পৃষ্ঠা:Dihanamorhombhar2010.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

অহা ধাৰা অনুযায়ী দিহানামৰ ঐতিহ্য আৰু বৈশিষ্টৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিম্ন লিখিত সিদ্ধান্তসমূহক প্ৰাধান্য দিয়া হৈছে।
১। সৰ্ব্ব প্ৰথম ভকত-বৈষ্ণৱক সেৱা জনাই অ' হৰি অ’ ৰাম হৰ্ষ ধ্বনি দি “কৃষ্ণ-শঙ্কৰ গুৰু হৰি ৰাম” বুলি গুৰু স্মৰণ কৰিব লাগে।
২। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এক শৰণ নাম ধৰ্ম্মক প্ৰচাৰৰ বাবে যি সমূহ মাধ্যমৰ সহায় লৈছে, দিহানাম তাৰেই অন্যতম। গতিকে দিহা নাম এক ঈশ্বৰ কেন্দ্ৰিক হ'বই লাগিব।
৩। দিহানাম এক ঈশ্বৰৰ বাহিৰে অন্য দেৱ-দেৱী কেন্দ্ৰিক হলে গুৰু দুজনাক অপমান কৰাৰ লগতে দিহানামৰ চৰিত্ৰত কুঠাৰাঘাট কৰা হব।
৪। ভক্তি মাৰ্গত উদাহৰণক আবেগিকভাৱে গ্ৰহণ কৰা হয় বাবে কেৱল ভাগৱত কেন্দ্ৰিক চৰিত্ৰসমূহকহে উদাহৰণৰ সমলৰূপে গ্ৰহণ কৰিব লাগে। যথাসম্ভৱ, মূল ঘোষাভাগিত প্ৰথমে উদাহৰণসহ সাধাৰণ ব্যাখ্যা দিয়া হ'ব লাগে।
৫। উদাহৰণৰ পিছতে দিহানামৰ মূল বৈশিষ্ট্য দিহা বা পৰামৰ্শ অথবা আত্ম সমালাচনাৰে এক শুদ্ধ দিক্‌ নিৰ্ণায়ক সিদ্ধান্ত ঘোষাভাগিত নিশ্চিত ভাৱে থাকিব লাগিব।
৬। শব্দসমূহ যথা সম্ভৱ গুৰুসৱে প্ৰণয়ন কৰা শাস্ত্ৰীয় শব্দ হ'ব লাগে যাতে দ্ব্যৰ্থবোধকৰ আশংকা নাথাকে।
৭। যিমান দূৰ পৰা যায় যুক্তাক্ষৰ পৰিহাৰ কৰি কোমল আৰু সৰল শব্দ প্ৰয়োগ কৰা উচিত।
৮। বাক্যৰ গাঠনিত গুৰুত্ব দিব লাগে যাতে ঘোষাভাগি সুৰৰ ভিন্নতাতো সহজে পৰিবেশন কৰিব পৰা হয়।