পৃষ্ঠা:Dihanamorhombhar2010.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
দিহানামৰ সম্ভাৰ

ছন্দ গতিৰে ভৰা একো একোটা মনৰ ভাবাবেগ প্ৰকাশক গীত। ইয়াক নাম আখ্যা দিয়া আছে। এই নামে প্ৰকৃততে ভগৱানৰ নামক সূচায়। ঈশ্বৰৰ নাম অতি সুখকৰ, ইয়াত জীৱন দায়িনী, সঞ্জীৱনী সুধা আছে, ইয়াত প্ৰাণৰ ভাষা আছে, মনৰ আশা আছে। এই দিহানামবোৰ সচাই হৃদয় ৰঞ্জক। এই দিহাৰ চন্দে চন্দে গায়ক সকলৰ মনোজগত হেন্দুলি উঠে। ইন্দ্ৰিয়সমূহ আনন্দৰ ভৰত যৌকি বাথৌ কৰে। ঐশী সাধনাই নবীনত্ব প্ৰাপ্তিৰ চেতন দিগন্তলৈ গতি কৰে।...... গাওঁতা, শুনোতাক লৈ যায় আনাবিল আনন্দৰ ক্ষেত্ৰখনলৈ। হৰি নাম, দিহানামৰ ধ্বনিত মাটি পৃথিৱী নাচে বাগে, গছ-বিৰিখ প্ৰাণ পাই উঠে, বৈকুণ্ঠ এৰি ঈশ্বৰৰা নামি আহে ভকতৰ মাজলৈ। মহানন্দ প্ৰেম ছানি দিয়ে সমক্ততে।

 শ্ৰীযুতা মনোমতী বড়া আই দিহানামৰ এগৰাকী নিপুণ গায়িকা। গীত উপস্থাপনৰ নিত্য নতুন শৈী সুমধুৰ-সুমিষ্ট কণ্ঠ। অপৰূপ দৈহিক সঞ্চালন, ক্ষণিকতে পালিসকলৰ মনৰ মাজত সোমাই নামৰিক প্ৰাণৱন্ত কৰি তুলিব পৰা ক্ষমতাৰ বাবে তেখেত আজি এগৰাকী সুদক্ষা দিহানামৰ ওজা। বয়সে বাগৰ সলোৱা এই পৰতত তেখেতৰ কণ্ঠত একেই দৃঢ়তা, মনৰ মাজত দুবাৰ সাহস। এবাৰ ঘূৰি চাইছে এৰি অহা দিনবোৰলৈ। যিবোৰ দিনৰ অলিখিত ইতিহাসে তেখেতৰ জীৱনৰ প্ৰতিখিলা পাত সোঁৱৰণীৰ সোণসেৰীয়া স্বৰ লিপিৰে ভৰাই ৰাখিছে। কিমানবোৰ নামঘৰ, কিমানবোৰ বিয়াঘৰ, কিমানবোৰ বৰসবাহ, কিমানবোৰ অনুষ্ঠান, ৰভাতল, বৰঘৰ, মাৰলঘৰ, উকা চোতাল আজিও তেখেতৰ বাবে