পৃষ্ঠা:Dihanamorhombhar2010.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 কিতাপভাগিত নামষাৰ ঘোষা বুলি উল্লেক কৰাৰ লগতে ভাঙনিতো একোষাৰকৈ ঘোষা সন্নিবিষ্ঠ কৰা হৈছে। পাঠকে প্ৰয়োজনবোধে ভাঙনিৰ ঘোষাভাগো মূলঘোষাৰূপে ব্যৱহাৰ কৰিব পাৰিব। স্বৰূলিপি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা নহ’ল। কমা, চেমি কলন, ডাৰি আদিৰে কিছু আভাস ৰখা হৈছে যাতে সুৰ প্ৰয়োগ কৰাত পাঠক সমাজ সফল হয়। পাঠকসমাজে নিজেও সুৰ সংযোজন ঘটাই গাব পাৰিব। অনিচ্ছাকৃত ভূল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থী হলো।