পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবই লাগিব। সেইদেখি দুৱাৰখন মেলা মাত্ৰে তেওঁ বেগাই যাবলৈ সাজু হ’ল আৰু দুৱাৰখনৰ নিছেই গাতে ঠিয় হৈ ৰ'ল।

 যি শব্দটো কাছিমে ইমান যত্ন কৰিও মনত পেলাব নোৱাৰিছিল, সেই শব্দটো মনত পেলাই ডকাইতহঁতৰ মুখিয়ালটোৱে দুৱাৰখনৰ বাহিৰত ৰৈ মাত লগালে—“ছিছেম্‌ ফাঁক!” আৰু ততালিকে দুৱাৰখন মেল খালে। তৎক্ষণাত কাছিমে বৰ কোবেৰে মুখিয়ালটোক ঠেলা মাৰি মাটিত পেলাই বাহিৰলৈ ওলাই গ’ল। কিন্তু তেওঁ বাকীবোৰৰ হাতৰ পৰা সাৰিব নোৱাৰিলে। সিহঁতে তৰোৱাল দাঙিলে আৰু চকুৰ পচাৰতে এটাই একে ঘাপেই কাছিমক দুছোৱা কৰিলে।

 তাৰ পাছত ভিতৰলৈ সোমাই গৈ ডকাইতবোৰে চাৰিওফালে ভালকৈ চাবলৈ ধৰিলে। কাছিমে নিবলৈ থোৱা ধন-সোণৰ থৈলাবোৰ সিহঁতৰ চকুত পৰিল আৰু সেইবোৰ সিহঁতে আকৌ আগৰ ঠাইত থৈ দিলে। কিন্তু আলিবাবাই আগেয়ে নিয়াবোৰৰ সিহঁতৰ লেখত নপৰাকৈ নাছিল।

 তাৰ পিছত সিহঁতে সেই বিষয়ে মেল পাতিলে। কাছিমে গুহাটোৰ ভিতৰৰ পৰা ওলাব নোৱাৰিছিল সঁচা, কিন্তু গুহাটোলৈ কেনেকৈ সোমাল? সেইটোহে মন কৰিব লগা ঘাই কথা। গুহাটোৰ ওপৰেদি পোহৰ সোমোৱা এটা বাট আছিল, কিন্তু শিলটো ইমান ওখ আৰু তাৰ দুই দাঁতি ইমান ঠিয় যে সেইফালে আহিব পৰা অসম্ভৱ। যদি সি জখলাৰে গুহাটোলৈ উঠিছিল, তেন্তে জখলা কত পালে? তাত নিশ্চয় জখলা নাছিল।

 সিহঁতে শেষত থিৰ কৰিলে, মানুহটো নিশ্চয় দুৱাৰেদি সোমাইছিল, আৰু সেয়ে হলে সি কেনেবাকৈ সিহঁতৰ গুপ্ত মন্ত্ৰটো জানিব পাৰিছিল। কিন্তু আলিবাবাই যে গুহাটোলৈ আহি সিহঁতৰ কথা শুনি গৈছিল, সেইটো সিহঁতে নাজানিছিল। যি হওঁক এই বিষয়ে সিহঁত একমত হৈছিল যে সিহঁতৰ ধন-সোণবোৰ আৰু কোনেও এইদৰে চোৰকে মোৰে পোৱা কৰিব নালাগিব।

 সেইকাৰণে সিহঁতে কাছিমৰ গাটো চাৰি টুকুৰা কৰিলে। তাৰ পাছত দুৱাৰৰ বাহিৰফালে দুছোৱা আৰু ভিতৰফালে দুছোৱা ওলোমাই থ’লে। সিহঁতে ভাবিলে

২১