এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাজত কান্দি-কাটি বাধা দিব নোৱাৰিবা। এটা কথা অতি গোপনীয়। ” তেওঁ কলে, “দেহি ঐ মোৰ স্বামী তেন্তে আৰু ইহ সংসাৰত নাই। ” এইবুলি ভালেমান পৰৰ পিছত শোক সামৰি তেওঁ আকৌ ক'লে, “বুজিছো, আলি, এই কথা গোপনে ৰাখিব লাগিব। বাৰু, এতিয়া মোৰ কথাটো কোৱা; মই ধৈৰ্য ধৰি শুনিম, কোনো ভয় নকৰিবা। ”
তাৰ পাছত তেওঁ কাছিমৰ মৰা শটো গুহাৰ ভিতৰত কি অৱস্থাত পালেগৈ, আৰু সেইবোৰ মেৰিয়াই কেনেকৈ ঘৰলৈ আনিলে, সকলো কথা আলিবাবাই বৌৱেকক বিৱৰি জনালে। শেষত ক'লে, “এতিয়া চোতালত গাধৰ পিঠিত থকা টোপোলাকেইটা ভালকৈ দিহা লগাই থ'ব লাগিল, আৰু যাতে সকলোৱে তেওঁক স্বাভাৱিকভাৱে বেমাৰ হৈ মৰা বুলি ভাবে তাৰো উপায় কৰিব লগা হ'ল। মোৰ মনেৰে মৰ্জিনাই সেই সকলোবোৰ থানথিত লগাব পাৰিব। ” ইয়াকে কৈ আলিবাবাই নিজ ঘৰলৈ উলটিল।
২৬