কীচক-বধ
কীচক-বধ
(ধেমেলীয়া নাট)
ৰচক :- শ্ৰীদণ্ডিনাথ কলিতা।
তেজপুৰ।
১৮৭২ শক।
(ইং ১৯৫০)
মূল্য —
[ পাতনি ]
কীচক-বধ সকলোৱে জনা মহাভাৰতৰ ঘটনা। কিন্তু আজিৰ যুগতো কীচকৰ অভাব নাই। সেই কাৰণে ইয়াত পুৰণি ছবিত নতুন বোল দি আধুনিক সমাজৰ এটি চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এই চিত্ৰই যদি ৰাইজৰ চকু-কাণৰ তৃপ্তি সাধনৰ লগতে মন আৰু চিত্তৰ ওপৰতো কিঞ্চিৎ প্ৰভাব বিস্তাৰ কৰে, তেনেহলেই লেখকেও তৃপ্তি লাভ কৰিব। ইতি।
মুনিহ।
বিৰাট, যুধিষ্ঠিৰ, ভীম (সূপকাৰ), কীচক,
ভোটোক, লগুৱা, বাবুৰ্চি,
৩টা গৰখীয়া,
এটা মানুহ।
তিৰুতা।
সুদেষ্ণা, দ্ৰৌপদী (সৈৰিন্ধ্ৰী ),
উত্তৰা, লিগিৰী।
কীচক বধ।
প্ৰথম অঙ্ক।
প্ৰথম দৃশ্য
বিৰাটৰ ভিতৰ চ'ৰা।
খোটালীটোৰ ভিতৰত কেইখনমান ডাঙৰ পীৰা। এফালে
এখন ডাঙৰ দাপোণ বেৰত অঁৰা। এখন পীৰাত
সুদেষ্ণা বহে। দ্ৰৌপদীয়ে তেওঁৰ মূৰ মেলাই
বেণী গুঠি দিয়ে। তাৰ পিচত মুখত
কিবাকিবি ৰং ঘঁহি স্পঞ্জ কৰে,
কপালত সেন্দুৰৰ ফোঁট দি
ডিঙিত এধাৰ মালা
পিন্ধায়।
সুদেষ্ণা। — ইমান ডাঙৰ ৰাজ্যখনত এখন ভাল পাৰফিউমাৰী নাই; ই নিশ্চয় বদনামৰ কথা। মহাৰাজৰ এইবোৰ কথালৈ কাণ-সাৰেই নাই।
দ্ৰৌপদী। — অকল পাৰফিউমাৰী কিয়, মোৰ বোধেৰে ইয়াত ভাল জুৱেলাৰীও নাই। নহলে আপুনি এইবোৰ অলঙ্কাৰ পিন্ধে নে! এইবোৰে জানো ৰাণীক শুৱায়!
সুদেষ্ণা। — তুমি মোক খুব ভাল চাই ডিজাইন কেইটামান দিবাচোন। মই আজি মহাৰাজক ভালকৈ কথা শুনাই দিম। মুঠেই ঘিউৱে মৌৱে খাব আৰু তাচ-পাশা খেলিব, আন খবৰ একোৱেই নাই। ককাইদেউ নোহোৱা হ'লে এইখন ৰাজ্যই নাথাকে।
দ্ৰৌপদী। — এতিয়া সুবিধা পাইছে দেখি একোলৈকে কাণ-সাৰ নাই। নোপোৱা হ'লে, টানত পৰিলে আপুনি ৰাম বুলিলেহেতেনে।
(নৰ্ত্তকীৰ বেশেৰে উত্তৰাৰ প্ৰবেশ।)
সুদেষ্ণা। — কি! তোৰ সঙ্গীত-শালালৈ যাবৰ হ'লেই নে?
উত্তৰা। — হ'ল তো। কালি এটা নাচ শিকাইছিল, আজি পৰীক্ষা ল'ব।
সুদেষ্ণা। — কি নাচ?
উত্তৰা। — লতিকা নাচ।
সুদেষ্ণা। — তই একে দিনাই পৰীক্ষা দিব পাৰিবি নে ?
উত্তৰা — কিয় নোৱাৰিম। ওস্তাদে শিকা নহয় মানে এৰিয়েই নিদিয়ে।
সুদেষ্ণা — বাৰু সি নো কেনে নাচ আমাকো দেখুৱাঁচোন।
উত্তৰা। — পলম হ'ব হবলা !
সুদেষ্ণা। — নহয় পলম। আমাৰ সৈৰিন্ধ্ৰীয়েও ভাল নাচ জানে। নাচ ভাল হৈছে নে নাই তেৱেঁই ক’ব পাৰিব।
[উত্তৰাই গীত গাই নাচে ]
লেউ সেউ বাহু মেলি বিৰিখক আকোঁৱালি
মলয়াত ঢৌ খেলি উঠে লতিকা।
কঁকাল ঘূৰে উলাহত, আঁচল উৰে আলাসত,
দেখা দিয়ে পুলক ভৰা কোমল কলিকা।
বিৰিখ নাচে হালি জালি প্ৰেমৰ সুৰভি ঢালি,
আবেগত উঠে কঁপি কুসুম-মালিকা।
চকুত লাজ, ওঠত হাঁহি, খোপাত মেলে ফুলৰ পাহি,
উত্তৰা। — বহুত পলম হ'ল। আৰু নাচিব নোৱাৰোঁ।
[ প্ৰস্থান]
দ্ৰৌপদী — বৰ বঢ়িয়া নাচ।
সুদেষ্ণা। — হ’বই। মোৰ ছোৱালী কম বুদ্ধিমতী নহয়। তাতে আকৌ বৃহন্নলাও হেনো বৰ ডাঙৰ ওস্তাদ।
দ্ৰৌপদী। — সেইটো আৰু ক’ব লাগিছে নে ? তেওঁ বোলে আগেয়ে পাণ্ডৱৰ ঘৰৰ মহিলাসকলৰ নৃত্য-শিক্ষক অাছিল।
সুদেষ্ণা। —ময়ো শুনিছোঁ।
[সুহুৰিয়াই সুহুৰিয়াই কীচকৰ প্ৰবেশ। দ্ৰৌপদী তল মূৰ কৰি থাকে। ]
কি! ককাইদেউ দেখোন ! বহাঁ।
কীচক। — মই নবহোঁ। আজি বহুতো ঘূৰিলোঁ। খাবৰ সময় পাৰ হ'ল। সেই ব্ৰে'কফাষ্ট খায়েই ওলোৱা। বাবুৰ্চ্চি-খানচামাহঁতে চাগৈ ৰৈ থাকি আমনি পাইছে। পিয়াহ হে লাগিছে। এগিলাচ পানী আনিবলৈ দিয়াঁ।
সুদেষ্ণা। — শুদাপানী দিব নে চৰ্পত খাবা ?
কীচক। — চৰ্পত হলে তো ভালেই।
সুদেষ্ণা। — [দ্ৰৌপদীক] যোৱাঁ, বেগাই এগিলাচ চৰ্পত অানা !
[দ্ৰৌপদী ওলাই যায়। কীচকৰ চকু দ্ৰৌপদীৰ ওপৰত পৰে আৰু কেৰাহি কেৰাহিকৈ চায়। ]
কীচক। — এই লিগিৰীজনীৰ কাম কাজ কেনে ?
সুদেষ্ণা। — সেইটো আৰু ক’ব লাগিছে নে! কোনো
কামতেই অলপো খুঁত নাই। মানুহে যেই সেই বিষয়কে ইমান ভালকৈ শিকিব পাৰে কেনেকৈ মই ক'ব নোৱাৰোঁ। মই হ’লে নোৱাৰোঁ।
[দ্ৰৌপদীয়ে চৰ্পত এগিলাচ আনি কীচকৰ আগত থৈ পিচ হুহঁকি যায়। কীচকে গিলাচটো দাঙি এঢোকা মাৰিয়েই ৰয় আৰু ডাঙৰকৈ চকু মেলি দ্ৰৌপদীলৈ চায়।]
কীচক – ইমান বঢ়িয়া চৰ্পত মই জীৱনতে খোৱা নাই। কোনে তৈয়াৰ কৰিছিল ? ( বাকীখিনিও খাই শেষ কৰি উৰ্ম্মালেৰে মুখ মচে। )
সুদেষ্ণা – আৰু কোনে কৰিব। সৈৰিন্ধীয়ে।
কীচক – কেনেকৈ কৰে আমিও শিকিব হে লাগিব। মই এতিয়া যাওঁ। পিচে এটা কথা – মোক এনে চৰ্পত আৰু এটেকেলি লাগে, আজিয়েই – এতিয়াই।
সুদেষ্ণা – বাৰু, মই পঠিয়াই দিম।
কীচক – কাৰ হাতত ?
সুদেষ্ণা – কিয়, পঠিয়াবলৈ মানুহৰ আকাল লগিছে নে !
কীচক — যাৰে তাৰে হাতত পঠিয়ালে নহব। এনে বঢ়িয়া চৰ্পত পাই যদি বাটতে খাই নৰ্দ্দমাৰ পানী ভৰাই লৈ যায়।
সুদেষ্ণা – খাওঁতে গম নাপাবা জানো ?
কীচক — পালোঁৱেই বা! সিহঁতে কব, আমাক যি দিছে তাকে আনিছোঁ; আমি জানো তৈয়াৰ কৰিছোঁ! তেতিয়া সিহঁতক কি কৰিবা! মাজতে মই নৰ্দ্দমাৰ পানী খাব লাগিব৷ সেই কাৰণে মেনুফেক্চাৰাৰে নিজে নিব লাগিব৷
সুদেষ্ণা — বাৰু নিব, যোৱাঁ৷ ( সুহুৰিয়াই সুহুৰিয়াই কীচক ওলাই যায়৷ মাজে মাজে মূৰ ঘূৰাই দ্ৰৌপদীলৈ চায়৷ )
সুদেষ্ণা — ( দ্ৰৌপদীক ) কথা শুনিলা নহয়৷ এতিয়াই এটেকেলি চৰ্পত কৰাঁগৈ৷ ককাইদেউক দি আহিব লাগিব৷
দ্ৰৌপদী — তৈয়াৰ কৰি দিব পাৰিম; নিব হলে মই নোৱাৰোঁ৷
সুদেষ্ণা — সেইটো কেনেকৈ হয়! তেওঁ নিজে আনৰ হাতত দিবলৈ হাক দি গৈছে৷ তাতে তেওঁ বৰ চিকা চন্দাকৈ খায়৷ আনৰ হাতত দিলে নাখাবই৷
দ্ৰৌপদী — মোৰ যাবলৈ ভয় লাগে৷
সুদেষ্ণা — ভয় কিহৰ? ককাইদেউৰ নিচিনা ভাল মানুহ দেশখনতে নাই৷
দ্ৰৌপদী — নহয়, মোক যাবলৈ নক’ব৷
সুদেষ্ণা — নক’ব কি! যাবই লাগিব, মোৰ হুকুম৷
(দ্ৰৌপদী ওলাই যায়৷ ) মোৰ হুকুম মানিবই লাগিব৷ নহলে মই এতিয়া লিগিৰীৰ কথামতে চলিব
লাগিব নে কি! তেওঁ যদি ককাইদেউৰ চকুত পৰে সেইটো ককাইদেউৰ দোষ হব নোৱাৰে৷ তেওঁক নো এনে ৰূপৱতী হবলৈ কৈছিল কোনে৷ কেনেবাকৈ মহাৰাজৰ চকুত পৰে বুলি মোৰেই ভয় লাগি আছে৷ (দাপোণৰ ওচৰলৈ গৈ মুখ চায়৷ মাজে মাজে ইকাতি সিকাতি কৈ থিয় হৈ চায় আৰু কাপোৰ কানিৰ ভাজ বোৰ ঠিক কৰি লয়৷ এনেতে বিৰাট সোমাই আহে৷ )
বিৰাট — কি হে৷ আজি দেখোন ৰাঙতে ৰূপ চৰিছে৷
সুদেষ্ণা — ওঁ, ৰূপ চৰিব! আপোনাৰ ৰাজ্যত নাই নে নাই, মুখত ঘঁহিবলৈ ভাল গুৰি ৰং এটাও পাবলৈ নাই৷
বিৰাট — কিয়? বিৰাট মেনুফেক্চাৰিং কোম্পানীক তোমাক যেতিয়াই যি লাগে চাপ্লাই কৰিবলৈ অৰ্ডাৰ দিয়াই আছে দেখোন!
সুদেষ্ণা — অৰ্ডাৰ দিলে কি হ’ব! সিহঁতে তৈয়াৰ কৰিব জানিলেহে! সিহঁততকৈ সৈৰিন্ধীয়েই ভাল বস্তু তৈয়াৰ কৰে৷ সেই দেখি মই কওঁ সোনকালে পাৰস্য নাইবা মিছৰৰ পৰা কিছুমান কাৰিকৰ আনি এটা নতুন পাৰফিউমাৰী খোলা হওক৷
বিৰাট —বাৰু, তাকে কৰা যাব৷ এই কোম্পানীটো যে এনে অকামিলা তাক মই কবই নোৱাৰোঁ৷
আজিয়েই মই সিহঁতৰ লাইচেঞ্চ কেন্চেল কৰিম৷
সুদেষ্ণা — এই অলঙ্কাৰবোৰো ভাল নহয়৷ সৈৰিন্ধীক কেইটামান গন্ধৰ্ব্ব লোকৰ ভাল ডিজাইন দিবলৈ কৈছোঁ৷ সেই মতে গঢ়াই দিব লাগিব৷
বিৰাট — সেইটো নো কি কথা! ডিজাইন পালে যি কোনো সোণৰিয়েই গঢ়িব পাৰিব৷ মোৰ ভঁৰালত সোণ-ৰূপ, মণি-মুকুতাৰ জানো কিবা আকাল৷ লাগিছে৷ এতিয়া আহাঁ, সৌ ফুলনিত এখন্তেক ফুৰি আহোঁ৷ (সুদেষ্ণাৰ হাতত ধৰি ওলাই যায়৷ )
কীচকৰ ভোজনাগাৰ।
এখন হাঁহডিমীয়া মেজ৷
তাৰ কাষত মাচিয়া৷ একাষে পানী, চৰিয়া আদি৷
ওচৰতে ডাঁৰত গামোচা৷
বাবুৰ্চি৷ — (মেজত কাপোৰ পৰাৰ লগে লগে ) এতিয়ালৈকে সেনাপতি ডাঙৰীয়া নাহিল৷ সময়মতে যোগাৰ নহলেও জগৰ, চেঁচা হলেও জগৰ৷ ইফালে নিজৰ সময়ৰ কোনো ঠিক নাই৷ ক’ত কি
তালত ঘূৰে তাকেই বা কোনে জানে!
কীচক –আজি বহুত পলম হ’ল, বেগাই খানা আন৷
(বাবুৰ্চি ওলাই যায়৷ কীচকে কোট আৰু পাগুৰি হাকোটাত ওলোমাই থৈ হাত-মুখ ধোৱে আৰু গামোচাৰে মচে৷ ইয়াৰ ভিতৰতে বাৰ্বুচিয়ে খানা, চামুচ, কাটা, কটাৰী, মাখন, পনীৰ আদি আনি মেজত থয়৷ ক্ৰুৱেট ষ্টেণ্ড এডালো আনে৷ কীচকে খাবলৈ ধৰে আৰু বটলৰ পৰা কিবাকিবি খানাৰ ওপৰত ছটিয়াই লয়৷ বাবুৰ্চি ওচৰতে থাকে আৰু কীচকৰ ইঙ্গিত মতে মাজে মাজে গিলাচত ফটিকা ঢালি দিয়ে৷ এজনী লিগিৰীয়ে তাল পাতৰ ডাঙৰ বিচনী এখনেৰে বিচি থাকে৷ খোৱা শেষ হোৱাৰ লগে লগে লগুৱা এটা আহি থাল-বাটিবোৰ লৈ যায়৷ কীচকে চিগাৰ এটা লগাই টানে৷
এনেতে তামৰ টেকেলি এটা লৈ দ্ৰৌপদীৰ প্ৰবেশ৷ লাহে লাহে আগবাঢ়ি টেকেলিটো মেজত থৈ হুহঁকি আহে৷ কীচকে নিজে উঠি দুগিলাচমান খায়৷ )
দ্ৰৌপদী৷ —মই এতিয়া যাওঁ৷
কীচক৷ —কলৈ? তোমাক আহিবলৈ কোৱা হৈছিল, ঘূৰি যোৱাৰ কোনো কথা নাছিল৷
দ্ৰৌপদী৷ —( নিমাতে যাব খোজে৷ )
কীচক৷ -তুমি যাব নোৱাৰা৷ এই টেকেলি ঢুকালে আকে কৰি দিব কোনে? তুমি মোৰ লগতে
থাকিব লাগিব৷ মই ৰাণীক কৈ দিম৷ তেওঁ একো ক’ব নোৱাৰে৷
কীচক –কি! আকৌ যাবহেঁ খুজিছা নে কি? সেইটো হ’ব নোৱাৰে৷ আহাঁ৷
( ধৰিবলৈ যায়৷ দ্ৰৌপদীয়ে লৰ মাৰে, কীচকে পিচে পিচে খেদি নিয়ে৷ )
বাবুৰ্চি – (বাহিৰলৈ ভূমুকিয়াই চাই ) গ’লগৈ৷ বঢ়িয়া হ’ল৷ এতিয়া আমাৰ পাল৷ গিৰিহঁত নহলে লগুৱাই গিৰিহঁত৷ (লিগিৰীলৈ চাই ) নহয় জানো?
[ হাঁহি হাঁহি মাচিয়াত বহি চৰ্পত খায়, লিগিৰীজনীকো হাত টিপিয়াই মাতি এগিলাচ দিয়ে৷ ]
কুচ্ পৰোৱা নাই৷ ঘূৰি আহি সোধে যদি কৈ দিম–এৰা পাতৰ বস্তু কেলেই থৈছোঁ, পেলাই দিলোঁ৷ আৰু কি! (লিগিৰীক) আহাঁ, দুটা মান পাককে দিয়াঁ৷ মোৰ স্ফুৰ্তি লাগিছে৷
[ লিগিৰীক টানে আৰু দুয়ো নাচে ]
গৰু চৰোৱা পথাৰৰ মাজত এজোপা ডাঙৰ গছৰ ছা৷
তিনটা গৰখীয়া লৰাৰ প্ৰবেশ৷
প্ৰ, গ৷ — আজি কালি গৰু কলৈকো নাযায়৷ এখন্তক খেলোঁ আহ৷
দ্বি, গ৷ — এৰা সেয়ে ভাল৷ আগেয়ে গৰু গাইবোৰ ইমান দুষ্ট আছিল, দিনৰ দিনটো আগচি ফুৰোঁতেই যায়৷ এই তন্দ্ৰিপাল বোলা বেজজন আহিবৰে পৰা গোটেইবোৰ মাটি যেন হ’ল৷
তৃ, গ৷ — এই বেজজন কম নহয়৷ আগৰ চিকিৎসকজনৰ দিনত নাই নাই বুলিও মাহে তিনি-চাৰিটাকৈ গৰু মৰেই৷ এওঁ আহিবৰে পৰা বুঢ়া হৈ মৰা কেইটাৰ বাহিৰে এটি পোৱালিৰো হানি-বিঘিনি হোৱা নাই৷
প্ৰ, গ৷ — আগৰে পৰা বিৰাট ৰজাৰেই আটাইতকৈ সৰহ গৰু আছিল; এতিয়া আৰু সৰহ হ’ল৷
দ্বি, গ৷ —সেই দেখি তো ডাঙৰ ডাঙৰ ৰজাহঁতৰ চকু
পুৰিছে৷ পৰা হ’লে কেতিয়াবাই ডকা দি নিলেহেতেন৷ পিচে আমাৰ সেনাপতি ডাঙৰীয়াৰ নাম শুনিলেই সিহঁতৰ কানিয়ে কাছুটিয়ে যায়৷
তৃ, গ —হয়৷ মানুহে কয় বোলে কীচকৰ সমান বীৰ আৰু ক’তো নাই৷ তেওঁৰ যহতে ৰজাই সুখেৰে চাউল কঠা খাইছে৷
প্ৰ, গ —অকল ৰজাই হে নে? আমি জানো সুখেৰে খোৱা নাই! ইমান গাখীৰ, দৈ, ঘোল, মাখন, ঘিউ, সৰ, ফেহু অইন ৰজাৰ ৰাজ্যত কিমানে খাবলৈ পাইছে৷ এইবোৰৰেই আমাৰ পেট ভৰি যায়, ভাত নহলেও হয়৷
দ্বি, গ —যাৰ গাই আছে, তাৰ সকলো আছে৷ কৈছেই নহয় বোলে “যাৰ নাই গৰু সবাতকৈ সৰু” সেই দেখি যাৰ গৰু গাই সৰহ তেৱেঁই সবাতকৈ ডাঙৰ, তেওঁৰেই সম্পত্তি আটাইতকৈ বেচি৷
তৃ, গ —সেইমতে হ’লে আমাৰ ৰজা আন সকলো ৰজাতকৈ ডাঙৰ৷
প্ৰ, গ —নহয় নো কি! পিচে যদিও নিব পৰা নাই, তথাপি আমাৰ গৰুখিনিৰ ওপৰতে সৰুৰ পৰা বৰলৈকে আটাইৰে চকু বুলি শুনিছোঁ৷
দ্বি, গ —হ’ব নোৱাৰিছে! কীচক সেনাপতি থাকে মানে কোনো আগ বাঢ়ি নাহে৷
তৃ, গ —দেখাদেখিকৈ কোনো নাহে সঁচা, পিচে সৰুসুৰা চোৰে গম নোপোৱাকৈ তুই এটা সৰকালে ধৰাই টান৷ লাখ লাখ গৰুৰ ভিতৰত দুই এটাৰ কি হিচাব উলিয়াবা! আমাৰটো পালতে কিজানি এহেজাৰ মান হ’ব৷
(এটা মানুহৰ প্ৰৱেশ৷ তাৰ মূৰত পাগ, কান্ধত জোলোঙা৷ )
মানুহ৷ —কি কৰিছা লৰাহঁত?
গ, গ —আমি গৰু ৰাখিছোঁ৷
মানুহ —পনীয়াল গুটি খাব? সে বাটৰ দাঁতিতে পাই ছিঙি আনিলোঁ৷ পিচে মোৰ ঘৰত লৰা ছোৱালী নাই; নি নো কি কৰিম! সেই দেখি বোলে৷ গৰখীয়া লৰাহঁতকে দি যাওঁ, ধৰ্ম্ম হ’ব৷ খাবা নে?
দ্বি, গ —কিয় নাখাম!
তৃ, গ —আমি হাবিত বিচাৰি হে ফুৰোঁ; হাততে পাই নাখাম নে আৰু?
মানুহ —খোৱাঁ তেন্তে৷
( জোলোঙাৰ পৰা পনীয়াল উলিয়াই ভাগকৈ দিয়ে৷ লৰাহঁতে পকাই পকাই খায়৷ ]
মানুহ —এই ৰ’দত গৰু আগচি ফুৰোতে তোমালোকৰ ভাগৰ নালাগে নে?
প্ৰ, গ —লাগে৷ লাগিলে নো কি কৰিম!
মানুহ৷ —মই এতিয়াই খেদি ফুৰিব নলগা কৰি দিব পাৰোঁ৷
তিনিও —কেনেকৈ?
মানুহ —গৰু চৰাওঁতে গোৱা নাম এটা আছে৷ যিখন পথাৰত গৰু থৈ নামটো গাবা, খেদি নিনিয়ালৈকে তাৰ পৰা এটা গৰুও আঁতৰি নাযায়৷
প্ৰ, গ৷ —তেন্তে বৰ ভাল নাম৷ আমাক শিকাই দিয়ক৷
মানুহ —দিব পাৰোঁ৷
দ্বি, গ —তাৰ আগতে এবাৰ গৰুৰ জাকটো চাই আহোঁ৷
মানুহ —চাবৰ দৰকাৰ নাই৷ এই নাম গালে কোনোবাটো আঁতৰি গৈছিল যদিও, আপুনি ঘূৰি আহিব৷
তৃ, গ —শিকাওক তেন্তে৷
মানুহ —শিকিব খুজিছা যদি তিনিও তিনি ফালে হাত ধৰাধৰিকৈ থিয় হোৱা৷ ই মাজত থাকিম৷ মই পদ দিম, তোমালোকে নামটো দোহাৰিবা৷ তোমালোকে কিন্তু অইন কোনো ফাললৈ নাচাই মোৰ মুখলৈ চাবা৷
তিনিও —বাৰু৷
[ তিনি ফালে তিনটা আৰু মাজতে মানুহটো হৈ নাম ধৰে ]
লাঙোৰ পাঙোৰ, ভাল ভাল চাই সাঙোৰ।
একোৰাশিঙীয়া | নাসাঙুৰিবি | লতাত লাগি যাব। |
ব-ছিগা | নাসাঙুৰিবি | মাখি ভেনভেনাব। |
ডাঙৰ যাঁৰ | নাসাঙুৰিবি | বাটত হুকুৰি যাব। |
বাঘচাপৰীয়া | নাসাঙুৰিবি | বন-ৰজাই খাব । |
ভীমটোকা | নাসাঙুৰিবি | পলাব এৰি জাক। |
তালযুৰীয়া | নাসাঙুৰিবি | খাবলৈ নাপাৰি ভাত। |
বুঢ়া-ঠেৰা | নাসাঙুৰিবি | ছালখনহে পাবি। |
চালিশিঙীয়া | নাসাঙুৰিবি | চকু ফুটিব চাবি। |
লাওমুৰা | নাসাঙুৰিবি | যুঁজত মেলিব চুটি। |
টকানেজা | নাসাঙুৰিবি | সেইটো গৰীয়াগুটি। |
পলম কৰি | নাথাকিবি | খৰ খেদাকৈ ব’ল। |
ইমানতে | গৰখীয়া নামৰ | এক আধ্যা গ’ল। |
ঔ ৰাম জয় হৰি। |
মানুহ৷– তোমালোকে গায়েই থাকিবা। নহলে কেনেবাকৈ পাহৰিবা। এতিয়া মই যাওঁ।
[ প্ৰস্থান ]
প্ৰ, গ৷ –গৰুবোৰ ঠিক ঠাইতে আছে নে চাই আহোঁ।
[ প্ৰস্থান ]
প্ৰমাণ পাম।
তৃ, গ৷ —মোৰ হলে সঁচা যেনেই লাগিছে ।
[ প্রথম গৰখীয়াৰ পুনঃ প্রবেশ । ]
প্র, গ৷ —সৰ্ব্বনাশ! ভাল ভাল গাই, দমৰা এটাও নাই ।
দ্ধি, গ।—এটাও নাই ! কলৈ গ’ল ?
তৃ, গ -ই তেনেহলে আমাক ঠগিলে। ই আমাক ইফালে ফুচুলাই ৰাখিলে, সিফালে তাৰ লগৰবিলাকে গৰুবোৰ লৈ গ’ল ?
প্র, গ।—ই কথাই কথা নহয়। এতিয়াই মহাৰাজক জনাব লাগে। পালেগৈ বা কিমানখিনি ।
তৃ, গ।—এৰা ব’ল ব’ল । [ তিনিওৰে প্রস্থান]
বিৰাটৰ ভিতৰ চ’ৰা ।
[ এখন সতৰঞ্চিত পাশাখেলৰ বৰ কটা। তাৰ দুকাষে বিৰাট আৰু কঙ্ক-নামধাৰী যুধিষ্ঠিৰ পাশা খেলত মগ্ন । ]
বিৰাট । —এইবাৰ নিশ্চয় আপোনাৰ গুটি কাটিম । কিমান লাগে ? ( ঘৰ লেখি ) এক, দুই, তিনি, চাৰি, পাচ, ছয়, সাত, আঠ, ন, দহ । ছয় চাৰি মাৰিব লাগে।
[ ঢাল মাৰে । ]
এই ঠিক, আপোনাৰ গুটি কাটিলোঁ। এইবাৰ নিশ্চয় মোৰ জিত।
[ গুটি বুলায় ]
যুধিষ্ঠিৰ –এতিয়াও সময় আছে। আপোনাৰ গুটি যদি এইবাৰেই কটা যায় !
[ ঢাল মাৰে। ]
[ দ্ৰৌপদীৰ প্ৰবেশ। ]
দ্ৰৌপদী—ৰক্ষা কৰক মহাৰাজ ! ৰক্ষা কৰক !
যুধি। —কি ! কি হৈছে ?
দ্ৰৌপদী। —মোক কীচকে খেদি আনিছে। ৰক্ষা কৰক।
বিৰাট। —বাৰু, বাৰু। (যুধিষ্ঠিৰক ) গুটি বুলাওক।
যুধি। --গোচৰটোৰ এটা মীমাংসা কৰক।
বিৰাট। —নিশ্চয় কৰিম। এতিয়া গোচৰ সুধিবৰ সময় নহয়, খেলাৰ সময়। কোনটো গুটি বুলাব ? এইটো নহয় নে ? [ নিজে গুটি বুলাই দি ঢাল মাৰে ]
দ্ৰৌপদী। -সৌৱা সি ইয়ালৈকে আহিছে। মোক ৰক্ষা কৰক মহাৰাজ।
বিৰাট। —ওঁ, ৰক্ষা কৰিম। ভয় নাই। এইবাৰ পোৱা বাৰ। [ গুটি বুলাই ] মোৰ এইটো গুটি উঠিল।
[ কীচকৰ প্ৰবেশ ]
কীচক। —মোৰ ওপৰত গোচৰ দিবলৈ আহিছ ! চাওঁচোন তোক কোনে ৰক্ষা কৰে। [ দ্ৰৌপদীৰ চুলিত থাপ
মাৰি ধৰে । দ্ৰৌপদীয়ে ঠাচ কৰে চৰ মাৰি দিয়ে। কীচক বাগৰি পৰে। তাৰ পাচত পৰাৰ পৰা উঠি ] কি ! মোক অপমান কৰ ! ইমান সাহ ! মোক চিনি পোৱা নাই ! [দ্ৰৌপদীক গোৰ মাৰে আৰু । দ্ৰৌপদী পৰি যায়।] মজা পাইছ ! তোক মই দেখিম, তই কিমান পানীৰ মাছ !
[ প্ৰস্থান ]
যুধি। —ই বৰ অন্যায় কথা ! ৰজাৰ চকুৰ আগতে এজন বিষয়াই নাৰীৰ ওপৰত অত্যাচাৰ কৰে। মহাৰাজে ততালিকে তাৰ বিচাৰ কৰা উচিত।
বিৰাট। —নিশ্চয় কৰিম। নাৰীৰ ওপৰত এনে অত্যাচাৰ কেতিয়াও সহ্য নকৰোঁ। পিচে এক পক্ষৰ কথাতে বিচাৰ নহয়। ঘটনাৰ আঁতি-গুৰি সম্পৰ্কে অনুসন্ধান কৰিব লাগিব। কাৰ কি দোষ এতিয়াই ক’ব নোৱাৰি।
যুধি। —নোৱৰাটো নাই। পৰাটোৰ তো বিচাৰ কৰিব লাগে। মহাৰাজক অবজ্ঞা কৰি তেওঁ ইয়াত যি আচৰণ কৰিলে তাৰ জানো কিবা প্ৰমাণৰ প্ৰয়োজন আছে !
বিৰাট। —নাই। তথাপি মোৰ মতে দুয়োটা বিচাৰ একেলগে হোৱাই ভাল।
দ্ৰৌপদী। —মই এতিয়া কি কৰিম ? কলৈ যাম ?
বিৰাট। —তুমি ৰাণীৰ ওচৰলৈ যোৱাঁ।
দ্ৰৌপদী। —যদি সি মোক তাতে ধৰেহি।
বিৰাট। —ধৰে যদি তাৰ শাস্তি হ’ব।
দ্ৰৌপদী। —সি যাতে মোক আমনি কৰিব নোৱাৰে তাৰ উপায় কৰক।
বিৰাট। —আঃ ! কথা নুশুনা কিয় ? যোৱাঁ বুলিছোঁ যোৱাঁ। সি যদি কিবা কৰে, তেতিয়া আকৌ গোচৰ দিবা, মই বিচাৰ কৰিম।
দ্ৰৌপদী। —এৰা, মোমাই মৰক, ভূতক পিচে পাম।
বিৰাট। —তুমি বৰ দন্দুৰী। খেলাটো একেবাৰেই মাটি কৰিলা ! যোৱাঁ বুলিছোঁ ভালে ভালে।
দ্ৰৌপদী। —যাবলৈ কৈছে যাওঁ। পিচত হ’লে মোক দুষিব নোৱাৰিব। [ প্ৰস্থান।)
বিৰাট। —যোৱাঁ। ওঁ, মাৰক মাৰক।
যুধি। —মোৰ ভাল লগা নাই, আৰু নেখেলোঁ।
বিৰাট। —সেইটো হ’ব নোৱাৰে। সাপ মাৰি নেগুৰত বিষ এৰিব নোৱাৰোঁ। এই বাৰেই কিজানি মোৰ ইটো গুটিও পকিব। এই খেলত নিশ্চয় মোৰ জিত।
যুধি।— [ অন্য মনস্কভাবে গুটি মাৰে আৰু বুলায়। ]
বিৰাট –( ঢাল মাৰি। ) আপোনাৰ এইটো গুটিও কাটিলে আৰু মোৰ গুটি সোমাল।
[ তাৰ পাচত আৰু দুবাৰমান খেলাত বিৰাটৰ গুটি উঠে ]
বিৰাট। —এই চাওক, মোৰ কথা ৰ'ল, মোৰ জিত হ’ল। আপুনি আগৰ বাৰ জিতিছিল, এই বাৰ মই শুটালোঁ।
যুধি। —ভাল হ’ল । সমান সমান হ’ল । আজিলৈ আৰু নেখেলোঁ।
[ গৰখীয়াকেইটা সোমাই ৰজাক সেৱা কৰে। ]
বিৰাট। —কি লাগে ?
প্র, গ,—মহাৰাজ, দক্ষিণৰ খুটিৰ আমাৰ পালটোৰ পৰা কোনোবাই গৰু চুৰ কৰিলে (নেঠাই ফোঁপাই কয়)
বিৰাট —তহঁত ক’লৈ গৈছিলি ?
দ্বি, গ। — ক’ৰবাৰ মানুহ এটা আহি আমাক ক’লে বোলে গৰু নেহেৰোৱা নাম এটা শিকাই দিওঁ। আমি তাৰ নাম শিকি থাকোঁতেই সিফালে গৰু হেৰাল ।
বিৰাট। —ও বুজিছো, সিয়েই আচল গভাইত। তহঁত যা। সেনাপতি কীচকক কগৈ । মই পঠিয়াইছোঁ। বুলি কবি। এতিয়াই চোৰহঁতৰ হাতৰ পৰা গৰু মোকোলাই আনিব লাগে।
[ গৰখীয়াহঁত ওলাই যায়। ]
এৰা, ওপৰা-উপৰি আহুকালত মোৰে মন বেয়া লাগিছে ! শান্তিৰে এখন্তক খেলিবলৈকো নোপোৱা হ’লোঁ। বলক, আজিলৈ ইমানতে
খেলা শেষ হ’ল ।
[ দুয়ো ওলাই যায়। ]
[ ৰান্ধনী ঘৰৰ এটা ভাগ। ]
ভীম। – হ’ল নে সকলো কাম ?
ভোটোক। —হয় দেউতা । মোৰ ভাগৰ সকলো কাম শেষ কৰিলোঁ। বাটি-কাহী ধোৱা ঠাই-ঠুই মছা-সৰা একোকে বাকী এৰা নাই । এতিয়া শুবলৈহে যাওঁ ৷
ভীম। —ইয়াত কাম কৰি তই কেনে পাইছ ?
ভোটোক। —খুব ভাল পাইছোঁ। ইয়াৰ আগতে তিন ঠাইত আছিলোঁ। ক’তো ভাল নালাগিল । ইয়াত হ’লে মোৰ মনৰ মতে পাইছোঁ।
ভীম। —আগৰ কেই ঠাইত নো ভাল নালাগিল কিয় ?
ভোটোক। —সি বহুতো কথা। পোনেই এঘৰত সোমালোঁ। তাত ঠাকুৰ নাছিল। গিৰিহঁতনীয়ে নিজে ৰন্ধা-বঢ়া কৰে। গা ধুলে কাকো ৰান্ধনী ঘৰত সোমাবলৈকে নিদিয়ে। গা ধুলেও অকল কুটা বছা, চুৱা-ধোৱা আদি কামহে কৰিবলৈ দিয়ে।
তাতো কিমানবাৰ যে হাত ধুব লাগে তাৰ লেখেই নাই। কাঁহী-বাটিও এবাৰ ধুলেই নহয় ; খাৰ ঘহি ধোওঁহে ধোওঁ, তথাপি তেওঁ তাত কিবা এটা খুঁত উলিয়াবই। ঠাইখনো এবাৰ পানীৰে মচি আকৌ গোবৰ-মাটিৰে মচিব লাগে। সেই দেখি তাত থাকিব নোৱাৰিলোঁ।
ভীম। — তাৰ পিচত ?
ভোটোক। — তাৰ পাচত আন এঘৰত সোমালোঁ। তাত ঠাকুৰ আছিল। সেই বুলি গিৰিহঁতনীয়ে ঠাকুৰকেই সকলো ভাৰ নিদিয়ে। ৰন্ধা-বঢ়া সকলে তেওঁৰ নিজৰ দিহা মতেহে হয়। তাত এক ৰকম ভালেই পাইছিলোঁ, মুঠেই এটা কথাত হে বেজাৰ লাগিল। তাত ঠাকুৰ চাকৰৰ নিমিত্তে বেলেগে ৰন্ধা হয়, ভাল বস্তু একোৱেই আমাৰ ভাগত নপৰে। ভাল ভাল বস্তু দেখি জিভাৰ পানী বৈ থাকে, কিন্তু পাতত তাৰ গোন্ধো নাপাওঁ। সেই দেখি তাৰ পৰা গুচি আহিলোঁ।
ভীম। — তাৰ পাচত ?
ভোটোক। — এইবাৰ যি ঘৰত সোমালোঁ তাতো এটা ঠাকুৰ আছিল। চাকৰ হ’লে চাৰি-পাঁচটামান। গিৰিহঁত কেতিয়াবাহে ঘৰলৈ আহে, আন ঠাইত তেওঁৰ কাৰবাৰ আছে। ঘৰত থাকে গিৰিহঁতনী
আৰু কেইজনীমান বাৰী তিৰুতা। তেওঁলোকৰ এজনীয়েও ৰান্ধনী ঘৰলৈ ভুমুকিকে নামাৰে। ঠাকুৰটোৱে সেঙুন চুচি, টিকা খজুৱাই সেই হাতেৰেই মচলা বটে, আঞ্জা বহায়। মাছ তাছ ভাজি থাকোতেই দুই এখুটুৰাকৈ মুখত ভৰাই থাকে। ইফালে গাৰ ঘাম টপ টপকৈ ভাত আঞ্জা সকলোতে পৰে। মুঠতে নাকৰ সেঙুন, মুখৰ লালটি, গাৰ ঘাম, ভাত আঞ্জা সকলো একাকাৰ হয়। মোৰ ভাত খাবলৈ বৰ বিক্চিনা লাগিল। সেই দেখি তাৰ পৰা গুচি আহিলোঁ। দৰমহাও নাপালোঁ।
ভীম।—ইয়াত পাচে কেনে পাইছ ?
ভোটোকা। —ইয়াত সকলো ভাল পাইছোঁ। খাটনিও বন্ধা-ধৰা, যাৰ যি কাম দেউতাই ভগাই দিছে। দেউতাৰ ওচৰত ঠাকুৰহঁতেও তুৰি-মুৰি কৰিবলৈ সাহ নকৰে। খোৱাতো একেবাৰেই ৰজাৰ খাৱন। দেউতা থাকে মানে গতিয়াই উলিয়ালেও মই ইয়াৰ পৰা নাযাওঁ।
ভীম। —ভাল কথা। এতিয়া যা। পুৱা উঠাত পলম নকৰিবি। জান নহয় গালি-শপনি পৰা মোৰ অভ্যাস নাই। তাৰ সলনি পাবি চৰ, চাপৰ বাঘ-ঢকা। বুজিছ ?
ভোটোক। – ইমান দিনেও তাক বুজিবলৈ বাকী থৈছোঁ নে ?
ভীম। – বাৰু এতিয়া যা।
[ সেৱা কৰি ভোটোক ওলাই যায়। ]
এনে সুযোগ নাপাওঁ বুলিহে জানিছিলোঁ। নিজে একো কৰিব নালাগে; লোকক দিহা দি কাম কৰাব লাগে মুঠেই। ইফালে খোৱাৰ কোনো আহুকাল নাই। আজিয়েই এটা হৰিণ, পাঁচোটা ৰৌ মাছ ৰন্ধা হৈছিল। তাৰ আধাতকৈও বেচি মোৰ পেটতে সোমাল। ভাল ভাল বস্তুখিনি ৰজা-ৰাণীক অলপ চেলেকিবলৈ দি বাকীখিনি নিজৰ নিমিত্তে ৰাখি থ'লেই হৈ যায়। ৰজা-ৰাণীৰ তাতেই পৰম আনন্দ। নহবই বা কিয় ? এনে ৰন্ধা খাবলৈ জানো আগেয়ে কোনোবা জন্মত পাইছিল ! ( অলপ ইফাল সিফালকৈ ঘূৰি ) পিচে খাই খাই গা হে বঢ়াইছোঁ, তাক কামত লগাব নোৱাৰিলে টোপনি অহাই টান হৈছে। কাৰোবাৰ লগত এখুন্দা মাৰিবলৈ নাপালে থাকোঁ কেনেকৈ ! হাত-ভৰিবোৰতে কুট্কুটনি ধৰিছে। ৰ, অলপ ব্যায়ামকে কৰোঁ।
[ ২৪ বাৰ উজু বৈঠক আৰু ২৪ বাৰ উজু ডন কৰে। তাৰ পাচত বুকু, কৰঙনত ভুকুৱাই চপৰিয়াই হাত ভৰি
আছাৰি অলপ সময় কটায়। ]
নাই, সুঁত নালাগে।
[ মুদ্গৰ আনি কিছুসময় ঘূৰায়। তাৰ পাচত পিঠিত তপিনা আদিত তাৰেই কোবায়। তাৰ পাচত মুদ্গৰ থৈ অলপ বেলি লম্ফ জম্ফ কৰি ফুৰে। এনেতে ক’লা কাপোৰেৰে গা-মূৰ ঢাকি দ্ৰৌপদী সোমায় ]
[ নিজে নিজে ] এইটো কি ! ভূত নে পিশাচ নে ৰাক্ষস ! ভালেই হৈছে। কিজানি ইয়াৰ লগতে এখুন্দা মাৰি গাটো সুঁত লগাব পাৰোঁয়েই।
[ ফুটাই ] কোন ? কি লাগে ?
[ দ্ৰৌপদীয়ে মূৰৰ কাপোৰ গুচায় ]
তুমি ! কি হ’ল ? এই ৰাতিখন আহিলা কিয় ?
দ্ৰৌপদী। – কিয় আকৌ সুধিছা হে ! মই যে কি অপমান সহ্য কৰি জীয়াই আছোঁ , তাক তুমি ভাবিব নোৱাৰা। আজি কীচকে মোৰ ওপৰত বল প্ৰয়োগ কৰিবলৈ আহিছিল। মই লৰি গৈ ৰজাৰ ওচৰত আশ্ৰয় বিচাৰিলোঁ। ৰজাই মোক ৰক্ষা কৰিব নোৱাৰিলে। কীচকে মোৰ চুলিত ধৰি ৰজাৰ আগতে পদাঘাত কৰি অপমান কৰিলে। তথাপি মাতিবলৈ ৰজাৰ সাহ ন’হল। ৰাণী হৈ আজি মই লোকৰ দাসী। তাৰ ওপৰত আকৌ এই লাঞ্ছনা। অকল ইমানেই নহয়, সি আকৌ
মোক অপমান কৰিব। মোৰ এই জীৱনৰ সকাম কি !
[ চকু-লো টোকে। ]
ভীম। —তাৰ ইমান সাহ ! তুমি ইয়াতে থাকাঁ। মই তাক কাণত ধৰি লৈ আহোঁ। আজি তাক ইয়াতে ঠেকেচি ঠেকেচি মাৰিম।
[ যাব খোজে। ]
দ্ৰৌপদী। —নাযাবা, নাযাবা। কি কৰিব খুজিছা তুমি। তেনে কৰিলে সকলো কথা প্ৰকাশ হৈ পৰিব। অজ্ঞাত বাসৰ আৰু এমাহ মানহে থাকিব পায়। মূৰামূৰি সময়ত সকলো নষ্ট নকৰিবা।
ভীম। —খঙৰ বেগত মই সেই কথা পাহৰিয়েই গৈছিলোঁ। তেন্তে কি কৰা যায়। ( অলপ ভাবি ) ঠিক বুধি ওলাইছে। ( দ্ৰৌপদীৰ কাণত ফুচফুচায় ) এইটোৱেই একমাত্ৰ উপায়। তুমি এতিয়া যোৱাঁ। কালিলৈ তুমি ঠিক মই কোৱাৰ দৰে কাম কৰিবা। তাৰ পাচত তাৰ গতি লগাম।
দ্ৰৌপদী। —বাৰু, সেয়ে হ’ব। তুমি কিন্ত সাৱধান হৈ চলিবা। তুমি বুলি যেন কোনেও গম নাপায়।
[ প্ৰস্থান ]
ভীম। —গাৰ কুটকুটনি এই বাৰ মাৰিব পাৰিম। এই বাৰ ভালকৈয়ে অলপ কছৰৎ হ’ব। বঢ়িয়া হব
[ বুকত চপৰিয়ায়। ]
প্ৰথম দৃশ্য।
দ্ৰৌপদীয়ে হাতত কৰণি লৈ ফুল তুলি ফুৰে। এনেতে নিলগত কীচকৰ প্ৰবেশ।
কীচক।—কি সুন্দৰ ! যেন ফুল-কুঁৱৰীয়েহে ফুলৰ মাজত উমলি ফুৰিছে ! কালি পলাইছিল ; আজি আৰু ক’লৈ সাৰিব ! ( অলপ পৰ চাই থাকি ) মোক দেখা নাই। চক নুখুৱাওঁ। লুকাই লুকাই তেওঁৰ গঢ়-গতিটোকে চাওঁ।
[জোপা এটাৰ আঁৰলৈ গৈ চাই থাকে। ]
দ্ৰৌপদী।—(ফুল তুলি তুলি) দিনৌ নিজ হাতে ফুল তুলি একোধাৰ মালা গাঁথি ৰাণীক পিন্ধাব লাগে। এনেকৈ পৰৰ দাসী হৈ আৰু কিমান দিন থাকিম।
কীচক।—( ঘপ কৰে আগত ওলাই ) আৰু এদিনো থাকিব নালাগে। পৰৰ লিগিৰী হ’বলৈ বিধাতাই তোমাক ইমান ৰূপৱতী কৰি স্ৰজা নাই। তুমি আহাঁ, কীচকৰ ঘৰ শুৱনি কৰাঁ, ৰাণীৰ ওপ-
ৰত ৰাণী হৈ মহা-সুখে কাল কটোৱাঁ।
দ্ৰৌপদী।— মই লোকৰ লিগিৰী, মোৰ ইচ্ছামতে কাম নহয়।
কীচক।—তোমাৰ ইচ্ছামতে কাম নহব পাৰে, কিন্তু মোৰ ইচ্ছামতে হব। তুমি বোধ কৰোঁ মোৰ ক্ষমতাৰ কথা নাজানা। আজি ৰজা সিংহাসনত আছে কাৰ যহত ! ইচ্ছা কৰিলে আজিয়েই মই তেওঁক নমাই নিজে তাত বহিব পাৰোঁ। ৰজাই মোক কি কৰিব পাৰে ! আন হে নালাগে মোৰ কথাৰ ওপৰত কথা কবলৈকে ৰজাৰ সাহ নাই। মোৰ কথা সঁচা নে মিছা তুমি নিজেই বোধ কৰোঁ গম পাইছা।
দ্ৰৌপদী।—পাইছোঁ।
কীচক।—তেনেহলে ৰজা-ৰাণীলৈ ভয় কিহৰ ?
দ্ৰৌপদী।—আৰু ভয় আছে। তুমি নিশ্চয় শুনিছা মোৰ পাঁচজন গন্ধৰ্ব্ব স্বামী অাছে। মোৰ গাত হাত দিয়াৰ কথা শুনিলে তেওঁলোকে কাকো শুদাই নেৰে।
কীচক।—পাঁচ জন গন্ধৰ্ব্বহে নালাগে, পাঁচ হেজাৰ গন্ধৰ্ব্বয়ো মোৰ নোম লৰাব নোৱাৰে। সিহঁতক মই শুদা হাতেৰেই ডিঙি চেপি মাৰিব পাৰোঁ। তুমি মিছাই ভয় নকৰিবা। মোক ভঁজা।
আহাঁ, ঘৰলৈ যাওঁ।
( চাপি যায়।)
দ্ৰৌপদী। – [ পিচ হুঁহঁকি ] এতিয়া নহয়। এই দিনৰ পোহৰতে তোমাৰ লগত গলে মানুহৰ চকুত পৰিব আৰু নানা প্ৰকাৰৰ কেলেঙ্কাৰী ওলাব। সেইদেখি এতিয়া তুমি যোৱাঁ, নিতান্ত যদি মোক লগ ধৰিব খোজা, ৰাতি সকলো মানুহ শুলে ৰান্ধনী ঘৰলৈ যাবা । তাত তেতিয়া কোনো নাথাকে। মই অকলৈ তাত তোমালৈ অপেক্ষা কৰিম।
কীচক। – সঁচা নহয়? ফাঁকি নিদিবা।
দ্ৰৌপদী।–ফাঁকি দিয়াৰ পৰা লাভ কি? মই এই ৰাজ্যতে থাকিম তেতিয়া আজি বাৰু ফাঁকি দিলোঁৱেই, কালিলৈ কৰিম কি?
কীচক।– বাৰু তেন্তে সেয়ে হ’ব। এতিয়া মই তোমাক আমনি নকৰোঁ।
দ্ৰৌপদী।– তেন্তে কোনেও নৌ দেখোঁতেই তুমি যোৱাঁ।
কীচক।– বাৰু যাওঁ। কিন্তু কথা যেন লৰ-চৰ নহয়।
[ ঘূৰি ঘূৰি চাই ওলাই যায়। ]
দ্ৰৌপদী।–নিশ্চয় নহয়। আজি ৰান্ধনী ঘৰতেই তোমাৰ জীৱনৰ সকলো আশা-ভাৰসা, সকলো হেপাহ পূৰ হ’ব, কামনাৰ উদণ্ড প্ৰবাহ চিৰকাললৈ ক্ষান্ত হ’ব।
[ প্ৰস্থান ]
দ্বিতীয় দৃশ্য।
ৰান্ধনী ঘৰৰ এটা ভাগ।
[ ভীমৰ প্ৰবেশ। ][ গাটো জোকাৰি, হাত-ভৰি এবাৰ মেলি এবাৰ কোঁচাই
বুকু ফিন্দাই থিয় হয়। তাৰ পাচত কাপোৰ-কানি
আঁটি লৈ কমৰ বান্ধে।ভালমতে সাজু
হৈ লোৱাৰ পাচত মাটিতে
পাটী পাৰে আৰু মূৰে-গাই
[ হাতত সাৰে ভৰিত সাৰে কীচকৰ প্ৰবেশ।]
কীচক। –কথা ৰাখিলে। উস্! আজি সময়খিনি নাযায় নাযায় যেন লাগিছিল। এই প্ৰায় তিনি পৰ সময় যে কি যন্ত্ৰণাত কটাইছোঁ! যাওক, এতিয়া তাৰ সলনিত পাইছোঁ এটা নতুন জীৱন, আনন্দৰ এটা নতুন হেন্দোলনি। মন-প্ৰাণ উৰোঁ উৰোঁ কৰিছে।
[ ভীমৰ ওচৰ চাপি গাত হাত দিয়ে। ভীম একে দৰেই থাকে।]
[ ৩১ ]
কি ! টোপনি গ’ল নে কি? সুন্দৰী! মই আহিছোঁ।
( মুখৰ পৰা কাপোৰ গুচাব খোজে, কিন্তু নোৱাৰে। )
মুখখন এনেকৈ ঢাকিছা কিয় ? অভিমান কৰিছা !
[ ভৰিৰ ওচৰত বহি পিটিকিবলৈ ধৰে। ]
মানিনি! মান এৰাঁ। কাবৌ কৰিছোঁ এবাৰ চকু মেলি চোৱাঁ। —কি! নোচোৱা! কালি মই অন্যায় কৰিছিলোঁ, অপৰাধ কৰিছিলোঁ। তাক তুমি ক্ষমা কৰিব পৰা নাই? বাৰু তেন্তে মোৰ দোষৰ জোখাই শাস্তি দিয়াঁ। এইয়া মূৰ পাতি দিছোঁ, তুমিও মোক পদাঘাত কৰাঁ।
[ ভীমে সোঁ ভৰিটো উলিয়াই গোৰ মাৰে, কীচক উফৰি পৰে। তাৰ পাচত দুয়ো হাতে মূৰটো ধৰি কঁপি কঁপি উঠে। ]
উস্! মূৰ ঘূৰি গ'ল, গোটেই গা কঁপি গৈছে। এই মূৰে কত গদাৰ কোব সহিছে, কত শিলৰ, কত শালগছৰ আঘাত সহ্য কৰিছে, কেতিয়াও তো এনে হোৱা নাছিল। তিৰুতাৰ ফুল যেন কোমল ভৰিৰ ইমান শক্তি নে ?
[ দুয়োহাতে মূৰটো ধৰি থিয় হয়। এনেতে জাপৰ কাপোৰ পেলাই ভীম জাপ মাৰি উঠি কীচকৰ আগলৈ আহে। ]
[ ৩২ ]
ভীম।—আহাঁ মোৰ প্ৰণয়ীপ্ৰৱৰ! দুয়ো গলাগলি কৰি প্ৰেমত মজি যাওঁ (কীচকৰ ডিঙিত চেপা মাৰি ধৰে, কীচকেও ভীমৰ ডিঙিত ধৰে। কিছুসময় জোঁটাপুটি লগাই দুয়ো এৰাই যায়।)
ইয়াৰ পিছত দুয়োৰে মল্ল যুদ্ধ হয়। বহু বেলিলৈকে কোনেও কাকো বলে নোৱাৰে। কীচকৰ মূৰ ঘূৰণি বেচি হয়। মাজে মাজে মূৰটো টিপিলৈ আকৌ লাগে। এনেকৈয়ে এক দণ্ডমান যোৱাত ভীমে কীচকক বগৰাই পেলাই আৰু বুকুত বহি ভুকুৱাবলৈ ধৰে। প্ৰথমে কীচকে উঠিবলৈ চেষ্টা কৰিছিল, কিন্তু শেহত হাত-ভৰি মেলি নেঠাবলৈ ধৰিলে।
ভীম।—এই দুটা চকুৰে আৰু লোকৰ তিৰুতালৈ চাবি! (চকু দুটা কাঢ়ি পেলায়) এইখন নিলাজ মুখেৰে লোকৰ তিৰুতাৰ প্ৰেম ভিক্ষা কৰিবি! (ভুকুৱাই দাঁত-মুখ ভাঙে) এই হাতেৰে লোকৰ তিৰুতাক ধৰিবি! (হাত দুটা মুচৰি ভাঙে) এই ভৰিৰে লোকৰ তিৰুতাক আঘাত কৰিবি! (ভৰি দুটা মুচৰি পেলায়)
(তাৰ পিছত ভীম থিয় হৈ অলপ পৰ থৰ হৈ চায় থাকে। কীচকৰ ধাতু যাওঁ যাওঁ হয় ভীমে কীচকৰ টেটুত চেপা মাৰি চোচোৰাই আনি নেকেহ কৰে পেলাই দিয়ে।)
যা এতিয়া, নৰকৰ গহ্বৰত লোকৰ তিৰুতাৰ লগত প্ৰেম কৰগৈ।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )