পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভীম।—আহাঁ মোৰ প্ৰণয়ীপ্ৰৱৰ! দুয়ো গলাগলি কৰি প্ৰেমত মজি যাওঁ (কীচকৰ ডিঙিত চেপা মাৰি ধৰে, কীচকেও ভীমৰ ডিঙিত ধৰে। কিছুসময় জোঁটাপুটি লগাই দুয়ো এৰাই যায়।)
ইয়াৰ পিছত দুয়োৰে মল্ল যুদ্ধ হয়। বহু বেলিলৈকে কোনেও কাকো বলে নোৱাৰে। কীচকৰ মূৰ ঘূৰণি বেচি হয়। মাজে মাজে মূৰটো টিপিলৈ আকৌ লাগে। এনেকৈয়ে এক দণ্ডমান যোৱাত ভীমে কীচকক বগৰাই পেলাই আৰু বুকুত বহি ভুকুৱাবলৈ ধৰে। প্ৰথমে কীচকে উঠিবলৈ চেষ্টা কৰিছিল, কিন্তু শেহত হাত-ভৰি মেলি নেঠাবলৈ ধৰিলে।
ভীম।—এই দুটা চকুৰে আৰু লোকৰ তিৰুতালৈ চাবি! (চকু দুটা কাঢ়ি পেলায়) এইখন নিলাজ মুখেৰে লোকৰ তিৰুতাৰ প্ৰেম ভিক্ষা কৰিবি! (ভুকুৱাই দাঁত-মুখ ভাঙে) এই হাতেৰে লোকৰ তিৰুতাক ধৰিবি! (হাত দুটা মুচৰি ভাঙে) এই ভৰিৰে লোকৰ তিৰুতাক আঘাত কৰিবি! (ভৰি দুটা মুচৰি পেলায়)
(তাৰ পিছত ভীম থিয় হৈ অলপ পৰ থৰ হৈ চায় থাকে। কীচকৰ ধাতু যাওঁ যাওঁ হয় ভীমে কীচকৰ টেটুত চেপা মাৰি চোচোৰাই আনি নেকেহ কৰে পেলাই দিয়ে।)
যা এতিয়া, নৰকৰ গহ্বৰত লোকৰ তিৰুতাৰ লগত প্ৰেম কৰগৈ।

—অন্ত—