পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/26

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আৰু কেইজনীমান বাৰী তিৰুতা। তেওঁলোকৰ এজনীয়েও ৰান্ধনী ঘৰলৈ ভুমুকিকে নামাৰে। ঠাকুৰটোৱে সেঙুন চুচি, টিকা খজুৱাই সেই হাতেৰেই মচলা বটে, আঞ্জা বহায়। মাছ তাছ ভাজি থাকোতেই দুই এখুটুৰাকৈ মুখত ভৰাই থাকে। ইফালে গাৰ ঘাম টপ টপকৈ ভাত আঞ্জা সকলোতে পৰে। মুঠতে নাকৰ সেঙুন, মুখৰ লালটি, গাৰ ঘাম, ভাত আঞ্জা সকলো একাকাৰ হয়। মোৰ ভাত খাবলৈ বৰ বিক্‌চিনা লাগিল। সেই দেখি তাৰ পৰা গুচি আহিলোঁ। দৰমহাও নাপালোঁ।
ভীম।—ইয়াত পাচে কেনে পাইছ ?
ভোটোকা। —ইয়াত সকলো ভাল পাইছোঁ। খাটনিও বন্ধা-ধৰা, যাৰ যি কাম দেউতাই ভগাই দিছে। দেউতাৰ ওচৰত ঠাকুৰহঁতেও তুৰি-মুৰি কৰিবলৈ সাহ নকৰে। খোৱাতো একেবাৰেই ৰজাৰ খাৱন। দেউতা থাকে মানে গতিয়াই উলিয়ালেও মই ইয়াৰ পৰা নাযাওঁ।
ভীম। —ভাল কথা। এতিয়া যা। পুৱা উঠাত পলম নকৰিবি। জান নহয় গালি-শপনি পৰা মোৰ অভ্যাস নাই। তাৰ সলনি পাবি চৰ, চাপৰ বাঘ-ঢকা। বুজিছ ?