পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/7

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সুদেষ্ণা। — হ’বই। মোৰ ছোৱালী কম বুদ্ধিমতী নহয়। তাতে আকৌ বৃহন্নলাও হেনো বৰ ডাঙৰ ওস্তাদ।
দ্ৰৌপদী। — সেইটো আৰু ক’ব লাগিছে নে ? তেওঁ বোলে আগেয়ে পাণ্ডৱৰ ঘৰৰ মহিলাসকলৰ নৃত্য-শিক্ষক অাছিল।
সুদেষ্ণা। —ময়ো শুনিছোঁ।
           [সুহুৰিয়াই সুহুৰিয়াই কীচকৰ প্ৰবেশ। দ্ৰৌপদী তল মূৰ কৰি থাকে। ]
           কি! ককাইদেউ দেখোন ! বহাঁ।
কীচক। — মই নবহোঁ। আজি বহুতো ঘূৰিলোঁ। খাবৰ সময় পাৰ হ'ল। সেই ব্ৰে'কফাষ্ট খায়েই ওলোৱা। বাবুৰ্চ্চি-খানচামাহঁতে চাগৈ ৰৈ থাকি আমনি পাইছে। পিয়াহ হে লাগিছে। এগিলাচ পানী আনিবলৈ দিয়াঁ।
সুদেষ্ণা। — শুদাপানী দিব নে চৰ্পত খাবা ?
কীচক। — চৰ্পত হলে তো ভালেই।
সুদেষ্ণা। — [দ্ৰৌপদীক] যোৱাঁ, বেগাই এগিলাচ চৰ্পত অানা !
          [দ্ৰৌপদী ওলাই যায়। কীচকৰ চকু দ্ৰৌপদীৰ ওপৰত পৰে আৰু কেৰাহি কেৰাহিকৈ চায়। ]
কীচক। — এই লিগিৰীজনীৰ কাম কাজ কেনে ?
সুদেষ্ণা। — সেইটো আৰু ক’ব লাগিছে নে! কোনো