পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/13

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



থাকিব লাগিব৷ মই ৰাণীক কৈ দিম৷ তেওঁ একো ক’ব নোৱাৰে৷

( দ্ৰৌপদী যাব খোজে৷ )

কীচক –কি! আকৌ যাবহেঁ খুজিছা নে কি? সেইটো হ’ব নোৱাৰে৷ আহাঁ৷
 ( ধৰিবলৈ যায়৷ দ্ৰৌপদীয়ে লৰ মাৰে, কীচকে পিচে পিচে খেদি নিয়ে৷ )
বাবুৰ্চি – (বাহিৰলৈ ভূমুকিয়াই চাই ) গ’লগৈ৷ বঢ়িয়া হ’ল৷ এতিয়া আমাৰ পাল৷ গিৰিহঁত নহলে লগুৱাই গিৰিহঁত৷ (লিগিৰীলৈ চাই ) নহয় জানো?
[ হাঁহি হাঁহি মাচিয়াত বহি চৰ্পত খায়, লিগিৰীজনীকো হাত টিপিয়াই মাতি এগিলাচ দিয়ে৷ ]
কুচ্ পৰোৱা নাই৷ ঘূৰি আহি সোধে যদি কৈ দিম–এৰা পাতৰ বস্তু কেলেই থৈছোঁ, পেলাই দিলোঁ৷ আৰু কি! (লিগিৰীক) আহাঁ, দুটা মান পাককে দিয়াঁ৷ মোৰ স্ফুৰ্তি লাগিছে৷
[ লিগিৰীক টানে আৰু দুয়ো নাচে ]

( প্ৰথম অঙ্ক শেষ৷ )