এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৰ পাছত আলিবাবাই তেওঁৰ পুতেকলৈ মৰ্জিনাক বিয়া কৰালে। ওচৰ- চুবুৰীয়া কোনো মানুহে যদিও ইয়াৰ স্বৰূপ কাৰণ একো বুজি নাপালে, তথাপি আলিবাবাই তেওঁৰ পুতেকলৈ এজনী বুদ্ধিমতী বেটী বিয়া কৰাই যি উদাৰ মনৰ চিনাকি দিলে তাৰ বাবে সকলোৱে তেওঁক শলাগিলে। তাৰ পিছত তেওঁলোকে মহাসুখেৰে কাল কটালে, আৰু পুত্ৰ-পৌত্ৰাদি ক্ৰমে সেই হাবিৰ নিজান গুহাৰ ধন- সোণ আদি পৰম আনন্দেৰে উপভোগ কৰি থাকিল।
সমাপ্ত
৪০