পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুলাচনিখন খুজি নিছিল। আলিবাবাৰ ঘৈণীয়েক যোৱা মাত্ৰে তেওঁ তুলাচনিখনৰ তলীলৈ চালে আৰু সেই আঠাখনিত এটা সোণৰ মোহৰ লাগি থকা পালে। নিছলা দেওৰেক কাঠকটীয়াটিয়ে অলপ ধন-সোণ পোৱাত ৰং পাওক ছাৰি কাছিমৰ ঘৈণীয়েক ঈৰ্ষাত দেই-পুৰি মৰিবলৈ ধৰিলে। আলিবাবা আৰু তেওঁৰ ঘৈণীয়েক যে কাছিম আৰু কাছিমৰ ঘৈণীয়েকৰ সমান বা তেওঁলোকতকৈ অধিক ধনী হ'ব, এইটো তেওঁৰ অসহনি হ’ল। তেওঁ আপোনা-আপুনি ক'লে, “কি! আলিবাবাহঁতৰ ইমান ধন-সোণ যে সিহঁতে হাতেৰে লেখিব নোৱাৰে, জুখিলেহে হয়? মই বিচূৰ্ত্তি হৈছো, সেইবোৰ সি ক’ত পালে?

 কাছিমে দিনৰ দিনটো তেওঁৰ দোকানত কটাই সাঁজ লাগি ভগাত ঘৰলৈ ওলটে। তেওঁৰ ঘৈণীয়েকে জানিছিল, আজি তেওঁৰ মুখে এই নতুন কথাটো শুনি কাছিম বৰ আচৰিত হ'ব। তেওঁৰ ইমান তত্ নাইকিয়া হ’ল যে গিৰিয়েক অহালৈ বাট চাবলৈকো টান পাইছিল, আৰু তেওঁৰ মানত সেই দিনটো ইমান লাহে লাহে গৈছিল, যেন ইমান লাহে লাহে আগেয়ে দিন কেতিয়াও যোৱা নাছিল।

১৫