পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/23

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিৰাট। —এই চাওক, মোৰ কথা ৰ'ল, মোৰ জিত হ’ল। আপুনি আগৰ বাৰ জিতিছিল, এই বাৰ মই শুটালোঁ।
যুধি। —ভাল হ’ল । সমান সমান হ’ল । আজিলৈ আৰু নেখেলোঁ।
             [ গৰখীয়াকেইটা সোমাই ৰজাক সেৱা কৰে। ]
বিৰাট। —কি লাগে ?
প্র, গ,—মহাৰাজ, দক্ষিণৰ খুটিৰ আমাৰ পালটোৰ পৰা কোনোবাই গৰু চুৰ কৰিলে (নেঠাই ফোঁপাই কয়)
বিৰাট —তহঁত ক’লৈ গৈছিলি ?
দ্বি, গ। — ক’ৰবাৰ মানুহ এটা আহি আমাক ক’লে বোলে গৰু নেহেৰোৱা নাম এটা শিকাই দিওঁ। আমি তাৰ নাম শিকি থাকোঁতেই সিফালে গৰু হেৰাল ।
বিৰাট। —ও বুজিছো, সিয়েই আচল গভাইত। তহঁত যা। সেনাপতি কীচকক কগৈ । মই পঠিয়াইছোঁ। বুলি কবি। এতিয়াই চোৰহঁতৰ হাতৰ পৰা গৰু মোকোলাই আনিব লাগে।
             [ গৰখীয়াহঁত ওলাই যায়। ]
     এৰা, ওপৰা-উপৰি আহুকালত মোৰে মন বেয়া লাগিছে ! শান্তিৰে এখন্তক খেলিবলৈকো নোপোৱা হ’লোঁ। বলক, আজিলৈ ইমানতে

-