এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
দিহা নামৰ সম্ভাৰ
কৃষ্ণ পাদপদ্ম মকৰন্দ পানে
ভক্তি ভাৱে হৈয়ো মত্ত।
বাসুদেৱ বুদ্ধি সবাতে দেখয়
জ্ঞানৰ বুজিয়া তত্ব॥
বদতি শঙ্কৰ শুনা নিৰন্তৰ
কিনো কৃপাময় হৰি।
পদ্মৰ যুগত দুখনি চৰণ
কিয়নো থাকো পাহৰি॥
অনৰ্থ শৰীৰ পোৱাৰে পৰাই
নামত কৰিও ৰতি।
নিন্দাবাদ তৰ্ক অসূয়া তেজিয়া
লৈয়োক সাধু সংগতি॥
ঘোৰ কলিযুগে ভৈলা একাকাৰ
থিৰ বুদ্ধি কৰি দেখা।
চিত্তবিত্ত পাত্ৰ সবে আপবিত্ৰ
মাথো মনুষ্যৰ বেশা॥
হেন জানি আন দুৰতে তেজিয়া
ভকতিক কৰা সাৰ।
শ্ৰৱণে কীৰ্তনে সংসাৰক তৰে
মহা সুখে পাই পাৰ॥
জানিয়া কৃষ্ণৰ চিন্তিয়ো চৰণ
মুখে লোৱা কৃষ্ণ নাম।