পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তাই আবেলি চকুৰ পানী টুকি টুকি আকৌ বেজজনৰ ওচৰলৈ গ'ল আৰু মৰা-মুছা বেমাৰীক খুৱালেও ভাল হোৱা এটা ঔষধ খুজিলে। তাই ক'লে, “এই ঔষধটোৱে যে আগৰটোতকৈও কিবা ভাল গুণ দিব মোৰ তেনে মনে ধৰা নাই। নৰিয়া ইমান টান, কিজানি আমি গিৰিহঁতক অলপতে হেৰুৱাবই লাগিব। ”

 মানুহক বেমাৰ টান বুজাবলৈ আলিবাবা আৰু ঘৈণীয়েকে কাছিমৰ ঘৰলৈ দিনটো অহা-যোৱা কৰি আছিল আৰু কাছিম মৰিল বুলি বুজাবলৈ কাছিমৰ ঘৈণীয়েক আৰু মৰ্জ্জিনাই ইনাই-বিনাই কান্দিবলৈ ধৰিলে।

 সেই নগৰৰে এটা বুঢ়া মুচিক মৰ্জ্জিনাই চিনি পায়। সি পুৱা আটাইতকৈ আগেয়ে তাৰ দোকান মুকলি কৰে। তাই পিছদিনা নিছেই সোনকালে উঠি মুচিটোৰ ঘৰলৈ গ'ল আৰু মাত লগাই তাৰ হাতত এটা সোণৰ মোহৰ গুজি দিলে। মুচিটোৰ নাম বাবা মুস্তাফা। যি কামকে কৰিবলৈ দিয়া হয় সি তাকে খুব ভালকৈ কৰি দিয়ে।

 সি সোণৰ মোহৰটো পাই অতি ৰং পালে আৰু কলে, “বৰ ভাল বতৰা কাম নৌ কৰোঁতেই বানচ্‌! আজি মোৰ বৰ ভাল দিন। তোমাক কি কৰি দিব লাগে, কৰিবলৈ মই সাজু আছোঁ। মৰ্জ্জিনাই ক'লে, “বাবা মুস্তাফা, তোমাৰ জোতা সীয়া বেজীটো হাতত লৈ মোৰ লগত আহাঁ। পিছে, এটা কথা ইয়াতে কৈ থৈছে, মই যি ঠাইলৈ নিম, সেই ঠাইলৈ যাবলৈ তোমাক পোনতেই মই চকু বান্ধি দিম। ”

 মুচিটো তেতিয়া বৰ দোধোৰ-মোৰত পৰিল। সি ক'লে—“মোৰ মন আৰু বিবেচনাই বেয়া বোলা কোনো কাম কৰিবলৈ তুমি নোকোৱা নহয়?” মৰ্জ্জিনাই ক'লে— “তেনে কাম কৰিবলৈ ক’বলৈ পৃথিৱীত আটাইতকৈ শেষ প্ৰাণী হ'ম মই। ”এইবুলি তাই আৰু এটা সোণৰ মোহৰ তাৰ হাতত গুজি দিলে। “তুমি মোৰ লগত আহা। একো শংকা নকৰিবা। ”

 মুচিটো তাইৰ পিছে পিছে গ'ল। অলপ দূৰ গৈয়েই এড়োখৰ ঠাইত মৰ্জ্জিনাই মুচিটোৰ চকু বান্ধি দিলে। এইদৰে অলপ দূৰ যোৱাৰ পাছত তাই তাৰ চকুৰ বান্ধ মোকলাই দিলে। চকু মেলিয়েই সি আগত এটা মৰাশ পৰি থকা দেখিলে। ততালিকে মৰ্জ্জিনাই ক'লে—“বাবা মুস্তাফা, তুমি এই গা কেইছোৱা একেলগে সী পেলোঁৱা।

২৮