পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোন, চায়ে আহোচোন বাৰু। ” এইবুলি মৰ্জ্জিনাই এবাৰ গৈ অতিথিজন চাই আহিল আৰু তৎক্ষণাত ডকাইতৰ মুখিয়ালটোক চিনি পেলালে।

 আলিবাবাই কোৱামতে ৰান্ধি আনি মৰ্জ্জিনাই মেজত তেওঁলোকক খোৱা আহাৰ যতাই দিলেহি। আলিবাবাই আন কাল খাওঁতে মাজে মাজে মৰ্জ্জিনা আৰু আবদুল্লাই নাচিবাগি ৰঙ-ধেমালি কৰি তেওঁক আনন্দ দিয়ে। মৰ্জ্জিনাই সেইদিনাও সেইদৰে আবদুল্লাৰে সৈতে নাচিবলৈ কাচি-পাৰি আহিল, আৰু আলিবাবাৰ অনুমতিৰ কাৰণে ওচৰৰ কোঠালি এটাত বাট চাই ৰ'ল। চকুত পৰা মাত্ৰকে আলিবাবাই সিহঁতক মাতি নিলে আৰু পাট-সদাগৰক সিহঁতৰ উদ্দেশ্য জনালে।

 পাট-সদাগৰে ছোলাৰ ভিতৰফালে সদায় এখন তৰোৱাল লৈ ফুৰে। তেওঁ ইয়াৰ ভিতৰতে ছেগ চাই আছিল, খোৱা আহাৰৰ লগত যি যি সুৰা দিছে সেই সুৰা তেওঁ নিজে নামমাত্ৰ ছুই বাপেক-পুতেক দুয়োকো ভালকৈ খুৱাই উন্মত্ত কৰাই ল’ব। তাৰ পাছত দুয়োৰো বুকুত তৰোৱাল বহাই দি তাৰ কাম সাধিব। এতিয়া এই বন্দী- বেটীহাল আহি বিধি-পথালি দিয়া দেখি সি বৰ বেয়া পালে। সি ক'লে, “নালাগে, আপুনি মোক সন্তুষ্ট কৰিবলৈ আৰু কিয় ইমান যত্ন ল'ব লাগিছে? ইমান খোৱা- লোৱা, এয়ে আটিছে। ” আলিবাবাই ক'লে, “নহয়, আপুনি একো নাভাবি। মই এই ৰঙ-ধেমালিৰ বাবে একো ভৰিব লগা হোৱা নাই। ইহঁত মোৰ ঘৰৰ দাস-দাসী, ইহঁতে এইদৰে মোক খোৱাৰ সময়ত প্ৰায়ে মনত আনন্দ লগাই থাকে। ”

 পাট-সদাগৰে সাৰিবৰ উপায় নেদেখি অগত্যা আন এদিনেই তেওঁৰ কাম সমাধা কৰিবলৈ যত্ন কৰিব বুলি ভাবি সিহঁতক নাচিবলৈ অনুমতি দিলে।

৩৮