তেলসদাগৰে তেওঁৰ খচ্চৰকেইটা ভিতৰ চোতাললৈ খেদি দিলে। অলপ পৰ কথা-বাৰ্তা হৈ ভাল পাই আলিবাবাই তাক ভিতৰলৈ মাতি নিলে, তেতিয়া তেওঁলোেকৰ খোৱা-লোৱা হৈ গৈছিল, তথাপি আলিবাবাই তেল সদাগৰক ন-কৈ ৰন্ধাই-বঢ়াই খুৱালে।
তাৰ পাছত ৰাতি ভালেমান পৰলৈকে কথা-বাৰ্তা পাতি আলিবাবা শুবলৈ ওলাল আৰু তেল-সদাগৰকো ভালকৈ শুবৰ দিহা কৰাই দিলে। শোৱাৰ আগতে আলিবাবাই মৰ্জ্জিনাক ক'লে, তাই যেন পুৱালৈ তেওঁৰ বাবে অলপ চুৰুহা ঠিক কৰি ৰাখে আৰু ঘৰৰ লগুৱা আবাদুল্লাৰ হতুৱাই তেওঁৰ গা ধোৱা সাজটো দিহা কৰি থোৱায়।
অলপপৰ তলকা মাৰি থাকি হাতত সাৰে তেল সদাগৰ উঠি আহিল আৰু ডকাইতবোৰ সোমাই থকা ছালৰ মোনাবোৰৰ মুখবোৰ অলপ উশাহ ল’বৰ জোখাৰে। মেলি দি ক'লে বোলে আৰু অলপ সময়ৰ পাছতেই সকলোে যোগাৰ কৰি উঠি সি সিহঁতলৈ এটা দলি মাৰি সিহঁতক মাতিব, তেতিয়া সকলোটি মিলি আলিবাবাৰ ঘৰৰ সকলো মানুহকে কাটি-মাৰি ধন-সোণ সকলো লুটি নিব। ইয়াকে কৈ সি আকৌ শোৱা ঠাইলৈ গ'ল।
ইফালে মৰ্জ্জিনাই আবদাল্লাৰে সৈতে আলিবাবাই কোৱা মতে সকলো যুগুত কৰিবলৈ লাগিল। চুৰুহা কৰিবৰ বাবে সকলো যতাই লৈ দেখে, জুই জ্বলাবলৈ ষ্টভ্টোত তেল নাই। সিহঁতে ঘৰত ক’তো তেল বিচাৰি নাপালে। তেতিয়া মৰ্জ্জিনাই ভাবিলে, তেল সদাগৰৰ মোনাবোৰৰে এটাৰ পৰা অলপ তেল আনি বৰ্তমান কাম চলাব আৰু পুৱা হ'লে তাৰ বেচফেৰা দি লেঠা মাৰিব। এইবুলি মৰ্জ্জিনাই পোনে পোনে যিটো মোনাৰ পৰা তেল আনিবলৈ গ'ল, তাৰ ভিতৰৰ পৰা কোনোবাই ফুচ্ফুচাই মতা শুনিলে—“সময় হৈছেনে?” তাই অতি আচৰিত হ'ল; কিন্তু ততালিকে কথাৰ গতি বুজি উত্তৰ দিলে, “নৌ। অলপ ৰবা। ” এইদৰে এটা-এটাকৈ সাতত্ৰিশটা মোনাৰ গুৰিলৈ গৈ একে কথাকে পালে আৰু তায়ো একে সমিধানকে দি আহিল। শেষৰটো মোনাত তেল পাই এটা বৰ কেট্লিত ভৰাই আনি জুই ধৰি তেতিয়াই তেলখিনি উতলালে, আৰু সেই উতলা তেলখিনি নি এটা এটাকৈ সাতত্ৰিশটা
৩৪