পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/10

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



লাগিব নে কি! তেওঁ যদি ককাইদেউৰ চকুত পৰে সেইটো ককাইদেউৰ দোষ হব নোৱাৰে৷ তেওঁক নো এনে ৰূপৱতী হবলৈ কৈছিল কোনে৷ কেনেবাকৈ মহাৰাজৰ চকুত পৰে বুলি মোৰেই ভয় লাগি আছে৷ (দাপোণৰ ওচৰলৈ গৈ মুখ চায়৷ মাজে মাজে ইকাতি সিকাতি কৈ থিয় হৈ চায় আৰু কাপোৰ কানিৰ ভাজ বোৰ ঠিক কৰি লয়৷ এনেতে বিৰাট সোমাই আহে৷ )
বিৰাট — কি হে৷ আজি দেখোন ৰাঙতে ৰূপ চৰিছে৷
সুদেষ্ণা — ওঁ, ৰূপ চৰিব! আপোনাৰ ৰাজ্যত নাই নে নাই, মুখত ঘঁহিবলৈ ভাল গুৰি ৰং এটাও পাবলৈ নাই৷
বিৰাট — কিয়? বিৰাট মেনুফেক্‌চাৰিং কোম্পানীক তোমাক যেতিয়াই যি লাগে চাপ্লাই কৰিবলৈ অৰ্ডাৰ দিয়াই আছে দেখোন!
সুদেষ্ণা — অৰ্ডাৰ দিলে কি হ’ব! সিহঁতে তৈয়াৰ কৰিব জানিলেহে! সিহঁততকৈ সৈৰিন্ধীয়েই ভাল বস্তু তৈয়াৰ কৰে৷ সেই দেখি মই কওঁ সোনকালে পাৰস্য নাইবা মিছৰৰ পৰা কিছুমান কাৰিকৰ আনি এটা নতুন পাৰফিউমাৰী খোলা হওক৷
বিৰাট —বাৰু, তাকে কৰা যাব৷ এই কোম্পানীটো যে এনে অকামিলা তাক মই কবই নোৱাৰোঁ৷