পৃষ্ঠা:Alibaba Aru Dukuri Dokait.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনাকি

 'আৰবীয় নিশা'ৰ সাধুবোৰ অতি পুৰণি। এই গল্পখিনি পূবৰ ঘাইকৈ মুছলমান জীৱনৰ সাধুকথাৰ কুঁকি। সম্ভৱতঃ প্ৰায় ১৪৫০ খৃষ্টাব্দত, আফ্ৰিকাৰ কেইৰো ছহৰত আৰবী ভাষাত যি গঢ়েৰে এই সাধুবোৰ লিখা হৈছিল, সেইদৰেই বৰ্তমান পোৱা হৈছে। মূল আৰবী নাম মতে এই গল্পপুঞ্জৰ নাম “এহেজাৰ এনিশা”। সাধুবোৰৰ পৰাই বুজিব পাৰি, সিহঁতৰ মূল কিছুমানৰ পাৰশ্যয়ী, আন কিছুমানৰ ভাৰতবৰ্ষীয়, অলপ মানৰ ইজিপ্তীয় আৰু সৰহখিনিৰ আৰবীয়।

 সেই কালত আৰু আজিকালিও ঠায়ে ঠায়ে এই প্ৰাচ্য নগৰবোৰৰ ৰাজআলিৰ চুকত আৰু বজাৰত সাধুকওঁতাক শুনা মানুহবোৰে বেৰি ধৰে সাধুটো যিমান আচৰিত হ'ব, কওঁতাজনলৈ মানুহে সিমান খৰকৈ তাম বা পইছা দলিয়াব। সেইদেখি এই সাধুবোৰৰ অতি সম্ভৱবোৰতো নানা ভুল-ভ্ৰান্তি আছে, কিন্তু ৰীতি-নীতি বৰ্ণন বিষয়ত সাধুবোৰৰ খুত প্ৰায়ে নাই। “আল্লাউদ্দিন’ৰ সাধুত কুঁৱৰী গা ধুবলৈ যোৱাৰ কথা চীন দেশত হ’বই নোৱাৰে, কিয়নো মুছলমানৰ দৰে চীনা মানুহে আগেয়ে কি এতিয়াও গা নোধোৱে। আকৌ মূলত সম্ৰাটজনক “ছুলটান” বোলা হৈছে, কিন্তু চীন দেশত কেতিয়াও “ছুলটান” নাছিল। কিন্তু মুখে মুখে চলি অহা কথাত এনেবোৰ অসংলগ্নতা হবই। ইউৰোপৰ আখৰ ৰজা আদিৰ বুৰঞ্জীমূলক কাহিনীও গায়ক- কথকৰ মুখত ইংলণ্ড, ফ্ৰান্স আদি দেশত এইদৰেই অনেক কাল চলি আহিছিল, আৰু মধ্য যুগত ছাপাকল ওলালত বা তাৰ বহুত পাছতহে সেইবোৰ লিখি ৰখা হৈছে।

 প্ৰায় ১৭০৪ আৰু ১৭১৭ খৃষ্টাব্দৰ ভিতৰতে এণ্টইন্‌ গেলাণ্ড নামে এজন গ্ৰন্থকাৰে মূল আৰবীৰ পৰা ফৰাছী ভাষাত এই সাধুবোৰ প্ৰকাশ কৰি ইউৰোপৰ পাঠক−সমাজৰ আগত প্ৰচাৰ কৰে। তেওঁৰ সেই ভাঙনি বৰ খুঁত থকা আৰু মূলৰ লগত অমিল, কিন্তু সাধাৰণ সকলোবোৰ ইংৰাজী অনুবাদত এওঁৰ সহায় লৈয়ে

লিখা। ১৮৪০ খৃষ্টাব্দত ই, ডবলিউ, লেন ছাহাবে “আৰবীয় নিশা"ৰ সাধুবোৰৰ