পৃষ্ঠা:Dihanamorhombhar2010.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

৯। মূল ঘোষা সামৰি ভাঙনি ঘোষালৈ যোৱাৰ আগতে ‘দিহা যোজনা” এফাকিৰে দিহানামৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পাৰিলে সোণত সুৱগা চৰাৰ দৰে হয়।
১০। মূল ঘোষাৰ পদ যথাসম্ভৱ চমু কৰি ভাঙনি ঘোষালৈ অহাৰ লগে লগে হাত চাপৰি বা বাদ্য-যন্ত্ৰৰ গতি খৰ কৰা উচিত, তাকে এক যথাবিহিত শৃঙ্খলাৰ মাজতহে।
১১।বহা আসনৰ পৰা কেৱল নামতিগৰাকীয়েহে উঠি সংযতভাৱে নাচি-বাগি গাব পাৰে। অন্যথা পালিসকল উঠিলে শৃঙ্খলতাত ব্যাঘাট জন্মিব পাৰে।

 'ভক্তি মাৰ্গত উপদেশতকৈ উদাহৰণ ফলদায়ক হেতুকে ঘোষাসমূহত উদাহৰণত প্ৰাধান্য দিয়া হৈছে। সকলো দিশ লক্ষ্য ৰাখি দিহা নামৰ চৰিত্ৰ অটুত থকাকৈ ঘোষাসমূহত প্ৰত্যক্ষ বা প্ৰৰোক্ষভাৱে দিহা বা উপদেশ সন্নিবিষ্ট কৰাৰ যথাসাধ্য চেষ্টা কৰা হৈছে। কিতাপ ভাগিত নামষাৰ “মূল ঘোষা” বুলি উল্লেখ কৰাৰ লগতে ভাঙনিতো একোষাৰকৈ “ভাঙনি ঘোষা” ৰূপে সংযোগ কৰা হৈছে। পাঠকে প্ৰয়োজনবোধে ভাঙনিৰ ঘোষাভাগো মূল ঘোষাৰূপে গাব পৰিব। স্বৰলিপি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা নহ'ল। কমা, চেমিকলন, ডাৰি বা যুগ্ম ডাৰি আদিৰে কিছু আভাস ৰখা হৈছে যাতে সুৰ প্ৰয়োগ কৰাত পাঠকসমাজ সফল হয়। বিজ্ঞ সমাজে নিজেও সুৰ সংযোজন কৰিব পাৰিব।

 কিতাপভাগি সাধুজন সমন্বিতে আমাৰ ল'ৰা-ছোৱালী, বোৱাৰী সহ নাতি-নতিনীৰ হেচাতে লিখিবলৈ লোৱা হ'ল। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ “একশৰণ হৰি নাম ধৰ্ম্ম"ৰ আদৰ্শলৈ নিজৰ লগতে পৰিয়াল স্বজনকো ঈশ্বৰমুখী কৰিবলৈ প্ৰয়াস কৰা,