পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা-বাৰ্তা চলে; কিন্তু আলিবাবাৰ পুতেক বুলি পাট-সদাগৰে এওঁক চিনি নাপায়।

 এদিন আলিবাবা পুতেকৰ দোকানলৈ গৈছিল। এই পাট-সদাগৰে এওঁক দেখিয়েই চিনি পালে, আৰু তেওঁলোকৰ সম্বন্ধ কি, জানি ললে। তাৰ মনত বৰ আনন্দ লাগিল, কিয়নো আলিবাবা যদি তাৰ এজন বিশেষ বন্ধুৰ পিতাদেৱেক হয়, তেনেহ'লে তাৰ কাম সুকলমে সমাধা হোৱাৰ আশাই সৰহ। পুতেকেও পিতাকক এই পাট-সদাগৰৰ লগত চিনাকি কৰাই দিলে। তিনিও নানাবিধৰ কথাবাৰ্তা হোৱাৰ পাছত পাটসদাগৰে বিদায় ল'লে। সদাগৰজনৰ অমায়িক ব্যৱহাৰ, তেওঁক ঘনাই খাবলৈ মতা আদি সকলো কথা পুতেকে আলিবাবাক বিৱৰি ক'লে। তেওঁ ইয়াকো জনালে যে তেওঁৰ দোকানখন সৰু দেখি ইমান দিনেও ঘূৰাই পাট-সদাগৰক এদিনো খাবলৈ মাতিব নোৱাৰি বৰ লাজ পাইছে, গতিকে এদিন পিতাকৰ ঘৰতে তেওঁক খাবলৈ মাতিব খোজে। আলিবাবাই এই কথাত বৰ ৰং পালে, আৰু পুতেকক ক'লে বোলে এদিন ফুৰিবলৈ যোৱাৰ ছলেৰেই নি তেওঁক তেওঁৰ ঘৰত সুমুৱাব, তেওঁ ইফালে সকলো সাজু ৰাখিব। কথাটো অকস্মাতে হোৱা যেন হ'লেহে বৰ ভাল হ'ব।

 এদিন সেইমতে আলিবাবাৰ পুতেকে ফুৰিবলৈ যোৱাৰ ছলেৰে পাট-সদাগৰক নি পিতাকৰ ঘৰত সুমালে। পাট-সদাগৰে ভিতৰি ভাল পালেও বাহিৰে অনিচ্ছা দেখুৱাই সোমাল। আলিবাবাই অলপ কথা-বাৰ্তা হৈ পাছত ক'লে বোলে তেওঁলোকৰ গধূলিৰ আহাৰ প্ৰস্তুত হলেই, গতিকে তেওঁলোক দুয়ো যেন তাতেই এমুঠি ধৰি যায়।

 পাট-সদাগৰে বৰ অনিচ্ছা দেখুৱালে আৰু ক'লে তেওঁ লোণ দিয়া একো বস্তু নাখায়; গতিকে গিৰিহঁতৰ লগত তেওঁৰ খোৱা-মেলা বিশেষ অসুবিধা হ'ব। আলিবাবাই ক'লে, “নহয়, আমাৰ ৰুটিত লোণ নিদিয়েই মঙহতহে লোণ দিয়ে। বাৰু, মই কৈ আহোঁ, যাতে মঙহো লুণীয়াকৈ নাৰান্ধে। ” তেতিয়া আলিবাবাই মৰ্জ্জিনাক সেইদৰে আদেশ দি গ'লহি। মৰ্জ্জিনাই বৰ আমনি পালে, “মই লোণ দিলোৱেই। এতিয়া ইমানখিনি বস্তু পেলনি যাবনে? লোণ নোখাৱা মানুহনো সেইজন

৩৭