পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/21

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰি ধৰে । দ্ৰৌপদীয়ে ঠাচ কৰে চৰ মাৰি দিয়ে। কীচক বাগৰি পৰে। তাৰ পাচত পৰাৰ পৰা উঠি ] কি ! মোক অপমান কৰ ! ইমান সাহ ! মোক চিনি পোৱা নাই ! [দ্ৰৌপদীক গোৰ মাৰে আৰু । দ্ৰৌপদী পৰি যায়।] মজা পাইছ ! তোক মই দেখিম, তই কিমান পানীৰ মাছ !
                                 [ প্ৰস্থান ]
যুধি। —ই বৰ অন্যায় কথা ! ৰজাৰ চকুৰ আগতে এজন বিষয়াই নাৰীৰ ওপৰত অত্যাচাৰ কৰে। মহাৰাজে ততালিকে তাৰ বিচাৰ কৰা উচিত।
বিৰাট। —নিশ্চয় কৰিম। নাৰীৰ ওপৰত এনে অত্যাচাৰ কেতিয়াও সহ্য নকৰোঁ। পিচে এক পক্ষৰ কথাতে বিচাৰ নহয়। ঘটনাৰ আঁতি-গুৰি সম্পৰ্কে অনুসন্ধান কৰিব লাগিব। কাৰ কি দোষ এতিয়াই ক’ব নোৱাৰি।
যুধি। —নোৱৰাটো নাই। পৰাটোৰ তো বিচাৰ কৰিব লাগে। মহাৰাজক অবজ্ঞা কৰি তেওঁ ইয়াত যি আচৰণ কৰিলে তাৰ জানো কিবা প্ৰমাণৰ প্ৰয়োজন আছে !
বিৰাট। —নাই। তথাপি মোৰ মতে দুয়োটা বিচাৰ একেলগে হোৱাই ভাল।
দ্ৰৌপদী। —মই এতিয়া কি কৰিম ? কলৈ যাম ?