পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইমানখিনি ধন-সোণ দেখা নাছিল আৰু ইয়াকে তেওঁ সঁচাকৈয়ে গোটেই পৃথিৱীৰ ধন-সোণ বুলি ভাবিছিল।

 যেতিয়া জিভা ডোৰোল খালে তেতিয়াহে তেওঁ গিৰিয়েকক সুধিলে— “এইবোৰ ক'ৰ পৰা আনিছা? কত পালা? এইবোৰৰ গিৰিহঁত কোন? আলিবাবাই কলে— “লৰালৰি কৰা, সময়মতে সকলো বুজিবা। ”

 তেতিয়া তেওঁ থৈলাবোৰৰ পৰা ধন-সোণবোৰ উলিয়াই মেজৰ ওপৰত দমাই থ’লে। ধন-সোণৰ এটা ডাঙৰ দম হ’ল। সেই ধন-সোণবোৰ দেখি তেওঁৰ ঘৈণীয়েকৰ চকুত জলক লাগিল, মন মৰি গ'ল আৰু বিষাদৰ চকুলো ওলাবলৈ ধৰিলে। তেওঁ ক'লে— “এইবোৰ আমাৰ নিজা হোৱা হলে কেনে সুন্দৰ হ'লহেঁতেন। তেতিয়া হাবিলৈ গৈ এইদৰে ওৰে দিনটো কাঠ কাটি মৰিব নালাগিলহেঁতেন। নগৰলৈ গৈ খৰি বেচিবলৈ ঘূৰি ফুৰিবৰ সকাম নহ'লহেঁতেন। আমি আটাইবোৰ বস্তুকে পালোহেঁতেন আৰু কেতিয়াও ইমান টান কাম কৰিব নালাগিলহেঁতেন।

 তাৰ পাছত দুয়ো বহিল আৰু এই ধন-সোণবোৰ কেনেকৈ পালে আলিবাবাই ঘৈণীয়েকক সকলো ভাঙি-পাতি ক’লে। “ইয়াৰে আমি এটা ডাঙৰ কাৰবাৰ কৰিম। কিন্তু সাৱধান, ইয়াৰ যেন কোনেও ফুটকে নাপায়। ”

 যেতিয়া সেই ধন-সোণবোৰ তেওঁলোকৰ নিজা বুলি শুনিলে, তিৰোতাগৰাকীৰ আনন্দৰ সীমা নাথাকিল। তেওঁ ততালিকে বহা ঠাইৰ পৰা উঠিল আৰু লিৰিকি- বিদাৰি লাহে লাহে লেখিবলৈ লাগিল।

 আলিবাবাই ক'লে— “ৰবা; কেলেই তুমি সেইবোৰ কৰিছা? লেখিব নালাগে, তুমি এইবোৰ লেখি শেষ কৰিব নোৱাৰা। মই বাৰীত এটা গাত খানো। তাতে এইবোৰ পুতি থওঁ। আমাৰ যেতিয়া যি সকাম হয়, তেতিয়া সেইদৰে তাৰ পৰা আনিম। তেও ধন-সোণ কিমান আছে আমি জনাটো ভাল হব। ” ঘৈণীয়েকে উত্তৰ দিলে, “হয়, ঠিক কৈছা; ময়ো ভাবিছো আমাৰ কিমান ধন-সোণ আছে আমি জনা উচিত। সেইদেখি সেইবিলাক জুখিবলৈ মই ওচৰ-চুবুৰীয়া মানুহৰ পৰা এখন তুলাচনি

আনো। তুমি গাতটো খানিবা, মই সোণবোৰ জুখিম। ” আলিবাবাই ক'লে—“বাৰু,

১৩