সমললৈ যাওক

পৃষ্ঠা:Dihanamorhombhar2010.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

অকালতে ইহলোক ত্যাগ কৰা মোৰ স্বামী প্ৰয়াত নবীন চন্দ্ৰ বড়া (হেলদাৰ)দেৱৰ প্ৰেৰণাই কিতাপ ভাগিৰ মূল ছাবি কাঠি।

 “কম্পিউটাৰ পইণ্ট এণ্ড প্ৰিন্টাৰ্ছ" প্ৰেছৰ কৰ্ম্মচাৰী সমন্বিতে স্বত্বাধিকাৰিৰ একান্ত সহযোগত অতি কম সময়ৰ ভিতৰতে প্ৰকাশ হৈ ওলোৱাত তেখেত সকললৈ কৃতজ্ঞতাৰ শৰাই যাচিলোঁ। সকলো অনিচ্ছাকৃত ভুল-ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থী হৈ ৰলে। গতিকে সুধীজনে যোগাত্মক ভাৱে ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিলে কৃতাৰ্থ হম। লগতে পৰবৰ্তী সংস্কৰণত শুদ্ধৰূপে প্ৰকাশৰ দিহা কৰা হ'ব। সদৌ শেষত সুধি সমাজে কিতাপভাগি মৰমেৰে আদৰি ললে নিশ্চয় আমাৰ শ্ৰম সাৰ্থক হ'ব বুলি ধৰি লম আৰু পৰবৰ্তী সময়ৰ বাবে অনুপ্ৰেৰণা হৈ ৰব।

 সামৰণিত মহা পুৰুষৰ এভাগি শুদ্ধ বাণীৰে সামৰিলো।

মূৰুখৰ মোৰ বঢ়া টুটা আদি
 দোষ আছে যত যত।
আনিজ কৃপাগুণে পোন সন্তোষে।
 ক্ষমিয়ো তাক সমস্ত॥

ইতি
আপোনাসৱৰ দাসানুদাস

শ্ৰীমতী মনোমতী বড়া
গাওঁⵓ-বান্দৰ মাৰী
পোⵓ-নহাট (ডিমৌ
জিলাⵓ- শিৱসাগৰ (অসম)