পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/28

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আছাৰি অলপ সময় কটায়। ]
নাই, সুঁত নালাগে।
            [ মুদ্গৰ আনি কিছুসময় ঘূৰায়। তাৰ পাচত পিঠিত তপিনা আদিত তাৰেই কোবায়। তাৰ পাচত মুদ্গৰ থৈ অলপ বেলি লম্ফ জম্ফ কৰি ফুৰে। এনেতে ক’লা কাপোৰেৰে গা-মূৰ ঢাকি দ্ৰৌপদী সোমায় ]
            [ নিজে নিজে ] এইটো কি ! ভূত নে পিশাচ নে ৰাক্ষস ! ভালেই হৈছে। কিজানি ইয়াৰ লগতে এখুন্দা মাৰি গাটো সুঁত লগাব পাৰোঁয়েই।
            [ ফুটাই ] কোন ? কি লাগে ?
                     [ দ্ৰৌপদীয়ে মূৰৰ কাপোৰ গুচায় ]
            তুমি ! কি হ’ল ? এই ৰাতিখন আহিলা কিয় ?
দ্ৰৌপদী। – কিয় আকৌ সুধিছা হে ! মই যে কি অপমান সহ্য কৰি জীয়াই আছোঁ , তাক তুমি ভাবিব নোৱাৰা। আজি কীচকে মোৰ ওপৰত বল প্ৰয়োগ কৰিবলৈ আহিছিল। মই লৰি গৈ ৰজাৰ ওচৰত আশ্ৰয় বিচাৰিলোঁ। ৰজাই মোক ৰক্ষা কৰিব নোৱাৰিলে। কীচকে মোৰ চুলিত ধৰি ৰজাৰ আগতে পদাঘাত কৰি অপমান কৰিলে। তথাপি মাতিবলৈ ৰজাৰ সাহ ন’হল। ৰাণী হৈ আজি মই লোকৰ দাসী। তাৰ ওপৰত আকৌ এই লাঞ্ছনা। অকল ইমানেই নহয়, সি আকৌ