পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিমান দুখীয়া নহওঁ সঁচা। মই ইমান ধনীহ'ম বুলি আগেয়ে ভাব্বিও পৰা নাছিলো। ” কাছিমে ক'লে, “সেইটো সঁচা তাত সন্দেহ নাই। কিন্তু তুমি কেনেকৈ হঠাৎ ইমান ধনী হ’লা, মই তাকেহে সুধিছো। ” ভায়েকে ক'লে— “শুনা, তেন্তে কওঁ। ”

 এইবুলি আলিবাবাই সেই হাবিত থকা গুহা আৰু তাৰ সকলো কথা আপোন- পেটীয়া ককায়েকৰ আগত ভাঙি পাতি ক'লে। তাৰ পাছত আলিবাবাই প্ৰতিজ্ঞা কৰিলে যে কাছিমে যদি কথাটো গোপনে ৰাখে, তেনেহ'লে তেওঁ তাৰ আধাখিনি ধন-সোণ কাছিমক দিব।

 কাছিমে গহীনাই মাত লগালে—“সেয়া অৱশো পাম। কিন্তু গুহাটো ক'ত আছে আৰু কি চিনেৰে তাক উলিয়াব পাৰি সেইটোও মোক ক'ব লাগিব। যদি নোকোৱা তেনেহ'লে মই এতিয়াই বিচাৰকক এই সকলো কথা জনামগৈ। তেতিয়া তোমাৰ সেইখিনি ধন-সোণ যে হেৰাবই, লগতে তোমাৰ আগৰ যিখিনি আছে সিও যাব; আৰু মই তাৰ বাবে বিচাৰকৰ পৰা এটা ডাঙৰ পুৰস্কাৰ পাম। ”

 আলিবাবাই ককায়েকৰ কথাত অলপো ভয় নাখালে। তথাপি কাছিমে যিখিনি কথা জানিব খুজিছিল, সৰল-চিতীয়া আশাশুধীয়া ভায়েক আলিবাবাই তেওঁক সেই সকলোখিনি কলে। আন নালাগে, গুহাটোৰ ভিতৰলৈ সোমোৱা আৰু ওলোৱা মন্ত্ৰ দুটাও আলিবাবাই ককায়েকক ক'বলৈ বাকী নথ'লে।

 পিছদিনা কাছিম নিছেই দোকমোকালিতে উঠিল আৰু কিছুমান ঢাকনি থকা পেৰাৰ বোজা দি দহোটা খচ্চৰ লগত ল'লে। তেওঁ ভাবিলে, তেওঁ প্ৰথমবাৰ যাওঁতে সেই পেৰাবোৰ ভৰাই আনিব। যদি তাত তেতিয়াও আৰু ধন-সোণ থাকে তেনেহ'লে তেওঁ সেইখিনি পিছৰ বাৰত নিবহি আৰু আলিবাবা আকৌ এবাৰ গুহাটোলৈ অহাৰ আগতে তেওঁ সকলো ধন-সোণ আনি শেষ কৰিব। আলিবাবাই যে তেওঁক সেই ধন-সোণৰ এভাগ দিওঁ বুলিছিল, তাৰ বাবে তেওঁ সমুলি কৃতজ্ঞ নহ'ল। আলিবাবাৰ দিহা মতেই তেওঁ গ'ল আৰু লৰালৰিকৈ গৈ আগেয়ে ভায়েক উঠি ডকাইতবিলাকক লুকাই চোৱা শিলটোৰ ওচৰৰ গছজোপাত উঠিল।

১৮