পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এতিয়া তাকে কৰোঁ। কিন্তু সাৱধান, তুমি এই কথাটো অতি গুপুতে ৰাখিবা, ধন- সোণবোৰৰ বিষয়ে কাৰো আগত এটা কথাও নুলিয়াবা। ”

 ওচৰতে আলিবাবাৰ ককায়েক কাছিমৰ ঘৰ। ঘৈণীয়েক কাছিমৰ ঘৰলৈ গ’ল। কাছিম তেতিয়া ঘৰত নাছিল। তেওঁ কাছিমৰ ঘৈণীয়েকক সুধিলে—“বাইদেউ, তোমালোকৰ তুলাচনিখন অলপমান সময়ৰ কাৰণে দিব পাৰিবানে?” কাছিমৰ ঘৈণীয়েকে ক'লে— “কিয় নোৱাৰিম? তোমাক সৰুখন লাগেনে, ডাঙৰখন লাগে?” আলিবাবাৰ ঘৈণীয়েকেক'লে—“সৰুখনেই হব। ” “বাৰু খন্তেক ৰোৱা; মই এতিয়াই আনি দিম। ” এইবুলি কাছিমৰ ঘৈণীয়েক ভিতৰলৈ গ'ল।

 আলিবাবা কিমান দুখীয়া কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানে। এতিয়া তেওঁ জানিব খুজিলে, কি উদ্দেশ্যেনো তেওঁলোকে তুলাচনিখন নিয়ে। সেই কথা জানিবৰ কাৰণে তেওঁ বৰ সাৱধানে তুলাচনিখনৰ তলীত অলপমান আঠা লগাই দিলে। তাৰ পিছত তেওঁ ওলাই আহি আলিবাবাৰ ঘৈণীয়েকৰ হাতত তুলাচনি দি ক'লে— “তুলাচনিখন দিয়াত পলম হোৱা বাবে বেয়া নাপাবা দেই। তুলাচনিখন মই থোৱা ঠাইত নাছিল দেখি বিচাৰোঁতে পলম হল। ”

 তুলাচনিখন লৈ আলিবাবাৰ ঘৈণীয়েক ঘৰলৈ গ'ল আৰু ধন-সোণবোৰ জুখিবলৈ ধৰিলেগৈ। তেওঁ তুলাচনিখন ভৰাই জুখি এখন খাটৰ ওপৰত সৰু সৰু দম পাতিলে। তাৰ পিছত তেওঁ তাৰে এটা দ'ম লেখিলে, আৰু তাৰে পৰাই গোটেইখিনি দ'মত কিমান সোণৰ মোহৰ আছে লেখ কৰি উলিয়ালে। এই লেখটো তেওঁ তেতিয়াই আলিবাবাক জনালেগৈ।

 আলিবাবাই বাৰীত গাততো খানি ধন-সোণখিনি পোতে মানে ঘৈণীয়েকে কাছিমৰ ঘৰত তুলাচনিখন ঘূৰাই দিবলৈ গ'ল। তুলাচনিখনৰ তলত থকা আঠাখিনিত যে সোণৰ মোহৰ এটা লাগি গৈছিল সেইটো তেওঁ মন কৰাই নাছিল। তেওঁ কলে—“বাইদেউ, মই তুলাচনিখন সৰহ পৰ ৰখা নাই। তুমি যে মোক তুলাচনিখন দিলা, সেইবাবে মই বৰ ভাল পালোঁ।

 কাছিমৰ ঘৈণীয়েকে ভাবিছিল, জা-কে ধান বা কিবা খোৱা বস্তু জুখিবলৈ

১৪