তেতিয়াও আলিবাবা গছৰ পৰা নামি অহা নাই। তেওঁ ভাবিলে, যদি সিহঁতৰ কোনোবাই কিবা বস্তু পাহৰি এৰি থৈ গৈছে, তেনেহ'লে সিহঁত উলটি আহিব আৰু তেতিয়া তেওঁ ধৰা পৰিব। সেইদেখি সিহঁত চকুৰে নমনা নহয়গৈ মানে লুকায়ে থাকিল, আৰু তাৰ পাছতহে গছৰ পৰা নামিবলৈ তেওঁৰ সাহ হ'ল। তেওঁ মুখিয়ালটোৱে কোৱা কথাকেইটা মনত ৰাখিছিল, আৰু আনে ক’লে তাৰ ফল হয়নে নহয় চাবৰ মনেৰে সেই শিলটোৰ কাষ চাপি তেওঁ কথাকেইটা ক'লে— “ছিছেম ফাঁক”। ততালিকে দুৱাৰখন মুকলি হ'ল।
আলিবাবাই তাৰ ভিতৰত এটা ঘোপমৰা আন্ধাৰ গুহা দেখিব বুলি ভাবিছিল, কিন্তু তাৰ সলনি তেওঁ তাত এটা আহলবহল পোহৰ পৰা কোঠালি দেখা পাই বৰ বিচূৰ্ত্তি হ'ল। এই শিলটো কোনোবা কাৰিকৰৰ হাতেৰে বিতোপনকৈ কটোৱা; ওপৰৰ গাত এটাৰ পৰা ইয়ালৈ পোহৰ পৰিছিল। এটা ডাঙৰ কোঠালিত নানা ৰকমৰ আহাৰ, পাটৰ আৰু আন আন বস্তুৰ দম, আৰু জাপে জাপে দলিছা আছিল। ছালৰ মোনাবোৰ ধন-সোণেৰে ভৰি আছিল। সেইবোৰ দেখি আলিবাবাই ভাবিছিল যে সেই গুহাত থকা ঘৰটো ডকাইতবোৰৰ বহুমূলীয়া পুৰণি ঘৰ।
তেওঁ তাৰে কিছুমান বস্তু ল’বলৈ মন কৰিলে। তেওঁ গুহাটোৰ ভিতৰলৈ সোমোৱা মাত্ৰেই দুৱাৰখন আপোনা-আপুনি জাপ খালে। দুৱাৰখন মেলাৰ মন্ত্ৰকেইটা জানিছিল দেখি তেওঁ আৰু ভয় নাখালে। তেওঁ তাৰে সোণৰ মোহৰ ভৰা ভালেমান মোনা ল'লে আৰু সেইবোৰ কঢ়িয়াই নি গাধকেইটাৰ পিঠিত বান্ধিলেগৈ। তাৰ পিছত কাঠেৰে সৈতে মোনাবোৰ তেওঁ এনেদৰে ঢাকি দিলে যাতে তাৰ লগত কি আছে কোনেও গমকে নাপায়। শেষত তেওঁ ওলাই আহিল আৰু দুৱাৰখনৰ বাহিৰে ঠিয় হৈ কথাকেইটা ক'লে— “ছিছেম বন্ধ”। দুৱাৰখন জাপ খালে, আৰু গাধকেইটা
বেগাই নগৰমুৱা হ'ল।
১১