সমললৈ যাওক

পৃষ্ঠা:Dihanamorhombhar2010.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
দিহা নামৰ সম্ভাৰ

গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত,
তেজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।
একমাত্ৰ মোতে তুমি লৈয়োক শৰণ,
নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।
এহি মানে কহিলন্ত গীতাৰ শকতি,
জানি সাধুজন যাৰ আছয় সুমতি।
লৈয়োক শৰণ এক ঈশ্বৰ কৃষ্ণৰ,
এহিমানে তাত পৰ্য্য সমস্তে শাস্ত্ৰৰ।
তৰ্ক বেদ বেদান্তৰোএহিমানে সীমা,
এবে শুনা ভাগৱতশাস্ত্ৰৰ মহিমা।
বৈকুণ্ঠৰ শাস্ত্ৰ যিটো মহাভাগৱত,
ব্যাস মহা ঋষি আক কহিছে মহত্ব।
আৰ অন্ত গৰ্ত পৰামাৰ্থ তত্ব যত,
মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত।
শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ,
ভকতিৰ আনন্দে আকুল যাৰ মন।
সিসি মহাজনে আৰ তত্বক পাৱয়,
চাৰিবেদ পুৰাণৰ এহিসে নিৰ্ণয়॥

.......

২৯। মূল ঘোষাঃ-

মন তই কি দেখি পাগল হলি,
মন তই ঈশ্বৰক পাহৰিলি।