পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুদেষ্ণা। — ইমান ডাঙৰ ৰাজ্যখনত এখন ভাল পাৰফিউমাৰী নাই; ই নিশ্চয় বদনামৰ কথা। মহাৰাজৰ এইবোৰ কথালৈ কাণ-সাৰেই নাই।
দ্ৰৌপদী। — অকল পাৰফিউমাৰী কিয়, মোৰ বোধেৰে ইয়াত ভাল জুৱেলাৰীও নাই। নহলে আপুনি এইবোৰ অলঙ্কাৰ পিন্ধে নে! এইবোৰে জানো ৰাণীক শুৱায়!
সুদেষ্ণা। — তুমি মোক খুব ভাল চাই ডিজাইন কেইটামান দিবাচোন। মই আজি মহাৰাজক ভালকৈ কথা শুনাই দিম। মুঠেই ঘিউৱে মৌৱে খাব আৰু তাচ-পাশা খেলিব, আন খবৰ একোৱেই নাই। ককাইদেউ নোহোৱা হ'লে এইখন ৰাজ্যই নাথাকে।
দ্ৰৌপদী। — এতিয়া সুবিধা পাইছে দেখি একোলৈকে কাণ-সাৰ নাই। নোপোৱা হ'লে, টানত পৰিলে আপুনি ৰাম বুলিলেহেতেনে।
              (নৰ্ত্তকীৰ বেশেৰে উত্তৰাৰ প্ৰবেশ।)
সুদেষ্ণা। — কি! তোৰ সঙ্গীত-শালালৈ যাবৰ হ'লেই নে?
উত্তৰা। — হ'ল তো। কালি এটা নাচ শিকাইছিল, আজি পৰীক্ষা ল'ব।
সুদেষ্ণা। — কি নাচ?
উত্তৰা। — লতিকা নাচ।