পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/27

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোটোক। – ইমান দিনেও তাক বুজিবলৈ বাকী থৈছোঁ নে ?
ভীম। – বাৰু এতিয়া যা।
                      [ সেৱা কৰি ভোটোক ওলাই যায়। ]
           এনে সুযোগ নাপাওঁ বুলিহে জানিছিলোঁ। নিজে একো কৰিব নালাগে; লোকক দিহা দি কাম কৰাব লাগে মুঠেই। ইফালে খোৱাৰ কোনো আহুকাল নাই। আজিয়েই এটা হৰিণ, পাঁচোটা ৰৌ মাছ ৰন্ধা হৈছিল। তাৰ আধাতকৈও বেচি মোৰ পেটতে সোমাল। ভাল ভাল বস্তুখিনি ৰজা-ৰাণীক অলপ চেলেকিবলৈ দি বাকীখিনি নিজৰ নিমিত্তে ৰাখি থ'লেই হৈ যায়। ৰজা-ৰাণীৰ তাতেই পৰম আনন্দ। নহবই বা কিয় ? এনে ৰন্ধা খাবলৈ জানো আগেয়ে কোনোবা জন্মত পাইছিল ! ( অলপ ইফাল সিফালকৈ ঘূৰি ) পিচে খাই খাই গা হে বঢ়াইছোঁ, তাক কামত লগাব নোৱাৰিলে টোপনি অহাই টান হৈছে। কাৰোবাৰ লগত এখুন্দা মাৰিবলৈ নাপালে থাকোঁ কেনেকৈ ! হাত-ভৰিবোৰতে কুট্‌কুটনি ধৰিছে। ৰ, অলপ ব্যায়ামকে কৰোঁ।
[ ২৪ বাৰ উজু বৈঠক আৰু ২৪ বাৰ উজু ডন কৰে। তাৰ পাচত বুকু, কৰঙনত ভুকুৱাই চপৰিয়াই হাত ভৰি