পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/22

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিৰাট। —তুমি ৰাণীৰ ওচৰলৈ যোৱাঁ।
দ্ৰৌপদী। —যদি সি মোক তাতে ধৰেহি।
বিৰাট। —ধৰে যদি তাৰ শাস্তি হ’ব।
দ্ৰৌপদী। —সি যাতে মোক আমনি কৰিব নোৱাৰে তাৰ উপায় কৰক।
বিৰাট। —আঃ ! কথা নুশুনা কিয় ? যোৱাঁ বুলিছোঁ যোৱাঁ। সি যদি কিবা কৰে, তেতিয়া আকৌ গোচৰ দিবা, মই বিচাৰ কৰিম।
দ্ৰৌপদী। —এৰা, মোমাই মৰক, ভূতক পিচে পাম।
বিৰাট। —তুমি বৰ দন্দুৰী। খেলাটো একেবাৰেই মাটি কৰিলা ! যোৱাঁ বুলিছোঁ ভালে ভালে।
দ্ৰৌপদী। —যাবলৈ কৈছে যাওঁ। পিচত হ’লে মোক দুষিব নোৱাৰিব। [ প্ৰস্থান।)
বিৰাট। —যোৱাঁ। ওঁ, মাৰক মাৰক।
যুধি। —মোৰ ভাল লগা নাই, আৰু নেখেলোঁ।
বিৰাট। —সেইটো হ’ব নোৱাৰে। সাপ মাৰি নেগুৰত বিষ এৰিব নোৱাৰোঁ। এই বাৰেই কিজানি মোৰ ইটো গুটিও পকিব। এই খেলত নিশ্চয় মোৰ জিত।
যুধি।— [ অন্য মনস্কভাবে গুটি মাৰে আৰু বুলায়। ]
বিৰাট –( ঢাল মাৰি। ) আপোনাৰ এইটো গুটিও কাটিলে আৰু মোৰ গুটি সোমাল।
           [ তাৰ পাচত আৰু দুবাৰমান খেলাত বিৰাটৰ গুটি উঠে ]