৰক পালে।

[ ৭৩ ]

পাঁচ বছৰতে ভকতি কৰোতে
 দৈত্যৰাজে শাস্তি দিলে॥

পদঃ-

গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
 পাৰিবে লাগিলা গালি,
শুনৰোঅ অধম ব্ৰাহ্মণ শিশুক
 এহিসে পাঠ শিখাইলি।
ষণ্ডামৰ্কে বোলে আন নিশিকাও
 ইটো নপঢ়াও আমি,
তোমাৰ তনয়  স্বভাৱে বোলয়
 কোপ এৰাদৈত্যস্বামী।
হেন শুনি পাছে হিৰণ্য কশিপু
 শোধয় কথা পুত্ৰত,
গুৰু নিশিখাইল হেন অদভূত
 বাণী বোল কেনমত।
প্ৰহ্লাদে বোলন্ত শুনিয়োক তাত
 বিষয়ীৰনাহি গতি,
গুৰু উপদেশে আপোনাৰ হন্তে
 নোপজে কৃষ্ণত ৰতি।
আপুনি বিষয়ী হুয়া যিটোজনে
 বিষয়ীক গুৰু মানে,
যেন অন্ধলাক অন্ধে উপদেশ
 বিষ্ণুক সিটো নজানে।

[ ৭৪ ]

হেন শুনি পাছে  ক্ৰোধে দৈত্যৰাজ
 জ্বলি গৈল অহংকাৰী,
মাটিত লাগিয়া পুত্ৰক পেহলাইলা
 কোলাৰ পৰা আচাৰী।

ভাঙনি ঘোষাঃ-

প্ৰহ্লাদে ঈশ্বৰত ভকতি কৰিলে
 মানি ইটো শুদ্ধ পন্থা।
গুৰুকো তেজিলে পিতৃকো এৰিলে
 জানি কুল ধৰ্ম্ম মিছা॥

পদঃ-

ৰাক্ষস গণক ক্ৰোধে আদেশয়
 মাৰ পাপীষ্ঠক বেঢ়ি,
ভাতৃ বৈৰী বিষ্ণু তাকেসে সেৱয়
 আমাৰ সৌহাদ্য এৰি।
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
 ৰাক্ষস উঠিল ৰাগী,
হাতে ক্ষুৰ ধৰি খেখট্ কৰিয়া
 ধাইলা প্ৰহ্লাদক লাগি।
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
 দিলেক শূলৰ ঝাক,
বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে
 কটাক্ষো নকৰে তাক।

[ ৭৫ ]

বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্বাদে
 আছন্ত নিৰ্ভয় ভাৱে,
দেখি দৈত্যপতি মনত চিন্তয়
 শ্ৰুতি নাই তাৰ গাৱে।
আছোক মৰিব ভয় নোপজয়
 নেড়য় আক্ষৰ পাশ,
ইহাৰ বিৰুদ্ধে জানিলো অৱশ্যে
 মোহৰ হৈব বিনাশ।
জানি ঈশ্বৰক ধৰা সামাজিক
 তন্ত্ৰ মন্ত্ৰ পূজা এৰি,
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
 ডাকি বোলা হৰি হৰি॥

২৭।মূল ঘোষাঃ-

হৰি অংশে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ,
মানৱীৰূপত তুমি গুৰু জগতৰ।
মুক্তি মন্ত্ৰ হৰি নাম কৰিলা প্ৰচাৰ,
আজি শুভক্ষণে গুৰু সুঁৱৰো এবাৰ॥

পদঃ-

গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।
বান্ধ মাধৱৰ পদে কৰো নমস্কাৰ॥
লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।

[ ৭৬ ]

ৰাম নাম মহা ৰত্ন কৰিলা প্ৰচাৰ॥
শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ ভজন মালাভকতক দিলা॥
তিনি সন্ধ্যা গুৰু সেৱা কৰে যিটোজনে।
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥
সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।
গুৰুৱে কৰিবে পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাতহন্তে লভয় জনম।
আদ্যগুৰু পিতৃ সিটো পূজনী উত্তম।
আনো সৱ যত যত পূজনী আছয়।
সবাতো অধিক পিতা পূজনী হোৱয়॥
যিটোজনে ভকতি জ্ঞান দান কৰে।
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমন্ত নাৰাত্তম।
জগতত আন আৰু নাহি তাৰ সম॥

ভাঙণি ঘোষাঃ-

বৈকুণ্ঠৰ মূলমন্ত্ৰ ভাগৱত।
শঙ্কৰদেৱে দিলে আনি মাধৱক॥
হেনো ভাগৱতৰ ৰসেৰে।
ভকতক মোহিলে নামেৰে॥

[ ৭৭ ]

পদঃ-

বোলন্ত শুকে শুনা-নৃপবৰ্য্য।
বাঢ়য় ষ্কন্ধৰ যি-তাতপৰ্য্য॥
অ’ কৃষ্ণ বিনে নাই অপৰ দেৱ।
জানিয়া কৃষ্ণক কৰিয়ো সেৱ॥
যাহাৰ আছে পুণ্য অসংখ্যাত।
সিসে প্ৰাত কাণ কৃষ্ণ কথাত॥
অ' সেহিসে কৃষ্ণক বোলৈ আপোন।
শুনিয়ো কৃষ্ণ দেৱতাৰ গুণ॥
ভকতে যত লৱৈ গুণ নাম।
তাহাৰ মালা গান্থি অনুপাম॥
অ’ পিন্ধত্ব কণ্ঠত কৰি উৎসৱ।
হেনসে ভকত বন্ধু মাধৱ॥
যিজনে যায় হৰিনাম সেৱি।
পাছত ফুৰৈ যত দেৱ-দেৱী॥
অ’ যতেক তীৰ্থ তাক তুতি কৰৈ।
তাৰ বায়ু পাপ সমস্ত হৰৈ॥
যি জনে ফুৰৈ নাম উচ্চাৰি।
তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥
অ' বৎসক স্নেহে যেন ধেনু ধায়।
ভজিয়ো জানি হেন হৰি পায়॥
মহাপাপী আতি অধম জাতি।

[ ৭৮ ]

তাকে নামে কৰে পবিত্ৰ জাতি।
গ’ হেনসে নাম ধৰ্ম্ম শিৰোমণি,
পাপ অৰণ্যৰ যেন অগণি॥
হেনজানি তেজি বিষয় ধান্দা।
হৰিৰ নামক গালত বান্ধা।
ত’ কত পূণ্যে পাই মনুষ্য তনু,
ইহাক বিকল নকৰা পুন॥
মোহ নিদ্ৰা এৰি লোৱা চেতন।
কৃষ্ণৰ সেৱাত কৰা যতন।
অ' সত্বৰে কৰা পৰলোক কম,
ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥

২৮। মূল ঘোষাঃ-

ভাগৱত আছিলে বৈকুণ্ঠত।
ব্ৰহ্মায়ে পাই দিলে আনি নাৰদক॥
ব্যাসে পাই দিলে পুত্ৰ মুণি শুকক,
সাতো দিনে কৈলে ৰাজ পৰীক্ষীতক।

পদঃ-

শুনিয়োক সৰ্ব্বজন  কৃষ্ণতে অৰ্পিয়ো মন
 মহাভাগৱত কথা সাৰ,
ইসে পুৰাণৰ সূৰ্য্য  ভকতিৰ প্ৰকাশক
 সমস্ত শাস্ত্ৰৰো সাৰোদ্বাৰ॥

[ ৭৯ ]

শুনা আৰু তত্বভেদ কল্পতৰু ভৈলা বেদ
 তাৰ ফল মহাভাগৱত,
নাছিলেক সিঠা ছাল  নাছিলেক অতকাল
 স্বৰ্গ মৰ্ত্ত পাতাল মধ্যত॥
স্বাদত অমৃত ময়  কেৱলে আনন্দ ৰস
 পূৰ্ব্বত আছিল বৈকুণ্ঠত,
কৃষ্ণৰ কৃপাত পাছে  অৰ্দ্ধেক বয়স গৈলা
 পাইলা ব্ৰহ্মা পদ্ম কলপত॥
ব্ৰহ্মাই দিলা নাৰদক  ইটো ফল ৰহস্যক
 নাৰদে ব্যাসকআনি দিলা,
তিলেকো নগৈল ভাগি  ইডালে সিডালে লাগি
 শুক মুখে ভূমিত পৰিলা॥
কৰা পান ফল ইটো  যাৰ ভাগ্য আছে যিটো
 ৰস বিভাজনত চতুৰ,
সাধু সঙ্গ যত্ন কৰি  কৰ্ণে কৃষ্ণ কথা ভৰি
 সমস্ত আপদ কৰা দূৰ॥

ভাঙনি ঘোষাঃ-

পুৰাণৰ সূৰ্য্যশাস্ত্ৰ মহাভাগৱত।
সাধু সঙ্গ মূল মন্ত্ৰ আৰু ভক্তিতত্ব॥

পদঃ-

শুনিয়োক সবে সাধু সভাসদ জন,
কৃষ্ণৰ অভয় পদে লৈয়োক শৰণ।

[ ৮০ ]

গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত,
তেজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।
একমাত্ৰ মোতে তুমি লৈয়োক শৰণ,
নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।
এহি মানে কহিলন্ত গীতাৰ শকতি,
জানি সাধুজন যাৰ আছয় সুমতি।
লৈয়োক শৰণ এক ঈশ্বৰ কৃষ্ণৰ,
এহিমানে তাত পৰ্য্য সমস্তে শাস্ত্ৰৰ।
তৰ্ক বেদ বেদান্তৰোএহিমানে সীমা,
এবে শুনা ভাগৱতশাস্ত্ৰৰ মহিমা।
বৈকুণ্ঠৰ শাস্ত্ৰ যিটো মহাভাগৱত,
ব্যাস মহা ঋষি আক কহিছে মহত্ব।
আৰ অন্ত গৰ্ত পৰামাৰ্থ তত্ব যত,
মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত।
শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ,
ভকতিৰ আনন্দে আকুল যাৰ মন।
সিসি মহাজনে আৰ তত্বক পাৱয়,
চাৰিবেদ পুৰাণৰ এহিসে নিৰ্ণয়॥

.......

২৯। মূল ঘোষাঃ-

মন তই কি দেখি পাগল হলি,
মন তই ঈশ্বৰক পাহৰিলি।

[ ৮১ ]

পুত্ৰ ভাৰ্য্যা ধন;
তাতেই দিলি মন।
মন তই নিজেই নিজৰ নাশ চপাইললি॥

পদঃ-

মনে যিবা কৰে জীৱে বোলে মই কৰো।
মনৰ মৰণে জীৱে বোলে মই মৰো-মন
 ঈশ্বৰক পাহৰিলি॥
যেন সূৰ্য্য বিম্ব লৰে জলৰ লগত।
জল স্থিৰ ভৈলে বিম্ব হোৱে পূৰ্ববত - মন
 ঈশ্বৰক পাহৰিলি॥
মনৰ কৰ্ম্মক যিটো মোৰ বুলি আছে।
কৰ্ম্ম পথে বন্দী জীৱএহিসে নিদানে - মন
 ঈশ্বৰক পাহৰিলি॥
মনে পাপ মনে পূণ্য মনেসে নৰক।
মনেসে কৰিছে ভেদ আপোন পৰক - মন
 ঈশ্বৰক পাহৰিলি॥
যতেক ইন্দ্ৰিয়গণ মনৰ অধীন।
মনৰেসে আজ্ঞা পালি থাকে ৰাত্ৰি দিন - মন
 ঈশ্বৰক পাহৰিলি॥
মনে উপজয় জানা মনেসে মৰণ।
মনুষ্যৰ মন বন্ধ মোক্ষৰ কাৰণ - মন
 ঈশ্বৰক পাহৰিলি॥

[ ৮২ ]

ভাঙনি ঘোষাঃ-

যাৰ মনে লৈলে মাত্ৰ নামতে শৰণ।
হৈবে পূৰ্ণানন্দ হুয়া বিঘিনি বাৰণ॥

পদঃ-

মোৰ কথা শ্ৰৱন কীৰ্ত্তন বিনে আন,
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান।
মোৰ কথা শ্ৰৱনত কৰিবেক ৰতি,
আকেসে বুলিয় সখি উত্তম ভকতি।
এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সব কাম,
সুদৃঢ় বিশ্বাসে সখি স্মৰা মোৰ নাম।
ইটো কৃষ্ণ নামতে সমস্তে আছে গুণ,
হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন।
যদ্যপি অক্ষৰ দুই দেখা কৃষ্ণ নাম,
তথাপি ত্ৰৈলোক্য নাহি ইহাৰ সমান।
যতেক পাতেক আছে ব্ৰহ্মাণ্ড ভিতৰে,
সবাকো কৰিব পাৰে ভষ্ম একবাৰে।
হেন জানি সমস্ত ধৰ্ম্মকে পৰিহৰি,
তৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি।
কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি,
বোলা হৰি হৰি পাপ যাউক অধোগতি॥

........

[ ৮৩ ]

৩০। মূল ঘোষাঃ-

আই মোক কেলৈ জনম দিলা।
আই মোক নদীতে উটাই দিলা।
সুতপুত্ৰ বুলি কৰ্ণ সমাজে তেজিলা;
আইৰ হৃদয়ে বাৰু কেনেকৈ সহিলা - মোৰ
আই অ', বুকুৰ বেদনা মোৰ নুবুজিলা॥

পদঃ-

কৰ্ণে বোলে ৰাজ মাতা নুবুলিবা আৰ,
যিবেলা জন্মিলে মই গৰ্ভত তোমাৰ - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।
সিবেলা নুতুলি মোক ধৰ্ম্ম পথ চাই,
মাৰিবেক মনে মোক দিলে উটুৱাই - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।
কন্যা হুয়া নুগুনিলা কৰিলাহা পাপ,
আগে মোক তেজি পাছে কৰাহা বিলাপ - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।
মাতৃ হুয়া নুগুনিলা নিদাৰুণী ভৈলা,
শত্ৰুৰ পুত্ৰক যেন গঙ্গাত পেলাইলা - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।
স্বামী গৃহে যাইবে ভাৱি নুগুনি মনত,
তেবে মোৰ কুযশ ৰাখিলা জগতত - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।

[ ৮৪ ]

কুন্তীয়ে কৰ্ণক বুলিলেক যত মানে,
তাকে শুনি মনে গুণি বুলিলাক কৰ্ণে - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা।
দুহান্তৰ বাক্য কৰ্ণে অনেক গুণিলা,
নিজ সত্য হন্তে অনুমাত্ৰ নলবিলা - আই
 বুকুৰ বেদনা মোৰ নুবুজিলা॥

ভাঙনি ঘোষাঃ-

বিধিৰ বিধানে ভীক্ষা পাত্ৰ হাতে লৈ।
পুত্ৰক মাগিলে ভীক্ষা কুন্তী মাৱে গৈ॥

পদঃ-

তযু গৃহে ক্ষত্ৰিয় কুলত জাত ভৈলো,
তোমাৰ নিমিত্তে মই জাতি হেৰুৱাইলো॥
বৈশ্য জাতি ভৈলো অধিৰথ পিতৃ যাৰ,
জাত ধৰ্ম্ম নাম কৰ্ম্ম কৰিলো আমাৰ।
মাতৃয়ে তেজিলে শত্ৰু তুলিলেক পাই,
পিতৃ মাতৃ অনুবন্ধ তাসম্বাৰ ঠাই।
এবে চিনা দিয়া আপোনাৰ হিত মানি,
জানো কৰ্ণে মাৰে মোৰ পুত্ৰ পাঞ্চখানি।
কেেশ্বৰে কৰিয়া স্বজিলে বিধাতাই,
এতকাল বহি গৈলা নাহি বন্ধু ভাই।
আকাশতে ৰহিয়া দেখিলা দিবাকৰে,
জানো কৰ্ণে জননীৰ বচন নামানে।

[ ৮৫ ]

এহি মনে গুণি শীঘ্ৰে বেগে লৰি গৈলা,
কৰ্ণৰ আগত সুৰ্য্য উপস্থিত ভৈলা।
পিতা পুত্ৰ আলাপনে হৈব মনস্কাম,
সামাজিক লোকে ডাকি বোলা ৰাম ৰাম॥

৩১। মূল ঘোষাঃ-

ৰাম নাম ভকতৰ গলৰ মণি;
হৰি নাম পাতকৰ জলন অগ্নি।
অ’ কৃষ্ণ নাম মুকুতিৰ মধ্যমণি,
হয় যদি এক একশৰণ তত্ব জানি॥

পদঃ-

মোৰ কথা শ্ৰৱন কীৰ্ত্তন বিনে আন,
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান,
অ' মোৰ কথা শ্ৰৱনত কৰিবেক ৰতি
আকেসে বুলিয় সখি উত্তম ভকতি।
এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সৱ কাম,
সুদৃঢ় বিশ্বাসে স্মৰা মোৰ কৃষ্ণ নাম,
ইটো কৃষ্ণ নামতে সমস্তে আছে গুণ
হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন।
কৃষ্ণ কৃষ্ণ উচ্চ নবজে দেব আন,
শুনিয়োক সখি তাক কৰো যেন মান,
অ’ মনে মনে কৃষ্ণ বোলে যদি বা বেকত,

[ ৮৬ ]

তথাপি সদায়ে ভ্ৰমো তাহাৰ লগত।
কৃষ্ণ নাম সমস্তে নামতে শ্ৰেষ্ঠতৰ,
হুয়া এক শৰণ আমাত যিটো নৰ,
অ’ হেন জানি সমস্ত ধৰ্ম্মক পৰিহৰি
তৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি।
হাঁ কৃষ্ণ কৃষ্ণ বুলি স্মৰৈ প্ৰেম ভৱে,
তাৰ পাছে ফুৰো চক্ৰ ধৰি ভূমি পাবে,
অ’ ভকতিৰ আনন্দত আকুল হৃদয়
সিজনত গৈলো জানা আপুনি বিক্ৰয়।
বেদৰো পৰম তত্ব কহিলোহো বাচি,
একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী,
অ’ মোৰ অংশে নৰ তুমি, নাৰায়ণ মই,
জীৱ পৰমাত্মা ভেদে কহিলো নিশ্চয়।

ভাঙণি ঘোষাঃ-

 অ' হৰি অ' ৰাম নাৰায়ণ....
 (খৰ চাপিৰি) ৰাম হৰি অ অ অ ... ৰাম নাৰায়ণ।

পদঃ-

 সংসাৰত নাহি মোৰ নামক উপাম,
 সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।
 অ’ মহাযাগ যোগ আদি নুহিকে সমান,
 তাহাৰো অধিক এক নামেসে প্ৰধান।
 যিটো জপ যজ্ঞ সৰ্ব্ব ধৰ্ম্মত উত্তম,

[ ৮৭ ]

লক্ষভাগো নুহি জানা মোৰ নাম সম।
অ’ সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,
নামৰ সমান সিটো কোটি বাগো নয়॥
মোৰ নাম লৱে যেবে বাঢ়য় অগনি,
শুখান পাতেক বন লাগৈ তাতে চানি।
অ’ হওঁ অনুকুলে মই প্ৰচণ্ড বতাস,
তিলেকো নালাগে দহি কৰো সৰ্ব্বনাশ॥
সৰ্ব্ব ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত,
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত।
অ’ নকৰিবা ভয় হেৰা কৰো অঙ্গিকাৰ,
সমস্ত পাপতে মই কৰিবো নিস্তাৰ॥
নামৰ মহিমা কোনে কৰিবেক সীমা,
ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা।
অ’ হেন জানি বোধজন এৰি আন কাম,
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥

৩২। মূল ঘোষাঃ-

 হনুমন্ত জাম্বৱন্ত আৰু বিভিষণে,
 উদ্ধৱ বিদুৰ মৈত্ৰ আদি ভক্ত গণে।
 সৰ্ব্ব ত্যাগ কৰি ভৈলা ঈশ্বৰৰ দাস,
 কলিৰো ভকতে জানো নোৱাৰিবে তাক॥

[ ৮৮ ]

পদঃ-

কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি,
শুনা সাবধানে তাক থিৰ কৰি মতি।
বিষ্ণু ভকতৰ সঙ্গ লৈবে প্ৰথমত,
গুৰু মানি শুশ্ৰষা কৰিবে ভালমত॥
লৈব উপদেশ মাধৱক আৰাধিব,
যতেক সুকৃতিমানে কৃষ্ণতে অপিব।
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ কৃষ্ণ সমস্তে ভূতত॥
হেনজানি প্ৰাণাধিক কৰিবে সতকাৰ,
তেবেসে কৃষ্ণত ৰতি বাঢ়িব তোমাৰ।
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈবে মন,
সৰ্ব্বদায়ে কৰিব কৃষ্ণৰ কীৰ্ত্তন।।
কৃষ্ণ কথা শ্ৰৱণত নাহিকে প্ৰয়াস,
আপুনি লৈৱন্ত হৰি হৃদয়ত বাস।
আপুনি ঈশ্বৰ সাক্ষী কৃষ্ণ কৃপাময়,
তাঙ্ক এৰি সামান্যক সেৱে দুৰাশয়॥
ধন জন প্ৰাণ পুত্ৰ সবে পৰিবাৰ,
সমস্তে অবন্ত অনুমাত্ৰ নুহি সাৰ॥
হেন অনুমানি মাধৱতে কৰা ৰতি,
কৃষ্ণ গুণ নামে ইহ পৰলোক গতি॥

[ ৮৯ ]

ভাঙনি ঘোষাঃ-

সবে কৰ্ম্ম-জ্ঞান অৰ্পে যিটো ঈশ্বৰত।
সেহিসে বৈৰাগ্য আৰু উত্তম ভকত॥
পদঃ- নিত্য নৈমিত্তিক কৰ্ম্ম কৰয় শ্ৰদ্ধায়,
মই কৰ্ম্ম কৰো বুলি অভিমান নাই।
নিস্কামে কৰিয়ো কৰ্ম্ম কৰি ফলত্যাগ,
সেহি সত্বগুণ কৰ্ম্ম জানা মহাভাগ।
বেদে যাক নিষেধিছে সেহিটো কৰ্ম্ম।
বেদৰ ৰহিত যত সেহিসে বিকৰ্ম্ম,
জানি ঈশ্বৰৰ অৰ্থে কৰিয়োক কৰ্ম্ম।
প্ৰায়চিত্ত তপ জপ তীৰ্থ যজ্ঞ দান,
এতেকে প্ৰকাৰে অকৰ্মীত নাহি ত্ৰাণ।
বিকৰ্ম্মী গৰ্হিত কৰ্ম্ম কৰে গুৰুত্বৰ,
অকৰ্ম্মীত কৰি বিকৰ্ম্মীসে ভদ্ৰতৰ।
প্ৰায়চিত্ত জানিবাহা বিকৰ্ম্মীক লাগি,
কৰি প্ৰায়চিত্ত পাচে হোৱে পুণ্যভাগি।
বেদৰ পৰমতত্ব কহিলোহো বাচি,
একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী।
মোৰ অংশে নৰ তুমি নাৰায়ণ মই,
জীৱ পৰমাত্মা ভেদে কহিলো নিশ্চয়।

...........

[ ৯০ ]

৩৩। মূল ঘোষাঃ-

প্ৰচাৰিয়া বেদ শাস্ত্ৰ ওঠৰ পুৰাণ,
নাহি শাস্ত চিত্ত ভৈল পৰাশ-নন্দন।
নাৰদৰ উপদেশে লিখি ভাগৱত।
কলিৰ প্ৰজাক দিলে মুকুতিৰ পথ॥
পদঃ- নাৰদ বদতি শুনা মহামুণি ব্যাস,
তুমিসে কৰিলা সবে জগতকে নাশ।
নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ,
নাহি মন্দ কৰ্ম্ম আৰ ইহাৰ সমান॥
আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম,
নুবুজিলা তুমিও বেদৰ তত্ব মৰ্ম্ম।
গৰিহিত কৰ্ম্মকো কহিলা ধৰ্ম্ম বুলি,
তোমাৰ বচনে লোক নাশিল সমূলি॥
স্বভাৱে লম্পট বিষয়ত অনুৰাগ,
স্বৰ্গ পাইবো বুলি ৰঙ্গে কাটে হংস ছাগ।
কৰে নানা বিহংসা ধৰ্ম্ম নানা দেৱ পুজে,
পূণ্য ক্ষয় ভৈলে পুনু নৰকত মজে॥
প্ৰকটি কহিলা তুমি আনসে ধৰ্ম্মক,
নকৈলা প্ৰখ্যাত বাৰি কৃষ্ণ কীৰ্ত্তনক॥
সিজিল তোমাত স্বষি পৰম অন্যায়,
নাহি সুস্থ চিত্ত তৱ সেহি অভিপ্ৰায়॥

[ ৯১ ]

মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ,
প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ।
শ্ৰৱণ কীৰ্ত্তন মাত্ৰ কৰোক নিশেষ,
দুৰ হৌক তোমাৰ মনৰ মহাক্লেশ॥

ভাঙনি ঘোষাঃ-

ব্যাস নামে অৱতাৰ পৰাশ নন্দন,
দিলা ভকতিৰ পথ শ্ৰৱণ কীৰ্ত্তন॥

পদঃ-

যদ্যপি ভকতি নৱবিধ মাধৱৰ,
শ্ৰৱণ কীৰ্ত্তন তাতো মহা শ্ৰেষ্টতৰ।
অৰ্চ্চন বন্দন ধ্যান সমস্ততে কৰি,
যশ কীৰ্ত্তনত আতি তুষ্ট হোন্ত হৰি।
যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ,
উচ্ছিষ্ট গতৰ্ত কৰি সিটো অপবিত্ৰ।
কাক তুল্য কামী পুৰুষৰ তাত ৰতি,
ভকতৰ নাই তাত অৰ্ভিলাষ মতি।
যিটো বাক্যে আছে গুণনাম মাধৱৰ,
সিটো বাক্যে হৰে পাপ জন সমূহৰ।
ভকতি বিহীন জ্ঞান কৰ্ম্ম সবে ব্যৰ্থ,
কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।
আৱে অনাদষি জ্ঞান স্বধৰ্ম্ম নিশেষ,
কেৱলো দিয়োক ভকতিৰ উপদেশ।

[ ৯২ ]

স্বধৰ্ম্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি,
তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি॥

...............

৩৪৷ মূল ঘোষাঃ-

ব্ৰহ্মাৰ বাঞ্চনি দুৰ্ল্লভ মানৱী
 ভাৰতে নকৰা ব্যৰ্থা।
ভকতৰ সঙ্গে যতন কৰিয়া
 শুনা সদা হৰি কথা॥

পদঃ-

উদ্ভৱক প্ৰতি মাধৱে বোলন্ত
 শুনিয়োক মহাশয়,
পৰম দুৰ্লভ নৰতনু-নৌকা
 সুলভে পায়া আছয়।
বিনাশী যদ্যপি সাধয় তথাপি
 পুৰুষাৰ্থ সমস্তক,
নতু পৰে যাৱে শীঘ্ৰে যত্ন তাৱে
 কৰোক মোক্ষ-সুখক।
উদ্ধৱৰ আগে মাধৱে বোলন্ত
 আতি শ্ৰেষ্ঠ নৰতনু,
দেৱৰ বাঞ্চনি পৰম দুৰ্লভ
 নাপায় জানা আক পুনু।
হেন নৰতনু পায়া ভাৰতত
 নকৰি আমাত ৰতি,

[ ৯৩ ]

পৰম দুৰ্ঘোৰ  নৰকত পৰি
 ভূজ্ঞয় ঘোৰ দুৰ্গতি।
ভাৰতে দুৰ্ল্লভ  নৰ-দেহা পায়া
 কেশৱক নুসুমৰে,
সিটো জ্ঞানশূণ্য  অজ্ঞান পৰম
 মূৰ্খ নাহি তাত পৰে।

ভাঙনি ঘোষাঃ-

 অ' হৰি অ' অ' ৰাম নাৰায়ণ...
 ৰাম হৰি অ' অ' ৰাম নাৰায়ণ... (খৰ চাপৰি)

নৰ দেহা বিনে  জ্ঞান ভক্তি দুইকো
 সাধিবাক নাপাৰয়,
এতেকে নাৰকী  স্বৰ্গীয়ো ইহাক
 সদায় বাঞ্চা কৰয়।
আত্মা অন্তৰ্যামী  আনন্দ স্বৰূপ
 পাৱয় মোক সাক্ষাত,
এতেকে পৰম শ্ৰেষ্ঠ নৰতনু
 কহিলো মই তোমাত।
মুকুতিৰ ইটো মেলান দুৱাৰ
 ভাৰতে নৰ শৰীৰ,
হেন দেহা পায়া গৃহে কৰি ৰতি
 নকৰি সেৱা হৰিৰ।
বিষয় ভোগাদি  কৰিবে সমৰ্থ
 হোৱয় সিটোসকল,

[ ৯৪ ]

এতেকে কৃষ্ণৰ সেৱায়েসে মাত্ৰ
 মনুষ্য-দেহৰ ফল।
জ্ঞান-বিজ্ঞানক সাধয় শৰীৰ
 ভাৰত-ভূমিক পাই,
কৃষ্ণৰ চৰণ  সেৱা কৰিবাক
 যহোৰ যতন নাই॥
আন পৰিহৰি  লৈয়ো যত্ন
 সাধু সঙ্গ অবিশ্ৰাম
শুচিবে দুৰ্গতি  মিলিবে মুকুতি
 বোলা সদা ৰাম ৰাম।

.........

৩৫। মুল ঘোষাঃ-
 প্ৰকৃতি মহত্ব অহংকাৰ বুদ্ধি মন,
 বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ।
 সবাকো অৰ্পন যিটো কৰে ঈশ্বৰত,
 লিঙ্গদেহ এৰি পাৱে স্থান বৈকুণ্ঠ॥
পদঃ-
 মুকুতি মিলিবে ভকতিৰ প্ৰসাদত,
 লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত।
 যেন প্ৰাণী অন্ন পান বুজ্ঞে যত যত,
 উদৰৰ বহ্নি জিৰ্ণ কৰয় সমস্ত॥
 সেহিমতে ভকতিয়ে লিঙ্গ জীৰ্ণ কৰে,

[ ৯৫ ]

বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে।
হেন জানি ভকতিক দৃঢ় কৰা সাৰ,
ভকতিত পৰে সংসাৰত নাহি আৰ॥
এক বাসুদেৱতে সে কৰিব ভকতি,
নকৰিব আন একো দেৱতাতো ৰতি।
বকতি পন্থত এক দেৱ নাৰায়ণ,
শুনা সাৱধানে এক থিৰ কৰি মন॥
সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে,
ধৰা তিনি মূৰ্ত্তি এক পুৰুষ আপোনে।
ৰজো গুণে ব্ৰহ্মা হৈয়া স্ৰজে চৰাচৰ,
সত্ব গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ॥
তমো গুণে ৰুদ্ৰ হুয়া সৃষ্টি সংহৰন্ত,
তিনি গুণে তিনি ৰূপে একে ভগৱন্ত।
মদ্যপি ভজনি হোৱে তিনিও ঈশ্বৰ,
তথাপিতো বিষ্ণুতেসে সিদ্ধি মনুষ্যৰ।

ভাঙনি ঘোষাঃ—

প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥

পদঃ—

সমস্তে দেৱক পূজা কৰিলেক আতি,
পৃথকে পূজিলে কেহো নহন্ত তৃপিতি।
বৃক্ষৰ মূলত যেন দিলে আনি জল,

[ ৯৬ ]

হোৱয় তৃপিতি ডাল-পুষ্প-পত্ৰ-ফল।
মূল এৰি জল যদি সিঞ্চে পত্ৰ ভালে,
কদাচিতো তৃপিতি নুহিকে একো কালে।
পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট,
মিলে মহা সুখ অতি হোৱে হৃষ্ট পুষ্ট।
ক্ষুধাতুৰ প্ৰাণী যদি নকৰে ভোজন,
পিন্ধে গন্ধ চন্দযদি নানান ভূষণ।
একো ইন্দ্ৰিয়ৰ তাত তুষ্ট নাহি হয়,
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে ইন্দ্ৰচয়।
সেহিমতে অচ্যুতক যিজনে পূজয়,
সমস্তে দেৱক পূজিলেক অতিশয়।
কৃষ্ণৰ কীৰ্ত্তনে কৰে মনক নিৰ্ম্মল,
বোলা ৰাম ৰাম হৌক জন্মৰ সাফল॥

..........

৩৬। মূল ঘোষাঃ-
 জীৱন ভৰা সুঁতি  নাপাওঁ লগি মাৰি
 কেনেকৈ পাৰে হৈ যাওঁ।
 দুনাৱে দুভৰি  নিদিবি মনাই ঐ
 মাজতে ডুবিব নাওঁ॥

পদঃ-

 মিনতি বচন বোলো সৰ্ব্বজন
 শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম,

[ ৯৭ ]

আপোন কুশল  চোৱা যেবে তেবে
 নেৰিবাহা যুগ ধৰ্ম্ম।
সত্য যুগে ধ্যান  ত্ৰেতা যুগে যজ্ঞ
 দ্বাপৰ যুগত পূজা,
কলিত হৰিৰ  কীৰ্ত্তন বিনাই
 নাহিকে আৱৰ দুজা।
কলিত হৰিৰ  কীৰ্ত্তন বিনাই
 অন্যত ধৰ্ম্ম আচৰে,
মিছাতে কেৱলে  শ্ৰম মাত্ৰ পাৱে
 একোৱে ফল নধৰে।
কলিত হৰিৰ  কীৰ্ত্তন বিনাই
 আনমতে চাহে গতি,
যেন কুল বধু  নিজ স্বামীতেজি
 ভজে গৈয়া উপপতি।
সংসাৰ তৰিতে ইচ্ছা আছে যাৰ
 কৰিয়ো হৰি কীৰ্ত্তন,
পমম নিৰ্ম্মল গতি পাইবা সুখে
 ছিণ্ডিয়া কৰ্ম্ম বন্ধন।
সকলে নিগম কল্পতৰু তাৰ
 ফল মহাভাগৱত,
ইটো ফল ৰস  হৰি নাম যশ
 পিয়োক সাধু সঙ্গত।

[ ৯৮ ]

পৰম কৃপালু  শ্ৰীমন্ত শঙ্কৰে
 লোকক কৰিয়া দয়া,
পৰম নিৰ্ম্নল ভকতি প্ৰকাশ
 কৰিল শাস্ত্ৰক চায়া॥

ভাঙনি ঘোষাঃ-

অ' হৰি অ অ ... ৰাম নাৰায়ণ ...
ৰাম হৰি অ’অ’, অ' হৰি, ৰাম নাৰায়ণ..

পদঃ-

এৰি আন মন  চিন্তিয়ো চৰণ
 জানি সবে আন মিছা,
নুখুজিলে তাক  কৰোহো কল্যাণ
 যদি নকৰয় ইচ্ছা।
শ্ৰদ্ধাভাৱে ভজে  আন দেৱ পূজে
 সিয়ো পুজা হোৱে মোৰে,
যত দেৱ পুনু  সবে মোৰ তনু
 কিন্তু বিধি এৰি কৰে।
যত চৰাচৰ সমস্তে ঈশ্বৰ
 ঈশ্বৰত নাহি বিনে,
আন দেৱ ৰূপে  মোক্ষক নেদিওঁ
 বিধিহীন সি কাৰণে।
ঈশ্বৰ নৈবেদ্য  আন দেৱ পূজে
 নিষ্টে কহোঁ মহাবল,

[ ৯৯ ]

পূজাও নোহয়  ব্যৰ্থে কষ্ট যায়
 নপাৱে একো সুফল।
যত চৰাচৰ  আশ্ৰয় ঈশ্বৰ
 সাক্ষীৰূপে হৈয়াৰ্থিত,
ঈশ্বৰত বিনা  সকলোৱে মিছা
 সবে মান বিনাশিত।
মোৰ স্বৰূপ  নজানয় তত্ব
 মোহে বুদ্ধি ভৈলা হত,
নানা কৰ্ম্ম মজি  ক্ষুদ্ৰদেৱপূজি
 এতেকে পৰে অধত।
শুনা সৰ্ব্বজন কৃষ্ণৰ চৰণ
 কলিযুগ ধৰ্ম্ম দেখা,
নামৰ সমান  ধৰ্ম্ম নাহি আন,
 আৰ কৰ্ম্ম কেনে লিখা॥

.........

৩৭। মূল ঘোষাঃ-
 আত্ম তত্ব জানিলে যি বোলয় বৈষ্ণৱ।
 বৈৰাগ্য ঘটিল যাৰ হোৱয় ভকত।
 বৈষ্ণৱে জানিলে যাক, মানিলে ভকত।
 জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥

[ ১০০ ]

পদঃ-
 ভকতৰ কোন ধৰ্ম্ম কিবা প্ৰবৰ্ত্তন,
 কোনবা স্বভাৰ ভক্তে কিবোলে বচন।
 হৰিক মনত স্মৰি বোলন্ত ৰজাক,
 ভকতৰ যিবা ধৰ্ম্ম শুনা কহোঁ তাক॥
 ঈশ্বৰক দেখে যিটো সমস্ত প্ৰাণীত,
 প্ৰাণী সমস্ততো দেখে ঈশ্বব মূৰ্ত্তিক।
 সমস্ত ঐশ্বয্য ব্যাপি আছে জগতত,
 হেন যিটো দেখে সিটো মহাভাগৱত॥
 শুনা সাৱধানে আৱে ঈক্ষাকু নন্দন,
 কহোঁ আৰু মহাভাগৱতৰ লক্ষণ।
 সৰ্ব্ব হৃদয়তে আছে কৃষ্ণৰ মূৰুতি,
 পৰম ভকতে তাত নিতে কৰে ৰতি॥
 কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়,
 দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়।
 নকৰে আক্ৰোশ দ্বেষ নুহিকে মনত,
 সেহিজন জানিবা উত্তম ভাগৱত॥
 একান্ত কৰয় প্ৰেম যিটো ঈশ্বৰত,
 মৈত্ৰতা আচৰে হৰি সবে ভকতত।
 অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত,
 সেহিজন জানিবা মধ্যম ভাগৱত॥
 নুপুজে ভক্তক মান্য নকৰে প্ৰাণীক,

[ ১০১ ]

 এক মাত্ৰ প্ৰতিমাত আৰাধৈ হৰিক।
 সেহিজন জানিবাহা প্ৰাকৃত ভকত,
 আৰূহ হৈ আছে তেহোঁ ভক্তিৰ পথত॥
ভাঙণি ঘোষাঃ-
 বৈষ্ণৱে জানিলে যাক মানিলে ভকত।
 জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥
পদঃ-
 তযু পদ স্মৰণে মনৰ মল হৰে,
 পাদোদক গঙ্গায়ে বাহিৰ শুদ্ধি কৰে।
 এহি দুই তীৰ্থ সেৱি মহন্ত সকল,
 বাহিৰে ভিতৰে হোৱে পৰম নিৰ্ম্মল।
 এতেকে ভূতক দয়া কৰে নিৰন্তৰ,
 লোভ মোহ কাম ক্ৰোধ গুচিলে মনৰ।
 হেন ভকতৰ সঙ্গ কৰিয়োক দান,
 আমাক তোমাৰ অনুগ্ৰহ এহিমান।
 জন্মে জন্মে হৌক তযু সঙ্গ ভকতৰ,
 মিলোক প্ৰসঙ্গ প্ৰভূ দিয়ো ওহি বৰ।
 বুলিলা তোমাৰ সঙ্গ নুখুজিলো কিক,
 ভকতসৱৰ সঙ্গ তোমাত অধিক।
 যথাত থাকন্ত তযু একান্ত ভকত,
 তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।
 ইটো কথামৃত পান কৰে যিটো জন,

[ ১০২ ]

 গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱেমন।
 হেনয় মহন্তসৱ থাকন্ত যথাত,
 থাকা তুমি নাৰায়ণ সাক্ষাত তথাত॥
৩৮। মূল ঘোষাঃ-
 আত্ম-তত্ব জানে যিটো সহিসে বৈষ্ণৱ,
 আত্ম দৰ্শন নাহি যাৰ নুহিকে ভকত।
 লিঙ্গদেহ নদহিলে নহয় মুক্তি জীৱ,
 ভকতৰ সঙ্গ পাইলে জীৱ হৈব শিৱ॥
পদঃ-
 আত্ম জ্ঞানী গণো হোৱৈ মায়ায়ে মুহিত,
 জানি মোৰ সেৱাত একান্তে দিয়ো চিত।
 নকৰিবা সেৱা সখি আন দেৱতাৰ,
 নুহি যেন আমাৰ ভকতি ব্যভিচাৰ॥
 ভকতৰ সঙ্গ সখি লৈব প্ৰথমত,
 শ্ৰৱণ কীৰ্ত্তন মোৰ কৰিব যতত।
 দেৱতো তীৰ্থতো কৰি ভকতেহে বৰ,
 ভকতক ভজিলে গুচয় কৰ্ম্মজড়॥
 ভকতি বিহীন জ্ঞান কৰ্ম্ম সবে ব্যৰ্থ,
 কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।
 মই বিনে ভকতে নিচিন্তে কিছু জান,
 ভকতত পৰে মই নজানোহো আন॥

[ ১০৩ ]

 মই ভকতৰ হৃদি জানিবা নিশ্চয়,
 ভকতজনৰ মই জানিবা হৃদয়।
 মুকুতি মিলিবে ভকতিৰ প্ৰসাদত,
 লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥
 যেন প্ৰাণী অন্ন পান ভূঞ্জে যত যত,
 উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত।
 সেহিমতে ভকতিয়ো লিঙ্গ জীৰ্ণ কৰে,
 বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥
 হেন জানি সাধূজন এৰি আন কাম,
 ভকতৰ সঙ্গে পাতা নামৰ দোকান।
 হেন মোক বিচাৰিয়ো ভকতৰ সঙ্গত,
 জ্ঞান বিজ্ঞান তেবে হৈবেক বেকত॥
ভাঙনি ঘোষাঃ-
 জীৱই কৰিলে ভক্তি মিলিবে মুকুতি।
 সৰ্ব্ব শাস্ত্ৰে কহে মাত্ৰ এহিসে সুগুতি॥
পদঃ-
 কৰৈ মোত ভকতি যদ্যপি দুষ্ট চিত্ত,
 দহৱৈ পাতেক তাৰ তথাপি ত্বৰিতে।
 একোৱে নৰাখৈ পাপ পূণ্য যত আছে,
 যেন মহা বহ্নি কেঞ্চা শুখান নৰাছে।
 আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মত্তি,
 মহা দুৰাচাৰো কৰৈ আক্ষাত ভকতি।

[ ১০৪ ]

 সেহিসে পৰম সাধু জানা মহাশয়,
 যিহেতু আমাক মাত্ৰ কৰিল নিশ্চয়।
 এতেকে নোছোৱৈ পাপে পূণ্য কলেৱৰ,
 পৰম মুক্তিৰ পাত্ৰ হোৱৈ সিটো নৰ।
 কুতৰ্কী পণ্ডিতে যেবে নমানে ইহাক,
 তোল কোবাই উৰ্দ্ধবাহু খণ্ডা তাৰ বাক।
 দুৰাচাৰো তৰৈ আত ইটো কোন চিত্ৰ,
 চণ্ডলিকো কৰৈ মোৰ ভকতি পবিত্ৰ।
 চাৰিয়ো বেদৰ তত্ব কৰিয়া নিশ্চয়,
 অৰ্জুনতো গীতাত কহিছা কৃপাময়।
 তপ জপ পৰম সন্যাস মহাদানে,
 নপাৱে আমাক সাঙ্খ্যযোগ তত্ব জ্ঞানে।
 কেৱলে ভকতি মাত্ৰ মোক কৰৈ ৰশ্য
 কহিলো উদ্ধৱ ইটো তোমাত ৰহস্য॥

............


৩৯। মূল ঘোষাঃ-
 ভাগৱত পুৰাণ মথি,
 বেদৰে তত্বক আকি
 শঙ্কৰদেৱে লিখে কীৰ্ত্তন ঘোষা॥
 গীতা উপনিষদ মথি,
 গুৰুৰো মহাত্ম্য আনি,
 মাধৱদেৱে লিখে নামঘোষা।
 ঐ ৰাম গুৰু জনাক নকৰিবা হেলা॥

[ ১০৫ ]

পদঃ-

শঙ্কৰেসে শুদ্দমত  ঈশ্বৰ ভকতি তত্ব
 প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি,
ইহাক নজানি মূঢ়ে  জীৱীকাৰ অৰ্থে ফুৰে
 আপোনাক মহত্ব বখানি।
শঙ্কৰে সংশয় ছেদি  শাস্ত্ৰৰ তত্বক ভেদি
 প্ৰচাৰিল কৃষ্ণৰ ভকতি,
তাঙ্ক এৰি কিকাৰণে  আনক বোলয় গুৰু
 কিনো লোক মহা মূঢ়মতি।
নজানে শাস্ত্ৰৰ নয়  যোহি আহে তাকে কয়
 ছেদিবাক নপাৰে সংশয়,
তথাপিতো গুৰু বোলাই  লোকৰ মাজত ফুৰে
 মান্য সতকাৰ খুজি লয়।
আগম নিগম তৰ্ক  পুৰাণ ভাৰত যত
 ইতিহাস তন্ত্ৰ মন্ত্ৰচয়,
হে হৰি তোমাকেসে  খেলাৱে কেৱা বদ
 তোমাৰ মহিমা নজানয়।
ঐশ্চয্য ভোগৰ মদে  মত্ত হুয়া ঈশ্বৰত
 পৰামুখ ভৈল সিটো জন,
যেন জীৰ্ণ পাই সিটো  দুৰ্ঘোৰ সংসাৰ মহা
 পঙ্কে পৰি হোৱয় মগন।
হৰি নাম ধ্বজ কৰি  বেদ পথ পৰিহৰি
 ফুৰে আতি পাষণ্ড সকল,

[ ১০৬ ]

ইহ পৰলোকে ভ্ৰষ্ট  হুয়া পেট পুষি মাত্ৰ
 ফুৰে আতি পৰম নিস্ফল।

ভাঙনি ঘোষাঃ-
 শঙ্কৰদেৱ কিনো তোমাৰ লীলা।
 নাম দৰ্ম্মৰ মহিমাৰে সবাকো মূহিলা।
পদঃ- জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়,
 সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।
 সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,
 ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত।
 পূব দিশে নিৰ্ম্মিলা এক নামঘৰ,
 মণিকুট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
 দক্ষিণে শিলিখা বৃক্ষ হালিয়া আছয়,
 তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।
 উত্তৰে আকাশী গঙ্গা ভক্তি সৰুবৰ,
 মধ্যমৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।
 চাৰিফালে চাৰি হাটি মহাভক্ত গণ,
 চৌধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন।
 সেহি স্থানে নিজগুৰু কৰিলন্ত বাস,
 কহয় পুৰুষোতম দাসৰো দাস।
 লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,
 তাহাৰ চৰণে কৰো কৌটি নমস্কাৰ।

..........

[ ১০৭ ]

৪০। মুল ঘোষাঃ-
 আহিনৰ শুক্ল পক্ষ দশমী তিথিত,
 শঙ্কৰ স্বৰূপে হৰি জন্ম ধৰণীত।
 অজ্ঞান আন্দাৰ ঠেলি বিলালে পোহৰ,
 হেন হৰি আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ॥
 পদঃ- মাতৃ সত্য সন্ধ্যা দেৱী পিতা কুসুম্বৰ,
 তান পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।
 এক দিনা দৈব যোগে সত্য সন্ধ্যা মাতৃ
 অদভুত এক স্বপ্ন দেখে শেষ ৰাতি॥
 শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি,
 গৰুড়ৰ স্কন্ধে চৰি আসিয়া মুৰাৰী।
 মোক মাৱ দিয়া স্থান বুলিলা বচন,
 গৰুড় স্কন্ধৰ পৰা নামি নাৰায়ণ॥
 অভ্যন্তৰে পক্ষি হৰি অন্ত ধ্যান ভৈলা,
 কৈক গৈলা হৰি মাতৃ দুনহি নেদেখিলা।
 নিদ্ৰাভঙ্গ হৈয়া মাৱ শম্যাত বসিয়া,
 কিস্বপ্ন দেখিলো বুলি আচন্ত ভাৱিয়া।
 কিনো অদভুত মই দেখিলো সপোন,
 সাক্ষাতে দেখিলো চতুভূৰ্জ নাৰায়ন।
 আনন্দে লোতক বহে তনুৰোমাঞ্চিত,
 দেখয় ৰজনী শেষ আদিত্য উদিত॥
 শয্যা তেজি সত্য সন্ধ্যা মাৱ উঠি গৈলা,

[ ১০৮ ]

 স্বপ্নৰ বৃতান্ত সবে স্বামীত বৰ্লাইলা।
 স্বপ্নৰ বৃতান্ত শুনি কুসুম্বৰ ভূঞা,
 ইষ্ট দেৱ সোঁৱৰিলা আনন্দিত হুয়া॥
ভাঙনি ঘোষাঃ-
 মাতৃ মোৰ সত্য সন্ধ্যা পিতা কুসুম্বৰ।
 খেৰসূতী আয়ে মোক কৰিলে ডাঙৰ॥
পদঃ- শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,
 আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।
 নানা যুগে ধৰা তুমি নানা অৱতাৰ,
 কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।
 মহেন্দ্ৰ কন্দলী গুৰু শিক্ষা দান দিলা,
 গুৰুজনাৰ আগে তব সুকৃতি দেখাইলা।
 তাৰ পাছে গুৰু জনে বুলিলন্ত বাণী,
 ভাগ্যক্ৰমে শঙ্কৰক ছাত্ৰ পাইলো আমি।
 জগতৰ লোকে সাৰ সেৱয় চৰণ,
 কলিৰ ভকতে মাৰ কৰয় বন্দন।
 সেহিসে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ,
 আন কোন হৈব সম দয়াৰ সাগৰ।
 যাহাৰ প্ৰতিভাবানে জগত মুহিলে,
 যি জনে আন্ধাৰ ঠেলি পোহৰ বিলালে।
 যাহাৰ কৰুনাদানে জ্ঞানচক্ষু পাইল,
 গুৰুৰূপে জগতক অমৃত পিয়াইল।

[ ১০৯ ]

 নৰৰূপে বৰদোৱাত জন্ম নাৰায়ণ,
 গহীন গম্ভীৰ যাৰ দেহৰ গঠন।
 হাস্যবদনে যাৰ মধুৰ বচন,
 পাপ নাশ হয় যাক কৰিলে স্মৰণ।

.........


৪১। মূল ঘোষাঃ-
 বসুদেৱক অৰ্পণ কৰে চেনেহৰ ভগিনী।
 মাথে তুলি ভগ্নীসহ চলে মহামানী॥
 অ’ দৈৱ বাণী শুনিলে হঠাতে,
 প্ৰাম যাইব কংসতোৰ, অষ্টম পুত্ৰ হাতে॥
পদঃ- কংসৰাজে দৈব বাণী শুনে আকাশত,
 ৰথত বসিয়া ৰাজা হৈলন্ত উদ্ধত।
 দৈব বাণী কেন মতে কৰিব খণ্ডন,
 বসুদেৱ দৈৱকীক কৰিলে বন্ধন।
 অন্ধ কাৰ কাৰাগাৰে ৰাখে বন্দী কৰি,
 যত পুত্ৰ জন্ম হৈব মাৰিব আচাৰি।
 ছয় গুটি পুত্ৰ কংসে মাৰিল আছাৰি,
 অৱশেষে জন্ম লৈল মুকুণ্ড মুৰাৰী।
 নিজ কৰ্মদোষে তোৰ ভাগ্যৰ লিখন,
 দৈববাণী তোৰ কংস নহ’ব খণ্ডন।
 বসুদেৱ দৈৱকী নোহে প্ৰান বৈৰী,
 বিনা দোষে কিয় কংস ৰাখ বন্দী কৰি।

[ ১১০ ]

 নহৈব নিষ্টাৰ কংস কৰি অত্যাচাৰ,
 তোৰ প্ৰাণ বৈৰী কৃষ্ণ হৈল অৱতাৰ।
 ভৈলা শিশু ৰূপে তৈতে প্ৰভূ নাৰায়ণ,
 কোলে লৈয়া বসুদেৱ লৰিলা তেখন।
 ভাঙিল নিহাল ভৈল মেলাল কপাট,
 দেখি ভয়ে যমুনা আপুনি দিলা বাট।
 বৰিষে কণিকা মেঘে ওপৰত গাজে,
 ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে।
ভাঙনি ঘোষাঃ-
 কাৰাগাৰে জন্ম লৈয়া নন্দ ঘৰে যায়,
 কাৰ গৰ্ভে জন্ম লৈয়া কাক বোলে আই।
পদঃ- কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ,
 শিশু কালে নাম লৈলা নন্দৰ কুমাৰ।
 দৈৱকীৰ গৰ্ভ হৰি লভিলা জনম,
 যশোদাক মাতৃ বুলি লগাইলা মৰম।
 কিনো আতি নন্দ যশোদাৰ মহাভাগ,
 পূৰ্ণ ব্ৰহ্ম পুত্ৰ ৰূপে গৃহে পাইলা লাগ।
 গৰ্গ ঋষি বোলে শুনা নন্দ মহা সতী,
 তোমাৰ তনয় ইটো বৈকুণ্ঠৰ পতি।
 খাণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ,
 কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
 বসুদেৱ দৈৱকীয়ে দেখিল নয়নে,

[ ১১১ ]

 শঙ্খ চক্ৰ গদা পদ্ম ধৰে নাৰায়ণে।
 পৰম সুন্দৰ চতুৰ্ভূজ ৰূপ ধৰি,
 বসুদেৱ দৈৱকীক দেখা দিলা হৰি।
 কংসৰ ভয়তে কাৰ্ম্পে দুয়ো সৰ সৰি।
 শুনিয়া ব্যাকুল স্ততি দেৱ নাৰায়ণ,
 কেলে মোক থৈয়া আসা নন্দৰ ভৱণ।
 দৈৱকীয়ে কাৰাগাৰে কান্দে হিয়া ভাঙি,
 পুত্ৰ পাই আত্ম হাৰা হৈল নন্দ ৰাণী।
 মোহি হৰি ধৰে নিজে নন্দৰ নন্দন,
 ত্ৰি জগতে কৰে যাক চৰণে বন্দন॥

.........


৪২। মূল ঘোষাঃ-
 ৰত্নাকৰ মহাদস্যু জগতে বিদিত।
 পৰৰ ঐশ্বয্য হৰি আতি আনন্দিত॥
 ব্ৰহ্মা নাৰদৰ সঙ্গ যেতিক্ষণে পাইলা।
 দস্যু গুচি একদিনা মহামুণি ভৈলা॥
পদঃ- পাপ পুণ্য কৰ্মক নকৰি বিচাৰ
 পৰৰ ঐশ্বয্য আনে কৰি অত্যাচাৰ।
 তাৰ ফলে হৈবি তই মহা পাপৰ ভাগি
 মিছাতে মৰিছ তই পুত্ৰ ভাৰ্ষাক লাগি।
 আপোনা কৰ্মফল আপুনি ভূঞ্জিব
 তোৰ কৰ্মফল দোষ কোনেনো লভিব।

[ ১১২ ]

 আপুনি আপোন তৰি আপুনিয়ে বৈৰী
 আপুনি ভূঞ্জিব শাস্তি তাকৰ্মক কৰি।
 ব্ৰহ্মা নাৰদৰ মুখে পাইলা ৰাম নাম
 বুলিব খোজন্ত মুখে আসে আম আম॥
 ব্ৰহ্মায়ে বোলন্ত বাপু মন কষ্ট এৰা।
 ৰাম বাক্য ওলোটাই মৰা মৰা বোলা।
 পাপীৰ মুখত কদাচিত নাহে ৰাম
 মৰা মৰা বোলন্তে আসিল ৰাম ৰাম।
 নামত শৰণ লৈয়া মুকুতি লভিল
 হৰিৰ কৃপাতে পাচে সৰ্ব্ব সিদ্ধি হৈল।
 ৰাম নাম বলে পাপী মুকুতি লভিলা
 মহাকাব্য ৰামায়ণ ৰচনা কৰিলা।
 মহাপাপী ৰত্নাকৰে পাইল দিব্যজ্ঞান
 বহু বছৰ ধৰি কৰে মহা মন্ত্ৰ ধ্যান।
ভাঙনি ঘোষাঃ
 সাধু সঙ্কৰ বিনে গতি নাই নাই নাই
 নিতে নিতে সাধু সঙ্গ লোৱা মন ভাই।
পদঃ- ভকতিৰ প্ৰতিবন্ধ যত পাপচয়
 ভকত জনৰ সেৱাতেসে নষ্ট হয়।
 তাসম্বাৰ সঙ্গ সদা লৈলা যিটো জনে
 নুহিবে ভকতি শঙ্কা নকৰিবা মনে।
 কৃষঅণৰ সেৱক সৱ পৰম নিৰ্মল

[ ১১৩ ]

 জগত পৱিত্ৰ কৰে তাহাৰা সকল।
 তাসম্বাক সেৱা আতি কৰেন্তে সদায়
 ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।
 হৰিপদ হন্তে গঙ্গা হুয়া উতপতি
 ৰৈল এৰা এৰি সিটো চৰণে সহিতি।
 সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্ত্তন্ত
 এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।
 শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু
 তাহাৰ পৰম কৃপা ৰস কল্পতৰু।
 তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধান
 ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান।

.........


৪৩। মূল ঘোষাঃ-
 অন্ধ মুনিৰ পুত্ৰ এক সিন্ধুমুণি নাম
 শব্দ ভোদি বাণে দশৰথে লৈলে প্ৰাণ।
 মুনিৰ শাপতে ৰাজা চাৰিপুত্ৰ ভৈলা
 শাপ ভ্ৰষ্টে পুত্ৰ শোকে প্ৰাণ বায়ু গৈলা।
পদঃ- দশৰথ মহা ৰাজা সৰযুৰ তীৰে
 ব্ৰাহ্মণ বধিলে ৰাজা শব্দ ভেদি শৰে।
 অন্ধমুনিৰ পুত্ৰ আহে পানী আনিবাক
 হস্তী অনুমানি ৰাজা বধিলন্ত তাক।
 শৰবিন্ধ সিন্ধু বুলিলন্ত দুখ কৰি

[ ১১৪ ]

 কোনে প্ৰহাৰিলে শৰ বিষে যাওঁ মই মৰি।
 পাছে দশৰথ ৰাজা পাইলা সেহি ঠাই
 আৰ্ত্তনাদ কৰি সিন্ধু আছন্ত কেকাই।
 দশৰথে বোলে মই কি কাৰ্য কৰিলো
 শব্দ ভেদি বাণে মই ব্ৰাহ্মণ ভেদিলো।
 সিন্ধু বোলে পিতা মাতা আছে বাট চাই
 শীঘ্ৰে লৈয়া ব’লা মোক পিতা মাতাৰ ঠাই।
ভাঙনি ঘোষাঃ-
 অন্ধ মুনিৰ পুত্ৰ এক সিদ্ধমুণি নাম
 শব্দ ভেদি বাণে দশৰথে লৈলে প্ৰাণ।
পদঃ- মৰা সিন্ধুক কান্ধে লৈ দশৰথ ৰায়
 অন্ধ মুণি আশ্ৰমলৈ ধীৰে ধীৰে যায়॥
 শব্দ অনুমাণি অন্ধ বুলিলা বচন,
 অত দেৰি বাচা তই কৰ কি কাৰণ॥
 দশৰথ বোলে মুণি মই মহা পাপী,
 তযুপুত্ৰ বধিলোহো ভষ্ম কৰা শাপী॥
 মুনি বোলে দশৰথ কি কাৰ্য্য কৰিলি,
 পুত্ৰৰ লগতে ৰাজা আমাকো মাৰিলি॥
 শুন হেৰ দশৰথ দুৰ্জ্জন ৰাজন,
 পুত্ৰ শোকে আজি আমি এৰিবো জীৱন॥

....................

ⵓⵓ সমাপ্ত ⵓⵓ

[ ১১৫ ]
শুধৰণী পৃষ্ঠা
পৃষ্ঠা শাৰী   ভুল প্ৰিণ্ট   শুধৰণী
  হেবোহো   হৈবোহো
.....   .....   ভৈলোহো সন্তুষ্ট মই হৰৰ তুতিত
(১০নং শাৰীৰ পাছত)   (থাকি গ’ল)  
১৫ .....   .......   চাৰিফালে চাৰি হাটী মহাভক্ত গণ
(৭নং শাৰীৰ পাছত)   (থাকি গ’ল)   চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥
১৭ ১১   সিটো   যিটো
১৭   ভকতি   ভক্তি
১৮   .......   (মূল ঘোষাই থাকিব)
  (থাকি গ’ল)  
১৯   সাধনা   সৰ্বদা
২০ ১১   ........   (মূল ঘোষাই থাকিব)
  (থাকি গ’ল)  
২১ ১৫   সীৰে   শিৰে
২২ ১৫   গুবিন্দ   গোবিন্দ
২৪   ..........   শুনা
  (৩য় শব্দৰ পাছত থাকি গ’ল)  
২৪   দ্ৰোপসে   দ্ৰোণসে
২৫ ১১   সিটোজন   যিটোজন
২৭ ১১   পাপৰ   পাপ
২৯   ..........   চাৰিফালে চাৰি হাটী মহাভক্ত গণ,
  (৫ম শাৰীৰ পাছত থাকি গ'ল)   চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন।
[ ১১৬ ]
৩০   মোহি   যোহি
৩০   বাৰত   ভাৰত
৩০ ১২   সিটোজনে   যিটোজন
৩০ ১৭   পুৰি   পুষি
৩১   যিটো   সিটো
৩১ ১০   নুপীসিলে   নুপাসিলে
৩৩   কাইলো   কহিলো
৩৩ ১৭   যিটোজনে   যিটোজন
৩৪ ২০   .......   তাতেই আছে দৈবকী নন্দন॥
  (শেষৰ শাৰী থাকি গ’ল)  
৩৫   তত্বভ্যে   তত্বভেদ
৩৫ ১৪   ব্যসক   ব্যাসক
৪০ ১২   ........   (মূল ঘোষাই থাকিব)
  (থাকি গ'ল)  
৪০   তাৰ্থ   তীৰ্থ
৪২   ........   (মূল ঘোষাই থাকিব)
  (থাকি গ'ল)  
৪৩   আনসত   আনমত
১৬   যাতক   যতেক
১৭   নলঙ্ঘিয়া   নলঙিঘিয়া
৪৪   যে   মোহোন
  ভকতিক   ভকতি
৪৪   কাহাৰো   কাহাকো
৪৬   স্মৃষি   ঋষি
১০   বৰিয়ো   কৰিয়ো
১৫   সিজনৰ   যিজনৰ
[ ১১৭ ]
৮৬ ১৬   ........   যিজনৰ শিৰে নকৰৈ প্ৰণাম অ’
  (থাকি গ’ল)   কৃষ্ণৰ পদ কমলে৷
    তাত মোৰ দায় নেৰিবি সদায়
    বান্ধি আন হাত গলে॥
  (থাকি গ’ল)   অ’
৪৭ ১২   সিটো   যিটো
২০   কলিষ্ঠ   বলিষ্ঠ
২০   বীসাৰ   বীৰ্য্যৰ
৪৮   জেব   দেৱ
  নেত্ৰ   নেত্ৰৰ
৪৯ ১৩   চাণলি   চণ্ডাল
২০   পালিে   পাইলে
৫০   ৰৈলা   ৰৈলে
১০   তীৰ্থস্থান   তীৰ্থস্নান
৫১   গুবিন্দ   গোবিন্দ
১১   জনত   জগত
১১   যুদ্ধ ফলে   যদু কুলে
২১   যেছেহেন   যেহেন
৫২ ১৭   সিটো   যিটো
৫৩   অনুকুল   অনুকূলে
১০   জনাই   দুনাই
১১   বেগন   কোন
১৮   সাক   যাক
  বাৰ্য্যা   ভাৰ্য্যা
  ৰোজা   বোজা
৫৫   হে   হেন
  বকতৰ   ভকতৰ
[ ১১৮ ]
৫৫   তুস্থ   তযু
৫৬ ১২   থাকি গ'ল   একতিলে
১৫   বন্তী   বন্দী
২২   সংসাৰত   সংসাৰক
৫৮ ১৪   প্ৰবু   প্ৰভু
৬০ ১৮   কৰিলো   কৰিলা
৬১ ২১   তুমি   তুলি
৬২   থাকি গ’ল   পাঞ্চৈ
১৩   শুনি   তান
৬৩   ব্যস্ম   বাম
  থাকি গ’ল   যেবে ৰাধা দেবীক দেখিয়া,
১০   থাকি গ’ল   এৰি লাজে
১৭   গোপজনে   গোপগণে
১৭   সেখনে   যেখনে
১৭   কৃষ্ণঅণ   কৃষ্ণ
১৮   নিধানে   নিদানে
৬৪ ১৫   নীৰ   নাৰী
৬৭   পঙ্কজে   পঙ্কজে
১১   মনস্কাক   মনস্কাম
৬৯ ১৩   মনুষ্যগণাত   মনুষ্য গণত
৭৩   শুনৰেঅ   শুনৰে
১৩   শোধয়   সোধয়
৭৫   বিৰোদ্ধে   বিৰুধে
৭৬ ১৪   যিটোজনে   যিটোজন
৭৯ ১৪   বিণাজনত   বিভাবনত
৮২ ১৮   ত্ৰৈলোক্য   ত্ৰৈলোক্যে
৯৫ ২০   থাকি গ’ল   অ’

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।