পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ইচ্ছা কৰিয়েই সোনকালে অহা নাই। শুহাটোত থকা ধন-সোণ আটাইখিনি ককায়েকে আনিলেও আলিবাবাই তাত অকণো বেয়া নাপায়। কিয়নো আলিবাবাই যিখিনি আনিছিল সেয়ে বহুত; তাতকৈ সৰহ পাবলৈ তেওঁ বাঞ্চা নকৰিছিল।

 আলিবাবাই ক'লে— “বৌদেউ, ককাইদেৱে ৰাতি নোহাৱালৈকে নগৰ সোমোৱা অনুচিত হ'ব বুলি ভাবিহে এতেপৰলৈকে অহা নাই বুলি মই বুজিছো। তুমি চিন্তা নকৰিবা, তেওঁ সময়মতে উলটি আহিব। ”

 ধন-সোণৰ কথাটো গোপনে ৰখা কিমান আৱশ্যক, কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানিছিল। এতিয়া তেওঁ আলিবাবাৰ কথাত আশ্বাস পাই ঘৰলৈ উলটিল আৰু মাজ নিশালৈকে ধৈৰ্য ধৰি বাট চালে। পিছে কাছিম তেতিয়াও উলটি নাহিল। তেতিয়া তেওঁৰ মনৰ চিন্তা আৰু বাঢ়িল। ধন-সোণৰ কথাটো গোপনীয় বাবে, দুখ পাতলাবলৈকো তেওঁ কোনো কথা ওচৰ-চুবুৰীয়াৰ আগত ক'ব নোৱৰা হ'ল। তেতিয়া, আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকেনো তুলাচনিখন কি জুখিবলৈ নিছে, সেই কথা জানিব খুজিবলৈনো তেওঁক কিহে পাইছিল, তাকে ভাবি তেওঁ ৰাতিৰে ৰাতিটো অকলে ডেও পাৰি থাকিবলৈ ধৰিলে। তেওঁ গোটেই ৰাতি এইদৰে ভাবি- চিন্তি কান্দি-কাটি ছাটি-ফুটি কৰি থাকিল। ৰাতি পুৱাবলৈ নৌপাওঁতেই উঠি তেওঁ আকৌ দেওৰেকৰ ঘৰলৈ গ'ল। সৰলচিতীয়া আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকে কাছিমৰ ঘৈণীয়েকৰ মুখ দেখিয়েই জানিলে যে তেওঁৰ গিৰিয়েক তেতিয়াও উলটি অহা নাছিল।

 আলিবাবাই তেওঁক সুধিবলৈ আৰু বাট নাচালে। তেওঁ গাধ তিনিটা ল'লে আৰু হাবিলৈ ওলাল। যোৱাৰ আগতে কাছিম ভালে-কুশলে আছে বুলি বৌৱেকক বুজনি দিলে। কিন্তু বাটত ককায়েকৰ খচ্চৰকেইটাৰ কোনো চিন নাপাই আলিবাবাই ভাবিলে গতি বিষম। ককায়েকৰ কিবাহে হ’ল। তেওঁ গৈ গৈ শিলটোৰ ওচৰ পালে। গৈয়ে দুৱাৰমুখত তেওঁ তেজৰ চিন দেখিবলৈ পালে। এইবাৰ তেওঁ দৃঢ়কৈ ভাবিলে, কায়েক নিশ্চয় ডকাইতৰ হাতত মৰিল। তেওঁ গুহাৰ দুৱাৰৰ মুখত ঠিয় হৈ সেই মন্ত্ৰকেইটা উচ্চাৰণ কৰিলে, আৰু দুৱাৰখন মেল খালে।

২৪