আলিবাবা আৰু দুকুৰি ডকাইত
আলিবাবা
আৰু
দুকুৰি ডকাইত
আজলীতৰা নেওগ
ALIBABA ARU DUKURI DOKAIT : Adopted from Arabian Nights in Assamese by Ajaleetara Neog and published by Xuwani Prakash, Guwahati-781005.
© শুৱনী প্ৰকাশ
প্ৰথম তাঙৰণ : ১৮৫৩ শক
দ্বিতীয় তাঙৰণ : ১৮৬২ শক
তৃতীয় তাঙৰণ : ১৮৭৫ শক
চতুৰ্থ তাঙৰণ: ১৯৩০ শক
মূল্য: ২৫.০০ টকা
বেটুপাত আৰু অঙ্গসজ্জা: শ্ৰীঅতুল বৰুৱা
শুৱনী প্ৰকাশ
গুৱাহাটী-শ্বিলংপথ
ভঙাগড়, গুৱাহাটী-৭৮১০০৫
মুদ্ৰক: অন্বেষণ পাব্লিকেচন
ৰাজগড় ৰোড, ভঙাগড়
গুৱাহাটী-৭৮১০০৭
অৰ্পণ
পৰম পূজনীয় পিতৃদেৱতা
শ্ৰীযুত বেণুধৰ ৰাজখোৱা, বি, এৰ
শ্ৰীচৰণ-কমল-যুগলত
শুৱনীকণ
“শ্ৰীমতী আজলীতৰ নেওগৰ দ্বাৰাই ৰচিত আৰৱৰ 'এহেজাৰ এনিশা'ৰ সাধুৰ ভিতৰত এই সুবিখ্যাত সাধুটো পৃথিৱীৰ ভিতৰত সকলোবোৰ প্ৰধান ভাষাত অনুবাদিত হৈ বহুকালৰ পৰা প্ৰচাৰিত হৈছে। এনে শিক্ষিত মানুহ আৰু ল'ৰা-ছোৱালী কম যে এই সাধুটোৰ বিষয়ে অলপ নহয় অলপ নাজানে। আমাৰ অসমীয়া ভাষাত তাক উলিয়াই দি শ্ৰীমতী নেওগে বৰ ভাল কাৰ্য্য কৰিলে। কিতাপৰ ভাষা ভাল, গঢ় ভাল। গ্ৰন্থকৰ্ত্ৰী আমাৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ডিম্বেশ্বৰ নেওগৰ সহধৰ্মিনী আৰু বন্ধুবৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা। পিতৃ আৰু স্বামী দুই ফালৰ পৰা তেওঁৰ গাত সাহিত্যৰ প্ৰেৰণা আছে। এনেকুৱা বস্তু আমাৰ আইটিৰ পৰা আমি আৰু বিচাৰিলোঁ। ”
শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা, ’বাহী’ কাতি ১৮৫৩ শক।
“শ্ৰীযুতা আজলী নেওগ ৰচিত। ছপা, বন্ধা ভাল...এই এধানমান পুথিখনত সুবিখ্যাত আৰবোপন্যাসৰ “এহেজাৰ এৰাতিৰ” এটা সাধু সহজ সৰল ভাষাৰে অসমীয়ালৈ ভাঙি অসমীয়া ৰাইজৰ শলাগৰ পাত্ৰী হৈছে। আশাকৰোঁ লেখিকাই তেওঁৰ সুযোগ্য পিতৃ আৰু স্বামীৰ পথ অনুসৰণ কৰি ভৱিষ্যতলৈও নিঃস্বাৰ্থভাৱে মাতৃ-ভাষাৰ সেৱা কৰিব। ”
শ্ৰীপদ্মধৰ চলিহা, 'অসমীয়া’ পুহ- ১৮৫৩ শক।
“সাহিত্যত উপন্যাস আৰু গল্পৰ কাব্য আৰু নাটকৰ লগত সমান অধিকাৰ। গল্প সাহিত্যৰ সমাদৰ সকলো ঠাইতে আছে। গতিকে আৰব্যোপন্যাসৰ নিচিনা বিশ্ববিখ্যাত গ্ৰন্থৰ অনুবাদ যে সৰ্বজনপ্ৰিয় হ'ব ই ধুৰূপ। শ্ৰীমতী নেওগ আইদেউৰ লেখনীৰ পৰা ওলোৱা এই পুথিখনি অসমীয়া গল্প-সাহিত্যলৈ এটি নতুন দান। ৰচনাৰ সৰল প্ৰাঞ্জল আৰু সুন্দৰ ভাষালৈ চাই নেওগ আইদেউৰ “আলিবাবা” উৎকৃষ্ট শিশু-পাঠ্য হৈছে। স্বনামধন্য প্ৰধান সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত বেনুধেৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা আৰু সাহিত্যক্ষেত্ৰত সুপৰিচিত সুকবি শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱৰ সহধৰ্মিনী শ্ৰীমতী আজলীতৰ নেওগ (শুৱনীকণ) আইদেউৰ সুৱলা ৰচনাই ভৱিষ্যতলৈও আমাৰ সাহিত্য ভৰাল পুষ্ট কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ। জগদীশ্বৰক খাটিছো যেন নেওগ দম্পত্তী অসমৰ 'ব্ৰাউনিং দম্পতী’ হওক। ”
শ্ৰীকীৰ্ত্তিনাথ বৰদলৈ, “বাতৰি”-১২ আঘোণ, ১৮৫৩ শক।
সূচীপত্র
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
