পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেতিয়া কেনেকৈ আলিবাবাৰ ঘৈণীয়েক তেওঁলোকৰ ঘৰলৈ আহি তেওঁক তেওঁলোকৰ তুলাচনিখন খুজি নিছিল, তাক জানিবৰ কাৰণে তেওঁ কি ফন্দি কৰিছিল, সকলো কথা তেওঁ গিৰিয়েকক জনালে; আৰু তাৰ পিছত তেওঁ মোহৰটো কাছিমক দেখুৱালে। সেইটো ইমান দিনৰ পুৰণি মোহৰ আৰু সি ইমান ক্ষয় গৈছিল যে তাত কোন ৰজাৰ মোহৰ মৰা আছিল সিহঁতে তাকে তত্ ধৰিব নোৱাৰিছিল।

 কাছিমে সম্পত্তিশালিনী ঘৈণীয়েকক বিয়া কৰোৱাৰ পাছৰ পৰা ছাল-ছিগা ভায়েকক সমূলি মৰমৰ চকুৰে নাচাইছিল আৰু কোনো প্ৰকাৰে সহায় নকৰিছিল। এতিয়াও ভায়েকৰ সৌভাগ্য দেখি ৰং পাওক ছাৰি তেওঁ ঘৈণীয়েকৰ দৰে ঈৰ্ষাত দেই-পুৰি মৰিবলৈহে ধৰিলে আৰু সেই কথাকে ভাবি ভাবি গোটেই ৰাতি তেওঁৰ টোপনি নাহিল।

 পাছদিনা দোকমোকালিতে উঠি তেওঁ কাঠ-কটীয়া ভায়েকৰ ঘৰলৈ গ'ল। গৈ পোনছাটেই তেওঁ আলিবাবাক ক'লে— “আলিবাবা, তুমি মানুহক ভুৱা দিয়া যেন তুমি বৰ দুখেৰে ল'ৰা-তিৰোতা লৈ কোনোমতে মাগি-খুজি টোক্‌-টোক্‌- টাক্‌টাক্‌কৈ খাই কাল কটাইছা। কিন্তু আচলতে তুমি ইমান ধনী যে তোমাৰ ধন- সোণ তুমি হাতেৰে লেখিব নোৱাৰা, সেইবোৰ জুখিলেহে হয়। ”

 আলিবাবাই ক'লে— “ককাইদেউ, মই সঁচাকৈয়ে কৈছো, তুমি কি কৈছা, মই একো বুজা নাই। ” কাছিমে ক'লে— “তুমি এতিয়া নজনাৰ ভাও জুৰিলে নহয়। ” এইবুলি তেওঁৰ ঘৈণীয়েকে তেওঁৰ হাতত দিয়া মোহৰটো দেখুৱাই ক'লে—“কালি তোমাৰ ঘৈণীয়েৰাই অনা তুলাচনিখনৰ তলীত এইটো সোণৰ মোহৰ লাগি আহিছিল। এতিয়া মোক কোৱা, তোমাৰ হাতত আৰু এনেকুৱা মোহৰ কিমান আছে?” এই কথা শুনি তেওঁৰ ঘৈণীয়েকৰ অসাৱধানতাৰ বাবেই যে ইমান গোপনে ৰাখিব খোজা কথাটো কাছিমৰ পৰিয়ালে ভূ পালে, এই কথা আলিবাবাৰ বুজিবলৈ বাকী নাথাকিল। কিন্তু হোৱা কথা হৈ গ'ল, এতিয়া তাক নোহোৱা কৰিব কেনেকৈ? আলিবাবাই অকণো কষ্ট পোৱা বা আচৰিত হোৱাৰ চিন নেদেখুৱাই ককায়েকৰ আগত সকলো কথা ভাঙি ক'লে—“মই আগেয়ে যিমান দুখীয়া আছিলো, এতিয়া

১৭