সমললৈ যাওক

পৃষ্ঠা:Dihanamorhombhar2010.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
দিহা নামৰ সম্ভাৰ

লৈয়োক প্ৰমাণ আৰ ধ্ৰুৱৰ বচনে,
কৰন্ত প্ৰাৰ্থনা আতি কৃষ্ণৰ চৰণে।
সদায়ে তোমাত যিটো কৰয় ভকতি,
পৰম নিৰ্ম্মল তাৰা সমস্তৰ মতি।
তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হৌক,
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক।

.........

২১। মূল ঘোষাঃ-

কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে;
বসুদেৱে থৈলে আনি যমুনাৰ ইপাৰে।
নন্দৰ ঘৰে গৰু চাৰি কৰা লীলা যত;
শঙ্কৰদেৱে নিবন্ধিলে পুথি দশমত॥

পদঃ-

ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস,
লৈলা দৈৱকীৰ উদৰত হৰি বাস।
গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি,
দৈৱকী দেবীক বাক্য বুলিলা আশ্বাসী।
পাছে নিজ ৰূপে উপজিলা দামোদৰ,
দেখি পিতৃ মাতৃ তুতি কৰিলো বিস্তৰ।
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা,
কংসৰ ভয়ে বসুদেৱে গোকুলত থৈলা।
দেখি পুত্ৰ মুখ নন্দে আনন্দে বিহ্বল,