এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যদি আৰু কোনোবাই কাছিমৰ নিচিনা কাম কৰিবলৈ সাহ কৰি আহে তেনেহলে তেওঁ জানিব লাগিব যে ইয়ালৈ আহিলেই ডকাইতৰ হাতত মৰণৰ বাহিৰে ৰক্ষাৰ উপায় নাই।
দুৱাৰখন ভালদৰে বন্ধ হোৱাৰ পাছত সিহঁত গুহাটোৰ পৰা ধন-সোণ লুটিবলৈ ওলাই গ'ল। সিহঁতে উটৰ শাৰীবোৰত জুমবান্ধি যোৱা ডাঙৰ সদাগৰবিলাকক মাৰি আৰু নগৰৰ ধনী মানুহবিলাকৰ ঘৰত ডকাইতি কৰি এই ধন-সোণবোৰ ইয়াত গোটাইছিলহি।
২২