পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/31

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰত ৰাণী হৈ মহা-সুখে কাল কটোৱাঁ।
দ্ৰৌপদী।— মই লোকৰ লিগিৰী, মোৰ ইচ্ছামতে কাম নহয়।
কীচক।—তোমাৰ ইচ্ছামতে কাম নহব পাৰে, কিন্তু মোৰ ইচ্ছামতে হব। তুমি বোধ কৰোঁ মোৰ ক্ষমতাৰ কথা নাজানা। আজি ৰজা সিংহাসনত আছে কাৰ যহত ! ইচ্ছা কৰিলে আজিয়েই মই তেওঁক নমাই নিজে তাত বহিব পাৰোঁ। ৰজাই মোক কি কৰিব পাৰে ! আন হে নালাগে মোৰ কথাৰ ওপৰত কথা কবলৈকে ৰজাৰ সাহ নাই। মোৰ কথা সঁচা নে মিছা তুমি নিজেই বোধ কৰোঁ গম পাইছা।
দ্ৰৌপদী।—পাইছোঁ।
কীচক।—তেনেহলে ৰজা-ৰাণীলৈ ভয় কিহৰ ?
দ্ৰৌপদী।—আৰু ভয় আছে। তুমি নিশ্চয় শুনিছা মোৰ পাঁচজন গন্ধৰ্ব্ব স্বামী অাছে। মোৰ গাত হাত দিয়াৰ কথা শুনিলে তেওঁলোকে কাকো শুদাই নেৰে।
কীচক।—পাঁচ জন গন্ধৰ্ব্বহে নালাগে, পাঁচ হেজাৰ গন্ধৰ্ব্বয়ো মোৰ নোম লৰাব নোৱাৰে। সিহঁতক মই শুদা হাতেৰেই ডিঙি চেপি মাৰিব পাৰোঁ। তুমি মিছাই ভয় নকৰিবা। মোক ভঁজা।