এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য।
ৰান্ধনী ঘৰৰ এটা ভাগ।
[ ভীমৰ প্ৰবেশ। ]ভীম। – সকলো শুলে। এতিয়া অভিসাৰৰ সোণালী সুযোগ। মই হ’লোঁ, অভিসাৰিকা, কীচক হ’ব প্ৰণয়ী। কি মজা! আজি বহুত দিনৰ মূৰত গাটো নিজৰ নিজৰ যেন লাগিছে।
[ গাটো জোকাৰি, হাত-ভৰি এবাৰ মেলি এবাৰ কোঁচাই
বুকু ফিন্দাই থিয় হয়। তাৰ পাচত কাপোৰ-কানি
আঁটি লৈ কমৰ বান্ধে।ভালমতে সাজু
হৈ লোৱাৰ পাচত মাটিতে
পাটী পাৰে আৰু মূৰে-গাই
[ হাতত সাৰে ভৰিত সাৰে কীচকৰ প্ৰবেশ।]
কীচক। –কথা ৰাখিলে। উস্! আজি সময়খিনি নাযায় নাযায় যেন লাগিছিল। এই প্ৰায় তিনি পৰ সময় যে কি যন্ত্ৰণাত কটাইছোঁ! যাওক, এতিয়া তাৰ সলনিত পাইছোঁ এটা নতুন জীৱন, আনন্দৰ এটা নতুন হেন্দোলনি। মন-প্ৰাণ উৰোঁ উৰোঁ কৰিছে।
[ ভীমৰ ওচৰ চাপি গাত হাত দিয়ে। ভীম একে দৰেই থাকে।]