পৃষ্ঠা:Dihanamorhombhar2010.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাক্ষী হৈ আছে। এৰি অহা দিনবােৰত কিমানবােৰ যে নাম দিহাৰ ওপৰত আকাশে-বতাহে উপঙি আছে।

 তেখেতৰ এই পুথিভাগ দৰাচলতে লােক সাহিত্যৰ এটি আপুৰুগীয়া সম্পদ। দিহানাম গােৱা গায়ক আমাৰ মাজত বহুতাে আছে.......কিন্তু আমাৰ সমাজত সিঁচৰিত হৈ থকা এই গীতবােৰ সংৰক্ষণ কৰা, বুটলি আনি সংঘবদ্ধ ৰূপ দিয়া, সংগ্রহ কৰি একেঠাই কৰা নতুবা নতুন ৰূপ দি গ্রন্থাকাৰে ছপা কৰি গাওঁতাসকলৰ হাতত তুলি দিয়া লােকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা।

 তেখেতৰ এই প্রচেষ্টা সফল হ’ব তেতিয়াহে যেতিয়া পঢ়ুৱৈসকল, গায়কসকল আৰু বিশেষ ভাবে দিহানামৰ পৰিবেশক সকলে যেতিয়া এনে পুস্তক আদৰি-সাদৰি নিজৰ কৰি ল’ব। আমি আশাবাদী তেখেতৰ চেষ্টা পঢ়ুৱৈ সমাজে আদৰ কৰি ফলৱতী কৰি তুলিৱ।


 ইতি


 শ্ৰী ৰজনীকান্ত দত্ত
 সভাপতি
 আর্থসামজিক উন্নয়ন ন্যাস (শিক্ষা)
 শ্ৰীমন্ত শংকৰদেৱ সংঘ
 অসম