আলিবাবা আৰু দুকুৰি ডকাইত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]

আলিবাবা
আৰু
দুকুৰি ডকাইত

আজলীতৰা নেওগ

[ প্ৰথম পৃষ্ঠা ]

আলিবাবা
আৰু
দুকুৰি ডকাইত



আজলীতৰা নেওগ

[ প্ৰকাশন তথ্য ] ALIBABA ARU DUKURI DOKAIT : Adopted from Arabian Nights in Assamese by Ajaleetara Neog and published by Xuwani Prakash, Guwahati-781005.


© শুৱনী প্ৰকাশ


প্ৰথম তাঙৰণ : ১৮৫৩ শক
দ্বিতীয় তাঙৰণ : ১৮৬২ শক
তৃতীয় তাঙৰণ : ১৮৭৫ শক
চতুৰ্থ তাঙৰণ: ১৯৩০ শক


মূল্য: ২৫.০০ টকা


বেটুপাত আৰু অঙ্গসজ্জা: শ্ৰীঅতুল বৰুৱা


প্ৰকাশক:

শুৱনী প্ৰকাশ
 গুৱাহাটী-শ্বিলংপথ
 ভঙাগড়, গুৱাহাটী-৭৮১০০৫


মুদ্ৰক: অন্বেষণ পাব্লিকেচন
 ৰাজগড় ৰোড, ভঙাগড়
 গুৱাহাটী-৭৮১০০৭

[ অৰ্পণ ]

অৰ্পণ

পৰম পূজনীয় পিতৃদেৱতা
শ্ৰীযুত বেণুধৰ ৰাজখোৱা, বি, এৰ
শ্ৰীচৰণ-কমল-যুগলত
 শুৱনীকণ

[ প্ৰশংসা ]  “শ্ৰীমতী আজলীতৰ নেওগৰ দ্বাৰাই ৰচিত আৰৱৰ 'এহেজাৰ এনিশা'ৰ সাধুৰ ভিতৰত এই সুবিখ্যাত সাধুটো পৃথিৱীৰ ভিতৰত সকলোবোৰ প্ৰধান ভাষাত অনুবাদিত হৈ বহুকালৰ পৰা প্ৰচাৰিত হৈছে। এনে শিক্ষিত মানুহ আৰু ল'ৰা-ছোৱালী কম যে এই সাধুটোৰ বিষয়ে অলপ নহয় অলপ নাজানে। আমাৰ অসমীয়া ভাষাত তাক উলিয়াই দি শ্ৰীমতী নেওগে বৰ ভাল কাৰ্য্য কৰিলে। কিতাপৰ ভাষা ভাল, গঢ় ভাল। গ্ৰন্থকৰ্ত্ৰী আমাৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ডিম্বেশ্বৰ নেওগৰ সহধৰ্মিনী আৰু বন্ধুবৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা। পিতৃ আৰু স্বামী দুই ফালৰ পৰা তেওঁৰ গাত সাহিত্যৰ প্ৰেৰণা আছে। এনেকুৱা বস্তু আমাৰ আইটিৰ পৰা আমি আৰু বিচাৰিলোঁ। ”

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা, ’বাহী’ কাতি ১৮৫৩ শক।

 “শ্ৰীযুতা আজলী নেওগ ৰচিত। ছপা, বন্ধা ভাল...এই এধানমান পুথিখনত সুবিখ্যাত আৰবোপন্যাসৰ “এহেজাৰ এৰাতিৰ” এটা সাধু সহজ সৰল ভাষাৰে অসমীয়ালৈ ভাঙি অসমীয়া ৰাইজৰ শলাগৰ পাত্ৰী হৈছে। আশাকৰোঁ লেখিকাই তেওঁৰ সুযোগ্য পিতৃ আৰু স্বামীৰ পথ অনুসৰণ কৰি ভৱিষ্যতলৈও নিঃস্বাৰ্থভাৱে মাতৃ-ভাষাৰ সেৱা কৰিব। ”

শ্ৰীপদ্মধৰ চলিহা, 'অসমীয়া’ পুহ- ১৮৫৩ শক।

 “সাহিত্যত উপন্যাস আৰু গল্পৰ কাব্য আৰু নাটকৰ লগত সমান অধিকাৰ। গল্প সাহিত্যৰ সমাদৰ সকলো ঠাইতে আছে। গতিকে আৰব্যোপন্যাসৰ নিচিনা বিশ্ববিখ্যাত গ্ৰন্থৰ অনুবাদ যে সৰ্বজনপ্ৰিয় হ'ব ই ধুৰূপ। শ্ৰীমতী নেওগ আইদেউৰ লেখনীৰ পৰা ওলোৱা এই পুথিখনি অসমীয়া গল্প-সাহিত্যলৈ এটি নতুন দান। ৰচনাৰ সৰল প্ৰাঞ্জল আৰু সুন্দৰ ভাষালৈ চাই নেওগ আইদেউৰ “আলিবাবা” উৎকৃষ্ট শিশু-পাঠ্য হৈছে। স্বনামধন্য প্ৰধান সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত বেনুধেৰ ৰাজখোৱা ডাঙৰীয়াৰ কন্যা আৰু সাহিত্যক্ষেত্ৰত সুপৰিচিত সুকবি শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱৰ সহধৰ্মিনী শ্ৰীমতী আজলীতৰ নেওগ (শুৱনীকণ) আইদেউৰ সুৱলা ৰচনাই ভৱিষ্যতলৈও আমাৰ সাহিত্য ভৰাল পুষ্ট কৰাত সহায় কৰিব বুলি আশা কৰিছোঁ। জগদীশ্বৰক খাটিছো যেন নেওগ দম্পত্তী অসমৰ 'ব্ৰাউনিং দম্পতী’ হওক। ”

শ্ৰীকীৰ্ত্তিনাথ বৰদলৈ, “বাতৰি”-১২ আঘোণ, ১৮৫৩ শক।

[ পাতনি ]

চিনাকি

 'আৰবীয় নিশা'ৰ সাধুবোৰ অতি পুৰণি। এই গল্পখিনি পূবৰ ঘাইকৈ মুছলমান জীৱনৰ সাধুকথাৰ কুঁকি। সম্ভৱতঃ প্ৰায় ১৪৫০ খৃষ্টাব্দত, আফ্ৰিকাৰ কেইৰো ছহৰত আৰবী ভাষাত যি গঢ়েৰে এই সাধুবোৰ লিখা হৈছিল, সেইদৰেই বৰ্তমান পোৱা হৈছে। মূল আৰবী নাম মতে এই গল্পপুঞ্জৰ নাম “এহেজাৰ এনিশা”। সাধুবোৰৰ পৰাই বুজিব পাৰি, সিহঁতৰ মূল কিছুমানৰ পাৰশ্যয়ী, আন কিছুমানৰ ভাৰতবৰ্ষীয়, অলপ মানৰ ইজিপ্তীয় আৰু সৰহখিনিৰ আৰবীয়।

 সেই কালত আৰু আজিকালিও ঠায়ে ঠায়ে এই প্ৰাচ্য নগৰবোৰৰ ৰাজআলিৰ চুকত আৰু বজাৰত সাধুকওঁতাক শুনা মানুহবোৰে বেৰি ধৰে সাধুটো যিমান আচৰিত হ'ব, কওঁতাজনলৈ মানুহে সিমান খৰকৈ তাম বা পইছা দলিয়াব। সেইদেখি এই সাধুবোৰৰ অতি সম্ভৱবোৰতো নানা ভুল-ভ্ৰান্তি আছে, কিন্তু ৰীতি-নীতি বৰ্ণন বিষয়ত সাধুবোৰৰ খুত প্ৰায়ে নাই। “আল্লাউদ্দিন’ৰ সাধুত কুঁৱৰী গা ধুবলৈ যোৱাৰ কথা চীন দেশত হ’বই নোৱাৰে, কিয়নো মুছলমানৰ দৰে চীনা মানুহে আগেয়ে কি এতিয়াও গা নোধোৱে। আকৌ মূলত সম্ৰাটজনক “ছুলটান” বোলা হৈছে, কিন্তু চীন দেশত কেতিয়াও “ছুলটান” নাছিল। কিন্তু মুখে মুখে চলি অহা কথাত এনেবোৰ অসংলগ্নতা হবই। ইউৰোপৰ আখৰ ৰজা আদিৰ বুৰঞ্জীমূলক কাহিনীও গায়ক- কথকৰ মুখত ইংলণ্ড, ফ্ৰান্স আদি দেশত এইদৰেই অনেক কাল চলি আহিছিল, আৰু মধ্য যুগত ছাপাকল ওলালত বা তাৰ বহুত পাছতহে সেইবোৰ লিখি ৰখা হৈছে।

 প্ৰায় ১৭০৪ আৰু ১৭১৭ খৃষ্টাব্দৰ ভিতৰতে এণ্টইন্‌ গেলাণ্ড নামে এজন গ্ৰন্থকাৰে মূল আৰবীৰ পৰা ফৰাছী ভাষাত এই সাধুবোৰ প্ৰকাশ কৰি ইউৰোপৰ পাঠক−সমাজৰ আগত প্ৰচাৰ কৰে। তেওঁৰ সেই ভাঙনি বৰ খুঁত থকা আৰু মূলৰ লগত অমিল, কিন্তু সাধাৰণ সকলোবোৰ ইংৰাজী অনুবাদত এওঁৰ সহায় লৈয়ে লিখা। ১৮৪০ খৃষ্টাব্দত ই, ডবলিউ, লেন ছাহাবে “আৰবীয় নিশা"ৰ সাধুবোৰৰ

[  ]

আলিবাবা আৰু এটি নিজান গুহা

 পাৰস্য দেশৰ এখন নগৰত দুজন ককায়েক-ভায়েক আছিল। এজনৰ নাম কাছিম আৰু আনজনৰ নাম আলিবাবা। বাপেকে মৰাৰ আগতে তেওঁৰ যি অলপীয়া ধন-সম্পত্তি আছিল, তাকে দুইৰো মাজত সমানে ভাগ বঁটাই দিলে।

 কাছিমে এজনী বৰ ধনী মানুহৰ ছোৱালী বিয়া কৰালে আৰু তেওঁ অলপ দিনৰ ভিতৰতে সেই ঠাইৰ এজন বৰ ধনী সদাগৰ হৈ পৰিল। তেওঁৰ একোৰে নাটনি নাছিল। আলিবাবাই নিজৰে নিচিনা দুখীয়া মানুহৰ এজনী ছোৱালী বিয়া কৰালে। তেওঁ ল'ৰা-তিৰোতাক পোহপাল দিবৰ কাৰণে বৰ দুখ কৰিব লগা হৈছিল। তেওঁ ৰাতিপুৱাই কাঠ কাটিবলৈ হাবিলৈ ওলাই যায়, গধূলি হ'লে নিজৰ গাধ

[ ১০ ] তিনিটাৰ পিঠিত কাঠৰ বোজা দি ঘৰলৈ উলটি আহে, আৰু তাৰ পাচত সেইবিলাক

নগৰত বেচেগৈ।

 এদিন আলিবাবাই কাঠ কাটি লৈ তেওঁৰ গাধবোৰৰ পিঠিত জোখাৰে কাঠ তুলি দিছে, ঠিক এনে সময়তে তেওঁ তেওঁৰ ফাললৈ লৰি অহা এচপৰা ধূলিৰ ডাৱৰ যেন দেখিলে। তেওঁ সেইফাললৈ অলপ পৰ মন কৰি দেখিলে কেইজনমান মানুহ ঘোঁৰাত উঠি তেওঁ থকা ঠাইলৈ বৰ বেগেৰে আহিছে। সেই ঠাইত কোনো সৈন্য নাছিল। গতিকে আলিবাবাই জানিছিল, সেই ঘোঁৰাত উঠা মানহবোৰ নিশ্চয় ডকাইত। সেই দেখি তেওঁ ততালিকে লুকাবলৈ এডোখৰ ঠাই বিচাৰিলে।

 তেওঁ লৰালৰিকৈ এজোপা জোপোহা গছত উঠিল। তেওঁ তাৰ পৰা তলেদি অহা-যোৱা কৰা মানুহ সকলোকে দেখি আছিল। গছ জোপাৰ কাষতে এটা বৰ ডাঙৰ শিল আছিল, তাৰ ওপৰত উঠিবৰ কোনো মানুহৰ সাধ্য নাই। মানুহকেইটা এই শিলটোৰ তললৈ আহি তাতে নামিল। আলিবাবাই ভালকৈ লেখি চালে সিহঁত চল্লিশটা। মানুহকেইটাই একোজোপা জোপোহা গছত নিজৰ নিজৰ ঘোঁৰাৰ লেকাম বান্ধিলে আৰু ধনৰ মোনাবোৰ ঘোঁৰাৰ পৰা নমাই নিজৰ নিজৰ পিঠিত ল'লে।

 আলিবাবাই সেই দলটোৰ মুখিয়াল বুলি ভবা ডকাইতটো তাৰ পিঠিত মোনাটো লৈ আলিবাবা লুকাই থকা গছ জোপালৈ আহি শিলটোৰ সমুখত ৰৈ এইবুলি মাত লগালে- “ছিছেম ফাঁক!” তাতালিকে শিলটোত এখন দুৱাৰ মেল খালে। তাৰ পিছত এই মানুহবোৰ সেই দুৱাৰেদি এটা এটাকৈ সোমাই গ'ল। মুখিয়ালটোও সিহঁতৰ পিছতে গ'ল। আৰু তাৰ পাছতে দুৱাৰখন নিজে নিজে জাপ খালে।

 ভালেমান পৰৰ মূৰত দুৱাৰখন আকৌ মেল খালে আৰু মানুহবোৰ শুদা মোনাবোৰ হাতত লৈ ওলাই আহিল। তেতিয়া আলিবাবাই এই কথা কোৱা শুনিলে ‘ছিছেম বন্ধ্‌' আৰু তৎক্ষণাত শিলটোৰ দুৱাৰ নিজেই জাপ খালে। আকৌ সিহঁতে নিজ নিজ ঘোঁৰাৰ লোম ধৰিলে আৰু ডিঙিৰ পৰা ধনৰ মোনাবোৰ সোলোকালে। ঘোঁৰাবোৰ বন্ধা জৰীৰেই সিহঁতে নিজৰ মোনাবোৰ আঁটি আঁটিবান্ধিলে, মুখিয়ালটো আগ হ'ল আৰু ঘোঁৰাবোৰে চেকুৰ ধৰিলে।

[ ১১ ]  তেতিয়াও আলিবাবা গছৰ পৰা নামি অহা নাই। তেওঁ ভাবিলে, যদি সিহঁতৰ কোনোবাই কিবা বস্তু পাহৰি এৰি থৈ গৈছে, তেনেহ'লে সিহঁত উলটি আহিব আৰু তেতিয়া তেওঁ ধৰা পৰিব। সেইদেখি সিহঁত চকুৰে নমনা নহয়গৈ মানে লুকায়ে থাকিল, আৰু তাৰ পাছতহে গছৰ পৰা নামিবলৈ তেওঁৰ সাহ হ'ল। তেওঁ মুখিয়ালটোৱে কোৱা কথাকেইটা মনত ৰাখিছিল, আৰু আনে ক’লে তাৰ ফল হয়নে নহয় চাবৰ মনেৰে সেই শিলটোৰ কাষ চাপি তেওঁ কথাকেইটা ক'লে— “ছিছেম ফাঁক”। ততালিকে দুৱাৰখন মুকলি হ'ল।

 আলিবাবাই তাৰ ভিতৰত এটা ঘোপমৰা আন্ধাৰ গুহা দেখিব বুলি ভাবিছিল, কিন্তু তাৰ সলনি তেওঁ তাত এটা আহলবহল পোহৰ পৰা কোঠালি দেখা পাই বৰ বিচূৰ্ত্তি হ'ল। এই শিলটো কোনোবা কাৰিকৰৰ হাতেৰে বিতোপনকৈ কটোৱা; ওপৰৰ গাত এটাৰ পৰা ইয়ালৈ পোহৰ পৰিছিল। এটা ডাঙৰ কোঠালিত নানা ৰকমৰ আহাৰ, পাটৰ আৰু আন আন বস্তুৰ দম, আৰু জাপে জাপে দলিছা আছিল। ছালৰ মোনাবোৰ ধন-সোণেৰে ভৰি আছিল। সেইবোৰ দেখি আলিবাবাই ভাবিছিল যে সেই গুহাত থকা ঘৰটো ডকাইতবোৰৰ বহুমূলীয়া পুৰণি ঘৰ।

 তেওঁ তাৰে কিছুমান বস্তু ল’বলৈ মন কৰিলে। তেওঁ গুহাটোৰ ভিতৰলৈ সোমোৱা মাত্ৰেই দুৱাৰখন আপোনা-আপুনি জাপ খালে। দুৱাৰখন মেলাৰ মন্ত্ৰকেইটা জানিছিল দেখি তেওঁ আৰু ভয় নাখালে। তেওঁ তাৰে সোণৰ মোহৰ ভৰা ভালেমান মোনা ল'লে আৰু সেইবোৰ কঢ়িয়াই নি গাধকেইটাৰ পিঠিত বান্ধিলেগৈ। তাৰ পিছত কাঠেৰে সৈতে মোনাবোৰ তেওঁ এনেদৰে ঢাকি দিলে যাতে তাৰ লগত কি আছে কোনেও গমকে নাপায়। শেষত তেওঁ ওলাই আহিল আৰু দুৱাৰখনৰ বাহিৰে ঠিয় হৈ কথাকেইটা ক'লে— “ছিছেম বন্ধ”। দুৱাৰখন জাপ খালে, আৰু গাধকেইটা বেগাই নগৰমুৱা হ'ল।

[ ১২ ]

আলিবাবাৰ ঘৈণীয়েক আৰু ধন-সোণবোৰ

 ঘৰ পাই আলিবাবাই গাধকেইটা ভিতৰৰ চোতাললৈ খেদাই দি দুৱাৰখন বৰ সাৱধানে জপালে। তাৰ পাছত ঢাকি থোৱা কাঠবোৰ পেলাই দি ধন-সোণৰ মোনাবোৰ ভিতৰলৈ কঢ়িয়ালে আৰু ঘৈণীয়েকৰ সন্মুখত দম কৰিলে।

 ঘৈণীয়েক এখন খাটৰ ওপৰত বহি আছিল। সেই মোনাবোৰতনো কি আছিল জানিবলৈ তেওঁৰ বৰ হেঁপাহ হ’ল। পাছত ধন-সোণবোৰ দেখি তেওঁ বিচূৰ্তি হ’ল আৰু তেওঁৰ মুখৰ পৰা এটা কথাও সৰি নপৰিল। তেওঁ জীৱনত কেতিয়াও

[ ১৩ ] ইমানখিনি ধন-সোণ দেখা নাছিল আৰু ইয়াকে তেওঁ সঁচাকৈয়ে গোটেই পৃথিৱীৰ

ধন-সোণ বুলি ভাবিছিল।

 যেতিয়া জিভা ডোৰোল খালে তেতিয়াহে তেওঁ গিৰিয়েকক সুধিলে— “এইবোৰ ক'ৰ পৰা আনিছা? কত পালা? এইবোৰৰ গিৰিহঁত কোন? আলিবাবাই কলে— “লৰালৰি কৰা, সময়মতে সকলো বুজিবা। ”

 তেতিয়া তেওঁ থৈলাবোৰৰ পৰা ধন-সোণবোৰ উলিয়াই মেজৰ ওপৰত দমাই থ’লে। ধন-সোণৰ এটা ডাঙৰ দম হ’ল। সেই ধন-সোণবোৰ দেখি তেওঁৰ ঘৈণীয়েকৰ চকুত জলক লাগিল, মন মৰি গ'ল আৰু বিষাদৰ চকুলো ওলাবলৈ ধৰিলে। তেওঁ ক'লে— “এইবোৰ আমাৰ নিজা হোৱা হলে কেনে সুন্দৰ হ'লহেঁতেন। তেতিয়া হাবিলৈ গৈ এইদৰে ওৰে দিনটো কাঠ কাটি মৰিব নালাগিলহেঁতেন। নগৰলৈ গৈ খৰি বেচিবলৈ ঘূৰি ফুৰিবৰ সকাম নহ'লহেঁতেন। আমি আটাইবোৰ বস্তুকে পালোহেঁতেন আৰু কেতিয়াও ইমান টান কাম কৰিব নালাগিলহেঁতেন।

 তাৰ পাছত দুয়ো বহিল আৰু এই ধন-সোণবোৰ কেনেকৈ পালে আলিবাবাই ঘৈণীয়েকক সকলো ভাঙি-পাতি ক’লে। “ইয়াৰে আমি এটা ডাঙৰ কাৰবাৰ কৰিম। কিন্তু সাৱধান, ইয়াৰ যেন কোনেও ফুটকে নাপায়। ”

 যেতিয়া সেই ধন-সোণবোৰ তেওঁলোকৰ নিজা বুলি শুনিলে, তিৰোতাগৰাকীৰ আনন্দৰ সীমা নাথাকিল। তেওঁ ততালিকে বহা ঠাইৰ পৰা উঠিল আৰু লিৰিকি- বিদাৰি লাহে লাহে লেখিবলৈ লাগিল।

 আলিবাবাই ক'লে— “ৰবা; কেলেই তুমি সেইবোৰ কৰিছা? লেখিব নালাগে, তুমি এইবোৰ লেখি শেষ কৰিব নোৱাৰা। মই বাৰীত এটা গাত খানো। তাতে এইবোৰ পুতি থওঁ। আমাৰ যেতিয়া যি সকাম হয়, তেতিয়া সেইদৰে তাৰ পৰা আনিম। তেও ধন-সোণ কিমান আছে আমি জনাটো ভাল হব। ” ঘৈণীয়েকে উত্তৰ দিলে, “হয়, ঠিক কৈছা; ময়ো ভাবিছো আমাৰ কিমান ধন-সোণ আছে আমি জনা উচিত। সেইদেখি সেইবিলাক জুখিবলৈ মই ওচৰ-চুবুৰীয়া মানুহৰ পৰা এখন তুলাচনি আনো। তুমি গাতটো খানিবা, মই সোণবোৰ জুখিম। ” আলিবাবাই ক'লে—“বাৰু, [ ১৪ ] এতিয়া তাকে কৰোঁ। কিন্তু সাৱধান, তুমি এই কথাটো অতি গুপুতে ৰাখিবা, ধন- সোণবোৰৰ বিষয়ে কাৰো আগত এটা কথাও নুলিয়াবা। ”

 ওচৰতে আলিবাবাৰ ককায়েক কাছিমৰ ঘৰ। ঘৈণীয়েক কাছিমৰ ঘৰলৈ গ’ল। কাছিম তেতিয়া ঘৰত নাছিল। তেওঁ কাছিমৰ ঘৈণীয়েকক সুধিলে—“বাইদেউ, তোমালোকৰ তুলাচনিখন অলপমান সময়ৰ কাৰণে দিব পাৰিবানে?” কাছিমৰ ঘৈণীয়েকে ক'লে— “কিয় নোৱাৰিম? তোমাক সৰুখন লাগেনে, ডাঙৰখন লাগে?” আলিবাবাৰ ঘৈণীয়েকেক'লে—“সৰুখনেই হব। ” “বাৰু খন্তেক ৰোৱা; মই এতিয়াই আনি দিম। ” এইবুলি কাছিমৰ ঘৈণীয়েক ভিতৰলৈ গ'ল।

 আলিবাবা কিমান দুখীয়া কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানে। এতিয়া তেওঁ জানিব খুজিলে, কি উদ্দেশ্যেনো তেওঁলোকে তুলাচনিখন নিয়ে। সেই কথা জানিবৰ কাৰণে তেওঁ বৰ সাৱধানে তুলাচনিখনৰ তলীত অলপমান আঠা লগাই দিলে। তাৰ পিছত তেওঁ ওলাই আহি আলিবাবাৰ ঘৈণীয়েকৰ হাতত তুলাচনি দি ক'লে— “তুলাচনিখন দিয়াত পলম হোৱা বাবে বেয়া নাপাবা দেই। তুলাচনিখন মই থোৱা ঠাইত নাছিল দেখি বিচাৰোঁতে পলম হল। ”

 তুলাচনিখন লৈ আলিবাবাৰ ঘৈণীয়েক ঘৰলৈ গ'ল আৰু ধন-সোণবোৰ জুখিবলৈ ধৰিলেগৈ। তেওঁ তুলাচনিখন ভৰাই জুখি এখন খাটৰ ওপৰত সৰু সৰু দম পাতিলে। তাৰ পিছত তেওঁ তাৰে এটা দ'ম লেখিলে, আৰু তাৰে পৰাই গোটেইখিনি দ'মত কিমান সোণৰ মোহৰ আছে লেখ কৰি উলিয়ালে। এই লেখটো তেওঁ তেতিয়াই আলিবাবাক জনালেগৈ।

 আলিবাবাই বাৰীত গাততো খানি ধন-সোণখিনি পোতে মানে ঘৈণীয়েকে কাছিমৰ ঘৰত তুলাচনিখন ঘূৰাই দিবলৈ গ'ল। তুলাচনিখনৰ তলত থকা আঠাখিনিত যে সোণৰ মোহৰ এটা লাগি গৈছিল সেইটো তেওঁ মন কৰাই নাছিল। তেওঁ কলে—“বাইদেউ, মই তুলাচনিখন সৰহ পৰ ৰখা নাই। তুমি যে মোক তুলাচনিখন দিলা, সেইবাবে মই বৰ ভাল পালোঁ।

 কাছিমৰ ঘৈণীয়েকে ভাবিছিল, জা-কে ধান বা কিবা খোৱা বস্তু জুখিবলৈ [ ১৫ ] তুলাচনিখন খুজি নিছিল। আলিবাবাৰ ঘৈণীয়েক যোৱা মাত্ৰে তেওঁ তুলাচনিখনৰ তলীলৈ চালে আৰু সেই আঠাখনিত এটা সোণৰ মোহৰ লাগি থকা পালে। নিছলা দেওৰেক কাঠকটীয়াটিয়ে অলপ ধন-সোণ পোৱাত ৰং পাওক ছাৰি কাছিমৰ ঘৈণীয়েক ঈৰ্ষাত দেই-পুৰি মৰিবলৈ ধৰিলে। আলিবাবা আৰু তেওঁৰ ঘৈণীয়েক যে কাছিম আৰু কাছিমৰ ঘৈণীয়েকৰ সমান বা তেওঁলোকতকৈ অধিক ধনী হ'ব, এইটো তেওঁৰ অসহনি হ’ল। তেওঁ আপোনা-আপুনি ক'লে, “কি! আলিবাবাহঁতৰ ইমান ধন-সোণ যে সিহঁতে হাতেৰে লেখিব নোৱাৰে, জুখিলেহে হয়? মই বিচূৰ্ত্তি হৈছো, সেইবোৰ সি ক’ত পালে?

 কাছিমে দিনৰ দিনটো তেওঁৰ দোকানত কটাই সাঁজ লাগি ভগাত ঘৰলৈ ওলটে। তেওঁৰ ঘৈণীয়েকে জানিছিল, আজি তেওঁৰ মুখে এই নতুন কথাটো শুনি কাছিম বৰ আচৰিত হ'ব। তেওঁৰ ইমান তত্ নাইকিয়া হ’ল যে গিৰিয়েক অহালৈ বাট চাবলৈকো টান পাইছিল, আৰু তেওঁৰ মানত সেই দিনটো ইমান লাহে লাহে গৈছিল, যেন ইমান লাহে লাহে আগেয়ে দিন কেতিয়াও যোৱা নাছিল।

[ ১৬ ]

কাছিম আৰু আলিবাবা

 তাৰ পাছত যেতিয়া কাছিম ঘৰলৈ আহিল, তেওঁৰ ঘৈণীয়েকে তেওঁক ক'লে, “বোধকৰোঁ তুমি ভাবা, তুমি আলিবাবাতকৈ ধনী। কিন্তু সেইটো তোমাৰ সম্পূৰ্ণ ভুল। সি তোমাতকৈ বহুত ধনী। সি তাৰ ধন-সোণ হাতেৰে লেখি অঁতাব নোৱাৰে, সেইবোৰ জুখিলেহে হয়। ” কাছিমে সুধিলে— “তুমি কি কৈছা, মই তোমাৰ কথা একো বুজিব পৰা নাই। ”

[ ১৭ ]  তেতিয়া কেনেকৈ আলিবাবাৰ ঘৈণীয়েক তেওঁলোকৰ ঘৰলৈ আহি তেওঁক

তেওঁলোকৰ তুলাচনিখন খুজি নিছিল, তাক জানিবৰ কাৰণে তেওঁ কি ফন্দি কৰিছিল, সকলো কথা তেওঁ গিৰিয়েকক জনালে; আৰু তাৰ পিছত তেওঁ মোহৰটো কাছিমক দেখুৱালে। সেইটো ইমান দিনৰ পুৰণি মোহৰ আৰু সি ইমান ক্ষয় গৈছিল যে তাত কোন ৰজাৰ মোহৰ মৰা আছিল সিহঁতে তাকে তত্ ধৰিব নোৱাৰিছিল।

 কাছিমে সম্পত্তিশালিনী ঘৈণীয়েকক বিয়া কৰোৱাৰ পাছৰ পৰা ছাল-ছিগা ভায়েকক সমূলি মৰমৰ চকুৰে নাচাইছিল আৰু কোনো প্ৰকাৰে সহায় নকৰিছিল। এতিয়াও ভায়েকৰ সৌভাগ্য দেখি ৰং পাওক ছাৰি তেওঁ ঘৈণীয়েকৰ দৰে ঈৰ্ষাত দেই-পুৰি মৰিবলৈহে ধৰিলে আৰু সেই কথাকে ভাবি ভাবি গোটেই ৰাতি তেওঁৰ টোপনি নাহিল।

 পাছদিনা দোকমোকালিতে উঠি তেওঁ কাঠ-কটীয়া ভায়েকৰ ঘৰলৈ গ'ল। গৈ পোনছাটেই তেওঁ আলিবাবাক ক'লে— “আলিবাবা, তুমি মানুহক ভুৱা দিয়া যেন তুমি বৰ দুখেৰে ল'ৰা-তিৰোতা লৈ কোনোমতে মাগি-খুজি টোক্‌-টোক্‌- টাক্‌টাক্‌কৈ খাই কাল কটাইছা। কিন্তু আচলতে তুমি ইমান ধনী যে তোমাৰ ধন- সোণ তুমি হাতেৰে লেখিব নোৱাৰা, সেইবোৰ জুখিলেহে হয়। ”

 আলিবাবাই ক'লে— “ককাইদেউ, মই সঁচাকৈয়ে কৈছো, তুমি কি কৈছা, মই একো বুজা নাই। ” কাছিমে ক'লে— “তুমি এতিয়া নজনাৰ ভাও জুৰিলে নহয়। ” এইবুলি তেওঁৰ ঘৈণীয়েকে তেওঁৰ হাতত দিয়া মোহৰটো দেখুৱাই ক'লে—“কালি তোমাৰ ঘৈণীয়েৰাই অনা তুলাচনিখনৰ তলীত এইটো সোণৰ মোহৰ লাগি আহিছিল। এতিয়া মোক কোৱা, তোমাৰ হাতত আৰু এনেকুৱা মোহৰ কিমান আছে?” এই কথা শুনি তেওঁৰ ঘৈণীয়েকৰ অসাৱধানতাৰ বাবেই যে ইমান গোপনে ৰাখিব খোজা কথাটো কাছিমৰ পৰিয়ালে ভূ পালে, এই কথা আলিবাবাৰ বুজিবলৈ বাকী নাথাকিল। কিন্তু হোৱা কথা হৈ গ'ল, এতিয়া তাক নোহোৱা কৰিব কেনেকৈ? আলিবাবাই অকণো কষ্ট পোৱা বা আচৰিত হোৱাৰ চিন নেদেখুৱাই ককায়েকৰ আগত সকলো কথা ভাঙি ক'লে—“মই আগেয়ে যিমান দুখীয়া আছিলো, এতিয়া [ ১৮ ] সিমান দুখীয়া নহওঁ সঁচা। মই ইমান ধনীহ'ম বুলি আগেয়ে ভাব্বিও পৰা নাছিলো। ” কাছিমে ক'লে, “সেইটো সঁচা তাত সন্দেহ নাই। কিন্তু তুমি কেনেকৈ হঠাৎ ইমান ধনী হ’লা, মই তাকেহে সুধিছো। ” ভায়েকে ক'লে— “শুনা, তেন্তে কওঁ। ”

 এইবুলি আলিবাবাই সেই হাবিত থকা গুহা আৰু তাৰ সকলো কথা আপোন- পেটীয়া ককায়েকৰ আগত ভাঙি পাতি ক'লে। তাৰ পাছত আলিবাবাই প্ৰতিজ্ঞা কৰিলে যে কাছিমে যদি কথাটো গোপনে ৰাখে, তেনেহ'লে তেওঁ তাৰ আধাখিনি ধন-সোণ কাছিমক দিব।

 কাছিমে গহীনাই মাত লগালে—“সেয়া অৱশো পাম। কিন্তু গুহাটো ক'ত আছে আৰু কি চিনেৰে তাক উলিয়াব পাৰি সেইটোও মোক ক'ব লাগিব। যদি নোকোৱা তেনেহ'লে মই এতিয়াই বিচাৰকক এই সকলো কথা জনামগৈ। তেতিয়া তোমাৰ সেইখিনি ধন-সোণ যে হেৰাবই, লগতে তোমাৰ আগৰ যিখিনি আছে সিও যাব; আৰু মই তাৰ বাবে বিচাৰকৰ পৰা এটা ডাঙৰ পুৰস্কাৰ পাম। ”

 আলিবাবাই ককায়েকৰ কথাত অলপো ভয় নাখালে। তথাপি কাছিমে যিখিনি কথা জানিব খুজিছিল, সৰল-চিতীয়া আশাশুধীয়া ভায়েক আলিবাবাই তেওঁক সেই সকলোখিনি কলে। আন নালাগে, গুহাটোৰ ভিতৰলৈ সোমোৱা আৰু ওলোৱা মন্ত্ৰ দুটাও আলিবাবাই ককায়েকক ক'বলৈ বাকী নথ'লে।

 পিছদিনা কাছিম নিছেই দোকমোকালিতে উঠিল আৰু কিছুমান ঢাকনি থকা পেৰাৰ বোজা দি দহোটা খচ্চৰ লগত ল'লে। তেওঁ ভাবিলে, তেওঁ প্ৰথমবাৰ যাওঁতে সেই পেৰাবোৰ ভৰাই আনিব। যদি তাত তেতিয়াও আৰু ধন-সোণ থাকে তেনেহ'লে তেওঁ সেইখিনি পিছৰ বাৰত নিবহি আৰু আলিবাবা আকৌ এবাৰ গুহাটোলৈ অহাৰ আগতে তেওঁ সকলো ধন-সোণ আনি শেষ কৰিব। আলিবাবাই যে তেওঁক সেই ধন-সোণৰ এভাগ দিওঁ বুলিছিল, তাৰ বাবে তেওঁ সমুলি কৃতজ্ঞ নহ'ল। আলিবাবাৰ দিহা মতেই তেওঁ গ'ল আৰু লৰালৰিকৈ গৈ আগেয়ে ভায়েক উঠি ডকাইতবিলাকক লুকাই চোৱা শিলটোৰ ওচৰৰ গছজোপাত উঠিল।

[ ১৯ ]

ডকাইতৰ গুহাত কাছিম

 দুৱাৰখন পায়েই কাছিমে বাহিৰৰ পৰা মাতিলে— “ছিছেম ফাঁক!” তৎক্ষণাত দুৱাৰখন মেল খালে। কাছিম গুহাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু দুৱাৰখন আকৌ আপোনা-আপুনি জাপ খালে। যেতিয়া তেওঁ ডাঙৰ গুহাটোৰ চাৰিওফালে চাবলৈ ধৰিলে, ভায়েকে কোৱাতকৈও তেওঁ সৰহ ধন-সোণ দেখিবলৈ পালে। ধন- সোণবোৰ চাই-চায়েই তেওঁ গোটেই দিনটো কটাই দিব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ মনত আছিল তেওঁ সেইবোৰ চাই থাকিবলৈ অহা নাই; তেওঁ দহোটা খচ্চৰেৰে সৈতে সেইবোৰ কঢ়িয়াই তেওঁৰ ঘৰলৈ নিবলৈহে আহিছে।

[ ২০ ]  তেওঁ ভালেখিনি ধন-সোণৰ থৈলা গুহাটোৰ দুৱাৰ মুখলৈ আনিলে। কিন্তু দুৱাৰ বন্ধ। সেই অপাৰ ধন-সোণবোৰ দেখি তেওঁ ইমান মুগ্ধ হৈছিল যে তেওঁ ইফালে দুৱাৰখন মেলিবলৈ কি মন্ত্ৰ মাতিব লাগে, তাক তেনেই পাহৰি গ'ল। তেওঁৰ মনত আছিল, কথাকেইটা কোনোবা এবিধ ধানৰ নামেৰে; কিয়নো 'ছিছেম্‌' নাতিশীতোষ্ণ মণ্ডলৰ তিল বা সৰিয়হ শ্ৰেণীৰ পুলি। সেইদেখি তেওঁ কেইবাবিধো ধান আৰু শস্যৰ নাম ধৰি মাতিলে, কিন্তু দুৱাৰখন তেতিয়াও ভালকৈয়ে জাপ খাই থকা দেখি তেওঁ বৰ বিচূৰ্ত্তি হ'ল। তেওঁ নানা প্ৰকাৰে যত্ন কৰিলে, তথাপি আছিল কথাটো কোনোমতে তেওঁৰ মনত নপৰিল। তেওঁ ডকাইতৰ গুহাৰ পৰা ওলাব নোৱাৰি কি বিপদত পৰিছে বুজি পালে আৰু বৰ ভয় খালে। তেওঁ দুৱাৰমুখত দমাই থোৱা ধন-সোণৰ থৈলাবোৰ তললৈ দলিয়াই পেলাই দিলে আৰু গুহাটোৰ তলৰ পৰা ওপৰলৈ অহা-যোৱা কৰি ওলোৱা মন্ত্ৰফাকি মনত পেলাবলৈ যত্ন কৰিলে; কিন্তু শব্দটো তেতিয়াও কেতিয়াও নুশুনাৰ নিচিনাকৈয়ে তেওঁৰ মনত নেখেলালে।

 দুপৰীয়া ডকাইবিলাক সিহঁতৰ গুহালৈ উভতি আহিল। নিলগৰে পৰা কেবাটাও খচ্চৰ পিঠিত ঢাকনি থকা পেৰাৰে সৈতে শিলটোৰ ওচৰত ইফাল-সিফালকৈ ঘূৰি ফুৰা দেখি সিহঁত বৰ আচৰিত হ'ল, আৰু গুহাটোৰ ফালে খুব কোবেৰে ঘোঁৰা চলালে। আহি পায়েই সিহঁতে ততালিকে খচ্চৰকেইটা খেদাই দিলে, আৰু সিহঁত তাৰ পাছত ক'লৈ গ'ল তাৰ ভূ নাৰাখিলে। ডকাইতকেইটাই সেই খচ্চৰকেইটাৰ গৰাকী কেন, তাকেহে উলিয়াবলৈ যত্ন কৰিলে। সিহঁত ঘোঁৰাৰ পৰা নামিল আৰু তাৰোৱাল উলিয়াই লৈ কিছুমানে গছজোপাত আৰু কিছুমানে শিলটোৰ চাৰিওফালে বিচাৰিবলৈ ধৰিলে। তাৰ পিছত মুখিয়ালটো লাহে-লাহে গুহাটোৰ দুৱাৰখনৰ ওচৰলৈ গ'ল।

 কাছিমে গুহাটোৰ ভিতৰৰ পৰা ঘোঁৰাবোৰৰ ভৰিৰ দপ্‌দপনি শুনি আছিল আৰু ডকাইতবিলাক উভতি আহিছিল বুলি অনুমান কৰিছিল। তেওঁ ভাবিলে, নিশ্চয় তেওঁৰ সিহঁতৰ হাতত মৰণ হ'ব; তথাপি মৰণত শৰণ লৈ তেওঁ থিৰ কৰিলে, সেই সেই উপায়েৰে এডোখৰ নিৰাপদজনক ঠাইলৈ সাৰি যাবলৈ যত্ন [ ২১ ] কৰিবই লাগিব। সেইদেখি দুৱাৰখন মেলা মাত্ৰে তেওঁ বেগাই যাবলৈ সাজু হ’ল আৰু দুৱাৰখনৰ নিছেই গাতে ঠিয় হৈ ৰ'ল।

 যি শব্দটো কাছিমে ইমান যত্ন কৰিও মনত পেলাব নোৱাৰিছিল, সেই শব্দটো মনত পেলাই ডকাইতহঁতৰ মুখিয়ালটোৱে দুৱাৰখনৰ বাহিৰত ৰৈ মাত লগালে—“ছিছেম্‌ ফাঁক!” আৰু ততালিকে দুৱাৰখন মেল খালে। তৎক্ষণাত কাছিমে বৰ কোবেৰে মুখিয়ালটোক ঠেলা মাৰি মাটিত পেলাই বাহিৰলৈ ওলাই গ’ল। কিন্তু তেওঁ বাকীবোৰৰ হাতৰ পৰা সাৰিব নোৱাৰিলে। সিহঁতে তৰোৱাল দাঙিলে আৰু চকুৰ পচাৰতে এটাই একে ঘাপেই কাছিমক দুছোৱা কৰিলে।

 তাৰ পাছত ভিতৰলৈ সোমাই গৈ ডকাইতবোৰে চাৰিওফালে ভালকৈ চাবলৈ ধৰিলে। কাছিমে নিবলৈ থোৱা ধন-সোণৰ থৈলাবোৰ সিহঁতৰ চকুত পৰিল আৰু সেইবোৰ সিহঁতে আকৌ আগৰ ঠাইত থৈ দিলে। কিন্তু আলিবাবাই আগেয়ে নিয়াবোৰৰ সিহঁতৰ লেখত নপৰাকৈ নাছিল।

 তাৰ পিছত সিহঁতে সেই বিষয়ে মেল পাতিলে। কাছিমে গুহাটোৰ ভিতৰৰ পৰা ওলাব নোৱাৰিছিল সঁচা, কিন্তু গুহাটোলৈ কেনেকৈ সোমাল? সেইটোহে মন কৰিব লগা ঘাই কথা। গুহাটোৰ ওপৰেদি পোহৰ সোমোৱা এটা বাট আছিল, কিন্তু শিলটো ইমান ওখ আৰু তাৰ দুই দাঁতি ইমান ঠিয় যে সেইফালে আহিব পৰা অসম্ভৱ। যদি সি জখলাৰে গুহাটোলৈ উঠিছিল, তেন্তে জখলা কত পালে? তাত নিশ্চয় জখলা নাছিল।

 সিহঁতে শেষত থিৰ কৰিলে, মানুহটো নিশ্চয় দুৱাৰেদি সোমাইছিল, আৰু সেয়ে হলে সি কেনেবাকৈ সিহঁতৰ গুপ্ত মন্ত্ৰটো জানিব পাৰিছিল। কিন্তু আলিবাবাই যে গুহাটোলৈ আহি সিহঁতৰ কথা শুনি গৈছিল, সেইটো সিহঁতে নাজানিছিল। যি হওঁক এই বিষয়ে সিহঁত একমত হৈছিল যে সিহঁতৰ ধন-সোণবোৰ আৰু কোনেও এইদৰে চোৰকে মোৰে পোৱা কৰিব নালাগিব।

 সেইকাৰণে সিহঁতে কাছিমৰ গাটো চাৰি টুকুৰা কৰিলে। তাৰ পাছত দুৱাৰৰ বাহিৰফালে দুছোৱা আৰু ভিতৰফালে দুছোৱা ওলোমাই থ’লে। সিহঁতে ভাবিলে [ ২২ ] যদি আৰু কোনোবাই কাছিমৰ নিচিনা কাম কৰিবলৈ সাহ কৰি আহে তেনেহলে তেওঁ জানিব লাগিব যে ইয়ালৈ আহিলেই ডকাইতৰ হাতত মৰণৰ বাহিৰে ৰক্ষাৰ উপায় নাই।

 দুৱাৰখন ভালদৰে বন্ধ হোৱাৰ পাছত সিহঁত গুহাটোৰ পৰা ধন-সোণ লুটিবলৈ ওলাই গ'ল। সিহঁতে উটৰ শাৰীবোৰত জুমবান্ধি যোৱা ডাঙৰ সদাগৰবিলাকক মাৰি আৰু নগৰৰ ধনী মানুহবিলাকৰ ঘৰত ডকাইতি কৰি এই ধন-সোণবোৰ ইয়াত গোটাইছিলহি।

[ ২৩ ]

কাছিমৰ মৰাশ আৰু আলিবাবা

 ৰাতি হ’লতেও কাছিম ঘৰলৈ উভতি অহা নাই। ঘৈণীয়েক অতি অস্থিৰ হ’ল আৰু বৰ ভয় খাই তেওঁ দেওৰেকৰ ঘৰলৈ গৈ ক'লে— “আলি, তুমি জানিব পোৱা, ককায়েৰা আজি ৰাতিপুৱাই হাবিলৈ গ'ল। কিয় গৈছে তাকো তুমি জানাই ছাগৈ। কিন্তু এতিয়াও উলটি অহা নেদেখি মোৰ বৰ ভয় লাগিছে। কি অপায়- অমঙ্গল মিলিছে একো ক'ব পৰা নাই। ”

 ককায়েক কিমান আপোনপেটীয়া আলিবাবাই তাক বঢ়িয়াকৈ জানিছিল। তেওঁ ভাবিলে কাছিমে সেই গুহাৰ পৰা ধন-সোণবোৰ চুঁচি-পাচি আনিবলৈ গৈছে।

[ ২৪ ] আৰু ইচ্ছা কৰিয়েই সোনকালে অহা নাই। শুহাটোত থকা ধন-সোণ আটাইখিনি

ককায়েকে আনিলেও আলিবাবাই তাত অকণো বেয়া নাপায়। কিয়নো আলিবাবাই যিখিনি আনিছিল সেয়ে বহুত; তাতকৈ সৰহ পাবলৈ তেওঁ বাঞ্চা নকৰিছিল।

 আলিবাবাই ক'লে— “বৌদেউ, ককাইদেৱে ৰাতি নোহাৱালৈকে নগৰ সোমোৱা অনুচিত হ'ব বুলি ভাবিহে এতেপৰলৈকে অহা নাই বুলি মই বুজিছো। তুমি চিন্তা নকৰিবা, তেওঁ সময়মতে উলটি আহিব। ”

 ধন-সোণৰ কথাটো গোপনে ৰখা কিমান আৱশ্যক, কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানিছিল। এতিয়া তেওঁ আলিবাবাৰ কথাত আশ্বাস পাই ঘৰলৈ উলটিল আৰু মাজ নিশালৈকে ধৈৰ্য ধৰি বাট চালে। পিছে কাছিম তেতিয়াও উলটি নাহিল। তেতিয়া তেওঁৰ মনৰ চিন্তা আৰু বাঢ়িল। ধন-সোণৰ কথাটো গোপনীয় বাবে, দুখ পাতলাবলৈকো তেওঁ কোনো কথা ওচৰ-চুবুৰীয়াৰ আগত ক'ব নোৱৰা হ'ল। তেতিয়া, আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকেনো তুলাচনিখন কি জুখিবলৈ নিছে, সেই কথা জানিব খুজিবলৈনো তেওঁক কিহে পাইছিল, তাকে ভাবি তেওঁ ৰাতিৰে ৰাতিটো অকলে ডেও পাৰি থাকিবলৈ ধৰিলে। তেওঁ গোটেই ৰাতি এইদৰে ভাবি- চিন্তি কান্দি-কাটি ছাটি-ফুটি কৰি থাকিল। ৰাতি পুৱাবলৈ নৌপাওঁতেই উঠি তেওঁ আকৌ দেওৰেকৰ ঘৰলৈ গ'ল। সৰলচিতীয়া আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকে কাছিমৰ ঘৈণীয়েকৰ মুখ দেখিয়েই জানিলে যে তেওঁৰ গিৰিয়েক তেতিয়াও উলটি অহা নাছিল।

 আলিবাবাই তেওঁক সুধিবলৈ আৰু বাট নাচালে। তেওঁ গাধ তিনিটা ল'লে আৰু হাবিলৈ ওলাল। যোৱাৰ আগতে কাছিম ভালে-কুশলে আছে বুলি বৌৱেকক বুজনি দিলে। কিন্তু বাটত ককায়েকৰ খচ্চৰকেইটাৰ কোনো চিন নাপাই আলিবাবাই ভাবিলে গতি বিষম। ককায়েকৰ কিবাহে হ’ল। তেওঁ গৈ গৈ শিলটোৰ ওচৰ পালে। গৈয়ে দুৱাৰমুখত তেওঁ তেজৰ চিন দেখিবলৈ পালে। এইবাৰ তেওঁ দৃঢ়কৈ ভাবিলে, কায়েক নিশ্চয় ডকাইতৰ হাতত মৰিল। তেওঁ গুহাৰ দুৱাৰৰ মুখত ঠিয় হৈ সেই মন্ত্ৰকেইটা উচ্চাৰণ কৰিলে, আৰু দুৱাৰখন মেল খালে।

[ ২৫ ]  ককায়েকৰ মৰাশটো দেখি আলিবাবাৰ যে গাৰ নোম শিয়ঁৰি উঠিছিল তাক সহজে অনুমান কৰিব পাৰি। কিন্তু উপস্থিত কৰ্তব্য থিৰ কৰাত তেওঁৰ পলম নহ’ল, শটো মেৰিয়াবৰ কাৰণে কিবা বিচাৰি তেওঁ গুহাটোৰ ভিতৰলৈ গ'ল। তাৰ পিছত তেওঁ এটা গাধৰ ওপৰত সেইবোৰ বোজাই কৰি দিলে আৰু তাৰ ওপৰত কাঠ জাপি নিলে। আন এটা গাধত ধন-সোণৰ থৈলাবোৰ বোজাই কৰিলে আৰু সেইবোৰ থৈলাও কাঠেৰে ঢাকি দিলে। তাৰ পাছত দুৱাৰখন জাপ খোৱা মন্ত্ৰকেইটা মাতি তেওঁ ঘৰমুৱা হল। কিন্তু হাবিখন পাৰ হয় মানে যাতে তেওঁ দিনতে নগৰ নাপায়, তাৰ বাবে বিশেষ সাৱধান হৈছিল।

 ঘৰ পাই আলিবাবাই ধন-সোণৰ থৈলা বোজা দিয়া গাধকেইটা তেওঁৰ ঘৰৰ চোতাললৈ খেদাই দিলে আৰু ঘৈণীয়েকে সেইবোৰ থান-থিত্‌‌‌‌ লগাব পাৰিব দেখি ইটো গাধ তেওঁৰ বৌৱেকৰ ঘৰলৈ খেদি লৈ গ'ল। তেওঁ দুৱাৰখন খুন্দিয়ালে। কাছিমৰ ঘৰত মৰ্জিনা বোলা বৰ জ্ঞানী আৰু বুদ্ধিমতী এজনী বেটী আছিল। তায়েই দুৱাৰখন মেলি দিলে। আলিবাবাই গাধটোৰ পিঠিৰ পৰা বোজাটো নমাই চোতাললৈ নিলে, আৰু তাইক ফুচ্‌ফুচাই কথা এটা ক'লে।

 "মই তোক এটা কথা কম এই কথাটো মোৰ আৰু তোৰ ঘৰৰ গিৰিহঁতনী উভয়ৰ মংগলৰ কাৰণে তই বৰ গোপনে ৰাখিব লাগিব। তোৰ ঘৰৰ গৰাকী ঢুকাল। তেওঁৰ মৰাশৰ এই দুটা টোপোলা মই আনিছো। কিন্তু এতিয়া কামটো এনেদৰে দিহা লগাই কৰিব লাগিব, যাতে তেওঁ এটা সাধাৰণ বেমাৰত ঢুকাল বুলিহে যেন সকলোৱে জানে। মই তোক যি পাৰো সহায় কৰিম। এতিয়া যা, ঘৰৰ গিৰিহঁতনীক কগৈ, মই তেওঁৰে সৈতে কথা হওঁ। কথাটো ভালকৈ মনত ৰাখিবি আৰু যি কথাটো গোপনে কৈছো নাপাহৰিবি। ”

 মৰ্জিনা তাইৰ গিৰিহঁতনীৰ ওচৰলৈ গ'ল। আলিবাবাও তাইৰ পিছে পিছে গ’ল। তেওঁ ওলাই আহি অস্থিৰ হৈ ক'লে, “আলি, মোৰ গিৰিহঁতৰ বাতৰি কি? তোমাৰ মুখখন শুকান দেখিছোঁ কিয়?” আলিবাবাই ক'লে, “বৌদেউ, তুমি অস্থিৰ নহ’বা। তুমি মনৰ শোক পাতলালেহে মই কথা কম। মই কথা কৈ যাওঁতে তুমি [ ২৬ ] মাজত কান্দি-কাটি বাধা দিব নোৱাৰিবা। এটা কথা অতি গোপনীয়। ” তেওঁ কলে, “দেহি ঐ মোৰ স্বামী তেন্তে আৰু ইহ সংসাৰত নাই। ” এইবুলি ভালেমান পৰৰ পিছত শোক সামৰি তেওঁ আকৌ ক'লে, “বুজিছো, আলি, এই কথা গোপনে ৰাখিব লাগিব। বাৰু, এতিয়া মোৰ কথাটো কোৱা; মই ধৈৰ্য ধৰি শুনিম, কোনো ভয় নকৰিবা। ”

 তাৰ পাছত তেওঁ কাছিমৰ মৰা শটো গুহাৰ ভিতৰত কি অৱস্থাত পালেগৈ, আৰু সেইবোৰ মেৰিয়াই কেনেকৈ ঘৰলৈ আনিলে, সকলো কথা আলিবাবাই বৌৱেকক বিৱৰি জনালে। শেষত ক'লে, “এতিয়া চোতালত গাধৰ পিঠিত থকা টোপোলাকেইটা ভালকৈ দিহা লগাই থ'ব লাগিল, আৰু যাতে সকলোৱে তেওঁক স্বাভাৱিকভাৱে বেমাৰ হৈ মৰা বুলি ভাবে তাৰো উপায় কৰিব লগা হ'ল। মোৰ মনেৰে মৰ্জিনাই সেই সকলোবোৰ থানথিত লগাব পাৰিব। ” ইয়াকে কৈ আলিবাবাই নিজ ঘৰলৈ উলটিল।

[ ২৭ ]

মৰ্জ্জিনা আৰু বাবা মুস্তাফা

 পিছদিনাই নিছেই ৰাতি পুৱাতে মৰ্জিনা উঠিল আৰু ওচৰত থকা তাইৰ চিনাকি বেজ এটাৰ ঘৰলৈ গ'ল। তাই বেজটোক ক'লে— “বৰ টান বেমাৰী ভাল হোৱা দৰৱ এটা মোক দিয়াচোঁন, এয়া তাৰ বেচ লোৱাঁ। বেজজনে তাইক দৰৱটো দি সুধিলে— “তোমাৰ গিৰিহঁতৰনো কি বেমাৰ হৈছে? মৰ্জ্জিনাই ক'লে—“দেহি ঐ, মোৰ গিৰিহঁতৰনো কি হৈছে, কোনেও চিনিব পৰা নাই। একো খাবও নোৱাৰে, শুবও নোৱাৰে। ”

[ ২৮ ]  তাই আবেলি চকুৰ পানী টুকি টুকি আকৌ বেজজনৰ ওচৰলৈ গ'ল আৰু

মৰা-মুছা বেমাৰীক খুৱালেও ভাল হোৱা এটা ঔষধ খুজিলে। তাই ক'লে, “এই ঔষধটোৱে যে আগৰটোতকৈও কিবা ভাল গুণ দিব মোৰ তেনে মনে ধৰা নাই। নৰিয়া ইমান টান, কিজানি আমি গিৰিহঁতক অলপতে হেৰুৱাবই লাগিব। ”

 মানুহক বেমাৰ টান বুজাবলৈ আলিবাবা আৰু ঘৈণীয়েকে কাছিমৰ ঘৰলৈ দিনটো অহা-যোৱা কৰি আছিল আৰু কাছিম মৰিল বুলি বুজাবলৈ কাছিমৰ ঘৈণীয়েক আৰু মৰ্জ্জিনাই ইনাই-বিনাই কান্দিবলৈ ধৰিলে।

 সেই নগৰৰে এটা বুঢ়া মুচিক মৰ্জ্জিনাই চিনি পায়। সি পুৱা আটাইতকৈ আগেয়ে তাৰ দোকান মুকলি কৰে। তাই পিছদিনা নিছেই সোনকালে উঠি মুচিটোৰ ঘৰলৈ গ'ল আৰু মাত লগাই তাৰ হাতত এটা সোণৰ মোহৰ গুজি দিলে। মুচিটোৰ নাম বাবা মুস্তাফা। যি কামকে কৰিবলৈ দিয়া হয় সি তাকে খুব ভালকৈ কৰি দিয়ে।

 সি সোণৰ মোহৰটো পাই অতি ৰং পালে আৰু কলে, “বৰ ভাল বতৰা কাম নৌ কৰোঁতেই বানচ্‌! আজি মোৰ বৰ ভাল দিন। তোমাক কি কৰি দিব লাগে, কৰিবলৈ মই সাজু আছোঁ। মৰ্জ্জিনাই ক'লে, “বাবা মুস্তাফা, তোমাৰ জোতা সীয়া বেজীটো হাতত লৈ মোৰ লগত আহাঁ। পিছে, এটা কথা ইয়াতে কৈ থৈছে, মই যি ঠাইলৈ নিম, সেই ঠাইলৈ যাবলৈ তোমাক পোনতেই মই চকু বান্ধি দিম। ”

 মুচিটো তেতিয়া বৰ দোধোৰ-মোৰত পৰিল। সি ক'লে—“মোৰ মন আৰু বিবেচনাই বেয়া বোলা কোনো কাম কৰিবলৈ তুমি নোকোৱা নহয়?” মৰ্জ্জিনাই ক'লে— “তেনে কাম কৰিবলৈ ক’বলৈ পৃথিৱীত আটাইতকৈ শেষ প্ৰাণী হ'ম মই। ”এইবুলি তাই আৰু এটা সোণৰ মোহৰ তাৰ হাতত গুজি দিলে। “তুমি মোৰ লগত আহা। একো শংকা নকৰিবা। ”

 মুচিটো তাইৰ পিছে পিছে গ'ল। অলপ দূৰ গৈয়েই এড়োখৰ ঠাইত মৰ্জ্জিনাই মুচিটোৰ চকু বান্ধি দিলে। এইদৰে অলপ দূৰ যোৱাৰ পাছত তাই তাৰ চকুৰ বান্ধ মোকলাই দিলে। চকু মেলিয়েই সি আগত এটা মৰাশ পৰি থকা দেখিলে। ততালিকে মৰ্জ্জিনাই ক'লে—“বাবা মুস্তাফা, তুমি এই গা কেইছোৱা একেলগে সী পেলোঁৱা। [ ২৯ ] সীয়া হ'লেই তুমি এয়া আৰু এটা সোণৰ মোহৰ পাবা। ”

 মৰ্জ্জিনাই কোৱামতে মুচিটোৱে সীবলৈ বহিল আৰু কাম শেষ হোৱাৰ পাছত সি তাৰ পুৰস্কাৰ তৃতীয় সোণৰ মোহৰটো পালে। মৰ্জ্জিনাই আকৌ তাৰ চকু বান্ধি দি তাক আগৰ ঠাইলৈ লৈ গ'ল। কথাটো গোপনে ৰাখিবলৈ তাক দঢ়াই দঢ়াই কৈ তাই চকু মুকলি কৰি দিলে। তাৰ পিছত সি আঁতৰি একেবাৰে চকুৰে নমনা নোহোৱালৈকে মৰ্জ্জিনাই তাক চাই আছিল।

 সেই দেশৰ নিয়মমতে কাছিমক কবৰ দিয়া হ’ল। ওচৰ-চুবুৰীয়া মানুহেও জানিলে কাছিম কিবা ৰোগতহে মৰিল।

 তিনি-চাৰিদিনৰ পিছত আলিবাবাই তেওঁৰ সকলো বস্তু লৈ কাছিমৰ ঘৰলৈ গ'ল। ধন-সোণবোৰ মানুহে কেনেবাকৈ দেখে বুলি ৰাতি ৰাতি কঢ়িয়ালে। অলপ দিনৰ পাছত সেই দেশৰ নিয়ম অনুসৰি কাছিমৰ ঘৈণীয়েকক আলিবাবাই বিয়া কৰালে। কানিৰ দোকানখন আলিবাবাই বৰ পুতেকক দিলে আৰু সংসাৰত উন্নতি কৰি সুখেৰে কাল কটাবৰ জোখাৰে পুতেকক ধন-সোণ দিলে।

[ ৩০ ]

এক বিফল ষড়যন্ত্ৰ

 দুদিন কি তিনিদিনৰ পাছত ডকাইতবিলাক সিহঁতৰ গুহালৈ উভতি আহিল। তাত ভালেমান ধন-সোণৰ থৈলা তাকৰ পাই সিহঁত বৰ আচৰিত হ’ল। আৰু তাতোকৈ, সিহঁতে কাছিমৰ মৰা শটো তাত নেদেখি বৰ বিবুদ্ধিত পৰিল।

 মুখিয়ালটোৱে ক'লে, “এই কথাই কথা নহয়। আমি সেই মৰা শটোৰ সন্ধান উলিয়াবই লাগিব। আমাৰ ভিতৰত এজনে ইয়াৰ উহ উলিয়াবলৈ গাত লৈ নগৰলৈ যাব লাগিব; কিন্তু যদি তেওঁ কামত সফল নহয়, তেনেহলে তেওঁৰ তাৰ

[ ৩১ ] বাবে প্ৰাণদণ্ড হ'ব। ” এই কথাত সকলো ডকাইত একমত হ’লআৰু তাৰে এটাই

পোনতে তাৰ বাবে আগবাঢ়ি ওলাল।

 পিছদিনা নিছেই পুৱাতে ডকাইতটো নগৰলৈ গ'ল। তেতিয়া কোনো মানুহ শুই উঠাই নাই, কেৱল সেই মুচিটো উঠি জোতা সীবলৈ ধৰিছে। ডকাইতটো মুচিটোৰ ঘৰত সোমাল, আৰু তাৰে সৈতে কথা পাতিলে। “তুমি ইমান ৰাতিপুৱাই উঠিলানে? আৰু ইমান ৰাতিপুৱাই তুমি জোতা সীবলৈ বুঢ়া চকুৰে দেখিছানে?” মুচিটোৱে ক'লে, “ভালকথা কৈছা। মই এই চকু আৰু বেজীৰেই এটা মৰাশ সীছোঁ। ” ডকাইতটো বৰ আচৰিত হ'ল আৰু সি ক’ৰ মৰাশ, কি কথা, আটাইবোৰ সুধিলে। মুচিটোৱে তেতিয়া ক'লে—“সেই বিষয়ে আৰু ক'ব নোৱাৰোঁ। তেতিয়া ডকাইতটোৱে তাৰ হাতত এটা সোণৰ মোহৰ গুজি দি ক'লে, “বাৰু, তুমি মোক মুঠেই ঘৰটো দেখুৱাই দিয়া। ” তেতিয়া মুচিটোৱে ক'লে, “মই কেনেকৈ দেখুৱাম? মোক চকু বান্ধি নিছিল নহয়?” তেতিয়া ডকাইতটোৱে ক'লে, “বাৰু, ময়ো তেনেকৈ চকু বান্ধি দিওঁ। তুমি কিমান খোজ কাঢ়িছিলা?” “সেইটো জানো মনত ৰাখিছো। ” “বাৰু নালাগে। ” এইবুলি মুচিটোৱে দেখুৱাই দিয়া ঠাইতে ডকাইতটোৱে তাক চকু বান্ধি দিলে আৰু তাৰ পিছে পিছে গ'ল। মুচিটোৱে অনুমানতে খোজ কাঢ়ি গৈ ঠিক সেই আলিবাবাৰ ঘৰৰ আগত ৰ'লগৈ। তেতিয়া ডকাইতটোৱে আলিবাবাৰ ঘৰৰ দুৱাৰতে এটা কটা চিন দিলে। আৰু মুচিটোৰ চকুৰ বান্ধ মোকলাই দিলে। তাৰ পাছত তাৰ কামত যে সি সফল হৈছে এই কথা তাৰ দলত জনাবলৈ সি গুহালৈ গ'লগৈ।

 ইফালে কৰবাৰ পৰা আহি মৰ্জ্জিনাই দুৱাৰত সেই চিনটো দেখি ততালিকে কিবা সন্দেহ কৰি এডোখৰ বগা মাটি লৈ ওচৰ চুবুৰীয়া ঘৰৰ আটাইবোৰ দুৱাৰতে অবিকল তেনেকুৱা চিন দি দিলে। পিছদিনা সেই ডকাইতটোৰ কথামতে ভেশচন কৰি ডকাইতবোৰ বেলেগ বেলেগ জুম পাতি আহিল। কিন্তু সেইখিনিৰ ভিতৰত কোনটো ঘৰত সি চিন দিছিল, সঠিককৈ দেখুৱাই দিব নোৱাৰিলে। সকলো ডকাইত [ ৩২ ] তেতিয়া বিফল হৈ গুহালৈ উলটিল, আৰু আগৰ কথামতে ডকাইতটোৰ প্ৰাণ-দণ্ড হ'ল।

 পিছৰ বাৰ আন এটা ডকাইত আহিল, আৰু সিও আগৰটোৰ দৰেই আহি আলিবাবাৰ ঘৰৰ দুৱাৰত সতকাই চকুৰে মনিব নোৱাৰা এটা চিন দিলে। মৰ্জ্জিনাৰ চকুত সিও সাৰি নগ’ল, আৰু মৰ্জ্জিনাই আকৌ সেইদৰে আটাইবোৰ মানুহৰ দুৱাৰতে চিন দিলে। আগৰ বাৰৰ দৰে এইবাৰো ডকাইতবোৰ বিফল-মনোৰথ হৈ উলটিল। পূৰ্বৰ দিহামতেই এই ডকাইতটোকো সিহঁতে কাটি পেলালে। এতিয়া মুখিয়ালটো আৰু ৩৭টা ডকাইত বাকী থাকিল।

 বৰ দুখ আৰু লাজ পাই তাৰ পাছত মুখিয়াল ডকাইতটোৱে এইবাৰ নিজেই যত্ন কৰি চাবলৈ ওলাল। কৃতকাৰ্য নহলে এইবাৰ তাৰ নিজৰো প্ৰাণ-দণ্ড। সি পোনতে আলিবাবাৰ ঘৰটোৰ ভালকৈ চিন লৈ গৈছিল; কিন্তু ক’তো একো অঁকা নাছিল।

[ ৩৩ ]

তেল-সদাগৰ

 এদিন এই মুখিয়ালটো এটা তেল-সদাগৰৰ বেশ ধৰি আহিল। চালৰ এটা ডাঙৰ মোনাত তেল আৰু সাতত্ৰিশটা মোনাত সেই সাতত্ৰিশটা ডকাইত ভৰাই লৈ সি তাৰ উনৈশটা খচ্চৰ বোজাই কৰিলে, এই মোনাবোৰতো ওপৰত তেল বিৰিঙাৰ দৰে দেখুৱাবলৈ সি অলপ তেল সানি দিলে। সাজ লাগি ভগাৰ পাছত সি আলিবাবাৰ পদূলি পালেহি, আৰু ৰাতিটোৰ বাবে তেওঁৰ আগ-চোতালতে পৰি থাকিবলৈ মাথোন এডুখৰি ঠাই খুজিলে। সৰল-চিতীয়া আলিবাবাই সহজে অনুমতি দিলে আৰু সেই

[ ৩৪ ] তেলসদাগৰে তেওঁৰ খচ্চৰকেইটা ভিতৰ চোতাললৈ খেদি দিলে। অলপ পৰ

কথা-বাৰ্তা হৈ ভাল পাই আলিবাবাই তাক ভিতৰলৈ মাতি নিলে, তেতিয়া তেওঁলোেকৰ খোৱা-লোৱা হৈ গৈছিল, তথাপি আলিবাবাই তেল সদাগৰক ন-কৈ ৰন্ধাই-বঢ়াই খুৱালে।

 তাৰ পাছত ৰাতি ভালেমান পৰলৈকে কথা-বাৰ্তা পাতি আলিবাবা শুবলৈ ওলাল আৰু তেল-সদাগৰকো ভালকৈ শুবৰ দিহা কৰাই দিলে। শোৱাৰ আগতে আলিবাবাই মৰ্জ্জিনাক ক'লে, তাই যেন পুৱালৈ তেওঁৰ বাবে অলপ চুৰুহা ঠিক কৰি ৰাখে আৰু ঘৰৰ লগুৱা আবাদুল্লাৰ হতুৱাই তেওঁৰ গা ধোৱা সাজটো দিহা কৰি থোৱায়।

 অলপপৰ তলকা মাৰি থাকি হাতত সাৰে তেল সদাগৰ উঠি আহিল আৰু ডকাইতবোৰ সোমাই থকা ছালৰ মোনাবোৰৰ মুখবোৰ অলপ উশাহ ল’বৰ জোখাৰে। মেলি দি ক'লে বোলে আৰু অলপ সময়ৰ পাছতেই সকলোে যোগাৰ কৰি উঠি সি সিহঁতলৈ এটা দলি মাৰি সিহঁতক মাতিব, তেতিয়া সকলোটি মিলি আলিবাবাৰ ঘৰৰ সকলো মানুহকে কাটি-মাৰি ধন-সোণ সকলো লুটি নিব। ইয়াকে কৈ সি আকৌ শোৱা ঠাইলৈ গ'ল।

 ইফালে মৰ্জ্জিনাই আবদাল্লাৰে সৈতে আলিবাবাই কোৱা মতে সকলো যুগুত কৰিবলৈ লাগিল। চুৰুহা কৰিবৰ বাবে সকলো যতাই লৈ দেখে, জুই জ্বলাবলৈ ষ্টভ্‌টোত তেল নাই। সিহঁতে ঘৰত ক’তো তেল বিচাৰি নাপালে। তেতিয়া মৰ্জ্জিনাই ভাবিলে, তেল সদাগৰৰ মোনাবোৰৰে এটাৰ পৰা অলপ তেল আনি বৰ্তমান কাম চলাব আৰু পুৱা হ'লে তাৰ বেচফেৰা দি লেঠা মাৰিব। এইবুলি মৰ্জ্জিনাই পোনে পোনে যিটো মোনাৰ পৰা তেল আনিবলৈ গ'ল, তাৰ ভিতৰৰ পৰা কোনোবাই ফুচ্‌ফুচাই মতা শুনিলে—“সময় হৈছেনে?” তাই অতি আচৰিত হ'ল; কিন্তু ততালিকে কথাৰ গতি বুজি উত্তৰ দিলে, “নৌ। অলপ ৰবা। ” এইদৰে এটা-এটাকৈ সাতত্ৰিশটা মোনাৰ গুৰিলৈ গৈ একে কথাকে পালে আৰু তায়ো একে সমিধানকে দি আহিল। শেষৰটো মোনাত তেল পাই এটা বৰ কেট্‌লিত ভৰাই আনি জুই ধৰি তেতিয়াই তেলখিনি উতলালে, আৰু সেই উতলা তেলখিনি নি এটা এটাকৈ সাতত্ৰিশটা [ ৩৫ ] ডকাইতৰ মুখত ঢালি দিলে। তেতিয়াই সিহঁতৰ আটাইবোৰৰ ফালে আধ্যা পৰিল। তাৰ পাছত মৰ্জ্জিনাই গিৰিহঁতৰ বাবে সকলো কামৰ দিহা যুগুত কৰি চাকিটো নুমুৱাই দিলে।

 আবদুল্লা আৰু ঘৰৰ ঘৰোৱাল শুই নিহপালি দিলে, ক’তো সাৰসুৰ নাই। কিন্তু মৰ্জ্জিনা তেতিয়াও শোৱা নাই, আন্ধাৰতে বহি আছে। ইফালে ছদ্মবেশী তেল- সদাগৰে সকলোকে নিসাৰ-সাৰকৈ শোৱা যেন ভাবি পূৰ্বৰ দিহা মতে ডকাইতবোৰলৈ এটি দলি মাৰিলে। ডকাইতবোৰ ওলাই নাহিল। সি আকৌ এটি দলি মাৰিলে, কিন্তু এইবাৰো কেও নাহিল, সি খঙত একো নাই হ'ল। ডকাইতবোৰেতো তাৰ আদেশ আগেয়ে এইদৰে কেতিয়াও উলংঘা কৰা নাই।

 জানোচা সিহঁত টোপনি গ'ল, এইবুলি সি পোনতে এটা ডকাইতৰ কাষলৈ আহি দেখিলে সি মৰি আছে। আৰু তাৰ গাত উতলা তেলৰ গোন্ধ। এইদৰে সি আটাইকেইটা ডকাইতৰ কাষলৈ গ'ল আৰু একে ঘটনাকে দেখিলে। শেষত তেলৰ মোনাটোৰ গুৰিলৈ গৈ ভালেখিনি তেল খালি দেখি এই কাণ্ড কি প্ৰকাৰে ঘটিল, সকলো বুজি উঠিল। তাৰ বৰ ভয় লাগিল আৰু সি আলিবাবাৰ ঘৰৰ ওখ পকা বেৰৰ ওপৰে উঠি তেতিয়াই পলাই পত্ৰং দিলে।

 পিছদিনা ৰাতিপুৱা মৰ্জ্জিনাই আলিবাবাক তেল-সদাগৰৰ ছালৰ মোনাকেইটা চাবলৈ মাতি আনিলে। আলিবাবাই মোনাৰ ভিতৰত মানুহ সোমাই থকা দেখি চক খাই উঠিল। মৰ্জ্জিনাই সেইবোৰ মৰা মানুহ বুলি কোৱাতহে আলিবাবা অলপ সুস্থিৰ হ'ল। তাৰ পাছত মৰ্জ্জিনাই তেওঁক প্ৰথমবাৰ ডকাইতে দুৱাৰত চিন দিয়াৰে পৰা উকাইতবোৰক উতলা তেলত পুৰি মৰালৈকে সকলো ঘটনা ভাঙি-পাতি ক'লে। আলিবাবা অতিশয় আচৰিত হ'ল, আৰু মৰ্জ্জিনাই কৰা এনেবোৰ উপকাৰৰ কি দৰে শলাগ ল'ব, সতকাই ভাবি নাপালে। শেষত ক'লে-“মৰ্জ্জিনা, মোৰ জীৱনৰ বাবে তিনি বাৰ মই তোৰ ওচৰত ধৰুৱা। তাৰ সামান্য শলাগ স্বৰূপে আজিৰ পৰা তোক বেটী অৱস্থাৰ পৰা মুকলি কৰিলো। কিন্তু তিনিটা ডকাইত এতিয়াও জীয়াই আছে (দুটা ডকাইত যে আগতে মৰিল, তেওঁলোকে তাক জনা নাছিল); সেই দেখি আৰু অলপ দিনৰ কাৰণে তই এনেয়ে মোৰ ঘৰত থাক, কিয়নো তোৰ সহায় মোক আকৌ হঠাৎ লগা হ'ব পাৰে। ”

[ ৩৬ ]

পাট সদাগৰ

 এইবাৰ গুহাটোৰ পৰা ভালেখিনি বহুমূলীয়া পাট আৰু শিঙ্খাপৰ কাপোৰ আনি অকলশৰীয়া মুখিয়ালটো নগৰ সোমাল। অলপ দিনৰ ভিতৰতে আলিবাবাৰ বৰ পুতেকৰ দোকানখনৰ আগত সি এখন ডাঙৰ ধুনীয়া দোকান দি বহিল। ক্ৰমে আলিবাবাৰ পুতেকৰ লগত এই নতুন পাট-সদাগৰৰ বিশেষ ঘনিষ্ঠতা বাঢ়িল। পাট সদাগৰে আলিবাবাৰ পুতেকক ঘনাই খাবলৈ মাতে, আৰু দুয়োৰে ভিতৰত নানাবিধৰ

[ ৩৭ ] কথা-বাৰ্তা চলে; কিন্তু আলিবাবাৰ পুতেক বুলি পাট-সদাগৰে এওঁক চিনি নাপায়।

 এদিন আলিবাবা পুতেকৰ দোকানলৈ গৈছিল। এই পাট-সদাগৰে এওঁক দেখিয়েই চিনি পালে, আৰু তেওঁলোকৰ সম্বন্ধ কি, জানি ললে। তাৰ মনত বৰ আনন্দ লাগিল, কিয়নো আলিবাবা যদি তাৰ এজন বিশেষ বন্ধুৰ পিতাদেৱেক হয়, তেনেহ'লে তাৰ কাম সুকলমে সমাধা হোৱাৰ আশাই সৰহ। পুতেকেও পিতাকক এই পাট-সদাগৰৰ লগত চিনাকি কৰাই দিলে। তিনিও নানাবিধৰ কথাবাৰ্তা হোৱাৰ পাছত পাটসদাগৰে বিদায় ল'লে। সদাগৰজনৰ অমায়িক ব্যৱহাৰ, তেওঁক ঘনাই খাবলৈ মতা আদি সকলো কথা পুতেকে আলিবাবাক বিৱৰি ক'লে। তেওঁ ইয়াকো জনালে যে তেওঁৰ দোকানখন সৰু দেখি ইমান দিনেও ঘূৰাই পাট-সদাগৰক এদিনো খাবলৈ মাতিব নোৱাৰি বৰ লাজ পাইছে, গতিকে এদিন পিতাকৰ ঘৰতে তেওঁক খাবলৈ মাতিব খোজে। আলিবাবাই এই কথাত বৰ ৰং পালে, আৰু পুতেকক ক'লে বোলে এদিন ফুৰিবলৈ যোৱাৰ ছলেৰেই নি তেওঁক তেওঁৰ ঘৰত সুমুৱাব, তেওঁ ইফালে সকলো সাজু ৰাখিব। কথাটো অকস্মাতে হোৱা যেন হ'লেহে বৰ ভাল হ'ব।

 এদিন সেইমতে আলিবাবাৰ পুতেকে ফুৰিবলৈ যোৱাৰ ছলেৰে পাট-সদাগৰক নি পিতাকৰ ঘৰত সুমালে। পাট-সদাগৰে ভিতৰি ভাল পালেও বাহিৰে অনিচ্ছা দেখুৱাই সোমাল। আলিবাবাই অলপ কথা-বাৰ্তা হৈ পাছত ক'লে বোলে তেওঁলোকৰ গধূলিৰ আহাৰ প্ৰস্তুত হলেই, গতিকে তেওঁলোক দুয়ো যেন তাতেই এমুঠি ধৰি যায়।

 পাট-সদাগৰে বৰ অনিচ্ছা দেখুৱালে আৰু ক'লে তেওঁ লোণ দিয়া একো বস্তু নাখায়; গতিকে গিৰিহঁতৰ লগত তেওঁৰ খোৱা-মেলা বিশেষ অসুবিধা হ'ব। আলিবাবাই ক'লে, “নহয়, আমাৰ ৰুটিত লোণ নিদিয়েই মঙহতহে লোণ দিয়ে। বাৰু, মই কৈ আহোঁ, যাতে মঙহো লুণীয়াকৈ নাৰান্ধে। ” তেতিয়া আলিবাবাই মৰ্জ্জিনাক সেইদৰে আদেশ দি গ'লহি। মৰ্জ্জিনাই বৰ আমনি পালে, “মই লোণ দিলোৱেই। এতিয়া ইমানখিনি বস্তু পেলনি যাবনে? লোণ নোখাৱা মানুহনো সেইজন [ ৩৮ ] কোন, চায়ে আহোচোন বাৰু। ” এইবুলি মৰ্জ্জিনাই এবাৰ গৈ অতিথিজন চাই আহিল আৰু তৎক্ষণাত ডকাইতৰ মুখিয়ালটোক চিনি পেলালে।

 আলিবাবাই কোৱামতে ৰান্ধি আনি মৰ্জ্জিনাই মেজত তেওঁলোকক খোৱা আহাৰ যতাই দিলেহি। আলিবাবাই আন কাল খাওঁতে মাজে মাজে মৰ্জ্জিনা আৰু আবদুল্লাই নাচিবাগি ৰঙ-ধেমালি কৰি তেওঁক আনন্দ দিয়ে। মৰ্জ্জিনাই সেইদিনাও সেইদৰে আবদুল্লাৰে সৈতে নাচিবলৈ কাচি-পাৰি আহিল, আৰু আলিবাবাৰ অনুমতিৰ কাৰণে ওচৰৰ কোঠালি এটাত বাট চাই ৰ'ল। চকুত পৰা মাত্ৰকে আলিবাবাই সিহঁতক মাতি নিলে আৰু পাট-সদাগৰক সিহঁতৰ উদ্দেশ্য জনালে।

 পাট-সদাগৰে ছোলাৰ ভিতৰফালে সদায় এখন তৰোৱাল লৈ ফুৰে। তেওঁ ইয়াৰ ভিতৰতে ছেগ চাই আছিল, খোৱা আহাৰৰ লগত যি যি সুৰা দিছে সেই সুৰা তেওঁ নিজে নামমাত্ৰ ছুই বাপেক-পুতেক দুয়োকো ভালকৈ খুৱাই উন্মত্ত কৰাই ল’ব। তাৰ পাছত দুয়োৰো বুকুত তৰোৱাল বহাই দি তাৰ কাম সাধিব। এতিয়া এই বন্দী- বেটীহাল আহি বিধি-পথালি দিয়া দেখি সি বৰ বেয়া পালে। সি ক'লে, “নালাগে, আপুনি মোক সন্তুষ্ট কৰিবলৈ আৰু কিয় ইমান যত্ন ল'ব লাগিছে? ইমান খোৱা- লোৱা, এয়ে আটিছে। ” আলিবাবাই ক'লে, “নহয়, আপুনি একো নাভাবি। মই এই ৰঙ-ধেমালিৰ বাবে একো ভৰিব লগা হোৱা নাই। ইহঁত মোৰ ঘৰৰ দাস-দাসী, ইহঁতে এইদৰে মোক খোৱাৰ সময়ত প্ৰায়ে মনত আনন্দ লগাই থাকে। ”

 পাট-সদাগৰে সাৰিবৰ উপায় নেদেখি অগত্যা আন এদিনেই তেওঁৰ কাম সমাধা কৰিবলৈ যত্ন কৰিব বুলি ভাবি সিহঁতক নাচিবলৈ অনুমতি দিলে।

[ ৩৯ ]

পাট-সদাগৰৰ পতন

 সিহঁতৰ নাচ আৰম্ভ হ'ল। মৰ্জ্জিনাই নাচিছে আৰু আবদুল্লাই তবলা বজাইছে। আকৌ তবলাটো মৰ্জ্জিনাই ল'লে আৰু হাতত তৰোৱালখন লৈ এবাৰ আলিবাবাৰ ফালে, এবাৰ তেওঁ পুতেকৰ ফালে আকৌ একোবাৰ নিজৰ ফালে টোঁৱাই টোঁৱাই নাচিবলৈ ধৰিলে। মাজে মাজে আলিবাবাৰ ফালে তবলাটো পাতি দিয়ে, আলিবাবাই তবলাটোত এটা মোহৰ পেলাই দিয়ে। এইদৰে এবাৰ মুখিয়াল ডকাইতটোৰ ফালে তবলাটো পাতি দিলে। তাৰ ভিতৰৰ জেপত টকা-পইছা আছিল; সি মৰ্জ্জিনাক এটা মোহৰ দিবলৈ বুলি ভিতৰ জেপলৈ হাত ভৰাইছে, এনে কৰোতে মৰ্জ্জিনাই তাৰ ছোলাৰ ভিতৰত এখন তৰোৱাল দেখিলে। তেতিয়া তাই কথাটো ভালকৈ বুজি পালে আৰু নচাৰ ছলতে এবাৰ তাইৰ তৰোৱালখন মুখিয়ালটোৰ বুকুত একেবাৰে বহুৱাই দিলে।

 তেতিয়া আলিবাবা আৰু পুতেক দুয়ো চিঞৰি উঠিল— “ছিঃ! কি সৰ্বনাশ কৰিলি! আলহীক মাৰিলি?”তাৰ সমিধান স্বৰূপে মৰ্জ্জিনাই ডকাইতৰ মুখিয়ালটোৰ ছোলাৰ ভিতৰত লুকাই থকা তৰোৱালখন আজোৰ মাৰি আনি দুয়োকো দেখুৱালে। তাৰ পাছত লোণ নোখোৱা আলহীৰ নাম শুনিয়েই কেনেকৈ তাইৰ সন্দেহ জন্মিছিল, কেনেকৈ তাক চাবলৈ আহিয়েই তাই চিনি পেলাইছিল, সকলো কথা ভাঙি-পাতি ক'লে। কিয়নো আৰব দেশীয় ধৰ্ম প্ৰথামতে যি মানুহে এঘৰৰ লোণ খাব, তেওঁ সেই ঘৰৰ প্ৰতি অন্যায় আচৰণ কৰা দূৰৰ কথা, কোনো অপবাদকে ৰটিব নাপায়। ” তেতিয়া আলিবাবাই ক’লে, “তোৰ ধাৰ মই শুজিব নোৱাৰো। তই মোৰ ঘৰৰ বান্দী আছিলি, আগতেই তোক মোকলাই দিলো। এইবাৰ আমি পিতা-পুত্ৰ দুয়ো নিজ নিজ জীৱনৰ বাবে তোৰ ওচৰত ধৰুৱা। সেই দেখি তোক মোৰ পো-লৈ বোৱাৰী স্বৰূপে বিয়া কৰাই এই ধাৰ অলপ পাতলাব খোজো। ”

[ ৪০ ]  তাৰ পাছত আলিবাবাই তেওঁৰ পুতেকলৈ মৰ্জিনাক বিয়া কৰালে। ওচৰ- চুবুৰীয়া কোনো মানুহে যদিও ইয়াৰ স্বৰূপ কাৰণ একো বুজি নাপালে, তথাপি আলিবাবাই তেওঁৰ পুতেকলৈ এজনী বুদ্ধিমতী বেটী বিয়া কৰাই যি উদাৰ মনৰ চিনাকি দিলে তাৰ বাবে সকলোৱে তেওঁক শলাগিলে। তাৰ পিছত তেওঁলোকে মহাসুখেৰে কাল কটালে, আৰু পুত্ৰ-পৌত্ৰাদি ক্ৰমে সেই হাবিৰ নিজান গুহাৰ ধন- সোণ আদি পৰম আনন্দেৰে উপভোগ কৰি থাকিল।


সমাপ্ত

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।