পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/24

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খেলা শেষ হ’ল ।
                [ দুয়ো ওলাই যায়। ]

তৃতীয় দৃশ্য


[ ৰান্ধনী ঘৰৰ এটা ভাগ। ]

ভীম আৰু ভোটোক ।

ভীম। – হ’ল নে সকলো কাম ?
ভোটোক। —হয় দেউতা । মোৰ ভাগৰ সকলো কাম শেষ কৰিলোঁ। বাটি-কাহী ধোৱা ঠাই-ঠুই মছা-সৰা একোকে বাকী এৰা নাই । এতিয়া শুবলৈহে যাওঁ ৷
ভীম। —ইয়াত কাম কৰি তই কেনে পাইছ ?
ভোটোক। —খুব ভাল পাইছোঁ। ইয়াৰ আগতে তিন ঠাইত আছিলোঁ। ক’তো ভাল নালাগিল । ইয়াত হ’লে মোৰ মনৰ মতে পাইছোঁ।
ভীম। —আগৰ কেই ঠাইত নো ভাল নালাগিল কিয় ?
ভোটোক। —সি বহুতো কথা। পোনেই এঘৰত সোমালোঁ। তাত ঠাকুৰ নাছিল। গিৰিহঁতনীয়ে নিজে ৰন্ধা-বঢ়া কৰে। গা ধুলে কাকো ৰান্ধনী ঘৰত সোমাবলৈকে নিদিয়ে। গা ধুলেও অকল কুটা বছা, চুৱা-ধোৱা আদি কামহে কৰিবলৈ দিয়ে।