পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/9

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




কীচক — পালোঁৱেই বা! সিহঁতে কব, আমাক যি দিছে তাকে আনিছোঁ; আমি জানো তৈয়াৰ কৰিছোঁ! তেতিয়া সিহঁতক কি কৰিবা! মাজতে মই নৰ্দ্দমাৰ পানী খাব লাগিব৷ সেই কাৰণে মেনুফেক্‌চাৰাৰে নিজে নিব লাগিব৷
সুদেষ্ণা — বাৰু নিব, যোৱাঁ৷ ( সুহুৰিয়াই সুহুৰিয়াই কীচক ওলাই যায়৷ মাজে মাজে মূৰ ঘূৰাই দ্ৰৌপদীলৈ চায়৷ )
সুদেষ্ণা — ( দ্ৰৌপদীক ) কথা শুনিলা নহয়৷ এতিয়াই এটেকেলি চৰ্পত কৰাঁগৈ৷ ককাইদেউক দি আহিব লাগিব৷
দ্ৰৌপদী — তৈয়াৰ কৰি দিব পাৰিম; নিব হলে মই নোৱাৰোঁ৷
সুদেষ্ণা — সেইটো কেনেকৈ হয়! তেওঁ নিজে আনৰ হাতত দিবলৈ হাক দি গৈছে৷ তাতে তেওঁ বৰ চিকা চন্দাকৈ খায়৷ আনৰ হাতত দিলে নাখাবই৷
দ্ৰৌপদী — মোৰ যাবলৈ ভয় লাগে৷
সুদেষ্ণা — ভয় কিহৰ? ককাইদেউৰ নিচিনা ভাল মানুহ দেশখনতে নাই৷
দ্ৰৌপদী — নহয়, মোক যাবলৈ নক’ব৷
সুদেষ্ণা — নক’ব কি! যাবই লাগিব, মোৰ হুকুম৷
 (দ্ৰৌপদী ওলাই যায়৷ ) মোৰ হুকুম মানিবই লাগিব৷ নহলে মই এতিয়া লিগিৰীৰ কথামতে চলিব