বাবে প্ৰাণদণ্ড হ'ব। ” এই কথাত সকলো ডকাইত একমত হ’লআৰু তাৰে এটাই পোনতে তাৰ বাবে আগবাঢ়ি ওলাল।
পিছদিনা নিছেই পুৱাতে ডকাইতটো নগৰলৈ গ'ল। তেতিয়া কোনো মানুহ শুই উঠাই নাই, কেৱল সেই মুচিটো উঠি জোতা সীবলৈ ধৰিছে। ডকাইতটো মুচিটোৰ ঘৰত সোমাল, আৰু তাৰে সৈতে কথা পাতিলে। “তুমি ইমান ৰাতিপুৱাই উঠিলানে? আৰু ইমান ৰাতিপুৱাই তুমি জোতা সীবলৈ বুঢ়া চকুৰে দেখিছানে?” মুচিটোৱে ক'লে, “ভালকথা কৈছা। মই এই চকু আৰু বেজীৰেই এটা মৰাশ সীছোঁ। ” ডকাইতটো বৰ আচৰিত হ'ল আৰু সি ক’ৰ মৰাশ, কি কথা, আটাইবোৰ সুধিলে। মুচিটোৱে তেতিয়া ক'লে—“সেই বিষয়ে আৰু ক'ব নোৱাৰোঁ। তেতিয়া ডকাইতটোৱে তাৰ হাতত এটা সোণৰ মোহৰ গুজি দি ক'লে, “বাৰু, তুমি মোক মুঠেই ঘৰটো দেখুৱাই দিয়া। ” তেতিয়া মুচিটোৱে ক'লে, “মই কেনেকৈ দেখুৱাম? মোক চকু বান্ধি নিছিল নহয়?” তেতিয়া ডকাইতটোৱে ক'লে, “বাৰু, ময়ো তেনেকৈ চকু বান্ধি দিওঁ। তুমি কিমান খোজ কাঢ়িছিলা?” “সেইটো জানো মনত ৰাখিছো। ” “বাৰু নালাগে। ” এইবুলি মুচিটোৱে দেখুৱাই দিয়া ঠাইতে ডকাইতটোৱে তাক চকু বান্ধি দিলে আৰু তাৰ পিছে পিছে গ'ল। মুচিটোৱে অনুমানতে খোজ কাঢ়ি গৈ ঠিক সেই আলিবাবাৰ ঘৰৰ আগত ৰ'লগৈ। তেতিয়া ডকাইতটোৱে আলিবাবাৰ ঘৰৰ দুৱাৰতে এটা কটা চিন দিলে। আৰু মুচিটোৰ চকুৰ বান্ধ মোকলাই দিলে। তাৰ পাছত তাৰ কামত যে সি সফল হৈছে এই কথা তাৰ দলত জনাবলৈ সি গুহালৈ গ'লগৈ।
ইফালে কৰবাৰ পৰা আহি মৰ্জ্জিনাই দুৱাৰত সেই চিনটো দেখি ততালিকে কিবা সন্দেহ কৰি এডোখৰ বগা মাটি লৈ ওচৰ চুবুৰীয়া ঘৰৰ আটাইবোৰ দুৱাৰতে অবিকল তেনেকুৱা চিন দি দিলে। পিছদিনা সেই ডকাইতটোৰ কথামতে ভেশচন কৰি ডকাইতবোৰ বেলেগ বেলেগ জুম পাতি আহিল। কিন্তু সেইখিনিৰ ভিতৰত কোনটো ঘৰত সি চিন দিছিল, সঠিককৈ দেখুৱাই দিব নোৱাৰিলে। সকলো ডকাইত
৩১