পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ককায়েকৰ মৰাশটো দেখি আলিবাবাৰ যে গাৰ নোম শিয়ঁৰি উঠিছিল তাক সহজে অনুমান কৰিব পাৰি। কিন্তু উপস্থিত কৰ্তব্য থিৰ কৰাত তেওঁৰ পলম নহ’ল, শটো মেৰিয়াবৰ কাৰণে কিবা বিচাৰি তেওঁ গুহাটোৰ ভিতৰলৈ গ'ল। তাৰ পিছত তেওঁ এটা গাধৰ ওপৰত সেইবোৰ বোজাই কৰি দিলে আৰু তাৰ ওপৰত কাঠ জাপি নিলে। আন এটা গাধত ধন-সোণৰ থৈলাবোৰ বোজাই কৰিলে আৰু সেইবোৰ থৈলাও কাঠেৰে ঢাকি দিলে। তাৰ পাছত দুৱাৰখন জাপ খোৱা মন্ত্ৰকেইটা মাতি তেওঁ ঘৰমুৱা হল। কিন্তু হাবিখন পাৰ হয় মানে যাতে তেওঁ দিনতে নগৰ নাপায়, তাৰ বাবে বিশেষ সাৱধান হৈছিল।

 ঘৰ পাই আলিবাবাই ধন-সোণৰ থৈলা বোজা দিয়া গাধকেইটা তেওঁৰ ঘৰৰ চোতাললৈ খেদাই দিলে আৰু ঘৈণীয়েকে সেইবোৰ থান-থিত্‌‌‌‌ লগাব পাৰিব দেখি ইটো গাধ তেওঁৰ বৌৱেকৰ ঘৰলৈ খেদি লৈ গ'ল। তেওঁ দুৱাৰখন খুন্দিয়ালে। কাছিমৰ ঘৰত মৰ্জিনা বোলা বৰ জ্ঞানী আৰু বুদ্ধিমতী এজনী বেটী আছিল। তায়েই দুৱাৰখন মেলি দিলে। আলিবাবাই গাধটোৰ পিঠিৰ পৰা বোজাটো নমাই চোতাললৈ নিলে, আৰু তাইক ফুচ্‌ফুচাই কথা এটা ক'লে।

 "মই তোক এটা কথা কম এই কথাটো মোৰ আৰু তোৰ ঘৰৰ গিৰিহঁতনী উভয়ৰ মংগলৰ কাৰণে তই বৰ গোপনে ৰাখিব লাগিব। তোৰ ঘৰৰ গৰাকী ঢুকাল। তেওঁৰ মৰাশৰ এই দুটা টোপোলা মই আনিছো। কিন্তু এতিয়া কামটো এনেদৰে দিহা লগাই কৰিব লাগিব, যাতে তেওঁ এটা সাধাৰণ বেমাৰত ঢুকাল বুলিহে যেন সকলোৱে জানে। মই তোক যি পাৰো সহায় কৰিম। এতিয়া যা, ঘৰৰ গিৰিহঁতনীক কগৈ, মই তেওঁৰে সৈতে কথা হওঁ। কথাটো ভালকৈ মনত ৰাখিবি আৰু যি কথাটো গোপনে কৈছো নাপাহৰিবি। ”

 মৰ্জিনা তাইৰ গিৰিহঁতনীৰ ওচৰলৈ গ'ল। আলিবাবাও তাইৰ পিছে পিছে গ’ল। তেওঁ ওলাই আহি অস্থিৰ হৈ ক'লে, “আলি, মোৰ গিৰিহঁতৰ বাতৰি কি? তোমাৰ মুখখন শুকান দেখিছোঁ কিয়?” আলিবাবাই ক'লে, “বৌদেউ, তুমি অস্থিৰ নহ’বা। তুমি মনৰ শোক পাতলালেহে মই কথা কম। মই কথা কৈ যাওঁতে তুমি

২৫